অনুভৱৰ স্তৱক: এক এলাৰ্জি ..(- প্রণৱ নাথ )


সোঁৱৰণীৰ সঁফুৰাটি বেৰৰ এচুকত পৰি আছে
বহুদিন হ’ল …
যি ভাঁজে থৈছিলো তেনেকৈয়ে পৰি আছে
ধূলিৰ তৰপ আৰু এলান্ধুৱে
সাঁফৰখন চিনিব নোৱাৰা কৰি ৰাখিছে।
ফু মাৰি ধূলিবোৰ গুচাবলৈ মন যোৱা নাই-
স্মৃতিৰ পৰশ সমৃদ্ধ ধূলিবোৰ
নাকে-মুখে সোমাই হাঁচি আনিব পাৰে বুলি …
মনত পৰে
ফাগুনৰ পচোৱা বতাহে গছবোৰক নিৰ্বস্ত্ৰ কৰাৰ সময়ত
মোৰ খোজত উৰুৱা
সামান্য ধূলিকণাই
তোমাৰ দেহত চকলা চকল
ঢৌ তোলাৰ কথা ।
আৰু মনত পৰে
নিৰ্বস্ত্ৰ গছবোৰৰ লগত
সহমৰ্মিতাৰে
মোকো সেউজীয়া নালাগে বুলি
অনশন ব্ৰত লোৱাৰ কথা …
মান্ধাতা যুগৰ ধূলি গুচুৱাই
সাঁফৰখন খুলিব পাৰিম বুলি মনে নধৰে
বন্ধ কুঠৰীটোৰ এচুকত পৰি থকা
ধূলি সংপৃক্ত সঁফুৰাটিয়ে যেন
পুনশ্চঃ কব খুজিছে
“মই তোমাৰ এলাৰ্জিৰ কাৰণ হব নোখোজো …”

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments