চিনাকি চিকিৎসক অচিনাকি চিকিৎসক ( অঞ্জল বৰা )

গাঁৱত চিকিৎসাৰ বাবে অহা চৰকাৰী চিকিৎসকজনেই আছিল মই জীৱনত লগ পোৱা প্ৰথমজন চিকিৎসক৷ দেখাত চুটি-চাপৰ এজন ডেকা ল’ৰা৷ ঘৰত কিবা অসুখ-বিসুখ হ’লেই তেওঁক মাতি অনা হৈছিল৷ তেতিয়া ফোনৰ কোনো সংযোগ নাছিল৷ দেউতাই সেই চুটি-চাপৰ ডেকা ল’ৰাজনক চাৰ চাৰ বুলি মতা শুনি মই অলপ আচৰিত হৈছিলোঁ৷ কাৰণ সেই সময়ত দেউতা শিক্ষক আছিল বাবে গাঁৱৰ বহু সংখ্যকেই (আনকি মই পঢ়া স্কুলৰ কিছু সংখ্যক শিক্ষকেও) দেউতাকে চাৰ বুলি মাতিছিল৷ দেউতাই তেওঁক চাৰ বুলি মাতিলেও তেওঁ দেউতাক বৰ সন্মান কৰিছিল আৰু দেউতাই চিকিৎসাৰ অন্তত বঁটা এটাত আগবঢ়াই দিয়া মাননীটো দেখি তেওঁ প্ৰায়ে ইমান টকা বুলি উচপ খাই উঠিছিল আৰু তাৰ পৰা খুব বেছি ১০/২০ টকা হাতত লৈ গৈছিল৷ লগতে তেওঁ হাতত লৈ অহা বিনামূলীয়া ঔষধ দি থৈ গৈছিল৷ এনে কাৰ্য যে চিকিৎসকজনে অকল আমাৰ ঘৰতে কৰিছিল এনে নহয়৷ গোটেই গাঁওখনতে তেওঁৰ একেই ব্যৱহাৰ আছিল৷ শুনিবলৈ পাইছিলোঁ যে দুখীয়া মানুহৰ ঘৰলৈ গ’লে তেওঁ গাখীৰ কিনি খাবলৈ বুলি চিকিৎসাৰ অন্তত কিবা এটা দি থৈহে আহিছিল৷ লাহে লাহে সময়বোৰ দ্ৰুত গতিত সলনি হ’ল৷ বেমাৰৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে চিকিৎসকৰ সংখ্যাও বৃদ্ধি পালে৷ কিন্তু তথাপি কেতিয়াবা এনে লাগে আজিও যেন ৰোগীৰ অনুপাতে চিকিৎসক পৰ্যাপ্ত নহয়৷ কিম্বা ৰোগীৰ দৃষ্টিত বা ৰোগীয়ে বিশ্বাসত ল’ব পৰা চিকিৎসকৰ সংখ্যা তেনেই সীমিত৷ কেইদিনমানৰ আগতে পৰিবাৰৰ স্বাস্থ্যজনিত কাৰণত খুদ গুৱাহাটীত থাকিয়েই এজন প্ৰতিষ্ঠিত চিকিৎসকৰ সাক্ষাৎ পাবলৈ তিনিদিন অপেক্ষা কৰিবলগীয়া হ’ল৷ তাকো তিনিদিনৰ আগতে সাক্ষাৎকাৰৰ সময় লোৱা বাবে৷

তাৰপিছতো ৰোগীৰ দীঘলীয়া শাৰী৷ সময়ৰ পৰিবৰ্তনে চিকিৎসা বিজ্ঞানৰ যিমান উন্নতি কৰিছে তাৰ তুলনাত যেন এতিয়াও অসমত সেই ব্যৱস্থা সুলভ হোৱা নাই৷ শেহতীয়া বিভিন্ন লেখা-মেলাত এইবিলাক প্ৰসঙ্গই ইতিমধ্যে ঠাই পাইছে৷ বৰ্তমান ৰোগী, চিকিৎসক, চিকিৎসালয়, স্বাস্থ্য আদি বিষয়বোৰে ব্যাপক চৰ্চা লাভ কৰিবলৈ ধৰিলে৷ চিকিৎসা বিষয়ক আলোচনী, কিতাপ, লেখা আদি প্ৰকাশ হ’বলৈ ধৰিলে৷ কিন্তু এটা কথা দেখা যায় যে ভাল, মানৱ দৰদী চিকিৎসকৰ বিষয়ে কাকত-আলোচনীত যিমান চৰ্চা হয় তাৰ তুলনাত চিকিৎসকৰ ভুল আৰু চিকিত্সকৰ দোষ-গুণ বেছি আলোচনা হয়৷ ৰোগীৰ পৰিয়ালৰ দ্বাৰা চিকিৎসক আক্ৰমণ, চিকিৎসকৰ ভুল চিকিত্সা ইত্যাদি খবৰবোৰ বাতৰি-কাকত, দূৰদৰ্শনত প্ৰচাৰ হ’বলৈ ধৰিলে৷ সম্ভৱতঃ এনে আলোচনা কেৱল এতিয়াৰ নহয়৷ অতীজৰে পৰা আমাৰ সাহিত্যত হৈ আহিছে৷ বৰদৈচিলা আলোচনীৰ, তৃতীয় ভাগ, ব’হাগ ১৮৫৬ শকত (চন: ?) প্ৰকাশিত বেজবৰুৱাৰ এটা লেখাই মোৰ দৃষ্টি আকৰ্ষণ কৰিছিল৷ বৰ্তমান সময়ত মেডিকেলৰ নামভৰ্তিৰ নামত চলি থকা অসংখ্য কেলেংকাৰীৰ আঁৰত সহজে চিকিৎসক হ’ব বিচৰা চিকিৎসকসকলৰ অসৎ মানসিকতাৰ স্বৰূপটো বেজবৰুৱাই সাধুটোৰ মাজত উদঙাই দেখুৱাইছে৷ আজিও আমাৰ সমাজত বহু ডাক্তৰে মানৱ সেৱাৰ বিপৰীতে অধিক অৰ্থৰ লোভত ৰোগীক মৃত্যুৰ মুখলৈ ঠেলি দিয়া দেখা যায়৷ প্ৰবন্ধটোৰ মাজত মনহৰি খাটনিয়াৰ নামৰ এজন ব্যক্তিয়ে কিদৰে মেডিকেল কলেজৰ ডাক্তৰ হৈ অৰ্থৰ লালসাত টেঙৰালি আৰু জুৱা চুৰিৰে ডাক্তৰৰ ওখ আদৰ্শ আৰু ন্যায়ৰ বাটত খুঁটি পুটি তেওঁৰ ডাক্তৰী কাৰ্য চলাইছিল তাৰ বৰ্ণনা দিছে৷ বৰ্ণনাসমূহ পঢ়িলে পাঠকৰ এনে ভাব হ’ব যেন বেজবৰুৱাই আজিহে এই প্ৰবন্ধটো লিখিছে৷ কিছুমান সামাজিক সমস্যাৰ প্ৰতি বেজবৰুৱাই কেনেদৰে তীক্ষ্ণ দৃষ্টি ৰাখিছিল এই প্ৰবন্ধটোৱে তাকে প্ৰমাণ কৰে৷ সাম্প্ৰতিক প্ৰাসংগিকতালৈ লক্ষ্য ৰাখি তলত কেইটামান উদাহৰণ দাঙি ধৰা হ’ল৷ বেজবৰুৱাই সেই ব্যক্তিজনৰ ভাষাৰে কৈছে যে-
(১) মই ৰোগীলৈ ‘প্ৰেছক্ৰিপচন’ লিখোতে এনে কিছুমান দৰবৰ নাম তাত লিখি দিছিলোঁ যে সেই দৰব মোৰ ডাক্তৰখানাৰ বাহিৰে আন ক’তো নাছিল৷ সেই দৰবে ৰোগীৰ নৰিয়াত গুণ ধৰকেই বা নধৰক, তালৈ মোৰ দৃষ্টি নাছিল; আছিল দৃষ্টি মোৰ পুৰণি দৰবৰ ভঁৰাল উদং কৰাৰ ফালে৷ অৰ্থাত আজিকালি যাক বোলে Clearance৷
(২) বিলাতী ‘পেটেণ্ট মেডিচিন’ বেচোতাবোৰৰ সৈতে মই তলে তলে মিতিৰালি পাৰি ‘কমিচনৰ’ বন্দৱস্ত কৰি ল’লোঁ৷ সেইবোৰ দৰবে মোৰ ৰোগীৰ গাত ফাপকে বা নাফাপক মোৰ ‘কমিছনৰ’ কলেৱৰ বঢ়াবৰ নিমিত্তে সেইবোৰ মোৰ ব্যৱস্থাপত্ৰত মই সুমাবলৈ ধৰিলোঁ৷
(৩) মোৰ ‘প্ৰেছক্ৰিপচন’খন মই এনেকৈ লিখোঁ যে মোৰ ডাক্তৰখানাৰ কম্পাউণ্ডাৰে দাঁত বহুৱাব নোৱাৰে৷
(৪) আন ডাক্তৰে চোৱা কোনো ৰোগী মোৰ কাষলৈ আহিলে অথবা ময়ে নিমন্ত্ৰিত হৈ সেই ৰোগীৰ ঘৰলৈ গ’লে আগৰ ডাক্তৰে দিয়া প্ৰেছক্ৰিপচনৰ দৰব মই তৎক্ষণাত সলাই নতুনকৈ ব্যৱস্থাপত্ৰ লিখি দিয়াটো নিৰ্ঘাত৷ তেহেলৈ আগৰ দৰব মই দিয়া দৰবতকৈ অনেক গুণ ভালেই হওক৷
(৫) ধনী ৰোগী মোৰ হাতত পৰিলে মোৰ ভোগালি মাঘৰ বিহু হয়৷ ৰোগ বৰেই হওক বা সৰুৱেই হওক মই সেই ৰোগীৰ ৰোগ কাৱৈ মাছ জীয়াই থোৱাদি থ’মেই৷
(৬) অনেক সময়ত ৰোগৰ বৰ্ণাশ্ৰম ধৰ্ম বা লক্ষণ থিৰ কৰিব নোৱাৰিলেও, মই এটা এটাকৈ অনেক দৰব ৰোগীৰ গাত পৰীক্ষা কৰি চাবলৈ ধৰোঁ৷ তাৰ ফল ৰোগীৰ অৰ্থনাশ আৰু অন্তত প্ৰাণনাশ৷
——–(বেজবৰুৱা গ্ৰন্থাৱলীৰ তৃতীয় খণ্ডৰ ২২৯৯ পৃষ্ঠা)৷
কিন্তু সেই ব্যক্তিজনৰ তেতিয়াহে জ্ঞান আহিছিল, যেতিয়া তেওঁৰ নিজৰ ঘৈণীয়েক আৰু ল’ৰাটো ৰাতিৰ ভিতৰতে জহনিত পৰি মৰিল আৰু তেওঁৰ হাতত অজস্ৰ ধন থাকিও উপযুক্ত ঔষধৰ অভাৱত বচাব নোৱাৰিলে৷ এটা সাধু বা কাহিনীৰ আলমত বেজবৰুৱাই ইয়াক বৰ্ণনা কৰিলেও বৰ্তমান সময়ৰ অনেক ডাক্তৰৰ ক্ষেত্ৰতে উপৰোক্ত কাৰকসমূহ প্ৰযোজ্য হয় বুলিব পাৰি৷ স্বীকাৰ কৰিবই লাগিব ডাক্তৰৰ এনে লাভজনক ব্যৱসায়ৰ কাৰণেই আজি লাখ লাখ টকা খৰছ কৰিও এচাম পিতৃ-মাতৃয়ে নিজ সন্তানক ডাক্তৰ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে৷ অৱশ্যে ইয়াৰ মাজতো অনেক ভাল ডাক্তৰে সেৱাৰ মনোভাবেৰে সমাজত সেৱা আগবঢ়াই আছে৷ আহোম ৰাজতন্ত্ৰৰ সময়তে বেজবৰুৱাৰ পূৰ্ব-পুৰুষসকলে বিশেষ সন্মান লাভ কৰিছিল৷ তেওঁৰ পিতৃদেৱতা দীননাথ বেজবৰুৱাক অসমৰ শেষ আহোম ৰজা পুৰন্দৰ সিংহই ৰাজসভাত ৰীতিমতে বৈদ্য শাস্ত্ৰত পৰীক্ষা কৰাই, ৰজাঘৰীয়া বেজৰ পদ প্ৰাৰ্থীসকলৰ ভিতৰত শ্ৰেষ্ঠ স্থান দি, নিয়মমতে কামাখ্যা মন্দিৰত শপত খুৱাই নিজৰ বেজবৰুৱা পাতিছিল৷ আনকি বেজবৰুৱাৰ ঘৰত দেউতাকৰ এটা ঔষধালয়ো আছিল৷ দেউতাকে তাত আয়ুৰ্বেদোক্ত ঔষধ প্ৰস্তুত কৰিছিল৷ দৰবৰ উপাদানবোৰ খুন্দা, বটা, বৰি পকোৱা, জাৰোণ পোৰা আদি কাম কৰিবলৈ দৰমহা দি মানুহ ৰাখিছিল৷ কিন্তু দীননাথ বেজবৰুৱাই ব্যৱসায় হিচাপে সেই কাম আৰম্ভ কৰিলেও তেওঁৰ দৰব আৰু চিকিত্সাৰ চাৰি ভাগৰ তিনি ভাগ বন্ধু-বান্ধৱ, চিনাকি মানুহ আৰু খোজনিয়াৰ মগনিয়াৰৰ ভিতৰত ‘বিনামূল্যে বিতৰণ’ কৰি গোটেই ব্যৱসায়টোকে অব্যৱসায় কৰি তুলিছিল৷ তথাপি কিন্তু তাৰ পৰা তেওঁৰ আয় হৈছিল৷ আমি আমাৰ লেখাৰ আৰম্ভণিতে উল্লেখ কৰা সেই ডেকা চিকিৎসকজনো বৰ্তমান প্ৰজন্মৰে ডাক্তৰ আছিল৷ যিদৰে তেওঁ আধুনিক এল’পেথিক চিকিৎসা-বিদ্যা গ্ৰহণ কৰিও দীননাথ বেজবৰুৱাৰ দৰেই অনুভৱ কৰিছিল চিকিৎসাক এটা সেৱা হিচাপে গ্ৰহণ কৰিবলৈ৷ প্ৰকৃততে প্ৰতিটো বৃত্তিকেই আমি সেৱাৰ মনোভাৱেৰে গ্ৰহণ কৰিলেই সমাজখন সুন্দৰ হ’ব পাৰে৷ প্ৰতিটো ব্যৱস্থাতে ভাল-বেয়া, সৎ-অসৎ লোক থাকিব পাৰে বা থাকিবই৷ কিন্তু চিকিৎসকসকল এনে এটা ব্যৱস্থাৰ লগত জড়িত য’ত বেয়া, অসৎ আদি শব্দৰ কোনো স্থান থকা উচিত নহয়৷ প্ৰকৃততে এজন ৰোগী কোনো এজন চিকিৎসকৰ ওচৰলৈ এই বিশ্বাসতে যায় যেন তেওঁ বহু দিনৰ কোনোবা চিনাকি শুভাকাংক্ষী৷ প্ৰতিজন অচিনাকি চিকিৎসকো যেন তেওঁৰ চিনাকি আত্মীয়স্বজন৷

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক