অনুভৱৰ ডুখৰীয়া ছবি (মৌচুমী বৰুৱা)

অনুভৱৰ ডুখৰীয়া ছবি

(১)

মোৰ বান্ধৱী ৰীণাই মণ্টেছৰী স্কুল এখনত শিক্ষকতা কৰে৷ এদিন তাইৰ কণমানি ছাত্ৰী এজনীয়ে তাইলৈ মধুৰী এটা লৈ আহিল৷ ৰীণাই মধুৰী খাই ভাল নাপায়৷ সেয়ে তাই মধুৰীটো কণমানিজনীকে খাবলৈ দিলে৷ পিছদিনা ছোৱালীজনীৰ মাকে ৰীণাৰ ওচৰলৈ আহি কলে, “বাইদেউ আমাৰ ঘৰৰ মধুৰীজোপা নতুন৷ এইবাৰ প্ৰথম লাগিছেহে৷ গছ জোপাত মাত্ৰ দুটা মধুৰীহে লাগিছিল৷ আমি সবেই মিলি এটা খালোঁ৷ এইটো তাই আপোনালৈ সাঁচি থ’লে৷ কাকো খাবলৈ নিদিলে৷ কালি আপুনি যে মধুৰীটো নাখালে, তাই গোটেই দিনটো মন মাৰি আছে৷ আজি আপুনি মন নগ’লেও মধুৰীটো খাই দিব দেই! তেহে যদি মোৰ ছোৱালীজনীৰ মুখৰ হাঁহি ঘূৰি আহে”৷ মোৰ বান্ধৱীয়ে মোক কথাষাৰ কওঁতে তাইৰ দুচকু সুখৰ ৰেঙণিৰে জিলিকি উঠিছিল৷
(২)
মোৰ আঠ বছৰীয়া পুত্ৰই স্কুলৰ পৰা আহি মোক তাৰ বহীবোৰ চাবলৈ দিয়ে৷ তাৰ ইংৰাজীৰ বহীখন চাই থাকোঁতে কেইটামান ভুল চকুত পৰিল৷ তাক ক’লো, “মেমে চাগে’ খৰধৰ কৰি চালে৷ তুমি ভুলবোৰ শুধৰাই লোৱা দেই!” সি অলপ সময় মনে মনে থাকি ক’লে, “মা, মই কাইলৈ মেমক সুধি শুধৰাই ল’ম৷ হবনে? নহ’লে মেমে বেয়া পাব নহয়৷’’ তাৰ মেমৰ প্ৰতি থকা বিশ্বাসক সন্মান জনাই মৌন হৈ ৰ’লোঁ৷ ইংৰাজীৰ স্নাতকোত্তৰ তাৰ মাকতকৈ সি চাগে’ তাৰ মেমে বেছি জানে বুলিয়েই ভাৱে!
(৩)
কেইদিনমান আগতে বজাৰলৈ গৈছিলোঁ৷ কৰিবলগীয়া বজাৰখিনি কৰি উঠি শেষত কিতাপ এখন কিনিবলৈ কিতাপৰ দোকানত সোমালোঁ৷ দোকানত থকা ল’ৰাজনক কিতাপখন খুজি দামটো সুধিলোঁ৷ ‘বাইদেউ, ১১৫টকা দিয়ক’ পইচা দিবলৈ লওঁতেই দোকানতে থকা আনজন ল’ৰাই মাত লগালে “বাইদেউ আপুনি ১০০টকা দিলেই হ’ব৷” দামটো কমাই লোৱাৰ কাৰণে ভালেই পালোঁ৷ দোকানৰ পৰা ওলাই গধুৰ বেগটো দাঙিবলৈ লওঁতেই ল’ৰাজন প্ৰায় দৌৰি অহাদি আহি মোৰ বেগটো ধৰিলেহি, “বাইদেউ, মই দাঙি নিওঁ দিয়ক৷” এইবাৰহে মই আচৰিত হৈ তাৰ ফালে চালোঁ৷ আজিৰ যুগত এনেকুৱা ল’ৰাও আছেনে? মোৰ মনৰ ভাৱ ধৰিব পাৰি সি ক’লে, “বাইদেউ, আপুনি মোক চিনি পোৱা নাই? মই আপোনাৰ ছাত্ৰ ৰাজীৱ৷” “অ’ হয় নেকি? সেইকাৰণে ইমান চিনাকী যেন লাগিছে৷ বেয়া নাপাবা দেই! তুমি এতিয়া কি পঢ়ি আছা?” এস্‌ কিনো কম আৰু বাইদেউ, হায়াৰ চেকেণ্ডাৰী পাছ কৰিব পৰাই নাই নহয়৷ সেয়ে এই দোকানখনতে সোমাই আছোঁ৷ “কিহতনো বেয়া কৰিলা?” আপোনাৰ বিষয়তে, মানে ইংৰাজীতে বাইদেউ৷” মনটো মৰি গ’ল৷ মোৰ বিষয়টোত বাৰে বাৰে বেয়া কৰিও তাৰ মনটোত মোৰ প্ৰতি শ্ৰদ্ধাৰ ভাৱ কমা নাই! গধুৰ বেগটো গাড়ীত ভৰাই থৈহে মোৰ পৰা বিদায় ল’লে সি৷

(৪)

সেইদিনা পাচলিৰ বজাৰ নিজে কৰোঁ বুলি ওলাই গ’লোঁ৷ বজাৰৰ চুক এটাত গাঁৱলীয়া শাক-পাত লৈ বহি থকা মানুহজন চকুত পৰিল৷ তেখেতৰ ওচৰলৈ গৈ মানমুনি ঢেকীয়াজাতীয় শাক দুবিধ মান লৈ দৰদাম কৰিলোঁ৷ বিশেষ একো নোকোৱাকৈয়ে তেখেতে মই কোৱা দামতে শাকবোৰ দিয়াত আচৰিতেই হ’লোঁ৷ আহিবৰ পৰত জোৰ কৰি বেপাৰীজনে ঔটেঙা দুটা বেগত ভৰাই দিলে৷ মই অলপ থটমট খাই তেওঁৰ ফালে চালোঁ৷ “বাইদেউ, চিনিপোৱা নাই নহয়? মই আপোনাৰ ছাত্ৰী বিজয়াৰ দেউতাক৷” মোৰ মনত পৰিল বিজয়া নামৰ শান্ত ছোৱালীজনীলৈ৷ যোৱাবছৰ হায়াৰ ছেকেণ্ডৰী পাছ কৰি আৰু নপঢ়াৰ কাৰণে মই তাইক খং কৰিছিলোঁ৷ “বিজয়াই আপোনাৰ কথা কৈ থাকে৷ তাইক পঢ়াব নোৱাৰিলোঁ৷ শাক-পাচলি বিকি কোনোমতে ঘৰখন চলাই আছোঁ৷” মই মৌন হৈ পৰিলোঁ৷ ঔটেঙাৰ পইচা দিবলৈ লওঁতে বিজয়াৰ দেউতাকৰ মনটো যেন মৰি গ’ল।” বাইদেউ মই পৰাহ’লে আপোনাক গোটেইকেইটা বস্তু এনেই দিলোঁহেঁতেন! আপুনি মোৰ ছোৱালীৰ শিক্ষাগুৰু৷ কিমান সহায় কৰিছিল তাইক! কি কৰিম সংসাৰ চলাব লাগে যে৷ ঔটেঙাকেইটা ঘৰৰে৷ দাম দিলে বেয়া পাম৷” মোৰ চকু দুটা যেন চলচলীয়া হৈ পৰিল আৰু হৃদয়খন আৱেগেৰে ভৰি উঠিল৷

আজি শিক্ষক দিৱসৰ এই পবিত্ৰ দিনত এই অনুভৱবোৰৰ সোঁৱৰণে মনটো সতেজ কৰি তোলে৷ সমাজৰ বিভিন্ন স্তৰৰ লোকৰ শিক্ষকৰ প্ৰতি থকা শ্ৰদ্ধা আৰু বিশ্ৱাসে নিজৰ কৰ্তব্যবোধ সম্পৰ্কে সচেতন কৰি দিয়ে৷ শিক্ষকতাই আন একো দিব নোৱাৰিলেও দিয়ে মানসিক পৰিতৃপ্তি৷

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক