অনুভৱৰ দলিচা (ভবিতা দাস)

অনুভৱৰ দলিচা

“মোৰ টোপনি নাহে
আকাশত বহি আছে
বেশ্যা জোন
মেঘৰ জুপুৰিৰ দুৱাৰ খিৰিকি মেলি বহি আছে”- (নীলিম কুমাৰ)

মৰমৰ,
জানানে আজি বহুত কিবা কিবি শুনিলো। মন মোৰ বেয়া। মন বেয়া লাগিলে মনত দুখ পালে সদায় আগতে তোমাকেই কওঁ।  এই মুহুৰ্তত তোমাৰ বাহিৰে যে আপোন মোৰ কোনোৱেই নাই। সদায় একেবোৰ দুখৰ কথাকে কৈ কৈ তোমাক মই বৰকৈ আমনি দিওঁ যেন অনুভৱ হৈছে । সেয়েহে আজি মনৰ দুখবোৰ ডায়েৰীৰ পাতত লিখি পেলাবলৈ ঠিৰাং কৰিলোঁ। শুৱলৈও মন যোৱা নাই।  যন্ত্ৰনাত পাৰ হৈ গৈছে দিনোবোৰ। হঠাৎ জোনাকী আকাশখনে ধুই নিকা কৰি নিলে মনৰ যন্ত্ৰনাবোৰ। মনৰ যন্ত্ৰনাবোৰ শৈশৱৰ কুঁহিপাত হৈ উৰি গল দুৰ দিগন্তলৈ ।  ইমান ধুনীয়া জোনাকৰ ফুলবোৰে আকাশখন মোহনীয় কৰি তুলিছে। সেয়েহে আজি এয় সৌন্দৰ্য্য উপভোগ কৰাৰ পৰা বঞ্চিত হ’বলৈ একেবাৰে মন নাই যোৱা।  সচাঁয়ে এয়া জোনাক উপভোগৰ আৰু অনুভৱৰহে বস্তু।
এয়া মোৰ কোঠালীৰ ষ্টেপত বহি লিখিবলৈ লৈছো, জোনাকৰ পোহৰত। সদায় ভূত-প্ৰেতলৈ ভয় কৰা মইজনীৰ আজি কিন্তু একেবাৰে ভয় নাই লগা।  ঘৰৰ মানুহবোৰ ছাগৈ টোপনিত লালকাল।  চাৰিওফালৰ নিমাওমাও পৰিবেশত জোনাকৰ সৌন্দৰ্য্য উপভোগ কৰাৰ মজাই বেলেগ জানা!  জোনাকত জিলিকিছে মোৰ কলমৰ গোলাপী শৰীৰ,ডায়েৰীৰ পাতত বুটাবছা নীলা আখৰ,আৰু নখত লগাই লোৱা ৰঙা ৰঙৰ নেইলপলিছ!
অকনমান আন্ধাৰ হ’ল । আকাশত অলপ অলপ মেঘো আছে নহয়।  আন্ধাৰ হলে লিখাত অলপ কষ্ট হয় ।
মৰমৰ……আজি মোৰ জোনাকী চোতালত বহি কি অনুভৱ হৈছে জানা, পৃথিৱীৰ সকলো মানুহৰে মনবোৰ যদি জোনাক নিশাৰ আকাশখনৰ দৰেই নিৰ্মল হলহেঁতেন পৃথিৱীখন যে কিমান ভাল হলহেতেন নহয়নে বাৰু ?জোনাকত আকাশখনৰ কি ৰং বাৰু সেয়া? আকাশবুলীয়া নহয় নিশ্চয় ধোৱাবুলীয়াও নহয়, হওঁক যি হয়।  ৰঙ সদায় ৰঙেই। ৰঙৰ ৰামধেনু মই নাচাওঁ।  মোক মাথো জোনাক লাগে।  জোনৰ জোনাক !
মৰমৰ ………যদি কেতিয়াবা সৌভাগ্য হয় মোৰ তোমাৰ সৈতে একেলগে জোনাক উপভোগ কৰাৰ তোমাৰ তিৰবিৰ দুচকু বান্ধি দিম মই। (তুমি বাৰু খং কৰিবা নেকি! নাঃ মই জানো তুমি খঙাল নহয়)মাত্ৰ অলপ মৰমৰ ধেমালিহে কৰিম । কোনোবা এটা নিৰ্জন প্ৰান্তত বহি তোমাক মই জোনাকী মনৰ কবিতা শুনাম । (মোৰ কবিতা শুনি তুমি নাহাঁহিবা দেই, কাৰণ তোমাৰ দৰে যে ধুনীয়াকে লিখিব নাজানো মই)
পদুলিমুখৰ বগা গোলাপজুপিৰ এটা দুটাকৈ কেইবাপাহো ফুল ফুলিছে জানা।  আগতে মই বগা ৰঙতো ভাল নাপাইছিলো। কাৰন বগাৰ অৰ্থই মই বুজি নাপাইছিলো। এতিয়া জানা বগা ৰঙটোৱেই মোৰ অতিকে প্ৰিয়, কাৰন বগা ৰঙৰ অ্ৰৰ্থই শান্তি,পবিত্ৰতা। জোনাকতো জিলিকে আন্ধাৰতো জিলিকে। জোনাকত জানা শেৱালিজুপিও বৰ মনোমোহা হৈ জিলিকি উঠিছে।  ইমান ধুনীয়া ফুলপাহ কিন্তু কি জানানে মানুহে কেনেকৈ যে সানি পিটিকি খোৱাৰ দিহা কৰে! ভৰিৰে গছকি তাৰেই ওপৰেৰে বাট বুলাই। ক্ষন্তকতে কিদৰে নিঃশেষ হৈ যায় কমলাবুলীয়া চুপহি! বগা চানেকীয়া পাহি। (ইয়াতেই প্ৰমান পায় মানুহবোৰ যে কিমান নিষ্ঠুৰ)
মৰমৰ…….তুমিও উপভোগ কৰি চাবাচোন জোনাকৰ সৌন্দৰ্য্য ।  নে কামৰ ব্যস্ততাৰ মাজত তুমি পাহৰিয়েই পেলাইছে সকলোবোৰ।  এন্ধাৰৰ মাজত বহুতো পাপ লুকাই থাকে, তুমি যদি মোক আজলী বুলি নোকোৱা কথা এটা কওঁ, শুনাচোন তোমালোকৰ কেম্পাচৰ চৌহদত অলপ সময়ৰ বাবে পাৱাৰ কাট কৰি জোনাকৰ সৌন্দৰ্য্য উপভোগ কৰি চাবাচোন লগৰ কেইজনৰ সৈতে। কৃতিমতাৰ মাজত থাকিও তুমি মাটিৰ পৰশ পাবা। (মোৰ এই অনুভুতিবোৰ আনৰ আগত কৈ তুমি কিন্তু মোক হাহিয়তাৰ পাত্ৰ নকৰিবা দেই। নোকোৱা বুলি জানো। নিজতকৈও অধিক বিশ্বাস আছে তোমাৰ ওপৰত)
মৰমৰ……মোৰ এই পত্ৰখনিয়ে তোমালৈ কঢ়িয়াই নিব মোৰ হৃদয়ৰ সংবাদ।  মই জানো তুমি মনে মনে পঢ়ি থৈ দিবা।  মই সুধিলে হয়তো ব্যস্ততৰ অজুহাত দেখুৱাই পঢ়িবলৈ সময় নাই পোৱা বুলি ক’বা।  হ’ব পাৰে মন মোৰ শাওনৰ আকাশৰ দৰেই অনুভৱী, তথাপিও মোৰ বুকুখনি শেষ শাওনৰ বানত তিতা বিলৰ নিচিনাকৈয়ে মৰমেৰে জীপাল হৈ থাকে।
মই জানো, চিঠি পঢ়ি চায়ো তুমি একো উত্তৰ নিদিয়া বুলি । একো নহলেও টো অন্তত এখন উকা কাগজ এখনকে পঠিয়াব পাৰা মোলৈ । তেতিয়াও শান্তনা ল’ব পাৰিম অন্তত কোনোবা এজনটো আছে মোৰ বাবে!
এতিয়া নিশা বহু হ’ল, আজিলৈ এৰিছো দেই।
মৰমেৰে…

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments