অনুভূতিৰ জোলোঙাত বিহু (দুলাল বৰুৱা)

অনুভূতিৰ জোলোঙাত বিহু
দুলাল বৰুৱা

তৰা-ছিঙা বিহু

অসমীয়া সংস্কৃতিৰ পৰা হেৰাই যাবলৈ ধৰা আন এক বিহু হ’ল “তৰা-ছিঙা” বিহু। বিহুৰ আগজাননী অৰ্থাৎ বিহুৰ আৰম্ভণি অনুষ্ঠান হ’ল “তৰাছিঙা” বিহু। চ’ত মাহৰ ৪ তাৰিখে এই বিহু অনুষ্ঠিত হয়। এই বিহুৰ আৰম্ভণিতে গাঁওবাসীয়ে গাঁৱৰে এজোপা বৰ গছৰ তলত বিহু থাপনা স্থাপন কৰে। কাৰণ গাঁওবাসীৰ লোক বিশ্বাস যে বৰগছত বিহু ডাঙৰীয়া থাকে আৰু সেই বৰ গছৰ তলত থাপনাৰ চাৰিখুটিত চাৰিজোপা তৰাগছ ৰোৱে। এই তৰাগছ গাঁওবাসীয়ে ঢোলতাল বজাই বিহুনাম গাই গাঁৱৰ হাবিৰ পৰা তুলি আনি বিহু থাপনাৰ চাৰিওদিশে ৰোপন কৰে, লগতে বৰগছৰ তলত পতা বিহু থাপনাখনত তামোল-পানৰ টোপোলা আৰু এটা ভোজনি দিয়ে। এইদৰে বিহুনামৰ মাজেৰে বিশেষ ৰীতি-নীতিৰে ৰঙালী বিহুৰ আগজাননীৰে অনুস্থিত হয় “তৰা-ছিঙা” বিহু। উল্লেখযোগ্য যে ব’হাগ মাহৰ সাত তাৰিখ অথাৎ সাত বিহুৰ দিনা গাঁওবাসীয়ে বিহু উৰুৱাই বৰগছৰ তলত থকা বিহু থাপনাখন তোলে। সাধাৰণতে বিহুৱা ডাঙৰীয়াই দোষ-দায় নধৰিবলৈ বুলি বৰগছৰ তলত থাপনা পাতিছোঁ, এই কথা জানিবলৈ দিয়ে, যিহেতু বিহু কৃষিভিত্তিক উত্সবৱ আৰু তৰাগছ কৃষিৰ লগত জড়িত সেয়ে কৃষি ভাল হ’বৰ বাবেই তৰাগছক প্ৰতীক হিচাবে লৈ বিহু আগজাননীৰে এই বিহু পতা হয়। “তৰা-ছিঙা” বিহু বৰ্তমান প্ৰজন্মৰ মাজত আজিও একেবাৰে অপৰিচিত হৈয়ে আছে।

টকা বিহু:

টকা বিহুৰ পৰম্পৰা মূলত: ঢকুৱাখানাৰ অঞ্চলৰ। এই অঞ্চলৰ মহিলা সকলে টকা বজাই বিহু নাম গাই বিহুমৰাৰ বাবে ৰঙালী বিহুৰ এই পৰম্পৰাক টকা বিহু নামেৰে জনাজাত হ’ল। ঢকুৱাখানাৰ অঞ্চলৰ মহিলা সকলে দৈনন্দিন কাম কাজ সামৰি চুবুৰীয়া গৃহিনী সকলৰ লগ লাগি ঘৰতে বাঁহৰ টকা আৰু গগণা বজাই ৰং ধেমালী কৰি বিহু মৰা প্ৰথাটোক টকা বিহু বোলে। টকা বিহু গাভৰু বিহুৰে নামান্তৰ বুলিব পাৰি। গাভৰু বিহু আৰু টকা বিহু প্ৰায় একেই। ইয়াত পুৰুষৰ স্থান নাই। পাৰ্থক্য কেৱল গাভৰু বিহুৰ দৰে এই বিহু বৰগছৰ তলত নামাৰি ঘৰতেই মৰা হয়। সেই বাবে এই বিহুক বহুতে “ঘৰ বিহু” বুলিও কয়। পূৰ্বৰ গাভৰু বিহুৰে ধৰুৱা ৰূপ, ইয়াত মহিলা সকলৰ প্ৰতিগৰাকীয়ে টকা বজাই বিহু মাৰে বাবেই সম্ভৱ এই বিহুৱে টকা বিহু নাম পালে।

 

সাত বিহু:

অসমৰ প্ৰতিটো জনগোষ্ঠীৰে বুকুৰ আপোন ব’হাগৰ বিহুটি নিজস্ব ৰীতি-নীতিৰে অতীজৰে পৰা মনে-প্ৰাণে উদযাপন কৰি আহিছে। এই বিহুৰ পৰম্পৰাতেই পূৰ্ণ প্ৰকাশ পাই আহিছে প্ৰতিটো জাতি –জনগোষ্ঠীৰ বৈশিষ্ট্য আৰু জাতীয় সত্ত্বা। স্ব-মহিমাৰে মহিমামণ্ডিত এই ৰঙালী বিহু সেয়ে সকলোৰে উমৈহতীয়া প্ৰধান জাতীয় উত্সৱ। অতীজৰে পৰা এই ৰঙালী বিহু সাতদিনীয়াকৈ পালন কৰি অহা হৈছে। চ’তৰ সংক্ৰান্তিৰ দিনাৰ পৰা আৰম্ভ কৰি ব’হাগৰ ৬ তাৰিখলৈ সাত দিন ধৰি থাকে। সাত দিনৰ দিনাখন বিহু আঁতৰোৱা হয়। চ’তৰ সংক্ৰান্তিৰ পৰা বিভিন্ন নীতি-নিয়মেৰে সাতোটা দিন লেঠাৰিৰে উদযাপন কৰাৰ বাবে এই ব’হাগ বিহুক “সাত বিহু” বুলি ও কোৱা হয়। ডাঃ লীলা গগৈয়ে সাত বিহুক এনে দৰে ভাগ কৰিছে। [১] গৰু বিহু [২] মানুহ বিহু [৩] হাত বিহু [৪] চেনেহী বিহু [৫] মাইকী বিহু [৬] ৰঙালী বিহু আৰু [৭] চেৰা বিহু। কিছুমান ব্যক্তিয়ে আকৌ ব’হাগৰ বিহুৰ এই অনুষ্ঠান সমুহক ভাগ কৰিছে এনে দৰে :

[১] চ’ত বিহু : চ’তৰ নিশা ডেকা-গাভৰুয়ে বিহুৰ আখৰাৰ কৰে আৰু আখৰা কৰা প্ৰথম নিশাটোয়ে হ’ল চ’ত বিহু।

[২] ৰাতি বিহু : চ’ত বিহুৰ আখৰাৰ পৰৱৰ্তী বিহু মৰা নিশাবোৰক ৰাতি বিহু বুলি কোৱা হয়।

[৩] গৰু বিহু : চ’তৰ সংক্ৰান্তিৰ দিনা গৰুৰ বিহু পাতি গৰুক নতুন পঘাৰে বন্ধা হয়। গধূলি ধূপ-ধূনা আদি দিয়া হয়।

[৪] মানুহ বিহু বা চেনেহী বিহু : এক ব’হাগৰ দিনাখন এই বিহু পতা হয়। বিহুৰ ভিতৰত মানুহ বিহু বা চেনেহী বিহুয়েই শেষ্ঠ। এই বিহুটোক আপোনজনে আপোনজনক বিহুৱান দিয়ে। বিহুগীত, হুঁচৰি গাই অতি আনন্দ কৰে।

[৫] কুটুম বিহু :  ব’হাগৰ দ্বিতীয় দিনটো কুটুম বিহু। এই দিনা জী-জোঁৱাইবিলাকে মাকহঁতৰ ঘৰলৈ যায়। ইষ্ট-কুটুম্বই পৰস্পৰে পৰস্পৰক আদৰ আৰু সেৱা-সত্কাৰ কৰে।

[৬] মেলা বিহু বা হাট বিহু : এই বিহুৰ দিনা পথাৰৰ মাজত এডাল গছক প্ৰতীক হিচাবে লৈ তাৰ তলত গাভৰুবিলাকে বিহু মাৰে। গছজোপালৈ বিহুৱান, তামোল-পাণ আদি আগবঢ়ায়। শিমলুগুৰি, নাহৰকটীয়া, টেঙাখাট আদি অঞ্চলত এই বিহু দেখা যায়।

[৭] চেৰা বিহু বা এৰা বিহু : ব’হাগ বিহুত ডেকা-গাভৰুৱে নাচি-বাগি ভাগৰি পৰে আৰু সপ্তম দিনা অতি আদৰৰ বিহুটিৰ সমাপ্তি ঘটায়। সেই দিনাখন বিহুৱানবোৰ পুনৰ ধুই বিহুক বিদায় দিয়ে।

বিহু কোনো এক নিৰ্দ্দিষ্ট ঠাইৰ বা কোনো এটা জাতি বা জনগোষ্ঠীয়ে জন্ম দিয়া সাংস্কৃতিক অনুষ্ঠান নহয়। বিভিন্ন জনগোষ্ঠীৰ বিভিন্ন বৈশিষ্ট্য আৰু সংস্কাৰ তৰপে তৰপে পৰি পৰিৱৰ্তন হৈ অহা অসমীয়া সমাজৰ অতি আদৰৰ বিহুৰ নিয়ম-নীতি সম্প্ৰদায় আৰু অঞ্চলভেদে কিছু পাৰ্থক্য থকাটো একান্তই স্বাভাৱিক। অসমীয়া সমাজে অতি আন্তৰিকতাৰে বিহু পালন কৰি আহিছে আৰু ভৱিষ্যতেও পালন কৰি থাকিব ……!!!!

বিহুগীত আৰু লোক-সাহিত্য :

বিহু অসমীয়া জাতিৰ কলা-সংস্কৃতিৰ প্ৰতীক। বিহুৰ মাজেৰে চিৰ প্ৰবাহিত হয় অসমীয়া জাতীয় জীৱনৰ সকলো আশা-আকাংক্ষা, ৰং-আনন্দ, আৱেগ-অনুভূতি। বিহু অসমীয়াৰ জাতীয় উত্সদৱ হোৱাৰ লগতে অসমীয়া ডেকা-গাভৰুৰ প্ৰেমৰ উত্সিৱ।

“তুমিয়ে আমিয়ে পীৰিতি কৰিলোঁ
ভকুৱা বাঁহত তলত
তোমাক ঐ লাহৰি নাপাব লাগিলে
চিপ দি মৰি যাম গলত”

বিহুগীতসমূহ অসমীয়া জনজীৱনৰ ধৰ্মীয় দিশ, খেতি-বাতি, খাদ্য, নদ-নদী, জীৱন-ধাৰ্ণ, প্ৰেম-প্ৰীতিৰ আবেদন-নিবেদন আৰু প্ৰকৃতিৰ সীমাহীন সৌন্দৰ্যৰ কথা। লুইতৰ বোঁৱতী সুঁতি, পাৰৰ কঁহুৱা, ভটিয়নি পানী এই সকলোবোৰে বিহুগতীতত পোৱা যায়।

“চিৰিপ চিৰিপ কৰি
কাপোৰ ধুই আছিলোঁ
চিৰি লুইতলৈ চাই”

বিহুগীতত অসমীয়া কৃষিজীৱি সমাজখনৰ সকলোবোৰ কাম-কাজ, কথা-বতৰা প্ৰতিচ্ছবি পৰিলক্ষিত হয়। হাল বোৱা, ভূঁই ৰোৱা, ধান দোৱা আদিৰ কথাৰে বিহুগীতৰ সৃষ্টি অতি মনোমোহা। শালিধান, আহুধানৰ কথাৰে বিহুগীতৰ সৃষ্টিত…

“আহুধান দাবলৈ
লাগে কত বেলি
বাও ধান দাবলৈ টান”

অসমীয়া জনজীৱনৰ ঘৰ সজা পদ্ধতি, ঘৰত ব্যৱহৃত মাৰলি, ৰুৱা, কাঠী আদিৰ বহল বর্ণনা বিহুগীতত পোৱা যায়। তাৰ উপৰি অসমীয়া জীয়ৰী-বোৱাৰীৰ শিপিনী ৰূপৰ প্ৰতিচ্ছবি, তাঁতশালত ব্যৱহৃত উঘা, চেৰেকী, মাঁকো, যঁতৰ, দোৰপতি আদিৰ উল্লেখো বিহুগীতত আছে। যৌৱন বলিয়া ডেকা-গাভৰুৰ প্রেম-প্রীতিৰে পূৰ্ণ মনত খলক লগোৱা ভাৱৰ অনাবিল প্ৰকাশ বিহুগীতত পোৱা যায় “হাতলৈনো কিনো চাবা

ভৰিলৈনো কিনো চাবা
বুকুতে পদুমৰ কলি
গাৰি দিয়া ৰেহাৰে ঢাকিব নালাগে…”

বৰ্তমান সময়ত সমাজ ব্যৱস্থাৰ পৰিবৰ্তনৰ লগত বিহুগীতবোৰ কিছু সলনি হ’লেও অতীতৰ নিচিনাকৈয়ে আজিও বিহুগীত অসমীয়া লোক-সাহিত্যৰ এটি অমূল্য সম্পদ …….!!

বৰ্তমানৰ বিহু :

অসমীয়া সংস্কৃতি খেতি পথাৰৰ সংস্কৃতি। কৃষিক কেন্দ্ৰ কৰিয়েই যথাক্ৰমে ব’হাগ বিহু, কাতি বিহু, মাঘ বিহু অনুষ্ঠিত হৈ আহিছে। বিহু বুলি কোৱাৰ লগে লগে গা-মন সাতখন আঠখন লাগে, তেজৰ পিৰ-পিৰণি উঠে। মন উৰা মাৰে সখিয়তী পখী হৈ পাখিত বান্ধি লৈ চেনেহৰ ফুলাম চিঠি। আজি অতীতৰ বিহু আৰু বৰ্তমানৰ বিহু নানা ফালৰ পৰা পৃথক হৈ পৰিল। বৰ্তমানৰ বিহুত অতীতৰ কেইটামান নিয়মহে প্ৰতিফলিত হৈ আছে। গৰু বিহু কিছুমান গাঁৱৰ বাহিৰে অন্যান্য ঠাইত প্ৰায় নোহোৱাই হ’ল। আজি কালি বহুতো ল’ৰাই দীঘলতী, মাখিয়তী পাত চিনি নোপোৱা হ’ল। আগৰ মুকলি পথাৰৰ আঁহতৰ তলৰ বিহুৱে আজি মঞ্চত থিতাপি ল’লে। আজিকালি বেচি ভাগৰ ঘৰতেই তাঁত-শালত বোৱা ফুলাম গামোচাৰ(বিহুৱান) পৰিবৰ্তে বজাৰৰ পৰা কিনি অনা গামোচাৰেই কেনেবাকৈ এখন বিহুৱান দিয়া হয়, তাত জানো হিয়াৰ সঁচা মৰম লুকাই থাকিব পাৰে! এতিয়াৰ ঋতুৰাজ বসন্ত কুলি-কেতেকীৰ মাতত নাহে, বিহুকেছেট বিলাকৰ মাততহে বিহু আহে। প্ৰেমিকে প্ৰেমিকাক নতুন বছৰত হাবি ভাঙি ভাঙি কপৌফুল আনি খোপাত গুজি দিবলৈ সময় নোহোৱা হ’ল, বজাৰত পোৱা গ্ৰিটিংচ কাৰ্ডেৰেই ৰঙালী বিহুৰ শুভেচ্ছা জনোৱা হ’ল। আগতে বিহু বুলিলে নাৰিকলৰ লাৰু, তিলৰ লাৰু, বৰা চাউলৰ পিঠা, চিৰা, ম’হৰ এঠালগা দৈ, গুৰ আদি লাগিছিলেই, কিন্তু বৰ্তমান বোৱাৰীহঁতে সেইবোৰ সাজিবকে নোৱাৰে, গতিকে চুইট হাউচৰ বিহুৱেই চলি যায়। তাৰ উপৰি বৰ্তমানৰ বিহুত ঢোল, পেঁপা, তাল আদি বাদ্যবোৰেৰে যি কোনো গীত গালেই বিহু গীত হৈ পৰে। এইবোৰ এতিয়া পৰম্পৰা নে, লোক-সংস্কৃতি নে দুষ্কৃতি ……..? যদি আমি এনেদৰে সকলোৱে উদাসীন হওঁ তেনেহলে বিহু মঞ্চত ৰাতি দুপৰলৈকে ধুমুহা বতাহৰ মাজতো দৰ্শকৰ ভূমিকা লোৱা সচেতন অসমীয়া হোৱাৰ একোৱে অৰ্থ নাথাকিব।

***********************************

ততে চকৰী বহাগত বগৰী
জেঠতে অমনা ধান;
গৰু বিহুৰ দিনাখন লবা আশীর্বাদ
তেহে পাবা বৈকুণ্ঠত থান।

এপৰ দুপৰ কৰি নিশা পাৰে হ
আমাৰ বিহুত আমনি নাই;
ৰাতিৰ পৰে পৰে ফেঁচাই কুৰুলিয়ায়
আমাৰ বিহু ভাঙোতা নাই।

এই বলি বিহুটি ৰমকে জমকে
নাহৰ ফুল ফুলিবৰ বতৰ;
নাহৰ ফুলৰ গোন্ধ পাই লাহৰীৰ তৎ নাই
গৰকি ভাঙি যায় যঁতৰ।

পর্বতে পর্বতে বগাব পাৰোঁ মই
লতা বগাবলৈ টান;
বলীয়া হাতীকো বলাব পাৰোঁ মই
তোমাক বলাবলৈ টান।

***********************************

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক