অনুৰাগ তোমাৰ বাবে – মনালিছা পাঠক নেওগ


হেই… হেই.. অলপ ৰোৱা চোন। শুনা চোন শুনা। আৰে ফা.. ফা.. কৈ চাইকেলখন চলাই গুচি হে গ’ল চোন। কি লৰা অ’ এইটো। আচৰিত দেই। নিজলৈকে খং উঠিল নিশাৰ। কিয়নো মাত দিছিলে বুলি মনতে ভোৰভোৰালে। কলেজলৈ আহি আছিল তাই। কলেজলৈ যোৱা এছোৱা বাট পাতল হাবি এডৰা পাৰ হৈ যাব লাগে। অকলে যাবলৈ বেয়া লাগে কাৰণে সদায় লগৰ কেইজনী লগ হৈ একেলগে যায়। সিদিনা কিবা কাৰণত লগৰ কেইজনী নহাত নিশা কলেজলৈ বুলি অকলে বাট বুলিব লগা হৈছিল। কাহানিও অকলে আহি নোপোৱা নীশাৰ মনত হাবিডৰা পোৱাৰ লগে লগে ভয় ভাব এটাই ক্ৰিয়া কৰিবলৈ ললে। আগলৈ পিছলৈ চাই গৈ থাকোঁতে চাইকেল এখনৰ কেৰমেৰণী শব্দ শুনা পাই তাইৰ বুকুলৈ অলপ সাহ আহিল। চাইকেলখন ওচৰ চাপি অহাত গম পালে সেইয়া তাহঁতৰ লগৰ অনুৰাগ। সেয়ে তাক মাত দিছিল হাবিখন একেলগে যাব পাৰিব বুলি কিন্তু নাই সেই চছমাৱালাটো ৰোৱা বিধৰ নহয়। এটা অদ্ভুত প্ৰাণী সি। ছোৱালীৰ পৰা সাত ফুট দূৰত থকা লৰা। কলেজৰ কোনো ছোৱালীৰ লগত মাত বোল নাই তাৰ। সেয়ে কলেজত তাক সবেই জোকাই ব্ৰহ্মকুমাৰ বুলি। কিহৰ ব্ৰহ্মকুমাৰ ওলাইছে মানুহ বিপদত পৰি মাতিলেও মাত এষাৰ নিদিব নেকি সি। আজি তাক এসেকা ঠিক মতে দিম বুলি নিশা কলেজ পায়গৈ। ক্লাছলৈ সোমাই গৈয়েই অনুৰাগক প্ৰথম বেঞ্চত বহি থকা দেখি নিশাৰ কান মূৰ গৰম হৈ গ’ল। বেগটো বেঞ্চত ঠেকেছা মাৰি থৈ তাইও তাৰ কাষৰ বেঞ্চখনত বহি পৰিল। অনুৰাগে সেমেনা সেমেনিকৈ নিশালৈ এবাৰ চাওতে নিশাৰ চকুৱে চকুৱে পৰিলে। সি কিবা অপৰাধ কৰাৰ দৰে তৎক্ষণাত চকু তলমূৰ কৰিলে। ক্লাছৰ শেষত ল’ৰা ছোৱালীবোৰ এজন এজনকৈ ওলাই যাওঁতে নিশায়ে অনুৰাগ তোমাৰ লগত কথা আছে বুলি আগ ভেটি ধৰিলে।

ব্ৰহ্মকুমাৰৰ লগত তোৰ কি কথা আছে অ’ নিশা বুলি লগৰ এজনীয়ে মাত দিয়াত বাকী সকলে গিৰ্জনী মাৰি হাঁহি হাঁহি ক্লাছৰ পৰা ওলাই যায়। ৰৈ যায় মাথোঁ নিশা আৰু অনুৰাগ। নিশায়ে আঁৰ চকুৰে চাই দেখিলে অনুৰাগে সেপ ঢুকিছে।
নিশায়ে অনুৰাগলৈ চাই খঙেৰে কলে
: তোমাক ইমান কৈ মাত দিওঁতে তুমি কিয় মাত এষাৰ নিদিলা? নিজকে কি বুলি ভাৱা তুমি? হাবিতলীয়া বাটটোত অকলে ভয় লগাৰ বাবেহে তোমাক মাত দিছিলোঁ। মাত এষাৰ দি সুধিব পাৰা কিয় মাতিছোঁ বুলি। ইমানকনো শিষ্টাচাৰ নাজানা নেকি তুমি…

: ……..

: মৌন হৈ ৰলা যে একো নোকোৱা কিয়? নে মুখ খন চিলাই থোৱা আছে তোমাৰ?

: …….

: কি আচৰিত তুমি… সকলোৱে থিকেই কয় অদ্ভুত তুমি। সচাঁকৈ অদ্ভুত!
অনুৰাগ নিমাত হৈ থকাত নিশা আঁতৰি যাবলৈ লওঁতেই পিছফালৰ পৰা শুনিবলৈ পায়

: মোৰ ভয় লাগে…

নিশা উভতি গৈ সোধেগৈ
: কি কলা তুমি ভয় লাগে। কিহলৈ ভয় লাগে?

: ছোৱালীলৈ ভয় লাগে….

নিশায়ে হাঁহি উঠি কয় কিয় ভয় লাগে তোমাৰ।
ভয় কৰিবলৈ কিটো আছে হা…

: নাজানো মোৰ ভয় লাগে। ছোৱালী দেখিলেই মোৰ চকুপানী ওলাই। তলমূৰ কৰি সৰুকৈ কোৱা কথাষাৰে নিশাক চুই যায়।
অনুৰাগৰ দুচকু সেমেকি উঠা তাৰ ডাঠ ক’লা ফ্ৰেমৰ চছমাজোৰেৰ মাজেদি স্পষ্টকৈ দেখিবলৈ পোৱা গ’ল। নিশা মূক হৈ পৰিছিল অনুৰাগৰ সেই ৰূপ দেখি। কলেজৰ টপাৰ লৰাটোৰ এনে এটা ৰূপ তাইৰ সপোনৰো অগোচৰ আছিল। খং আঁতৰি কিবা এক মায়া জন্মিছিল তাইৰ সেই ছোৱালী দেখিলে ভয় লাগে। চকুপানী ওলাই বুলি কোৱা লৰাটোৰ প্ৰতি। মুহূৰ্ততে সেই সৰল মুখখনিৰ লৰাজনলৈ মৰম সোমাই গৈছিল তাইৰ মনত। মিঠা হাঁহি এটা মাৰি তাই কৈছিল ভয় কৰিবলৈ একো নাই অনুৰাগ তুমি যেনেকুৱা আমিও ঠিক তেনেকুৱা। আমি বেলেগ গ্ৰহৰ প্ৰাণী নহয় যে তুমি ভয় কৰিবা। তোমাৰ এই অমূলক ধাৰণাটো মই সলনি কৰি দিম চাবা। ব’লা এতিয়া কেণ্টিনলৈ যাওঁ একাপ ফিকা চাহ খাই খাই কথা পাতিম। অনুৰাগ বাধ্য ছাত্ৰৰ দৰে নিশাৰ পিছ লৈছিল।

লাহে লাহে অনুৰাগ নিশাৰ লগত সহজ হৈ পৰিছিল। ছোৱালীৰ প্ৰতি থকা তাৰ ভয় ভাব ক্ৰমাৎ আঁতৰি গৈছিল তাইৰ সান্নিধ্য পাই। মুকলিকৈ হাঁহিবলৈ লৈছিল সি। মন খুলি কথা পাতিবলৈ লৈছিল সকলোৰে লগত। কলেজৰ সকলোবোৰ আচৰিত হৈছিল। নিশাৰো ভাল লাগিবলৈ লৈছিল অনুৰাগৰ সংগ। ভাল লগা ক্ৰমাৎ ভালপোৱাৰ দিশে গতি কৰিছিল।
প্ৰেমে পোখা মেলে সংগোপনে। শিৰায়ে শিৰায়ে বগুৱা বাই হৃদয় প্ৰদেশত প্ৰৱেশ কৰে প্ৰেম। বিয়পি পৰে দেহৰ ৰন্ধে ৰন্ধে। নিশাৰো হৈছিল কেতিয়ানো তাই অনুৰাগক হৃদয় আসনত বহুৱাই লৈছিল গমেই নাপালে। আনফালে অনুৰাগ এইবোৰ কথাৰ পৰা সম্পূৰ্ণ দূৰত আছিল। দিন যোৱাৰ লগে লগে নিশাৰ অনুৰাগৰ প্ৰতি প্ৰেমৰ তাড়না তীব্ৰতৰ হৈ উঠিছিল।

এদিন কথা প্ৰসংগত নিশায়ে অনুৰাগৰ মন জুখি চাবলৈ হঠাৎ সুধি পেলাইছিল।

: ভালপোৱা কি তুমি জানানে?
নিশাৰ প্ৰশ্নত থতমত খাই কি উত্তৰ দিম কি নিদিম গুণা গুঠা কৰি থকা অনুৰাগে ধেমেলীয়া উত্তৰ দিয়ে —
: মই আকৌ অনুৰাগ।

: অনুৰাগ ধেমালি নকৰিবা প্লিজ।

গহীন হৈ সি কয় —
: মই ভাবিয়েই নাপাওঁ… ভালপোৱা নো আচল অৰ্থত কি?

: বাৰু কোৱা চোন ভালপোৱা কিমানলৈকে শিপায়?

: শুনিছোঁ ভালপোৱা হেনো মূৰৰ পৰা ভৰিলৈকে শিপায়…

: ধৰা তুমি বিৰক্ত হৈ আছা বহুত ভীৰৰ মাজত আৰু বিশেষ কাৰোবলৈ মনত পৰিল। বৈ আহিল প্ৰশান্তিৰ এজাক মৃদু বতাহ, সকলো দুখ ভাগৰ বিৰক্তি মুহূৰ্ততে নোহোৱা হয়! সেয়া ভালপোৱা নে?

: হ’ব পাৰে।

: মোৰ হয় তেনেকুৱা তেওঁৰ কথা মনলৈ আহিলে।

: আচৰিত ন নিশা ?

: উম..

অনুৰাগে প্ৰথমবাৰৰ বাবে গম পাই নিশায়ে হয়তো কাৰোবাক ভালপায় কিন্তু তাৰ সুধিবলৈ সাহস নহয়। সময় আহিলে নিশ্চয় তাই নিজেই কব বুলি সি পতিয়ন যায়।

অনুৰাগৰ ভাবলেশহীন মুখখনলৈ চাই হুমুনিয়াহ এটি সৰি পৰে নিশাৰ। অনুৰাগলৈ পিঠি দি তাই বগুৱাবাই অহা অবাধ্য চকুপানীখিনি মোহাৰি পেলায়। অনুৰাগক বহি থকাতেই এৰি তাই খৰখেদাকৈ উঠি গুচি যায়। মনতে কয়, ‘তুমি কি জানিবা অনুৰাগ মোৰ সেই বিশেষ কোনোবাজন যে তুমি! কেতিয়া বুজিবা তুমি অনুৰাগ তোমাৰ প্ৰেমৰ সাগৰত পৰি যে কোনোবা এগৰাকী মিঠা যন্ত্ৰণাত ককবকাই আছে।’

একপক্ষীয় প্ৰেমৰ যাতনাত তাই জহি খহি গৈছিল। কথাটো সেইদিনা তাক জনাই দিবলৈ ইচ্ছা হৈছিল নিশাৰ কিন্তু যদি সি বন্ধুত্বৰ বাদে আন একো সম্পৰ্কৰ কথা ভবা নাই বুলি কয়। যদি সি চক খাই উঠে! যদি কয় এইবোৰ কথা মই কল্পনাই কৰিব নোৱাৰোঁ। তেতিয়া কি উত্তৰ দিব তাই। যদিহে সি তাইৰ প্ৰেম গ্ৰহণ নকৰে। কি কৰিব তাই? সেয়ে তাক উমান দিয়া নহল নিশাৰ মনৰ কথা। কথাটো গোপনেই ৰাখি থলে তাই। তাৰ মাজতে সিহঁতৰ ফাইনেল পৰীক্ষা হৈ গৈছিল। বিদায়ৰ সময় সমাগত হৈছিল। দুয়ো দুফালে গুচি গৈছিল। নিশায়ে লৈ গৈছিল একপক্ষীয় প্ৰেমৰ টুকুৰা টুকুৰ স্মৃতি আৰু অনুৰাগ ব্যস্ত হৈছিল নিজৰ কেৰিয়াৰ গঢ়াত।
তাৰ মাজতে চেৰেং চেৰেংকৈ নিশালৈ মনত নপৰাকৈ থকা নাছিল তাৰ।

৹৹৹৹৹৹৹৹৹

কেলেণ্ডাৰৰ তাৰিখবোৰ তীব্ৰ গতিত সলনি হৈছিল। নিশাৰ পৰা আঁতৰি আহি অনুৰাগে নিশাৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰিবলৈ লৈছিল। নিশা তাৰ বাবে কি হয় সি বুজি উঠিছিল। প্ৰেমৰ বকুল ফুলিবলৈ লৈছিল অনুৰাগৰ বুকুত।
এফালে ফাগুনে আবিৰৰ ৰং সানিছিল কাৰোবাৰ বুকুত। আনফালে সেই ফাগুনতে নিশাৰ বিয়া ঠিক হৈছিল সি গম নোপোৱাকৈ। নিশায়ে মাথোঁ কান্দিছিল। তাই মন প্ৰাণ সঁপি দিয়া জনে আজিলৈকে তাইৰ প্ৰেমৰ উমানকে নাপায় বুলি। বিয়াৰ দিনা অনুৰাগও গৈছিল বন্ধুসকলৰ লগত। অনুৰাগক দেখি নিশাৰ বুকুখন কোনোবা এখিনিত মোছৰ খাই গৈছিল। চফৰ বঁটাটো অনুৰাগলৈ আগবঢ়াই দিওঁতে নিশাৰ দুচকু ভৰি আহিছিল। তাই জোৰ কৰি চকুলো সামৰি ৰাখিছিল। অনুৰাগে বোবা চাৱনি এটিৰে নিশালৈ চাই পঠিয়াই বিবাহিত জীৱনৰ শুভাষিস জনাই অলপ কথা পাতিব লগা আছে বুলি কোৱাত নিশায়ে তাক লৈ কোনো নথকা কোঠা এটালৈ গৈছিল। অনুৰাগৰ মুখা মুখিকৈ বহি নিশায়ে আৰম্ভ কৰিছিল —

: কোৱা অনুৰাগ আজি দিনটোত কি কথা কব লগা ওলাল তোমাৰ…

: নাজানো নিশা কি বুলি কম তোমাক কিন্তু তোমাক কোৱাটো খুবেই জৰুৰী। নহলে যে এই কথাখিনি মই আজীৱন বুকুতে কঢ়িয়াই লৈ ফুৰিব লাগিব।

: …..

: কি হৈছে মই নিজেই নাজানো নিশা। মাথোঁ যেতিয়াৰ পৰা আমাৰ কলেজৰ ক্লাছ শেষ হৈছে তেতিয়াৰ পৰা বুকুখনত কিবা এটা খালি খালি লাগি থকা হৈছে। কিবা এটা যে নাই জীৱনত তেনে ভাব হৈছে।

: ……..

: তুমি যে কৈছিলা ভীৰৰ মাজত বিশেষ কাৰোবলৈ মনত পৰিলে যে গভীৰ প্ৰশান্তি পোৱা যায়। দুখ ভাগৰ নিমিষতে নোহোৱা হয় মই সেইজনাৰ সন্ধান পাই গলো নিশা…

: কোন তেওঁ?

: তেওঁ আন কোনো নহয় তুমি নিশা তুমি…

: বহুত দেৰিকৈ বুজিলা তুমি।
দেৰি হৈ গ’ল অনুৰাগ এতিয়া আৰু এইবোৰ কথাৰ কোনো অৰ্থ নাই .. বহুত দেৰি কৰি দিলা তুমি। বহুতদিন বাট চালোঁ তোমালৈ এদিন নহয় এদিন তোমাৰ মুখৰ পৰা এইষাৰ কথা শুনিবলৈ পাম বুলি। শুনিবলৈ পালোঁ ঠিকেই কিন্তু কোনটো দিনত চোৱা চোন….

: মই মূৰ্খ আছিলোঁ নিশা। ইমান এটা ধুনীয়া অনুভৱ পৰা আঁতৰি আছিলোঁ চোৱা ইমান দিনে। কিয় যে মই বুজি নাপালোঁ তোমাক। এতিয়া তোমাৰ অবিহনে মই কেনেকৈ জীয়াই থাকিম কোৱা… শেষলৈ তাৰ মাতষাৰ থোকাথুকি হৈ পৰিছিল।

: প্ৰাপ্তিয়েই প্ৰেম নহয় অনুৰাগ। কাৰোবাক ভাল পালেই যে তেওঁক আপোন কৰি পাব লাগিব ওৰে জীৱনৰ বাবে তেনে কোনো কথা নাই। ভালপোৱাই প্ৰতিদান নিবিচাৰে। ভালপোৱা মাথোঁ বুকুতে শিপাই থাকে আজীৱন।

: …..তোমাৰ অবিহনে মই শূন্য হৈ পাৰিম নিশা। মোক হাঁহিবলৈ শিকোৱা ছোৱালীজনীৰ অনুপস্থিত মই কেনেকৈ থাকিম কোৱা। তোমাৰ দৃষ্টিৰে নতুনকৈ পৃথিৱীখন চাবলৈ শিকিছিলোঁ।

: ভালপোৱাই জীয়াই থকাৰ প্রেৰণা দিয়ে অনুৰাগ। জীৱন যুদ্ধত সাহসেৰে ঠিয় দিবলৈ শিকাই। এইয়া মাথোঁ আৰম্ভণি আৰু বহুত দূৰ বাট যাব লাগিব তুমি। যদি তুমি মোক সঁচা অন্তৰেৰে ভালপোৱা তেন্তে মোক এৰি আগুৱাই যোৱা জীৱনৰ বাটত। তোমাৰ পৰা সেইয়াই বিচাৰো মই… আগুৱাই যোৱা অনুৰাগ আগুৱাই যোৱা।

: আৰু তুমি কি কৰিবা নিশা…

: মই .. মইও আগুৱাই যাম অনুৰাগ। জীৱন আগুৱাই যোৱাৰেই নাম। সময় কাৰো বাবে ৰৈ নাথাকে। তোমাক ভালপালোঁ বুলিয়েই আন এজনক মনোকষ্ট দিব নোৱাৰো। তেওঁৰ লগত সুখৰ সংসাৰ তৰিবলৈ চেষ্টা কৰিম অনুৰাগ আৰু মোৰ বিশ্বাস আছে মই সফল হম।

: আৰু মোক পাহৰি যাব পাৰিবা তুমি…

: তুমি মোৰ প্ৰাৰ্থনাত সদায় থাকিবা অনুৰাগ তাতকৈ বেছি আৰু একো নকওঁ।
তাৰ পিছত আৰু কোনেও একো কোৱা নাছিল। কোঠালিটোত মৰিশালীৰ নীৰৱতা বিৰাজ কৰিছিল। নিশাৰ স্পষ্টবাদীতা আৰু শক্তিশালী ব্যক্তিত্বৰ ওচৰত অনুৰাগৰ শিৰনত হৈছিল।
ঠিক সেই সময়তে নিশাক বিচাৰি কোনোবা এগৰাকীয়ে কোঠালীলৈ সোমাই আহিছিল। নিশা তেওঁৰ লগত ওলাই যায় আৰু যাওঁতে মিঠা হাঁহি এটা মাৰি কয় মোৰ কথাবোৰ মনত ৰাখিবা ন’ অনুৰাগ। অনুৰাগেও চছমাজোৰ খুলি চকুযুৰি মোহাৰি মুখত বিষাদৰ হাঁহি এটা সানি মূৰ দুপিয়াই সন্মতি জনায়।।

**

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক