অন্তহীন (সৃষ্টি শ্ৰেয়ম)

‘’Choco vanilla নহ’ব বাইদেউ৷”
বন্যা ওচৰ চাপি যোৱাৰ লগে লগেই আইচক্ৰীমৱালা ল’ৰাটোৱে মাত লগালে; তাই কিবা এটা খুজিবলৈ পোৱাৰ আগতেই। চানগ্লাছখন কপাললৈকে তুলি বন্যাই তাৰ চকুলৈ চালে- ল’ৰাটো নিৰ্বিকাৰ। তাইক যেন সি গ্রাহকৰ সাধাৰণ-আগ্রহকণো দিব খোজা নাই……
“কিয়? কিয় নহ’ব?”
বন্যাই অলপ কঠুৱা অভিব্যক্তিৰে ক’লে।
“Choco vanilla কেতিয়াবাই বন্ধ হৈ গৈছে৷”
ল’ৰাটোৰ নিৰ্লিপ্ত উত্তৰ।
“বন্ধ হৈছে? কিয় বন্ধ হৈছে?”
“আমি কেনেকে ক’ম বাইদেউ! কোম্পানীয়ে বন্ধ কৰি দিছে। demand কমিলে বস্তুবোৰ বন্ধই হৈ যায়৷”
বাহ ইয়াৰতো স্পৰ্ধা কম নহয়! সি তাইক ডিমান্ডৰ জ্ঞান দিবলৈ আহিছে? হাঃ
ইতিমধ্যে ল’ৰাটোৱে তাৰ মস্ত, ৰঙা বাকচটোৰ পৰা চকলেটৰঙী পেকেট এটা উলিয়াই দিলে। chocobar!
বন্যাই পেকেটটোকে খঙেৰে চালে।
“বাইদেউ খাই চাওকচোন এইটো, একেই৷”
“কি?” বন্যাই চিৎকাৰ কৰি উঠিল, “কি কৈছা তুমি? দুয়োটা একে? এইটো choco-bar!”
“একেই; ইয়াতো ভিতৰত ভেনিলা থাকে৷”
হাঃ আচৰিত! কি কয় এই ৰাটোৱে! Choco bar আৰু Choco vanilla একে? হা হা!


“এটা কথা জানানে তুমি?” বন্যাই বিশেষ ভঙ্গীমাৰে ল’ৰাটোলৈ চালে। বিৰক্তিবোৰ থূপ খাই তাৰ মুখখন কঠিন হৈ আহিছে। “ Ingredients শেষ কথা নহয়।  এইযে Choco bar আৰু Choco vanilla তুমি একে বুলি ক’লা- ইয়াৰ এটা ক’লা, এটা বগা। পাৰ্থক্যটো বুজি পোৱা নহয়? Black & white.”
আৰু একো উত্তৰ নিদি ল’ৰাটোৱে আইচক্রীমটো ভৰাই থ’লে। বন্যাৰ উপস্থিতিক অকণো গ্রাহ্য নকৰি সি তাৰ ডিঙিত ওলোমাই লোৱা গামোচাখনেৰে মুখখন মচিবলৈ ধৰিলে। এই ছোৱালীজনীয়ে সদায় জ্বলায় তাক; অলপ গণ্ডগোলেই নেকি………
এৰা- তাইক সি চিনি পাইছে। ইমানদিন ধৰি তাই এইফালে আহিছে, আইচক্ৰীমৱালাকেইটাৰ ওচৰলৈ গৈছে আৰু এটাৰ পাচত এটাকৈ প্রতিটোৰে সমুখত ৰাখিছে একেটা আইচক্ৰীমৰ ডিমাণ্ড- যিটো সিহঁতৰ ওচৰত নাই! তাই কোনোদিনেই অন্য কিবা এটা বিচাৰি চোৱা নাই, never. অথচ ল’ৰাটোৱে কয়-  ডিমাণ্ড কম! হাৰে!! যিটোৰ বিকল্প (তাই আজিলৈকে বিচাৰি পোৱা )নাই, তাৰো কি ইমান কম demand?!!
বন্যা আগবাঢ়িল। সমুখত অন্য এজন আইচক্ৰীমৱালা। মানুহটোৰ মুখখন আগতে দেখা মনত নপৰিল। হয়তো এইখিনিত সি নতুন।
বন্যা ওচৰ চপাৰ লগে লগে মানুহটো ব্যস্ত হৈ উঠিল। নিজাববীয়াকৈ সি তাৰ বগা বাকচটোৰ পৰা বিভিন্ন ৰঙৰ বিভিন্ন গঢ়ৰ আইচক্ৰীম কেইটামান উলিয়াই দিলে।
“কওক বাইদেউ কি দিম?” বন্যাই পেকেটকেইটা পৰীক্ষা কৰি থকাৰ মাজতে তেওঁ সুধিলে।
“হুঁ?…ওঁ…এইকেইটা নহয়; Choco vanilla দিয়ক৷”
“Choco vanilla…choco vanilla….” দুবাৰমান আওৰাই মানুহটোৱে আগৰ আইচক্ৰীমকেইটা বগা বাকচটোত ভৰাই থ’লে। কিন্তু অলপ বিচাৰ খোচাৰ লগোৱাৰ পাচত বাকচটোৰ পৰা মানুহটোৱে আগৰ মাজৰে এটা আইচক্ৰীম উলিয়াই দিলে।
“Choco vanilla নহ’ব। strawberry vanilla লওক; একেই। ভাল পাব৷”
“একেই? Strawberry vanilla আৰু Chocó vanilla একেই? দুয়োটাই গলি যাব- সেই কাৰণেই দুয়োটা একেই- নে কি? ৰাখক এইটো৷”
আইচক্ৰীমৱালাটোৱে কিবা ক’বলৈ পোৱাৰ আগতেই বন্যা পৰৱৰ্তী আইচক্ৰীমৱালাটোৰ ওচৰলৈ আগবাঢ়িল। আগতে দেখা ৰঙচুৱা টি-চাৰ্ট এটাত আগতে লগপোৱা ল’ৰা এটা। তাইক দেখি সি মিচিকিয়াই হাঁহিলে।
“কওক”
“choco vanilla” পুৰণি গ্রাহকৰ পুৰণি অৰ্ডাৰৰ সুৰত বন্যাই চমুকৈ ক’লে।
“নাই।“ ল’ৰাটোৰো প্রস্তুত উত্তৰ। মুখত একেই হাঁহি।
“নাই…“নিজকে কোৱাৰ দৰে কৈ তাই এবাৰ ল’ৰাটোলৈ চালে, “তাকেইতো-! ইমানদিন বিচাৰিছো,কিয় নাই?”

“choco vanilla সঁচাকৈ কেতিয়াবা আছিল জানো?” আইচক্ৰীমৰ গাড়ীখন ঠেলি ঠেলি একেদৰে হাঁহি হাঁহি ল’ৰাটো বিপৰীত দিশত আগুৱাই গুচি গ’ল।
 

 
আইচক্ৰীমৱালাকেইটাৰ পৰা আঁতৰি আহি বন্যাই ফুটপাথটোতে ভৰি ওলোমাই বহিলে। কাৰো ওচৰত তাই বিচৰা বস্তুটো নাই…..কাৰো ওচৰত তাৰ একো ঠিকনা,একো সন্ধান নাই। আৰু সেই ল’ৰাটোৱে বাৰু কিয় তেনেকে সুধিলে? ইমান দৃঢ়তাৰে! choco vanilla নাছিলেই নেকি সঁচাকৈ!….
 
ফুটপাথটোত বহি বন্যাই পাৰ্কলৈ অহা মানুহবোৰ চাই থাকিল। ফুটপাথটোতে লাগি আছে পাৰ্কখন। বিভিন্ন বয়সৰ বিভিন্ন মানুহ relaxed মুড এটাৰে আহি থকা দেখি তাই মন্ত্ৰমুগ্ধভাৱে চাই থাকিল। মানুহৰ মুখৰ এই ভৰশূণ্যতা তাইৰ ভাল লাগে।
 
কৰ্পোৰেট পৃথিৱীখনৰ পাঁচ অংকৰ দৰমহাৰ চাকৰিটো ধুচকৈ এৰি অহাৰ পাচৰ এই দ্বিতীয়টো মাহতো বন্যাই একেধৰনৰ কামবোৰকে কৰি আছে। এই কোঠাত সোমাই কিতাপ পঢ়িছে,কবিতাৰ পুৰণি ডায়েৰী মেলি চাইছে,নাটক চাই ওলাই ফুচকা খাইছে ,চিগাৰেট হুপিছে আৰু মন গ’লেই তাইৰ মৰমৰ কলেজখনৰ সমুখৰ এই চিৰতৰুণ ৰাস্তাটোৰে আহি গধূলি সময়ত পায়চাৰি কৰিছে। এইকেইদিনত তাই ভোকাতুৰ মানুহৰ দৰে আকাশ,বেলি,ৰ’দ,বৰষুণ-হেঁপাহ পলুৱাই চাকি চাইছে সকলোবোৰ। তথাপি তাই শান্তি পোৱা নাই। হাতত নতুন চাকৰিৰ এপইন্টমেন্ট লেটাৰ আছে, নকৰোঁ বুলি ভাবিলেও দুদিনমান চলিব পৰাকৈ হাতত অলপ জমা টকা আছে, মন পছন্দৰ কাম কৰিবলৈকো অফুৰন্ত সময় আছে হাতত-তথাপি, তথাপি যেন এই স্বাধীনতাখিনিয়ে বন্যাৰ ওচৰত পোহ মনা নাই; বৰঞ্চ মনটোক আৰু বেছি অস্থিৰ কৰি ইফালৰ পৰা সিফাললৈ দলিয়াই ফুৰিছে।
 
সময় আগবঢ়াৰ লগে লগে পাৰ্কখন ভৰুণ হৈ উঠিছে। দলে দলে মানুহবোৰ সোমাইছে ওলাইছে। বন্যাই দেখিলে তাইৰ পৰা দহফুটমান আঁতৰত পাঁচটামান ল’ৰা-ছোৱালী প্রায় একে বয়সৰ। উজ্জ্বল, চটফটীয়া, জীবন ভৰা। আইচক্রীমৱালাটোৰ ৰঙা ঠেলাখনৰ চৌপাশে মউ-মাখিৰ দৰে‍ জুম পাতি থিয় হল সিহঁত। নাতিদূৰত বাজাজ স্কুটাৰ এখনত বহি অপেক্ষা কৰি‍ ৰৈ‍ছে এজন আদবয়সীয়া ভদ্র লোক। ফুটপাথটোত বহি বন্যাই সিহঁতকে  লক্ষ্য কৰি‍বলৈ‍ ধৰি‍লে। পলকতে হাতে হাতে আইচক্রীম একোটা লৈ‍ ল’ৰা-ছোৱালী কেইটা আহি স্কুটাৰখনত জপিয়াই উঠিল। আগ ফালে দুটা, পাচফালে তিনিটা।  পুৰণি স্কুটাৰখনৰ যেন ৰঙেই সলনি হৈ গ’ল।
স্মৃতিৰ ট্রেফিক জাম ঠেলি প্রাচীন প্রাচীন লগা গোন্ধ এটাই বন্যাক আহি আগুৰি‍ ধৰি‍লেহি। দেওবাৰৰ আর্টস্কুল, দেওতাকৰ স্কুটাৰ, ৰাস্তাৰ আইচক্রীম আৰু ঘৰত টিভিটোৰ পৰা ভাঁহি অহা সেই বিখ্যাত বিজ্ঞাপনটো- গেঞ্জী পিন্ধা সৰু ল’ৰা এটাৰ হাতত এখন ৰঙীন চিলা, এজন বয়োজ্যেষ্ঠ লোক আৰু এটা বৃহদাকাৰ মাছৰ দৰ-দাম…।ঠিক তেনেকুৱা ধৰনেৰে‍ই চিত্রায়িত আছিল বিজ্ঞাপনটো- “…বুলন্দ ভাৰত কী বুলন্দ তচবীৰ……” হয় হয়- বহু দিনৰ মূৰত, সচাকৈ‍ বহুদিনৰ মূৰত একেবাৰে‍ সজীৱ সজীৱ লগাকৈ‍ সুৰটো আহি তাইৰ কাণত বাজি উঠিল। বন্যাৰ চকুৰ সমুখেৰে‍ই যাদুঘৰ যাদুঘৰ লগা স্কুটাৰখন ধোঁৱা উৰুৱাই আতৰি‍  গ’ল। বন্যাই অনুভৱ কৰি‍লে- যাদুকৰী স্কুটাৰখনে বতাহত এটা শেলুৱৈ‍ অনুভূতি এৰি‍ থৈ গৈছে। জেকা।
স্কুটাৰখনে এৰি‍ যোৱা প্রাচীন গোন্ধটোৱে বন্যাক আমনি কৰি‍বলৈ ধৰি‍লে। ভিতৰৰ পৰা হোৱা এটা মৃদু জোকাৰণিত তাই চক খাই উঠিল। তাইৰ এনে লাগিল যেন নিঃসাৰে‍ পৰি‍ ৰোৱা সৰল ৰাস্তাটোৰ লগত স্কুটাৰখনে এৰি‍ যোৱা ধোঁৱাবোৰ যেন কণাই কণাই মিলি গৈছে…। পুৰণি পুৰণি লগা অনুভৱটোৰ লগত ধোঁৱাৰ গোন্ধটোৱে যেন বন্যাক জোৰে‍ৰে‍ মেৰি‍য়াই লৈ‍ ক’ৰবালে টানি নিব খুজিলে। সেই আগ্রাসী আবেষ্টনীৰ মাজত ছটফটাই ছটফফটাই বন্যাই যিমানেই মুক্ত হোৱাৰ চেস্টা কৰি‍লে সিমানেই বেছি‍ দৃঢ় হৈ গোন্ধটোৱে যেন তাইৰ উশাহ-নিশাহ চেপি আনিলে! জলকা লগা মানুহৰ দৰে‍ বন্যা তেনেকৈয়ে বহি থাকিল- ফুটপাথটোত ভৰি‍ ওলোমায়। আকৌ চক খালে-
 
“আস!”
মৃদু চিৎকাৰ কৰি‍ বন্যাই কোচ খাই অহা হাতখনলৈ‍ চালে।
তর্জনী আৰু মধ্যমা আঙুলিৰ ঊর্ধ্বাংশ পুৰি‍ চিগাৰেটৰ অৱশিষ্ট টুকুৰাটো পৰি‍ গ’ল।
“অস! চিগাৰে‍টটো জলি আছিল?!!!তাইৰ নাকত স্কুটাৰখনে এৰি‍ যোৱা সেমেকা সেমেকা গোন্ধটোৱে‍ লাগি আছিল!” বন্যাই ৰাস্তাটো নেদেখা হোৱা বিন্দুটো লৈ‍কে চাই পঠিয়ালে- সচাকে অন্তর্ধান হৈ‍ছিল স্কুটাৰখন। আকাশ খনে সন্ধ্যাৰ পোছাকযোৰ পিন্ধাৰ যো-জা চলাইছে। চিগাৰে‍টৰ টুকুৰাটো গছকি বন্যাও ঠিয় হ’ল।ৰাস্তাটোৰ মুৰলৈ‍ তাই আকৌ এবাৰ চাই পঠিয়ালে। স্কুটাৰখন যিফালে নোহোৱা হৈ‍ছিল সেইফালে। ফিল্মৰ এটা এটা ফ্রেমৰ ৰূপ লৈ‍ ল’ৰা-ছোৱালীকেইটা আৰু স্কুটাৰখন তাইৰ সমুখত ভাঁহি আহিল। এটা ভিচিডি প্লেয়াৰৰ দৰে‍ই তাই প্লে বাটনটো হেঁচি দিলে। আকৌ সমুখৰ ফালে আগবাঢ়িল সিহতৰ কার্যকলাপ । পাঁচটা সৰু সৰু ল’ৰা-ছোৱালী। প্রায় একে বয়সৰ; ভিন্ন ৰঙৰ। পাঁচটা সৰু সৰু আইচক্রীম- একে আকাৰৰ, ভিন্ন গঢ়ৰ। কিন্তু গোটেইখিনি একেখন স্কুটাৰত, খুউব সাৱলীল ভাৱে‍ একেটি ছন্দৰ, একেখিনি  গুণ গুণনি এৰি‍ গুচি গ’ল। কি এক অব্যর্থ হাৰমনি! হঠাতে আইচক্রীমৱালাটোক বন্যাৰ সুধিবলই মন গ’ল- এই ছবিখন সঁচা নাছিল নেকি?
বন্যা আগবাঢ়ি‍ল। এইবাৰ বন্যাৰ সতে আগবাঢ়ি‍ব খোজা ৰাস্টাটোৰ কাষতে থকা সৰু অস্থায়ী দোকানখনত তাইৰ চকু পৰি‍ল। সমুখত দহটামান আইনাৰ বৈ‍য়াম লৈ‍ এটা অকণমানি ল’ৰা। পোৱালি দোকানী। সিও তাইলৈ‍ চালে। তাই মন কৰি‍লে তাৰ মুখত এটা আপোন আপোন চিনাকি হাঁহি। হয়তো সি আগতেও মন কৰি‍ছে তাইক। বন্যা তাৰ ওচৰলৈ‍ আগবাঢ়ি‍ গ’ল।
“Choco vanilla হ’ব?”
 
ল’ৰাটোৱে‍ একেই স্বাচ্ছন্দ্যৰে‍ তাৰ কাঠৰ বাকচ যেন লগা সৰু দোকানখনৰ ভিতৰফালে কিবা এটা বিচাৰি‍লে। আৰু একেই হাঁহিটো মাৰি‍ উলিয়াই আনিলে এটা বগা চিগাৰে‍টৰ বাহ। ল’ৰাটোৱে‍ তাৰ পৰা চিগাৰে‍ট এটা উলিয়াই বন্যালৈ‍ আগবঢ়ালে। ক্লাছিক মেন্থল। বন্যাই খোৱা চিগাৰে‍ট।
“পাঁচ টকা৷”
“এটা জুইশলাও দিবা৷”
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments