অনুভৱঃ মণিকৰ্ণিকা — পাৰ্থ প্ৰতীম চৌধুৰী

জন্মাৱধি মনুষ্যৰ এক উদ্দেশ্যবিহীন অবিৰত যাত্ৰা৷ তাত যোগ হয় আনুসঙ্গিক সংসাৰ,
জীৱিকা আৰু আত্মীয়তা৷ কিন্তু প্ৰতি মুহূৰ্মুহুঃ যি সাংসাৰিক অগ্নিয়ে দহি যায়
সেয়া মানুহ মাত্ৰেই জানে৷ দৈনন্দিন পোৱা নোপোৱাৰ হিচাপ-নিকাচ, মানসিক যন্ত্ৰণা
কিম্বা মনোমালিন্য!

নিজকে সন্ধান কৰাৰ কাউৰীপুৱাটোত মই গঙ্গাৰ পাৰে পাৰে গৈ আছিলোঁ
উদ্দেশ্যবিহীনভাৱে৷ শতিকা প্ৰাচীন ইতিহাসত খোজকাঢ়ি৷ হিন্দুধৰ্ম নামৰ এক
নিঃচ্ছিদ্ৰ, কপকপীয়া শিলাস্তৰৰ মাজেদি৷ কত সহস্ৰ বছৰ ধৰি কত মানুহৰ একেই
সন্ধান৷ মুক্তি! কত চিন্তাৰ ভীৰৰ মাজতো এক আছুতীয়া চিন্তা৷ “মই“ নামৰ অহমিকাক
চিৰদিনলৈ জীৱনচক্ৰৰ পৰা মুক্তি দিয়া৷ মণিকৰ্ণিকা ঘাটত দাউদাউকৈ জ্বলি থকা সেই
হাজাৰ বছৰীয়া অগ্নিবলয়! কোনোদিনে নিৰ্বাপিত নোহোৱা সেই অগ্নিগৰ্ভ৷ য’ত কোটি
কোটি মানুহে বিচাৰি পায় নিজৰ মুক্তি!

সদায় মোৰ চকুৰ সমুখত একেকুৰা জুই দেখোঁ৷ জুইকুৰা জুই নহৈ এটি ‘মেটাফৰ’ হৈ আহে৷
ঘাটৰ পাৰৰ বিশালাকাৰ দৰ্জাৰ মাজেৰে আহি মৃতদেহবোৰে ভিৰ কৰেহি সেই জুইকুৰাত
নামিবলৈ৷ ডজনে ডজনে জীৱিত “মই“য়ে সাঙীত তুলি এক মৃত “মই“ক চিতাত তুলি দিয়ে৷
এয়া যেন “মই“বোৰৰ এক আন “মই“লৈ থকা মহাজাগতিক দায়িত্ব! কতবোৰ মই’য়ে আন এক
‘মই’ক কাষ্ঠসংস্কাৰ কৰোঁতে কোনেও অশ্ৰুপাত কৰা নেদেখো হয়তো সকলোবোৰ ‘মই’য়ে
‘মই’ নামৰ আত্মসত্তাটোৰ সৈতে একাত্মবোধ কৰে৷

চণ্ডাল-ডোমে মৃতদেহ হস্তান্তৰ কৰি জুইত জাঁপি দিয়ে৷ সিহঁতৰ গাত লাগি থাকে
যুগ-যুগান্তৰৰ মানুহপোৰা ছাঁই আৰু দাৰ্শনিকসুলভ উদাসীন দৃষ্টি! হাজাৰ বছৰ ধৰি
একেই বৰ্ণাশ্ৰমৰ উত্তৰাধিকাৰী সিহঁত৷ আন এক মহাজাগতিক চৰিত্ৰ!

চণ্ডাল-ডোমৰ এজন ৰজা থাকে৷ উত্তৰাধিকাৰীসূত্ৰে তেওঁ ঘাটৰ ৰজা৷ কথিত আছে, তেওঁ
জ্ঞানৰ অক্ষয় ভাণ্ডাৰ৷ তেওঁক বিশ্বব্ৰহ্মাণ্ডৰ যিকোনো দৰ্শন আৰু আধ্যাত্মিক
জ্ঞানৰ কথা সুধিলে তেওঁ উত্তৰ দিব৷ বৈতৰণীৰ গূঢ়াৰ্থ বুজাই ক’ব৷ কত সন্ধানী
বিদেশীৰ ভীৰ তেওঁৰ ওচৰত! মই অপলকনেত্ৰে চাই থাকোঁ৷ সৰুৰে পৰাই ম‌ই কেইবাবাৰো
শ্মশানলৈ গৈছোঁ, খৰি দিবলৈ৷ শিশুমনতেই মোৰ আধ্যাত্মচিন্তা সোমাইছিল৷
আশৈশৱজুৰি, কৈশোৰৰ দেওনা পাৰ কৰি যৌৱনকাল৷ মস্তিষ্কৰ জটিল কোষৰ সৰল আহ্বান…
জীৱনৰ অৰ্থৰ সন্ধান! কত দৰ্শনাৰ্থী আহে বৈদিক সংস্কাৰেৰে মৃতদেহ সৎকাৰ চাবলৈ!
হাতত সস্তীয়া চিগাৰেট আৰু ডিঙিত ডিএছ‌এল‌আৰ লৈ চিন্তাক্লিষ্ট হৈ পৰে৷ হয়তো
নিজৰ প্ৰতি মায়া জন্মে! তেওঁৰ বাবে জুইকুৰা মাৰাত্মক৷ মোৰ সমুখৰ কতবোৰ
ধুঁৱলী-কুঁৱলী পৃথিৱীৰ এটাই সত্য৷ ‘ব্ৰহ্মসত্য জগৎ মিথ্যা৷’

ঘাটৰ খটখটীবোৰ গঙ্গাৰ তলিলৈ লুকায়৷ পোৰা হাঁড়বোৰ ঠেলি গঙ্গাত পেলায়৷ মই
খটখটীৰে তললৈ নামি যাওঁ৷ এক অজান শিঁহৰণত মোৰ দেহমন, অস্থি-মজ্জা জোঁকাৰি যায়৷
কিবা এক পাতল পাতল ভাৱ জাগে৷ নিজৰ আত্মাৰ বাদে কোনো দ্বিতীয় বা তৃতীয় ব্যক্তিৰ
কথা মনলৈ নাহে৷ দোলা দি যায় ‘মই’ নামৰ ক্ষণস্থায়ী সত্তাটি৷ টুকুৰা-টুকুৰ
হাঁড়বোৰ, ছাঁইবোৰ পানীৰ তলৰ খটখটীত জিলিকি থাকে৷ ৰ’দ পৰি গঙ্গাৰ পৃষ্ঠভাগ তপ্ত
হৈ আহে৷ মোৰ কায়িক আভা পানীত ভাঁহি উঠে …

ঘাটৰ পাৰত কাঠৰ কুন্দা, ফলা খৰি পৰি থাকে৷ একোখন ৰঙ্গীন বস্ত্ৰ, একোখন শুধবগা
কাপোৰ৷ ঘিঁউ, ধূপকাঠী আৰু মৰাশ পোৰাৰ গোন্ধৰে মন বিচলিত হৈ আহে৷ মহাশিৱ‌ই
মহাকালৰূপ লৈ ৰাতি ৰাতি শ্মশানত ঘূৰি ফুৰে৷ মৰা মানুহৰ আত্মাক বৈতৰণী পাৰ কৰাই
দিয়ে৷ অগ্নিভ লোকালয়ত তেওঁ এক আন্ধাৰঘোৰ কায়া৷ অঘৰী সন্ন্যাসীসকলে দিনৰ পোহৰত
ঘুৰে৷ মৃত্যু যদি এক শিল্প হয় তেন্তে কতলোকে কতধৰণেই বা বুজে!

যদি প্ৰেমেই জীৱন হয় তেন্তে পাৰিবনে মোৰ ৰিক্ত পিয়লা ভৰাই দিবলৈ?! মোৰ
বাস্তৱবৰ্জিত শূন্য মনগহনত ৰাখি থ‌ওঁ অযুত ভালপোৱাৰ প্ৰত্যাশা আৰু সাহচৰ্য্য,
দিবা-নৈশ৷
“মানৱদেহে গ‌ইৰৱ কৰো না…৷“ মৃত্যু হয়তো এক সামান্য আচ্ছাদন! সিপাৰে হয়তো সত্য! ■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক