অনুভৱঃ অলপ প্ৰেম, অলপ ভালপোৱা’ ৰূপাঞ্জলি চেতিয়া৷

 

মানুহজনে গাড়ীখনত বহিয়েই ঘৈণীয়েকৰ হাতৰ পৰা ছাতিটো নিজৰ হাতলৈ নিলে৷ ইপিনে
নিজৰ হাতত আগৰেপৰা দুটা বেগ আছেই৷ তথাপিও ঘৈণীয়েকৰ সুবিধা হওক বুলিয়েই নিজৰ
অসুবিধা হ’লেও তেনে কৰিছিল বোধহয় তেওঁ৷ তাৰ পিছত তেওঁ মানুহগৰাকীক চিনাকি কৰাই
গৈছিল বাটটোৰ লগত-“এয়া কালীবাৰী- সেৱা কৰা, এইখন মাকুম টাউন, এইটো ডিগবৈলৈ
যোৱা বাট৷ এইফালে গ’লেই জাগুণো পায়৷ এয়া শিৱধাম৷ বহুত ডাঙৰকৈ শিৱ পূজা পাতে
ইয়াত৷ আমাৰ ওচৰৰ বাবুহঁত ব’ল ব’মত ইয়ালৈকে আহে৷”
এইহাল পঞ্চাশোৰ্ধৰ দম্পতী আমি বহি থকা মেজিকখনত আহি বহিছিলহি৷ বেশ-ভূষা দেখি
মহিলাগৰাকীৰ নেপালী সম্প্ৰদায়ৰ যেন লাগিছিল৷ ৰঙা পাৰি দিয়া ধুনীয়া সেউজীয়া ৰঙৰ
শাৰী৷ ডিঙিত সেউজীয়া মণি এধাৰ, লগত মিলাই কাণফুলিযোৰ৷ হাতত ঝুনঝুননি তুলি শব্দ
কৰি থকা এজাপ সেউজীয়া চিচাৰ খাৰু৷ নাকৰ নাকফুল আৰু ডাঙৰকৈ লোৱা ৰঙা
ফোঁট-সেন্দূৰেৰে জিলিকি থকা মুখখনিলৈ নাচাওঁ নাচাওঁ বুলিও কেইবাবাৰো চাইছিলোঁ৷
প্ৰায়েই তেনেকুৱা হয় মোৰ৷ কাৰোবাক ভাল দেখিলে অবাধ্য হৈ পৰে চকুহাল৷ বাৰে বাৰে
চকু যায়৷ সিদিনাও তেনেই হৈছিল৷ কি যে এক অনন্য সুখানুভূতি!
“হেৰা ভাইটি! অলপ চিধাকৈ বহা৷” মানুহগৰাকীৰ কাষত বহা ল’ৰাটোৱে টোপনিৰ জালত
হাউলি পৰিব খোজোঁতে ল’ৰাটোৰ গাত হেঁচুকি মানুহজনৰ সতৰ্কবাণী৷ আজলী মানুহজনীয়ে
যাতে অসুবিধা নাপায় তাৰ বাবে যেন সদা সষ্টম মানুহজন৷

°°°°°°°°°°°

আগতে দৰমহা পোৱাৰ দিনা মোনা ভৰাই বজাৰ কৰে পিতাই৷ পুৱাই টাউনলৈ গৈ বেংকৰ কাম,
ঘৰৰ বাবে মাহটোৰ বজাৰ আৰু আন আন জৰুৰী কাম কিছুমান কৰি আবেলি পৰত ঘৰ সোমায়হি৷
আমি গোটেই আবেলিটো পদূলিলৈ তাঁত-বাটি কৰি কৰি হেঁপাহেৰে ৰৈ থাকোঁ৷ আচলতে পিতাৰ
হাতৰ মোনাখনলৈ বাট চাই থাকোঁ৷ পিতা ঘৰ সোমোৱাৰ হিচাপটো মায়েও জানে৷ কিন্তু
আমাৰ দৰে পদূলিলৈ চাই নাথাকে৷ টিউবৱেলৰ পাৰত তিয়নীখন যতনাই দিয়ে, জুহালৰ
ডেক্‌চিটোত চাহৰ পানী উতলাই ৰাখে৷
“বাদামৰ টোপোলাটো মাৰক দিবি৷ ভাল পায়৷ ”পিতাই মোনাখন আমাৰ হাতত চমজাই দি সদায়
এইষাৰ কথাকে কয়৷ নক’লেও আমি গম পাওঁ যে খাকী ৰঙৰ কাগজৰ ঠোঙাত বন্ধা টোপোলাটো
মাৰ কাৰণে ৰিজাৰ্ভড্‌! বিয়াৰ পিছতে হয়তো মায়ে পিতাক কৈছিল বাদাম খাই ভাল পোৱাৰ
কথা৷ সেয়ে মায়ে ভালপোৱা সেই বস্তুবিধ এতিয়ালৈকে পিতাই মাৰ নামতে ‘ৰিজাৰ্ভ’ কৰি
ৰাখিছে৷

°°°°°°°°°°°

মানুহজন দায়িত্ব আৰু কৰ্তব্যৰ দায়ত পৰি মানুহজনী আৰু জীয়েকৰ পৰা আঁতৰত৷ দিনটো
হোটেলে-কেণ্টিনে খাই পেটটো ভৰাই ৰাখে৷ ৰাতিৰ ভাতসাঁজ পাতিবৰ পৰত ফোনত
মানুহজনীয়ে দিহা দিয়ে-“চাউল-দাইলকেইটা ধুই লওক৷ পাচলি কেইটামানো কাটি দাইলতে
দি দিয়ক৷ শুদা ভাতকেইটানো কেনেকৈ খাব? অমলেট এটাকে বনাই লওক৷ অমলেট বনাবলৈ
এলাহ লাগিছে যদি কণী এটা বইল কৰিয়েই লওক৷”
জীয়েকক ভাত খুওৱাৰ পিছত নিজে খাবলৈ লোৱা ভাতৰ কাঁহীখনৰ পৰা মাছ বা মাংসৰ
বাতিটো আঁতৰাই থয় মানুহজনীয়ে- তেওঁ বা কেনেকৈ খাইছে? ’অমলেটটো বনাব পাৰিলে বা
নাই?’
এইবোৰ ভাৱনাই মানুহজনীক মাছে-মাংসৰে ভাতসাঁজ খাব নোৱাৰা কৰে৷
°°°°°°°°°°°

এই যে আদৰ-যতন, হেঁপাহ, চিন্তা এইবোৰ ভালপোৱাৰেই নামান্তৰ নহয় জানো! ? দায়িত্ব
আৰু কৰ্তব্যৰ খাতিৰত এইবোৰতো নকৰিলেও চলে৷ কিন্তু কেৱল ভালপোৱাখিনিৰ খাতিৰতেই
চলে এই নিঃচৰ্ত আদৰ-যতন৷
মেজিকত লগ পোৱা সেই মানুহজন, মোৰ পিতা নাইবা মানুহজনৰ পৰা আঁতৰত থাকিবলগীয়া
হোৱা সেই মানুহগৰাকীয়ে হয়তো মুখফুটাই আজিলৈকে কোৱা নাই-
মই তোমাক ভাল পাওঁ৷ প্ৰয়োজন হোৱা নাই৷ কিন্তু স্ব্তঃস্ফুৰ্ত ভাবে পৰিস্ফুট হৈ
উঠিছে তেওঁলোকৰ ভালপোৱা৷
ভালপোৱা এনেকুৱাই, ফালি-চিৰি নেদেখুৱালেও, মুখখুলি নক’লেও প্ৰকাশ পায়
কাম-কাজত, আচাৰ-আচৰণত৷ কবিয়ে ক’বৰ দৰে, – ’প্ৰেমৰ কথাতো আৰু আনক ক’ব নোৱাৰি!’
সঁচাকৈয়ে নোৱাৰি৷ যদিওবা বৰ বিশাল ভালপোৱাৰ আয়তন, তথাপিও জুখিবলৈ কেৱল
অনুভৱৰহে প্ৰয়োজন৷ ■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments