অনুভৱৰ মহাকাশ (ময়ূৰী দত্ত)

(হ’ব পাৰে আকাশ শূন্যতাৰ সমষ্টি , কিন্তু তাতেই যে বেলিয়ে ওমলে, জোনে চকু মেলে, তৰাই হাঁহে, ডাৱৰে খেলে । হয়, আকাশখন পোৱা-নোপোৱাৰ ঊৰ্ধত, কিন্তু চুই চোৱাৰ হেঁপাহ চিৰন্তন।)

মনত পৰাৰ দিন ধৰি তাই দেখি আহিছে পদূলিমুখৰ কৃষ্ণচূড়াজোপা প্ৰতি বছৰে ফুলি অহা, আৰু ক্ৰমে পূৰঠ বৃক্ষলৈ ৰূপান্তৰিত হোৱা কৃষ্ণচূড়াজোপাক লক্ষ্য কৰি কৰিয়েই তাই শৈশৱক গৰকি কৈশোৰৰ হাত খামুচি ধৰিছিল । অন্তৰত অনুভৱ কৰিবলৈ লৈছিল গছজোপাৰ প্ৰতি এক অনন্য ভালপোৱা, অন্তহীন ভাললগা । খুব গোপন আছিল এই ভালপোৱা , তাইৰ অনুভৱক বুজিব পৰা কাকো তাই বিচাৰি পোৱা নাছিল, বেলেগৰ হাঁহিয়াতৰ পাত্ৰী হোৱাতকৈ মনে মনে গছ এজোপাৰ লগত কথা পাতি ভাল পাইছিল । ফুল ফুলাৰ সময়বোৰত প্ৰতি পুৱা আৰু আবেলি এবাৰ হ’লেও তাই গছজোপাৰ তলত ৰৈছিলগৈ , ৰঙা ফুল আৰু সেউজীয়া পাতে তাইক বুৰাই পেলাইছিল, বুৰাই পেলাইছিল তাইৰ মনটোক। কি যে এই ভালপোৱা! অপাৰ্থিৱ ভালপোৱাৰ অভিজ্ঞতা লাভ কৰিছিল তাই এজোপা গছৰ পৰা ।

মেট্ৰিক দি উঠি তাই পঢ়িছিল তাইৰ সমবয়সীয়া ষোল্ল বছৰীয়া নায়িকা অমৃতাক লৈ মৈত্ৰেয়ী দেৱীয়ে লিখা আত্মজীৱনীমূলক উপন্যাস ‘নহন্যতে’ৰ মনু সেনে কৰা অসমীয়া অনুবাদ । বাৰে বাৰে উপচি পৰিছিল দুচকু । শৰীৰৰ ঊৰ্ধত থকা আত্মিক ভালপোৱাই বিস্মিত কৰি তুলিছিল । তাতেই উল্লেখ অছিল অমৃতাৰ বিদেশী প্ৰেমিক মিৰ্চাই কিছু বেলেগকৈ লিখি উলিয়াইছিল তেওঁলোকৰ প্ৰেমৰ কাহিনী । হৃদয়ৰ সমস্ত উৎসুকতাৰে বিচাৰি বিচাৰি আনি পঢ়িছিল মিৰ্চাই লিখা ‘লা নুই বেংগলী’ বাংলা ভাষাত পঢ়াৰ প্ৰথম অভিজ্ঞতা । তাই আৱিস্কাৰ কৰিছিল এক ডাঙৰ সঁকাহ, মিৰ্চাই লিখিছিল ‘first she loved a tree’। হয়, অমৃতায়ো এজোপা ছাতিম গছক ভাল পাইছিল , প্ৰেমিক আৰু আন ঘনিষ্ঠজনৰ বাবেই যিটো আছিল একপ্ৰকাৰ দুৰ্বোধ্য । তাই নিজৰ মনতে লভিছিল স্বস্তি, এই পৃথিৱীত তাইৰ অনুভৱ সংগীবিহীন নহয় ।

তাই আপোন বুলি ক’ব পৰা, ভবা প্ৰতিজনকে একোজোপা গছ যেন লাগে তাইৰ । ভাগৰুৱা সময়ত যাৰ ছাঁত জিৰাব পাৰি জীপাল কৰি তুলিব পাৰি হৃদয় । এনেয়েও তাই নিৰ্ভৰশীল হৈ ভাল পায় , আপোনমানুহবোৰৰ মৰম, আস্থাত নিৰ্ভৰশীলতা তাইৰ একপ্ৰকাৰ অভ্যাস হৈ পৰিল, দুৰ্বলতা বুলি ভবা নাই কাহানিও, বৰং সুখী হয় প্ৰতিবাৰেই ।

আলাপ :

:’ আপুনি এজোপা গছৰ দৰে।’
মবাইলৰ স্ক্ৰীনত জিলিকি উঠা শব্দকেইটা পঢ়ি তাই স্তব্ধ হৈ পৰিল কিছু সময় । কি ক’লে তেওঁ এয়া । খৰধৰকৈ টাইপ কৰিলে তাই—
: আপোনাৰ ভুল হৈছে । মোৰ জীৱনত আপুনিহে এজোপা বৃক্ষৰ দৰে, নিৰাপত্তা, মমতা, ভালপোৱাৰ ছাঁত মই জিৰাই আছোঁ । খুব বেছি মই এই গছজোপাৰ অন্তিমখিলা পাত হ’ব পাৰিম যি লগৰীয়া সৰাপাতৰ লগ নহৈ নতুন পাত অহালৈ গছজোপাক সংগ দিবই দিব । ‘

: ‘ আপুনি সকলোতকৈ ওখ গছজোপা যাক জিৰাবলৈ আনৰ ছাঁৰ প্ৰয়োজন নাই । নিজকে ইমান সাধাৰণ বুলি ভাবে কিয় ? অন্তত: আপোনাক অসাধাৰণ বুলি ভবাকেইজনৰ বাবে তেনে হৈ ৰওকছোন আপুনি ।’

নিৰুত্তৰ হ’বলৈ বাধ্য তাই । তাইৰ কথাত মুগ্ধ হ’লেও তেওঁ কেতিয়াও জব্দ নহয়, বৰং তাই নিজেহে জব্দ হ’বলগীয়া হয় প্ৰায়ে ।

:’কিন্তু মোকো যে এজোপা গছ লাগে’—বহুঘণ্টাৰ নীৰৱতা ভাঙে তাই ।
নাহে এই কথাৰ সমিধান নাহে সিফালৰ পৰা । আন কথা কয় তেওঁ । তাই নিজেই উত্তৰটো বিচাৰি লয় । য’দি তাই তেওঁ কোৱাৰ দৰে সকলোতকৈ ওখ গছজোপা, তাই তেওঁৰূপী আকাশৰ তলত জিৰাই আহিছে, ভালপোৱা, মমতা, বিশ্বাস, নিৰাপত্তাৰ আচ্ছাদন যেন সেই আকাশ । হ’ব পাৰে আকাশ শূন্যতাৰ সমষ্টি , কিন্তু তাতেই যে বেলিয়ে ওমলে, জোনে চকু মেলে, তৰাই হাঁহে, ডাৱৰে খেলে । হয়, আকাশখন পোৱা-নোপোৱাৰ ঊৰ্ধত, কিন্তু চুই চোৱাৰ হেঁপাহ চিৰন্তন । এইখন আকাশ তাইৰ অনুভৱৰ মহাকাশ হৈ ৰ’ব আজীৱন ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments