অনুসন্ধিৎসুৰে ভৰা যাত্ৰাৰ নামঃ সন্ধান – অনামিকা বড়া

নলিনীৱালা দেৱীৰ ‘জনমভূমি’ কবিতাটো নপঢ়া মানুহ নোলাবই কিজানি। কবিতাটোত “পখী হৈ আকাশৰ /বুকুত ফুৰিম উৰি /বাহ ল’ম ওখ বিৰিখত” পঢ়োতে আমাৰ মনটো সঁচাকৈয়ে উৰা মৰা নাছিলনে? কিন্তু কিমান দূৰলৈ? আকাশ? মহাকাশ? যিয়েই নহওক আগতে নাভাবিলেও বৰ্তমান সময়ত মানুহৰ চিন্তা ভাৱনাই বহুদূৰ পালেগৈ। য’ত বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ আগ্ৰাসনে অনুঘটকৰ কাম কৰিলে।

পিছে অপ্ৰিয় সত্য যে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ লগে লগে প্ৰকৃতিৰ ওপৰত সন্ত্ৰাস চলি আহিছে, প্ৰদূষিত হৈ পৰিছে নিৰ্মল বায়ু, জীৱ-জন্তুৰ বাসস্থান ক্ৰমাৎ নোহোৱা হৈ বিলুপ্তপ্ৰায় পথত ভৰি দিছে। অনেক বিলুপ্ত হৈছে, খাদ্য শৃংখলত বিজুতি ঘটিছে। পৃথিৱীৰ প্ৰকৃতিৰ উপাদানসমূহৰ ভাৰসাম্য হেৰাই আহিছে, অদূৰ ভৱিষ্যতে যেন পৃথিৱীখন হৈ পৰিব বসবাসৰ অনুপযোগী। সেই পৰিপ্ৰেক্ষিতত পৃথিৱীৰ দৰেই জীৱন যাপন কৰিব পৰা গ্ৰহ এটা যদি সঁচাকৈয়ে আৱিষ্কাৰ হয়, তেতিয়া মানুহে তেনে গ্ৰহত জীৱন যাপনৰ কল্পনা নকৰিবনে ঠিক পখী হৈ আকাশত উৰাৰ দৰে। তেনে এক কল্পনাৰেই বাস্তৱ যেন লগা কাহিনী ‘সন্ধান’। কল্পবৈজ্ঞানিক গ্ৰন্থ ‘সন্ধান’ৰ কাহিনীভাগ আগবাঢ়ি গৈছে কল্পনা, বিজ্ঞান, সমাজ, প্ৰেম, বন্ধুত্ব, শত্ৰুতা, আদি সকলোকে সামৰি নতুন পৃথিৱীলৈ চলোৱা অভিযান এটাক লৈ।

পৃথিৱীৰ পৰা প্ৰায় সাত আলোকবৰ্ষ নিলগত থকা পৃথিৱীসদৃশ গ্ৰহ ‘ছুইট-পি’ক আৱিষ্কাৰ কৰা নাছাৰ প্ৰসিদ্ধ জ্যোতিৰ্বিজ্ঞানী ড° ৰবাৰ্ট এডৱাৰ্ডৰ মূখ্য ভূমিকাত আগবঢ়া অভিযানৰ পটভূমিত ৰচিত হৈছে ‘সন্ধান’ৰ কাহিনীভাগ । ‘ছুইট-পি’ত মনুষ্যৰ বসতি সম্ভৱ কৰি তুলিবলৈ অহোপুৰুষাৰ্থ কৰিবৰ বাবে তেখেত হৈ পৰে বদ্ধপৰিকৰ। পৃথিৱীৰ দৰে পৰিৱেশ, জলবায়ু, মাটিৰ সন্ধান লাভ কৰি ৰবাৰ্টে গ্ৰহটোত বসবাসৰ বাবে নিৰ্বাচন কৰে কেইজনমান যাৱজ্জীৱন কাৰাবন্দী যিসকলৰ অপৰাধ সংঘটিত হৈছিল ক্ষন্তেকীয়া উষ্মা বা খঙৰ বাবে। মহাকাশযান এখন পঠিয়াবলৈ লোৱাটো মুঠেই সহজ কাম নহয়। তাৰ বাবে ভিন্ন ক্ষেত্ৰৰ দক্ষতা সম্পন্ন বিজ্ঞানীৰ প্ৰয়োজন। ৰবাৰ্টেও তেখেতৰ কামত সহযোগ কৰিবৰ বাবে চিকিৎসাবিজ্ঞানী, ৰসায়নবিদ, জেনেটিক ইঞ্জিনিয়াৰিঙৰ অধ্যাপক, গৱেষক, ধাতু বিজ্ঞানৰ অভিযন্তা, ৰবট অভিযন্তা আদিৰ সহায় লয়। এইসকলৰ সন্মিলিত প্ৰচেষ্টাত ‘ছুইট-পি’লৈ ‘ছুইট-৩’ উৰা মাৰে। সেই সাত বছৰ উৰণকালত যানখন বিভিন্ন কঠিন পৰিস্থিতিৰ সন্মুখীন হয়। কিন্তু ৰবাৰ্টৰ দূৰদৰ্শিতাৰ বাবে মহাকাশচাৰী কেইজনৰ লগত পঠিওৱা সুদক্ষ ৰবটকেইজনীয়ে সকলো প্ৰতিকূলতাক অতিক্ৰমি ‘ছুইট-৩’ক আগুৱাই নি থাকে। তাৰ সমান্তৰালকৈ যুৱতী মহাকাশচাৰী মাৰ্থা বৰুৱাৰ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে ধাতুবিজ্ঞানী নলিনৰ সৈতে যিয়ে অভিযানটোলৈ অধিক গতিশীলতা আনি দিয়ে। ‘ছুইট-পি’লৈ যাবলগীয়া দ্বিতীয়খন যান ‘ছুইট-৪’ৰ মহাকাশচাৰী হৈ পৰা মাৰ্থা-নলিনে যাত্ৰাৰম্ভ কৰে অত্যাধুনিক অতি ক্ষমতাসম্পন্ন কেইটামান ৰবটৰ সৈতে। শেষত ‘ছুইট-পি’ত ভৰি থৈ দুয়ো অংগীকাৰ কৰে পৃথিৱীলৈ ঘূৰি নহাৰ। তেনেকৈয়ে ‘ছুইট-পি’ত এহাল দম্পতী অৱতৰণ কৰিব, মানৱ পৰিয়াল গঢ়ি তুলিব বুলি ড° ৰবাৰ্টে দেখা সপোনটো সাকাৰ হোৱাৰ আশাৰে ‘সন্ধান’ৰ কাহিনীভাগৰ শুভসমাপ্তি ঘটে।

প্ৰথম অভিযানতে ‘ছুইট-পি’ সফলতাৰে অৱতৰণ কৰাৰ আঁৰত থকা অভিযানটোৰ মূল মানুহ ড° ৰবাৰ্ট এডৱাৰ্ডৰ প্ৰতি খোজতে দূৰদৰ্শিতাৰে কৰা চিন্তা তথা প্ৰতিজন সহযোগী বিজ্ঞানীৰ কৰ্মৰ প্ৰতি আনুগত্যক অনুধাৱন কৰিব পৰাকৈ ‘সন্ধান’ৰ উপস্থাপন সাংঘাতিক। এই পৃথিৱী এৰি অনিশ্চয়তা, বিপদসংকূল পথেৰে নতুন পৃথিৱীৰ বাসিন্দা হ’বলৈ কোন আগবাঢ়ি আহিব বা কেনে লোক যোৱা উচিত, এই সমস্যাৰ সমাধানৰ বাবে বিশেষ শ্ৰেণীৰ যাৱজ্জীৱন কাৰাদণ্ডীক নিৰ্বাচন কৰাৰ ক্ষেত্ৰত ড° ৰবাৰ্টৰ গভীৰ চিন্তাত তবধ মানিবলগীয়া। তদুপৰি অভিযানত জড়িত প্ৰতিজন লোকৰ সময়ানুৱৰ্তিতা, কৰ্মস্পৃহা, কৰ্মদক্ষতা আদিৰ নিখুঁত চিত্ৰ পাঠকৰ মাজত তুলি ধৰিছে লেখিকা বন্দিতা ফুকনে। মহাকাশ অভিযানত জড়িত বিজ্ঞানৰ ভিন্ন ক্ষেত্ৰৰ দক্ষতাসম্পন্ন বিজ্ঞানীমণ্ডলৰ সহযোগীতাৰে ভৰা কৰ্মৰ উজ্জ্বল নিদৰ্শন ‘সন্ধান’। বিজ্ঞানীসকলে আৱেগ-অনুভূতি আৰু কৰ্তব্য-দায়িত্বৰ মাজত বজাই ৰখা ভাৰসাম্যতাক লেখিকাই উপন্যাসখনিৰ পাতত এনেদৰে উপস্থাপন কৰিছে, “স্বাভাৱিক লাহ বিলাহ পৰিহাৰ কৰি সমগ্ৰ মানৱজাতিৰ কল্যাণৰ হকে কাম কৰি থকা তেওঁলোকৰ প্ৰত্যেকৰে বাবেই প্ৰথমে পালন কৰিবলগীয়া দায়িত্ব, তাৰ পিছতহে নিজৰ ব্যক্তিগত সুখ-স্বাচ্ছন্দ্য, সেইবোৰো অতি সীমিত, অলপতে সন্তুষ্ট হ’ব পৰা বিধৰ।” অভিযানটো নিখুঁত কৰিবৰ বাবে ড° ৰবাৰ্ট আৰু তেওঁৰ সহযোগীসকলে গ্ৰহণ কৰা ভূমিকাৰ যোগেদি ‘সন্ধান’এ দলীয় ঐক্যৰ নিদৰ্শন দেখুৱাইছে। বিজুতি ঘটাৰ সুৰুঙা নৰখাকৈ মহাকাশযানৰ নিৰ্মাণ, দীৰ্ঘদিনীয়া ভৰশূন্য যাত্ৰাত মহাকাশচাৰীৰ স্বাস্থ্যৰ পৰা মানসিক স্থিতিলৈকে এনে কোনো ক্ষেত্ৰ নাই য’ত বিজ্ঞানীদলে দিন-ৰাতি এক কৰি গৱেষণা, সূক্ষ্মাতি-সূক্ষ্ম পৰীক্ষণ কৰি কৰি আশু সমাধান উলিওৱা নাই। লক্ষণীয় যে মহাকাশচাৰীকেইজনৰ লগত পঠিওৱা ৰবটকেইজনী জাপানৰ পৰা অনাৰ পিছত স্কেনিং কৰি তাত লুকুৱাই পঠিওৱা ‘চি পচ্’ক ধৰা পেলোৱাৰ অন্তৰালত যিদৰে এফালে দেশ দুখনৰ মাজত থকা শীতল শত্ৰুতাৰ স্থিতি স্পষ্ট হৈছে, আনফালে প্ৰতিক্ষেত্ৰতে সাৱধানে খোজ দিয়া ড° ৰবাৰ্টৰ দূৰদৰ্শিতা তথা কঠিন সময়তো বুদ্ধিৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ আদৰ্শ পৰিলক্ষিত হৈছে। এইজন ৰবাৰ্টৰ উপদেশতেই ‘ছুইট-৪’ত যাত্ৰাৰম্ভ কৰাৰ পূৰ্বে মাৰ্থা-নলিনে আফ্ৰিকাৰ মৰুভূমি আৰু অৰণ্য চাবলৈ ঢাপলি মেলিছিল কিয়নো নতুন গ্ৰহটোত অনন্ত মৰুভূমি বা বিশাল সেউজ অৰণ্যৰ সন্মুখীন হ’লে তাৰ অভিজ্ঞতা পৃথিৱীতে লৈ যোৱাটো ভাল। এই সুগভীৰ চিন্তাবোৰেৰে ড° ৰবাৰ্ট এডৱাৰ্ডক এজন মহান বিজ্ঞানীৰূপে তুলি ধৰাত অলপো ত্ৰুটি কৰা নাই লেখিকা বন্দিতা ফুকনে।

উপন্যাসখনি পঢ়ি যাওঁতে অনুভৱ কৰিব পাৰি পদে পদে ধনাত্মক অৰ্থাৎ ইতিবাচক চিন্তাৰ প্ৰভাৱ। সামাজিক দায়বদ্ধতাৰ পৰা আৰম্ভ কৰি বিশ্ব সভ্যতাৰ উত্তৰণলৈকে কৰা চিন্তা-চৰ্চাত ইতিবাচকতাক অগ্ৰাধিকাৰ দিছে ‘সন্ধান’এ। লগতে এই বৃহৎ অভিযানটোত বিজ্ঞানৰ এক অন্যতম শাখা ‘মনোবিজ্ঞান’ৰ প্ৰয়োজনীয়তা তথা ভূমিকাক উপলব্ধি কৰাবলৈ লেখিকাই কৰা প্ৰয়াস প্ৰশংসনীয়। সাধাৰণ ভাৰতীয় এজনৰ পৰা আৰম্ভ কৰি জেলৰ কয়দীৰ মনস্তত্বলৈকে আলোকপাত কৰিছে ‘সন্ধান’ৰ লেখিকাই।

সমাজ অবিহনে উপন্যাস নহয়, তেনেকৈ কল্পনা অবিহনে হৈ নুঠে কল্পবৈজ্ঞানিক উপন্যাস। ‘সন্ধান’ হৈছে এনে এখন কল্পবৈজ্ঞানিক উপন্যাস যিখনত কল্পনাৰ মাজেৰে সামাজিক বাস্তৱিকতা ফুটি উঠিছে। মাতৃৰ মমতা, পিতৃৰ স্নেহ, সন্তানৰ দায়বদ্ধতা, পৰিয়ালৰ মৰম-চেনেহ, জীৱন সংগ্ৰাম, উচ্চাকাংক্ষী মন, ব্ৰেইন ড্ৰেইন আদি সমাজৰ দিশসমূহৰ যথাসাধ্য সোৱাদ ‘সন্ধান’এ পাঠকক দিছে। বিজ্ঞানীসমাজৰ মনস্তত্বৰ বৰ্ণনা দিবলৈ যাওঁতে ভাৰতীয় সমাজ আৰু আমেৰিকান সমাজ ব্যৱস্থাকো চুই গৈছে। স্বদেশক বঞ্চিত কৰি বিদেশত নিজ প্ৰতিভা, মেধাৰে সেৱা কৰা মেধাৱী ছাত্ৰবোৰে বিশ্ব সভ্যতাৰ কাৰণে অহৰ্নিশে কৰ্ম কৰা, অতি দক্ষতাসম্পন্ন ৰবটকো মানুহৰ বুদ্ধিমত্তাৰ ওচৰত হাৰ মনোৱাৰ প্ৰসংগ যেতিয়াই উত্থাপিত হৈছে, তেতিয়াই বিজ্ঞান, সমাজ আৰু মানুহৰ ইতিবাচক সমন্বয়ক প্ৰতিফলিত কৰা ‘সন্ধান’ৰ জৰিয়তে লেখিকাই পাঠকলৈ চিন্তাৰ বাট এৰি দিছে বুলি নিঃসন্দেহে ক’ব পাৰি।

কেৱল চিন্তাৰ বাটেই নহয়, সৃষ্টিৰ বাটত খোজ পেলোৱাৰ প্ৰেৰণাও দিছে মহাকাশচাৰী শংকৰৰ উদাহৰণেৰে। প্ৰায় সাত বছৰীয়া মহাকাশযাত্ৰাত দীৰ্ঘদিন ধৰি ভৰশূন্য অৱস্থাত থকাৰ বাবে দেখা দিয়া জিনৰ খেলিমেলি, মানসিক বিকাৰগ্ৰস্ততাই প্ৰভাৱ নেপেলোৱা একমাত্ৰ মহাকাশচাৰীজনেই হ’ল ‘ছুইট-৩’ৰ লাইব্ৰেৰীত ই-কিতাপবোৰ অবিৰাম পঢ়ি থকা শংকৰ। সেইখিনিতে লেখিকাই সকলোলৈকে দিছে এক শক্তিশালী বাৰ্তা “কোনে জানো কৈছিল যে যিসকল ব্যক্তিয়ে নিজকে সৃষ্টিশীল কামত ব্যস্ত ৰাখে, তেওঁলোকক বাহিৰৰ জগতৰ দুখ, দুৰ্দশা, অশান্তিয়ে চুব নোৱাৰে, প্ৰভাৱ পেলাব নোৱাৰে। অত্যন্ত স্বস্তিকৰ পৰিস্থিতি নতুবা নিৰ্জন দ্বীপতো তেওঁলোকে নিজৰ মাজতে সুখী হৈ থাকিবলৈ সক্ষম হৈ থাকে।”

উপন্যাসখনিৰ আন এক মূখ্য আকৰ্ষণ বিস্ময় বালিকা মাৰ্থা বৰুৱা। মাত্ৰ ২৫ বছৰ বয়সতে মহাকাশযাত্ৰা আৰম্ভ কৰা মাৰ্থা বৰুৱা উৎসাহ, উদ্যমত টগবগাই থকা উৰন্ত পখীৰ দৰে যি প্ৰচুৰ প্ৰাণশক্তিৰ অধিকাৰী। এফালে মহাকাশত বিচৰণ কৰি ভালপোৱা মহাকাশচাৰী মাৰ্থা,আনফালে মাটিক ভালপোৱা ধাতুবিজ্ঞানী নলিন,এই দুই বিপৰীত সত্ত্বাৰ মাজৰ প্ৰেমে অভিযানটোক সফলতাৰ একেবাৰে শিখৰলৈ লৈ গৈছে। প্ৰেমৰ সম্পৰ্কেৰে বান্ধ খাই পৰিও কৰ্তব্যক পাহৰি নোযোৱা দুই প্ৰেমিক বিজ্ঞানী যুটিৰ মাজেৰে ‘সন্ধান’এ সৃষ্টিমুখী গভীৰ প্ৰেমৰ শক্তিক প্ৰস্ফূতিত কৰিছে। লেখিকাই লিখিছে, “যেতিয়া এহাল নৱদম্পতী বিজ্ঞানী অথবা মহাকাশচাৰী হয়, তেওঁলোকে পৰস্পৰৰ মাজত বিৰোধিতা নকৰি সমিল-মিলেৰে বিজ্ঞানৰ জটিল সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰে আৰু শেষত সফলো হয়। এই ক্ষেত্ৰত ৰেডিয়াম আৱিষ্কাৰক বিজ্ঞানী দম্পতী মেৰী কুৰী আৰু পীয়েৰ কুৰীয়েই জানো এক উৎকৃষ্ট উদাহৰণ নহয়?” গভীৰ প্ৰেমৰ সৃষ্টিমুখী শক্তিক অনুভৱ কৰিবলৈ ইয়াতকৈ সুন্দৰ প্ৰকাশশৈলী আজিলৈকে ক’তো পঢ়া মনত নপৰে। বিশ্বাস, মৰম, দায়িত্বশীলতা তথা বুজা-বুজিৰে ভৰা এই প্ৰেম সকলোৰে বাবে আদৰ্শ হিচাপে তুলি ধৰাৰ লেখিকাৰ প্ৰয়াসক শলাগ ল’বই লাগিব।

পাঠকক ভিন্নৰসৰ সোৱাদ দিয়া ‘সন্ধান’এ মূল উদ্দেশ্য, মূল অভিযানৰ পৰা আঁতৰি নহাকৈ বিজ্ঞানৰ পৰা মানৱ সমাজলৈ, কল্পনাৰ পৰা বাস্তৱলৈ,বাহ্যিকতাৰ পৰা আভ্যন্তৰলৈ, যন্ত্ৰৰ পৰা অনুভূতিলৈ, বন্ধুত্বৰ পৰা শত্ৰুতালৈ, ঘৃণাৰ পৰা প্ৰেমলৈ সকলো দিশ সামৰি লোৱাটো কিতাপখনৰ এক শক্তিশালী দিশ। পাঠকক ধৰি ৰাখিব পৰাকৈ বিচক্ষণ লেখিকাৰ কলম। উল্লেখিত সকলো দিশতে সন্ধানী দৃষ্টিৰে আগবঢ়া ‘সন্ধান’ একেষাৰে এখন সুখপাঠ্য তথা ৰোমাঞ্চকৰ উপন্যাস। যদিও দুই এঠাইত ছপাভুল, পুনৰাবৃত্তি আদি নোহোৱাকৈ থকা নাই, তথাপি কাহিনীৰ কৌতূহলতাই সেইয়া অতিক্ৰম কৰিছে। ই দি গৈছে আৱাল-বৃদ্ধ-বনিতাক মান্যানুযায়ী চিন্তাৰ উৎস, সময়ানুৱৰ্তিতা, কৰ্মস্পৃহা, অনুসন্ধিৎসুতা, যৌৱন তত্ত্ব, নেতৃত্ত্বদক্ষতা, সহযোগিতাৰ আদৰ্শ, নৱ সৃষ্টিৰ প্ৰেৰণা। বিচাৰিলে হয়তো আৰু বহুত কিবা কিবি পোৱা যাব ‘সন্ধান’ৰ পাতত। মই নিশ্চিত উপন্যাসখনৰ কোনো পঢ়ুৱৈৰ দ্বিমত নাথাকিব যে সন্ধানী মনবোৰৰ নানানটা সন্ধানৰ সন্ধান উপলব্ধ বন্দিতা ফুকনৰ ‘সন্ধান’ অসমীয়া বিজ্ঞান সাহিত্যত অনন্য।

গ্ৰন্থঃ সন্ধান
লেখিকাঃ বন্দিতা ফুকন
মুঠ পৃষ্ঠাঃ ১৩৬
প্ৰকাশনঃ বনলতা
প্ৰথম সংস্কৰণঃ নৱেম্বৰ, ২০১১
মূল্যঃ ৬০ টকা

০০০০০

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক