অনুভৱৰ এখিলা পাত — ৰূপাঞ্জলী চৌধুৰী

এহালি গভীৰ চকু
কি লুকাই আছে বাৰু?
জুমি জুমি চাই আতঁৰি আহোঁ।
যদিওবা জীৱনে কোনোকালেই নিশিকালে অভিনয়,
তথাপি নিজকে বৰ সন্তৰ্পণে অলক্ষিতে শামুকৰ খোলাত বন্দী কৰি থৈ দিওঁ।
কিজানিবা চকুহালিৰ গভীৰতাত ডুবি নিজকে হেৰুৱাই পেলাওঁ।
আৰু অজানিতে যদি পৃথিৱীখন ৰঙীন হৈ উঠে?
ওহোঁ নহয়..কেতিয়াও নহয়..,
পৃথিৱীখনটো একেই থাকে সদায়।
নিজৰ সময়তে ওলাব জোন,বেলি আৰু তৰা… আৰু এনেদৰেইতো থাকিব চিৰদিন আৰু চিৰন্তন…..
তেনে,কিজানিবা মোৰ চকুহালিয়ে সানি লয় হেপাঁহৰ ফাকু
আৰু হঠাৎ
যদি ৰঙীন হৈ উঠে সপোন!
তাতোকৈ এয়াই ভাল
ফুঃমাৰি উৰাই দিলোঁ স্মৃতিৰ ৰুমাল..
হৈ উঠিল হিয়াখন আগৰদৰেই কঙাল ।
নক্মাৰ সঠিক জোখ-মাখেৰে আতোল-তোলকৈ সজা ঘৰত পুহি ৰখা জীৱনে কাহানিবা কিয় বাৰু উশাহ সলাই যায় সঘনাই?
কিমান বাৰ নো পাণ কৰিম এই সুখ-দুখৰ কক্ টেইল ?এই যেন মুদ্ৰাৰ ইপিঠি কিম্বা সিপিঠি!
হেৰৌ,হেৰুৱাব খোজা মন,
সম্ভৱ হোৱাহেঁতেন
তোকেই টানি-আজুৰি ক’ৰবাত বান্ধি থৈ আহিলোঁহেতেন এদিন মই !!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments