অনুভ‌ৱ-(দিপাংকৰ মল্ল বৰুৱা)

জীৱনৰ কিছুমান মূহুৰ্ত কেতিয়াও পাহৰিব নোৱাৰি। সময়ৰ সোঁতত এনে কিছুমান মূহুৰ্ত জীৱনলৈ আহে, যিবোৰৰ সুবাস চিৰ কাললৈ থাকি যায়। অতি আদৰৰ, শ্ৰদ্ধাৰ লোক এজনক অতি ওচৰৰ পৰা লগ পোৱাৰ সৌভাগ্যও এনে বিৰল মূহুৰ্তৰ ভিতৰত পৰে। কেইদিনমান আগতে এনে এটা অনুভূতিয়েই মনৰ মাজত হৈছিল, যেতিয়া প্ৰবাদ প্ৰতিম হোমেন বৰগোহাঞি চাৰক অতি ঘৰুৱা পৰিৱেশত কিছু সময়ৰ কাৰণে লগ পাইছিলোঁ।

সিদিনা ৰাতিপুৱাৰে পৰা মনটো উগুল থুগুল লাগি আছিল। সেইদিনটো আছিল ২০১৩ চনৰ ৪ মে’ তাৰিখ। এপ্ৰিল মাহৰ ২০ তাৰিখে হোমেন বৰগোহাঞি চাৰে মোক এবাৰ ফোন কৰিছিল। তেওঁৰ কাকতত ছপা হোৱা মোৰ প্ৰৱন্ধ পঢ়ি ভাল পোৱা বুলি কৈছিল। তেখেতে মোৰ নিচিনা নতুনকৈ লিখিবলৈ আৰম্ভ কৰা এজনলৈ ফোন কৰি উত্সাহিত কৰাটোৱেই মোৰ কাৰণে আছিল এক পৰম বিস্ময়। তেওঁ ফোনতে মোক কৈছিল যে, ৪ মে’ তাৰিখে তেওঁ দুলিয়াজানলৈ আহিব, দুলিয়াজানৰ বিহুত এখন সভাত ভাগ ল’ব। সেইদিনা তেওঁৰ লগত বেছি কথা পাতিব পৰা নাছিলোঁ। আবেগৰ আতিসহ্যত মোৰ মাতটো যেন ডিঙিৰ ওচৰলৈ আহি যেন ৰৈ গৈছিল। মোৰ কোৱা হোৱা নাছিল যে তেওঁৰ ভতিজা গৌৰাঙ্গ বৰগোহাঞি মোৰ প্ৰতিৱেশী। মই আশা কৰি আছিলোঁ যে দুলিয়াজানলৈ আহিলে চাৰ নিজৰ ভতিজাকৰ ঘৰলৈ নিশ্চয় আহিব আৰু হয়তো তাতেই চাৰক লগ কৰিব পাৰিম। ৪ মে’ৰ দিনা ৰাতিপুৱাৰে পৰা অপেক্ষা কৰি আছিলোঁ গৌৰাঙ্গ দাৰ ফোন অহালৈ।

দুপৰীয়া গৌৰাঙ্গ দাৰ ফোন আহিল। ক’লে বৰগোহাঞি চাৰ আহি পালে। মোৰ গা যেন সাত খন আঠ খন হ’ল। পৰিবাৰো ওলাল মোৰ লগত। কেইমিনিটমানৰ ভিতৰতে গৌৰাঙ্গ দাৰ ঘৰ পালোঁ। সোমায়েই দেখিলোঁ ডাইনিং টেবুলত বহি বৰগোহাঞি চাৰে আহাৰ গ্ৰহণ কৰি আছে। লগত আছে মোৰ দুজন প্ৰিয় লেখক নিৰ্মল চাহেৱালা আৰু কবি প্ৰণয় ফুকন। মই যেন নিজৰ ভাগ্যকে নিজে ধন্যবাদ দিলোঁ। চাৰক নমস্কাৰ জনাই নিজৰ পৰিচয় দিলোঁ। নামটো শুনি চাৰে মোক চিনি পালে। মোৰ পৰিবাৰকো চিনাকি কৰাই দিলোঁ। চাৰে আমাৰ লগত নিৰ্মল চাহেৱালা, তেওঁৰ পত্নী সৰিতা আৰু প্ৰণয় ফুকনক চিনাকি কৰাই দিলে। আটাইকেইজনক আগতে দেখিছোঁ যদিও ঘৰুৱা পৰিৱেশত চিনাকি হোৱা নাছিলোঁ।

চাহ খোৱা হোৱাৰ পিচত বহা কোঠাত আমাৰ লগত বহিল। স্বভাৱ সুলভ কৌতুহলেৰে চাৰে মোৰ আচল ঘৰ, মোৰ পৰিয়ালৰ ইতিবৃত্ত, চাকৰিৰ ইটো সিটো সকলো সুধিলে। অলপ সময়ৰ ভিতৰতে স্বনামধন্য লেখক জন যেন অতি চিনাকি ঘৰুৱা মানুহ যেন হৈ পৰিল। টেলিভিচনৰ পৰ্দাত অতি গহীন ভাৱমূৰ্তিৰে দেখি অহা বৰগোহাঞি চাৰক নিৰ্মল চাহেৱালা আৰু প্ৰণয় ফুকনৰ লগত ধেমালি কৰি খুহুতিয়া কথাও কোৱা দেখি ভাল লাগিল। আমিও কম সময়ৰ ভিতৰতে চাৰৰ লগত অতি সহজ হৈ পৰিলোঁ। নিৰ্মল চাহেৱালাৰ সৰস ৰচনা, প্ৰণয় ফুকনৰ কবিতা, চাৰৰ বিভিন্ন অভিজ্ঞতাৰ কাহিনী আদিৰে মফচল জমি উঠিছিল। এনে উত্কৃষ্ট আড্ডাৰ সমভাগী হৈ নিজকে ধন্য মানিছিলোঁ।

আবেলি তিনি বজাত আৰম্ভ হ’ব লগা সভা খনলৈ আগবঢ়াই নিবলৈ চাৰি বজালৈ উদ্যোক্তা সকলৰ কোনো আহি নোপোৱাত চাৰে অস্বস্তিবোধ কৰিছিল। সদায় নিয়মানুৱৰ্তিতাৰ মানি চলা চাৰৰ এই অপ্ৰত্যাশিত বিলম্বত স্বাভাৱিক ভাৱে কিছু পৰিমাণে খং উঠিছিল। এটা সময়ত চাৰে আনকি এনেকৈয়ো কৈ উঠিছিল, ‘আৰু তেৰ মিনিটৰ ভিতৰত মোক লৈ যাবলৈ কোনো আহি নাপালে মই সভাত উপস্থিত নথকাকৈয়ে গুচি যাম’।
সদায় সময়ানুৱৰ্তিতাক মূল্য দিয়া চাৰৰ এই অনুভূতিত আমি সচকিত হৈ উঠিছিলোঁ। গৌৰাঙ্গ দাই ফোন যোগে চাৰৰ অস্বস্তিৰ কথা উদ্যোক্তা সকলৰ লগত পাতিছিল। অৱশ্যে চাৰে বান্ধি দিয়া সময়সীমা অতিক্ৰম কৰাৰ আগতেই সৌভাগ্যক্ৰমে উদ্যোক্তা সকল আহি ওলাইছিল।

দুলিয়াজানৰ বিহুৰ মূখ্য অতিথিৰ ভাষণতো সভাখনৰ অনথা বিলম্ব হোৱাৰ কাৰণে নিজৰ ক্ষোভ উজাৰিছিল। তেওঁ উদাহৰণ দি কৈছিল যে অসম সাহিত্য সভাৰ সভাপতি হৈ থাকোতে মুখ্যমন্ত্ৰী তৰুণ গগৈ ডেৰ ঘণ্টা পলমকৈ অহাৰ বাবে তেওঁ মুখ্যমন্ত্ৰী উপস্থিত থকা সভাতো অংশগ্ৰহণ নকৰিলে। তেওঁৰ এই ভাষণত দুলিয়াজানৰ তৈল উদ্যোগটোৰ প্ৰতি এক সকিয়নিও লুকাই আছিল। সভাখন পলমকৈ আৰম্ভ হোৱাৰ কাৰণে তেওঁ নিজৰ ভাষণো চমুৱাই দিছিল। তেওঁৰ ভাষণৰ পৰা এইটোৱে প্ৰতীয়মান হৈছিল যে মূল্যবোধৰ খহনীয়া তেওঁ কেতিয়াও সহ্য নকৰে। তাৰ কাৰণে তেওঁ মানুহৰ অপ্ৰিয় কথা ক’বলৈও দ্বিধাবোধ নকৰে। তেওঁৰ এই আদৰ্শ গত ভাৱ মূৰ্তি দেখি শ্ৰদ্ধাত আকৌ এবাৰ মূৰ দোঁ খাই গৈছিল।

মোৰ জীৱনত সেই দিনটোৰ কেইটামান ঘণ্টাৰ স্মৃতি চিৰস্মৰণীয় হৈ ৰ’ব।

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক