অনুভৱৰ এপৃষ্ঠা (মৌচুমী বি. ভৈৰৱ )

 

 

“অপাৰেচন হৈ গ’ল, হৈ গ’ল….চকু মেলা, চকু মেলা….”
নীহাৰিকাই শুনিবলৈ পালে এনাস্থেচিয়াৰ ডাক্তৰ বৰদলৈৰ মাত। তাই চকু মেলিবলৈ আপ্ৰাণ চেষ্টা কৰিলে, নাই, পৰা নাই….
“নীহাৰিকা, চকু মেলা,চকু মেলা…পাৰিবা, পাৰিবা…..”
তাই অনুভৱ কৰিলে তাইৰ ডিঙিৰ ভিতৰলৈ কিবা এটা খুচি দিয়া হৈছে,তাইৰ ওঁঠ দুখন চামুচেৰে যেন বহল কৰিবলৈ চেষ্টা কৰা হৈছে..আৰু তাইৰ ওঁঠ দুখন বেকা হৈ গৈছে…
লাহে লাহে তাই চকু মেলিব পাৰিলে আৰু অস্ত্ৰোপচাৰ কক্ষৰ ডাক্তৰ, নার্চ সকলোকে দেখা পালে।
“তাইক আই.চি.ইউ.লৈ লৈ যোৱা”..নীহাৰিকাক লৈ ট্ৰলীখন আগবাঢ়িল। বাহিৰত কাটু, প্ৰিয়া বাইদেউ, ভিনদেউ, মাক-দেউতাক, স্বৰূপ দাদা ৰৈ আছে। তাই সকলোকে দেখিলে কিন্তু সেইসময়ত কিবা ক’ব খুজিও ক’ব পৰা অৱস্থাত নাছিল তাই। কাটুৱে মূৰত হাতখন বোলাই সুধিলে… “টোপনি এতিয়াও ধৰিয়েই আছে নেকি?” তাই উত্তৰ দিব নোৱাৰিলে। ট্ৰলীখন গৈ আই.চি.ইউ. ৰ বিচনাৰ কাষত ৰ’ল। তাইক দুজন ৱার্ড বয়ে দুফালে ধৰি ডাঙি নি বিচনাত শুৱাই দিলে। কাটুহঁতো আহি নীহাৰিকাৰ কাষ পালেহি। তাইৰ গলব্লাডাৰ অপাৰেচনৰ বিষটো ৰমৰমাই থাকিল।
“কথা নক’ব, আপোনাৰ বমি আহি যাব পাৰে….”নার্চ এগৰাকীয়ে নীহাৰিকাক উদ্দেশ্যি ক’লে। অলপ দেৰি থাকি কাটুহঁত গ’লগৈ আকৌ অহাৰ প্ৰতিশ্ৰুতি দি।

অলপ দেৰিৰ পিছত নার্চ এগৰাকী আহি তাইৰ প্ৰেছাৰটো জুখিলে, বুঢ়া আঙুলীত লগাই থোৱা ক্লিপটো ভালকৈ লগাই দিলে (সেইটোৰে হৃদস্পন্দন চাই সম্ভৱ!), চেলাইনৰ বটলটো সলাই দিলে আৰু ইনজেকছন এটা দিলে তাইক। বিষ-কোব বোৰ সহ্য কৰি কৰি বিচনাত পৰি থাকিল তাই।
“আই ঐ,আই ঐ…..আই ঐ…” নীহাৰিকাৰ কাষৰ বিচনাৰ ৰোগীজনে একেলেথাৰিয়ে চিয়ঁৰি থাকিল। তাই ৰোগীজনলৈ চালে। বিৰাটাকায় এজন মানুহ। ৰামায়ণৰ কুম্ভকর্ণ কিজানি এনেকুৱাই আছিল। গোটেই বিচনাখন তেওঁলৈ যেনতেন হৈছেহে। যতি নপৰাকৈ কেকাই থাকিল তেওঁ। ক্ষন্তেক পিছতে ৰোগীজনৰ অভিভাৱক আৰু ডাক্তৰ আহিল। ডাক্তৰে অভিভাৱকজনক কোৱা শুনা পালে নীহাৰিকাই… “চাওক, তেওঁ বচাৰ আশা একেবাৰে ক্ষীণ, বাহিৰলৈ চিকিৎসাৰ বাবে নিলেও আপোনালোকৰ একো লাভ নহ’ব, লিভাৰটো একেবাৰে ডেমেজ হৈ গৈছে..এই সৰুল’ৰাবোৰ ইমান উদঙীয়া কিয়? ইমান মদ খাব লাগেনে? ২৫ বছৰীয়া ডেকা ল’ৰা এটাৰ এনেকুৱা অৱস্থা হোৱাটো বৰ দুখদায়ক ঘটনা!”

“২৫ বছৰ!!দেখিলেটো নালাগে!মদ খাই লিভাৰ ডেমেজ..ইচ ইচ ইচ…”তাই মনতে ভোৰভোৰালে।
তাইও ইমানেই অসুস্থ অনুভৱ কৰি আছিল যে সেইসময়ত তাইক অলপ শান্ত, নিৰিবিলি পৰিৱেশৰ প্ৰয়োজন হৈছিল! কিন্তু কাষৰ ৰোগীজনৰ কেকনিত তাই বেছিকৈ অসুস্থ অনুভৱ কৰিলে। তাইৰ মনত পৰিল টুবুৰ জন্মৰ দিনাও তাইক আই.চি.ইউ.ত এৰাতি থৈছিল। সেইটো আছিল তাইৰ জীৱনৰ প্ৰথমটো অস্ত্ৰোপচাৰ। তাইক অস্ত্ৰোপচাৰ কক্ষলৈ নিবৰ বাবে কাপোৰ পিন্ধাই সাজু কৰি তুলিছিল। পৰিয়ালৰ সকলো লোকেই তাইক আৱৰি আছিল। অলপ অলপ ভয়ো লাগিছিল তাইৰ সেইদিনা। আৰু যেতিয়া তাইক লৈ যাবৰ বাবে নার্চ এগৰাকীয়ে “বগা কাপোৰ” এখন গাত দি দিছিল, কোনেও নজনাকৈ এসোঁতা কান্দিছিল তাই। সেইদিনা ৰাতিও আই.চি.ইউ.ত ব্ৰেইনৰ অপাৰেচন হোৱা এজন ৰোগী দেখা পাইছিল নীহাৰিকাই, যি জনে গোটেই ৰাতিটো “মাই ঔ,মাই ঔ…” বুলি চিয়ঁৰি কটাইছিল। ৰোগীজনৰ চিয়ঁৰত ৰাতিটো তাই শুব পৰা নাছিল যদিও ৰোগীজনৰ প্ৰতি তাই সমবেদনা অনুভৱ কৰিছিল।

এগৰাকী মহিলা সোমাই আহিল। কেকাই থকা ২৫ বছৰীয়া ল’ৰাটোৰ কাষ পালেহি, বোধহয় মাক তাৰ! তাৰ গাত ধৰি মানুহগৰাকীয়ে কৈ উঠিল… “বাবা, মোলৈ এবাৰ চা ছোন, মোলৈ চা…বাবা ঔ, তই বৰ কষ্ট পাইছ’ ন’…বাবা ঔ…”.এইবুলি কৈ কৈ মানুহগৰাকী উচুপি থাকিল। নার্চে আহি মানুহগৰাকীক ধৰি ধৰি বাহিৰলৈ লৈ গ’ল। বাহিৰত কান্দোনৰ ৰোল উঠা শুনা গ’ল।
“ডাক্তৰে নাবাচিব বুলি কৈছে। আজি যদি মোৰ চকুৰ আগতে এই ৰোগীজনে মৃত্যুক সাৱটি লয়!!” ভয় অকনমানে চুই গ’ল নীহাৰিকাক।

তাই শুবলৈ যত্ন কৰিলে। হঠাতে গেঙনিৰ শব্দত তাইৰ চিলমিলকৈ অহা টোপনি ভাগি থাকিল। এইবাৰ ২৫ বছৰীয়া ডেকা ল’ৰাটোৱে এটা এটা গেঙনি মৰা আৰম্ভ কৰিলে আৰু হাতৰ পৰা চেলাইনটো টান মাৰি গুচাই দিব বিচাৰিলে। ডিউটিত থকা নার্চ কেইগৰাকী দৌৰি আহিল।
“কি কৰিছে, কি কৰিছে…ঐ ধৰ ধৰ, জোৰকে ধৰ…টয়লেট কৰিলে, টয়লেট কৰিলে, চুইপাৰ মাত….” ৱার্ড বয় দুটামান দৌৰি আহিল হাতত গ্ল’ভছ লগাই..
সঁচাই, এই চিকিৎসালয়বোৰ!!! বাহিৰৰ পৰা দেখি ইমান বেছি অনুভৱ কৰিব পাৰি জানো। ৰোগী তথা ৰোগীজনৰ পৰিয়ালৰ বিষ-বেদনা, যাতনা, মনোবেদনাৰ কথা…মৃত্যুৰ স’তে অহৰহ সংগ্ৰাম চলি থকাৰ কথা!!ইয়াত যেন ডাক্তৰসকল একো একোজন ত্ৰানকর্তা ভগৱানস্বৰূপ আৰু নার্চসকল হাতত যাদু কাঠিৰ দণ্ড লৈ থকা সৰগৰ পৰী!!

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments