অনুভৱৰ দলিচাত চাইকেল (মঞ্জুশ্ৰী শৰ্মা)

(‘মনহীৰা দৈ চাইকেল নহয় টিলিঙা…’ বুলি নাগালেও বতাহ ভেদি-ভেদি ভাললগা গান এটা গুণগুণাই গুণগুণাই চাইকেল চলোৱাৰ মাদকতাই বেলেগ। সেই হেঁপাহ  মনৰ মাজতে থাকি গ’ল।)

চাইকেল এখন চলাবলৈ মোৰ বৰ মন যায়।  কিন্তু আজিলৈকে সেই আশা আশা হৈয়েই থাকিল। সৰুতে কণমানি কণমানি পেন্দুকোনাবোৰে চলোৱা তিনিচকীয়া চাইকেল এখন মোৰো আছিল। পিচে সেইখন চলোৱাক নো চাইকেল চলোৱা আখ্যা দিব পাৰিনে? মুঠেও নোৱাৰি। দেউতাৰ এখন চাইকেল আছিল। কিন্তু সেইখন চলোৱাৰ ভাগ্য মাথোঁ দাদাহঁতৰহে হৈছিল। স্কুলত পঢ়ি থকা কালছোৱাত চাইকেল এখন লাগে বুলি বিচাৰিলে মায়ে কৈছিল— চলাবি ক’ত? গুৱাহাটীৰ ওখৰা-মোখোৰা ৰাস্তাত চাইকেল চলাই হাত-ভৰি ভাঙি ল’লেহে হ’ব। থাকক নালাগে। অৱশ্যে চাইকেল চলোৱাৰ হেঁপাহ পূৰোৱাৰ সুযোগ মাজে মাজে নোপোৱাও নহয়। পাইছিলো। আমি গাওঁৰ ঘৰলৈ মাজে মাজে গৈছিলো। মোৰ বৰদেউতাৰ কন্যা মানে মোৰ বাইদেউ ভন্টি, সকলোৱে স্কুল-কলেজলৈ চাইকেল চলাই আহ-যাহ কৰিছিল। তেওঁলোকৰ সহায়ত গাওঁৰ মাটিৰ ৰাস্তাত চাইকেল চলোৱা মজা লৈছিলো। কেতিয়াবা কেতিয়াবা চাইকেলৰ পৰা পৰিছিলোঁ। পিচে গাওঁৰ পৰা ওভতাৰ পিচত চাইকেল চলোৱাৰ দুনাই সুযোগ নাহিছিল। মনৰ হেঁপাহ মনতে মাৰ গৈছিল। ‘মনহীৰা দৈ চাইকেল নহয় টিলিঙা…’ বুলি নাগালেও বতাহ ভেদি-ভেদি ভাললগা গান এটা গুণগুণাই গুণগুণাই চাইকেল চলোৱাৰ মাদকতাই বেলেগ। সেই হেঁপাহ  মনৰ মাজতে থাকি গ’ল। চাইকেল চলাই ফুৰা মানুহ দেখিলে সেয়েহে বৰ হিংসা লাগে মোৰ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments