অনুভৱ: জীৱনৰ (জ্যোতিস্মিতা দেৱী)

জ্যোতিস্মিতা দেৱী


এটা পকী ৰাস্তা:

মানুহ বোৰৰ মুখে মুখে এটাই কথা। আমাৰ ৰাস্তাটো পকী হ’ল নহয়। ৰাস্তাটোকে কেন্দ্ৰ কৰি চলিছে মানুহ বোৰৰ জীৱন।

‘গৰুটো ৰাস্তাতে বান্ধি থ’গৈ যা,  বোকা পানী নাই, আৰামেৰে থাকিব।‘

ৰাস্তাতে বহে দুপৰীয়াৰ বিয়নীমেল। ৰাস্তাতে হয় ছোৱালী-বোৱাৰীৰ সান্ধ্য:ভ্ৰমণ। খোৱা চাউল টিঙৰ তলিত লাগিছে; ধান শুকুৱাবলৈ চোতাল খন যে ভিজি আছে। কোনো কথা নাই। ৰাস্তাটো পকী হ’ল যে। দুখন কাষৰীয়া গাওঁৰ মাজত ওফোন্দা-ওফোন্দি, এখনৰ যে ৰাস্তা পকী হ’বলৈ এতিয়াও বাকী।

 

এখন ৰাঙলী আকাশ:

“আবেলিৰ ৰং” কথাষাৰ শুনিছিলো মাথো। আজি অনুভৱ কৰিছোঁ। স্তব্ধ হৈ চাই ৰৈছো “আবেলিৰ ৰং”। সুবিশাল পথাৰ খনৰ পিছপিনে লুকাই যাব ওলোৱা বেলিটোৱে ৰৈ যোৱা কঠীয়াখিনি শেষ কৰিবলৈ দৌৰা দৌৰি কৰি থকা ৰোৱনি বোৰলৈ চাই মিচিকিয়াই হাঁহি যেন কৈছে- ‘মোলৈ চোৱা এবাৰ।‘

 

এখনি সত্র, সকলোৰে গৌৰৱ:

“এইবাৰ খেতি ভাল হ’লে হাতীবাৰীত শৰাই এখন দিম। সহায় কৰিবা প্রভূ! বানে নামাৰে যেন। ল’ৰা-ছোৱালী কেইটিকো কাপোৰ দুডোখৰ দিব লাগে।” – খেতিয়ক ৰাইজৰ আশা। তিনিদিন ধৰি সৰু লৰাটোৰ জ্বৰ, ঔষধে একো কাম কৰা নাই। মাকে হাতীবাৰীলৈ চাকি এগছ আগ বঢ়াইছে। এয়া বিশ্বাস নে অন্ধবিশ্বাস?

প্রতিজন গাওঁবাসীৰে হাড়ে-হিমজুয়ে সোমাই আছে সত্রখনি। সত্রৰ দবাৰ কোবত ল’ৰা-ছোৱালীৰ পঢ়াত বহিবৰ হয়, গৃহিনীয়ে সাজবাতি জ্বলায়। গাই-গৰুৱেও যেন ঘাঁহ খাবলৈ এৰি ঘৰমুৱা হয়৷

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments