অনু গল্প ( জয়ন্ত আকাশ বৰ্মন )

অনুৰণন: ১

পথ দুর্ঘটনাটোত শিশুটো বেয়াকৈ জখম হ’ল, কিন্তু পথৰ দাঁতিত দীর্ঘসময় অতিমাত্রা ৰক্তক্ষৰণ হৈ দেউতাকজন ঢুকাল। পিছত ডাক্টৰজনে শিশুটোক সুধিলে-এক্সিডেণ্টৰ সময়ত দেউতাক হস্পিটাললৈ আনিবলৈ তাত কোনো নাছিল নেকি?

শিশুটোৱে ক’লে- তাত “কোনো”নাছিল। বহুত মানুহহে আছিল!!!

অনুৰণন: ২

মাহজোৰা গ্রীষ্মবন্ধৰ অন্তত আজি স্কুল খুলিছে। মনটো তাৰ বহুত ভাল লাগিছে।

স্কুল কম্পাউণ্ডৰ গেটত ৰৈ বাৰ বছৰীয়া কণ্ঠেৰে বাহিৰৰ পৰাই সি চিঞৰিছে- ঠাণ্ডা ঠাণ্ডা আইচক্রীম। মাত্র পাঁচ টকা।

অনুৰণন:

মানুহজনে শুনাকৈ ৰিক্সাৱালাজনে ক’লে, এই ঠেলাৱালাবোৰে নিজৰ ৰাস্তা বুলি ঠেলা চলায়। পিছৰ পৰা হৰ্ণ বজাই থকা টেম্প’চালকে চিঞৰিছে ‘অই ৰিক্সা, বাপেৰৰ ৰাস্তা পাইছ, চাইদ দে’।

অনুৰণনঃ ৪

প্রথমে সিহঁতে মোক ৰ’দত পুৰিলে। বায়ুৰূদ্ধ কোঠাত সিহঁতে মোক বান্ধি থ’লে। এদিন জীয়াই জীয়াই সিহঁতে মোক মাটিত কবৰ দিলে।

        আজি মই এজোপা গছ। প্রচণ্ড ভাগৰত সিহঁতে মোৰ ছাঁত জিৰায় …!!!
-মই এটা বীজ!

অনুৰণনঃ ৫

শিয়ালৰ জাকটোৰ এদিন সুস্বাদু নৰমাংস খাবলৈ মন গ’ল। জাকটোৰ আটাইতকৈ চতুৰ শিয়ালটোৱে মন্দিৰটোৰ চোতালত এটা গৰু আৰু মছজিদৰ বাকৰিত এটা গাহৰি চিকাৰ কৰিলে।

তাৰ পাছত জাকটোৱে সুস্বাদু মাংসৰে সুখে-সন্তোষে থাকিল।

অনুৰণনঃ ৬

গৰু বিহুৰ দিনা নদীত গা ধুই এইবছৰ উপজা দামুৰি পোৱালিজনী ঘৰলে’চেকুঁৰ মেলিলে। সন্ধিয়া গোহালিৰ ফাঁকেৰে সি চৰাইজনী দেখিলে। তাৰ চকুপানী সৰিল।

নতুন পঘাডালক সি বিহুৱান বুলি জনা নাছিল!!!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments