অনুভৱত : ল’ৰালি আৰু সপোন (লক্ষ্মণ কুমাৰ)

ল’ৰালিত বাৰু সপোনৰ কোনো সীমা নাথাকে নেকি..?/ বৰ সহজ আছিল ল’ৰালিৰ/ সেই সপোনবোৰ…
শৈশৱৰ মধুৰ স্মৃতিৰ মাজত হেৰাই যোৱা কবি লক্ষ্মণ কুমাৰে ডুব মাৰি সাগৰৰ গৰ্ভৰ মুকুতা অনাৰ দৰে উজাগৰ কৰিছে ল’ৰালিৰ দিনবোৰ…

‎”অনুভৱত : ল’ৰালি আৰু সপোন”

 

লক্ষ্মণ কুমাৰ

 

 

 

 

অ’ সূৰ্য ঘূৰাই দিয়া মোক
ল’ৰালিৰ সেই দিন
মৰমৰ বুলনিত য’ত আৰম্ভ হয়

প্ৰতিটো দিন….

কি যে আছিল সেই দিন.!
ওঁঠত বিৰিঙিছিল
অবুজ হাঁহি

কেতিয়াবা দুষ্টালিৰে ভৰা হাঁহি।
লুভীয়া দুচকুৱে মাথোঁ বিচাৰিছিল
কাৰ বাৰীত বগৰী পকিছে
কাৰ বাৰীত আছে মধুৰিআম, লিচু…
কাৰ বাৰীত হাউলি পৰিছে মালভোগ কল
গিৰিহঁতে নিদিলে চুৰ কৰিয়ে খাম…
চুৰ কৰি খোৱাৰ আনন্দ যে আছিল অধিক…
“তালৈ নাযাবি, এই কাম দুনাই নকৰিবি, নুচুবি কৈছো নহয় নুচুবি…”
একেবোৰ কথাৰে সদায় পুনৰাবৃত্তি
চৰ আৰু এছাৰিৰ কোব খাইও যে
এৰিব পৰা নাছিলোঁ দুষ্টালি…
ফ্ৰকত পনীয়লবোৰ খামুচি লৈ
দৌৰ মাৰিছিল কেতেকি
কেতেকিজনী আজি দুটা লৰাৰ মাক হ’ল
ফ্ৰক আৰু পনীয়লৰ সম্পৰ্কটো
কেতিয়াবাই নোহোৱা হ’ল
সমনীয়াৰ সৈতে টাং-গুটি খেলাৰ
কি যে ফূৰ্তি..!
এক, দুই, তিনি, চাৰি…
তই আকৌ হাৰিলি ঐ হৰি
‘চকুত লাগিব বোপাই নেখেলিবি’ বুলি
গালি পাৰি খেদি অহা কানুকাই,
এতিয়া আৰু এই পৃথিৱীত নাই…
(অ’ কানুকাই, তই ঠিকেই কৈছিলি.. এতিয়া আৰু টাং-গুটি কোনেও নেখেলা হ’ল অ’! তইও যে নাই খেদি আহিবলৈ..)
আৰু জেপত এমুঠিমান মাৰ্বল লৈ ফুৰা টংকং।
তাৰ আঙুলীৰ কি যাদু !
তাৰ আঙুলীত নাচিছিল মাৰ্বল

দুচকুত আছিল সৈনিক হোৱাৰ সপোন.. ( শত্ৰুৰ কপালত গুলী মৰাৰ
তাৰ যে কিমান হেঁপাহ আছিল …!)
আজি সি চাহপাতৰ ব্যৱসায়ী
জেপত বহু টকা
কিন্তু নাই মাৰ্বল
দুচকুতো নাই চাগৈ সৈনিক হোৱাৰ সপোন
( আজি তাক টংকং বুলি ক’লে যেন মাৰিহে পেলাব অথচ সৰুতে সেই নামতেই কিমান যে মৰম সোমাই আছিল…)
ল’ৰালিত বাৰু সপোনৰ কোনো সীমা নাথাকে নেকি..?
বৰ সহজ আছিল ল’ৰালিৰ
সেই সপোনবোৰ
যিদৰে সহজ সেই সপোনৰ আঁত ধৰি
‘এইম ইন লাইফ’ৰ ৰচনা লিখাটো..
এদিন দত্ত ছাৰে সুধিছিল
‘ক’চোন ল’ৰা, তই ডাঙৰ হৈ কি হ’বি .?’
‘পাইলট হ’ম ছাৰ’
আকাশত উৰাৰ সেই সপোনটো
সপোন হৈয়ে থাকি গ’ল
(…নাই.. নাই.. সপোনৰ মৃত্যু কেতিয়াও হ’ব নোৱাৰে।
সপোন সপোন হৈয়ে থাকি যায় পোহপাল দিব নোৱাৰাৰ দোষত)
সপোনৰ মৃত্যু নহয় বাবেই কিজানি
উৰাজাহাজৰ মাত শুনিলেই
আজিও মই বাহিৰলৈ দৌৰি ওলাই আহোঁ

আকাশলৈ চাওঁ
চাই ৰওঁ সপোনটোক
আৰু সুখী হওঁ মোৰ সেই সপোনটোৱে যে
পূৰ্ণতা পালে তাৰ প্ৰকৃত গৰাকীৰ হাতত ..
( কেতিয়াবা এনেদৰেই ভাঙি যোৱা সপোনবোৰৰ কথা ভাবো, অলপ হাঁহো। কাৰণ সেই সপোনবোৰৰ প্ৰকৃত গৰাকী মই যে কেতিয়াও নাছিলো । নহ’লে সপোন জানো ভাঙি যাব পাৰে.!)
ল’ৰালিৰ বাটেদি
বহু দূৰ আগুৱাই আহিলোঁ
এতিয়াও বিচাৰো দুওঁঠৰ দুকোণত
দুষ্টালিৰে ভৰা ল’ৰালিৰ সেই হাঁহিটি
অ’ শইকীয়া ছাৰ,
দিয়া অ’ চেকনীৰে কোব দিয়া মোক
দুহাত আগবঢ়াই দিছো চোৱা
কাণত ধৰি কওঁ–
অংকত আৰু নকৰো ভুল
জীৱনৰ এই নিমিলা অংকত
আজি কিমান যে হয় মোৰ ভুল…!!
‘জোনবাই এ..’ আছে যদি দিয়া না
সেই বেজীটি,
সী দিওঁ
জীৱনৰ জটিলতাত ফাটিব ধৰা
মোৰ বুকুখন..,
(– নাই জোনবাইয়ে সেই বেজীটি কেতিয়াও নিদিয়ে । জোনবাইয়ে জানে, বুটা বছা আমাৰ হৃদয়খন সীবলৈ কোনো বেজীৰ প্ৰয়োজন নাই, আছে মাথোঁ হাঁহি হাঁহি জীৱনটোক সম্ভাষণ জনাব পৰা অশ্বাৰোহী, অক্লান্ত এটি মনৰ)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক