অনুভৱৰ কঠীয়াতলিত গাৰ্লছ হোষ্টেল- অনন্যা দত্ত

জোনবাইক বেজী এটা খুজি সপোনৰ জোনাকী কাৰেঙৰ সাঁকোৱেদি আগুৱাই আহি “নজনা বীৰৰ মূৰ“ বিচৰা কৈশোৰৰ বালিচৰত উকি মাৰি হেৰাই যায় ল’ৰালি৷ সেই হেৰুৱা ল’ৰালিৰ আলিকেঁকুৰিত অথবা কৈশোৰৰ বৃত্তৰ পৰিধিত ভৰি দিওঁতেই স্ৱপ্নখেদা দৌৰৰ আৰম্ভণি হ’ব ধৰেঃ কেৰিয়াৰিষ্ট সপোনক খেদা নিগনি দৌৰ৷ দৌৰ ঠিক নহয়, প্ৰতিযোগিতা; নিজক শ্ৰেষ্ঠ প্ৰতিপন্ন কৰাৰ প্ৰতিযোগিতা অথবা নিজৰ সপোনক দিঠক কৰাৰ প্ৰতিযোগিতা নাইবা মা-দেউতাৰ সপোনবোৰক নিজৰ সপোন বুলি আঁকোৱালি লৈ আগুৱাই যোৱাৰ প্ৰতিযোগিতা৷ এই প্ৰতিযোগিতাত টিকি থকাৰ স্ৱাৰ্থতে চিনাকি আকাশৰ ঠিকনা এৰি নতুন আকাশত ঠিকনা গঢ়াৰ প্ৰচেষ্টা আৰম্ভ হয়৷ এই প্ৰচেষ্টাতে অস্থায়ী অথচ চিনাকি ঠিকনা হ’ব ধৰে হোষ্টেল; অচিনাকি হৈও আত্মীয় হ’ব ধৰে হোষ্টেলমেট আৰু ৰুমমেট৷ দুদিন আগলৈকে অচিনাকি ছোৱালীজনীও হ’ব ধৰে সুখ-দুখ, হাঁহি-কান্দোনৰ সংগী, প্ৰতিটো কথা পাতিব পৰা সংগিনী৷
সেই যে প্ৰথম ঘৰ এৰি আহি হোষ্টেলত টোপনি নহা নিশাটো; ঘৰলৈ উৰা মাৰি থকা মনটো; সেই মনটোৰ অজানিতেই হোষ্টেল এখন ক্ৰমশঃ আপোন হৈ পৰে, প্ৰতিটো উশাহৰ সাক্ষী হৈ পৰে৷ .
জীৱন বিচিত্ৰ আৰু তাতোকৈও বিচিত্ৰ মানৱ মন৷ এই বিচিত্ৰতাৰ মহিমাৰে যি মহীয়ান, সেয়েতো হোষ্টেল; অস্থায়ী হৈও হৃদয়ৰ মণিকোঠাত স্থায়ী হৈ ৰৈ যোৱা এক ঠিকনা; এক আৱেগ৷ ক’লৈ আহিলো, কিয় যে আহিলো কৈও এৰি যাবৰ সময়ত য’ত দুভৰি থমকে; খোৱাৰ পৰা আৰম্ভ কৰিও এশ এটা অভিযোগ দিলেও যাক বেয়া পাব পৰা নাযায়; সেই আশ্ৰয়েইতো হ’ল হোষ্টেল৷
প্ৰথম থাকিবলৈ লোৱাৰ পাছত “নৱাগত আদৰণী সভা“ৰ আগলৈকে লেটাত সোমাই ৰোৱা পলুবোৰ পাছলৈ একোটাহঁত ৰঙীণ পখিলা হয়, আড্ডাৰ হাঁহিৰ জোৱাৰত হোষ্টেলৰ দেৱাল কঁপাব পৰা হয়৷ পখিলাবোৰৰ খিলখিলনিত জীপাল হৈ পৰা কৰিড’ৰটোও কেতিয়াবা কোনো পখিলাৰ হিয়া ভগাৰ বিননিত গোমা হৈ পৰে; ব্যক্ত-অব্যক্ত বহু কথাৰ সাক্ষী হৈ পৰে৷ কেতিয়াবা কোনোজনী পখিলা সকলোৰে অলক্ষিতে হেৰাই যায়; পাখি সলাই ঠিকনাবিহীন হৈও কোনোবাজনী নোহোৱা হৈ যায়৷
যিমানদিনলৈকে থাকে প্ৰতিজনী পখিলাই হোষ্টেলৰ দলিচাত ভিন্ন ৰঙী আবিৰ সিঁচি যায়৷ এজাক দৌৰি-ঢাপৰি ফুৰা ছোৱালী; প্ৰতিজনী ছোৱালীয়েইতো একোটা জীয়া কাহিনী, বিচিত্ৰ কাহিনী৷ একোজনীহঁতৰ কথাৰ ফুলজাৰিক হোষ্টেলৰ চকী-মেজ, বিছনাবোৰে নীৰৱ হৈ শুনে; আন একোজনীৰ হয়তো উজাগৰী নিশাৰ নীৰৱ চকুলোও মচে৷ প্ৰতিজনী ছোৱালীয়েইতো নিজৰ মাজত কঢ়িয়াই লৈ ফুৰে বাস্তৱৰ আঁৰৰ বাস্তৱ, যি বাস্তৱ সহজে আৰু সততে কাকো দেখুওৱা নহয়৷ কোনোবাজনীয়ে যদি ৰাতি দুই বজাত সাৰ পাই বিস্কুট-চানাৰ টেমাত হাত দিয়ে বা “মেগী“ বনোৱাৰ যো-জা কৰে; আন এজনীয়ে আকৌ পঢ়াৰ মাজতে হঠাতে উঠি “কেটৱাক“ৰ আখৰাও কৰে৷ ৰাতি ১২বজাত বিছনাৰ ওপৰত উঠি নতুন “ডান্স মুভ“ প্ৰেকটিছ কৰা, অনবৰতে হাঁহি থকা ছোৱালীজনীয়েওতো প্ৰেমাস্পদৰ প্ৰতাৰণাত শেষ ৰাতিৰ শেতেলী চকুৰ পানীৰে তিয়াই তোলে, হোষ্টেলবোৰ তাৰো নীৰৱ সাক্ষী৷ নতুন কাপোৰ বা নতুন বেগ বা নতুন কাণফুলি এযোৰ কিনিলেও “ৱালমেট“ক নেদেখালে পুৰণা হৈ যাব সদৃশ বিশ্বাসবোৰ আৰু যেতিয়াই মন যায় তেতিয়াই সাঁজি-কাচি ফটো উঠাৰ অন্তহীন সময়বোৰ…৷ এজনীয়ে ঘৰৰ পৰা অনা আচাৰৰ বটলটোত বিনাদ্বিধাই অধিকাৰ সাব্যস্ত কৰোতেই অথবা কোনো বিশেষ কামত ওলাই যোৱাৰ সময়ত নিজৰ ফুলিযোৰ, চেইনডাল মিলিব বুলি জোৰ-জবৰদস্তি উলিয়াই পঠিওৱা মূহূৰ্তবোৰেই দুদিনীয়া চিনাকি ছোৱালীকেইজনীক নিজে গম নোপোৱাকৈয়ে বন্ধুত্ব, আত্মীয়তাৰ বান্ধোনেৰে বান্ধি পেলায়৷ জোনাক ভালপোৱা কাব্যিক ছোৱালীজনীয়েও হয়তো তাৰ মাজতেই “মেটালিক“, “ৰক মিউজিক“ও ভালপাবলৈ আৰম্ভ কৰে৷ ভাললগা চিনেমা, গান, ছিৰিজ অথবা কিতাপৰ আদান-প্ৰদানেও বহুবোৰ বান্ধোন গঢ়ি তোলে৷ জন্মদিনৰ নায়িকাই ৰাতি ১২বজাৰ “ছাৰপ্ৰাইজ“টোলৈ অধীৰ আগ্ৰহেৰে ৰৈ থাকে লগৰকেইজনীয়ে মিলি কি নতুনত্ব আনিব কেৱল মাত্ৰ তাক জনাৰ বাবেই! জোনাকৰ বৰষুণত তিতি ভালপোৱা ছোৱালীজনীয়ে যেতিয়া নজনা হয় তাইৰ প্ৰিয় তৰাটোৱে কোন নক্ষত্ৰক কেন্দ্ৰ কৰি আৱৰ্তন আৰম্ভ কৰিছে; তেতিয়া নতুন কক্ষপথ গঢ়াৰ সাহস তাইক হোষ্টেলৰ লগৰকেইজনীয়েই দিয়ে৷
সৰস্ৱতী পূজাৰ সময়ৰ যি বিয়াঘৰ সদৃশ পৰিৱেশ তাৰ অবিহনে যে গাৰ্লছ হোষ্টেলৰ সমস্ত দৃশ্যপটেই আধৰুৱা৷ কোনে কি কাপোৰ পিন্ধিব, তাৰ লগত মিলাই কেনেধৰণৰ সাজসজ্জা কৰিব; হোষ্টেলখন যেন সৌন্দৰ্যৰ অঘোষিত প্ৰতিযোগিতাত নামি পৰে৷ কিন্তু এই প্ৰতিযোগিতাতো থাকে এজনীৰ আনজনীলৈ নিঃস্ৱাৰ্থ সহযোগ৷ ক্লাছৰ সময়তকৈ আগৰ ৰাতিপুৱা কি চিনি নোপোৱা বহুজনীৰ “মৰ্ণিংৱাক“, “ইভিনিংৱাক“বোৰে পূজাৰ ১৫দিনমান আগৰেপৰা হোষ্টেলৰ কৰিড’ৰ গমগমীয়া কৰি তোলে৷ ইজনীয়ে সিজনীৰ সহযোগত ৰঙীণ হৈ ওলাই যোৱা পখিলাজাকলৈ হয়তো হোষ্টেলৰ বিল্ডিঙটোৱেও ৰ’ লাগি চায়৷ এজাক আহিছে, এজাক গৈছে; এনেদৰে কিমান যে জাক জাক পখিলাক বছৰৰ পাছত বছৰ ধৰি আঁকোৱালিছে তাৰ কিমান কাহিনীৰ হোষ্টেলটো সাক্ষী তাৰ সঠিক হিচাপ হয়তো আন কোনোৱেই কোনোদিনে নাজানিব৷
আৰু এনেকৈয়ে লেটা এৰি পখিলা হোৱা এজাক প্ৰাণোচ্ছল গাভৰুৰ বিদায়ৰ সময় আহি উপস্থিত হয়৷ বিচ্ছেদৰ সুঁহুৰিৰ সুৰে ৰূমবোৰ, কৰিড’ৰবোৰ গোমা কৰি তোলে৷ সময়ৰ আহ্বান মানি নতুনক আদৰিবলৈ হোষ্টেলটোও নীৰৱে সাজু হয়৷ আজীৱনত সম্পৰ্কত থকাৰ প্ৰতিশ্ৰুতিৰে চকুলোৰে বাট ৰচি এজাক জাকৈয়া হাঁহি জীৱন সমুদ্ৰৰ বিচ্ছিন্নতাৰ পৰিধিত ধূসৰিত ফ্ৰেম হৈ ক্ৰমশঃ বিলীন হয়……৷
– অনন্যা দত্ত

আৰু এনেকৈয়ে লেটা এৰি পখিলা হোৱা এজাক প্ৰাণোচ্ছল গাভৰুৰ বিদায়ৰ সময় আহি উপস্থিত হয়৷ বিচ্ছেদৰ সুঁহুৰিৰ সুৰে ৰূমবোৰ, কৰিড’ৰবোৰ গোমা কৰি তোলে৷ সময়ৰ আহ্বান মানি নতুনক আদৰিবলৈ হোষ্টেলটোও নীৰৱে সাজু হয়৷ আজীৱনত সম্পৰ্কত থকাৰ প্ৰতিশ্ৰুতিৰে চকুলোৰে বাট ৰচি এজাক জাকৈয়া হাঁহি জীৱন সমুদ্ৰৰ বিচ্ছিন্নতাৰ পৰিধিত ধূসৰিত ফ্ৰেম হৈ ক্ৰমশঃ বিলীন হয়৷ **

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক