অন্তৰংগ–পয়োভৰা বড়া গগৈ

কাম কৰি থকাৰ মাজে মাজে ঘড়ীটো চাই থকাৰ তাইৰ অভ্যাস। অৱশ্যে গোটেই সময়খিনি নহয়। বেলি লহিওৱাৰ পাচৰ পৰা। বাৰাণ্ডাৰ গ্ৰিলত বগাই থকা কুঞ্জলতাৰ ফুলবোৰ অৱসন্ন হৈ কোঁচ খাই জঁই পৰিবলৈ আৰম্ভ কৰাৰ সময়খিনিৰ পৰা। হাত-ভৰিৰ গতি খৰ হৈ পৰে তাইৰ। কামখিনি যিমান সোনকালে পাৰে তাই শেষ কৰিবলৈ চায়। 

লতিকাৰ এই অভ্যাসটোৰ বিষয়ে ধনিষ্ঠা চক্ৰৱৰ্তীয়ে নজনা নহয়। তেওঁ কেতিয়াবা লতিকাক জোকাই চায়। তাই যেতিয়া লৰালৰিকৈ কামখিনি সামৰি বাৰাণ্ডাত খুলি থোৱা চেণ্ডেলযোৰ ভৰিটোত আধা সোমোৱাকৈয়েই যাবলৈ ওলায়। 

”লতিকা, ৰাতি খাবলৈ আটা অলপকে মাৰি থৈ যা চোন। ভাত নাখাওঁ আজি।” 

লতিকাই চেলাউৰিযোৰ কোঁচাই ধনিষ্ঠালৈ চায়। 

”বাইদ’…..অথনিয়েই কিয় নক’লে? মোৰ দেৰি হৈ যাব ন এতিয়া?” বাইদ’টো তাই লেনিয়াই কয়। 

” ইহ, থ থ। তোৰ এনে ট্ৰেইন ধৰিবলৈ আছে।” 

লতিকাই চেণ্ডেলযোৰ ঠেকেচ মেকেচ কৰি খুলিবলৈ লয়। 

ধনিষ্ঠাই হাঁহি হঁহি কয়, 

”নালাগে যা। সি ৰৈ আছে চাগে।” 

” বাইদ’….” এইবাৰ বাইদ’টো আৰু লেনিয়াই মাতে তাই। সলাজ হাঁহি এটা মাৰি তাই ধনিষ্ঠাৰ পৰা বিদায় লয়। 

লতিকাৰ উন্মাদনা বুজে ধনিষ্ঠাই। মনে মিলা মানুহজনক লগ পাবলৈ, দিনটোৰ কথাবোৰ ভগাই লবলৈ মনত হৈ থকা উচপিচনিবোৰ বুজে! 

লতিকাৰ দৰেই তৰা নৰা চিঙি ধনিষ্ঠা দৌৰিছিল এটা সময়ত। পুলকেশক লগ কৰিবলৈ। ইউনিভাৰ্চিটিৰ কেমিষ্ট্ৰি লেবৰ পৰা প্ৰেক্টিকেল শেষ কৰি কোবাকোবিকৈ খোজ দিছিল ইউনিভাৰ্চিটিৰ গে’টৰ ফালে। পুলকেশেও ক্লাছ শেষ কৰি গে’টৰ মুখত ৰৈ ধনিষ্ঠালৈ বাট চাই ৰৈছিল। দিনটোৰ অন্তত লগ পোৱা মাত্ৰ সেই দহ পোন্ধৰ মিনিটত কথাৰ সাগৰ এখনত বুৰিছিল দুয়ো। যেন কৈ শেষেই নহ’ব! ক্লাচৰ পৰা আৰম্ভ কৰি মাধুৰী দীক্ষিতৰ নতুন চিনেমাৰ গানলৈকে, হোষ্টেলৰ সেৰেকা আঞ্জাৰ পৰা আৰম্ভ কৰি সৌৰভ গাংগুলীৰ ছিক্সাৰটোলৈকে।  ৰাতিপুৱাৰ পৰা আবেলিৰ সেই সময়খিনিলৈকে দুয়ো অধীৰ হৈ বাট চাইছিল। শিহৰণ আৰু উন্মাদনাৰে ভৰা সেই পোন্ধৰ মিনিটৰ বাবে! সিহঁতৰ সময়খিনিৰ বাবে! 

প্ৰাণী বিজ্ঞান বিভাগৰ ছাত্ৰ পুলকেশ ধনিষ্ঠাতকৈ এবছৰ ছিনিয়ৰ আছিল। 

ইউনিভাৰ্চিটিতে চিনাকি হৈ দুয়োৰে মাজত ভালপোৱা গঢ় লৈ উঠিল। ইউনিভাৰ্চিটি শেষ কৰি দুয়ো দুখন বেলেগ বেলেগ কলেজত সংস্থাপিত হৈ বিবাহ পাশত আৱদ্ধ হৈছিল। এটি পুত্ৰ সন্তানেৰে সুখী সংসাৰ আছিল ধনিষ্ঠা পুলকেশৰ। বিয়াৰ তেৰ বছৰ পাচত হঠাত ষ্ট্ৰ’ক হৈ পুলকেশ আঁতৰি গৈছিল ধনিষ্ঠাহঁতক এৰি। একমাত্ৰ পুত্ৰ অম্বৰীশ মাত্ৰ এঘাৰ বছৰীয়া। 

অতি নিষ্ঠাৰে ধনিষ্ঠাই অম্বৰীশৰ পিতৃ-মাতৃ দুয়োৰে ভূমিকা পালন কৰে। পঢ়াত অতি মেধাৱী অম্বৰীশ বৰ্তমান আমেৰিকাৰ এটা বহুজাতিক কোম্পানীত কৰ্মৰত। 

পুতেকক বিদেশলৈ পঠোৱাৰ পাচত ধনিষ্ঠা চক্ৰৱৰ্তী এতিয়া অকলশৰীয়া। ঘৰ আৰু কলেজৰ বাহিৰে বৰকৈ ওলাই সোমাই নুফুৰে। আচলতে একমাত্ৰ পুতেকৰ আগে-পিছে ঘূৰি ফুৰোঁতে সামাজিকভাৱে মানুহৰ লগত মিলা-মিছা কৰা নহ’লেই। কলেজৰ পৰা আহিয়েই পুতেকে স্কুল, টিউচনৰ পৰা আহি খাবলৈ কিবা এটা বনাবলৈ যো-জা কৰা, তাৰ পিয়াহ লগাৰ আগতেই পানীগিলাছ তাৰ মুখৰ আগত তুলি ধৰা, “মা” বুলি মাতষাৰ দিয়াৰ লগে লগে তাৰ ওচৰ গৈ পোৱা, সেইখিনি কাম কৰোঁতে কৰোঁতে মানুহজনীয়ে কোনোবা এখিনিত নিজকে হেৰুৱাই পেলালে। বন্ধু-বান্ধৱ বুলিবলৈ কলেজৰ কলিগকেইজনেই। আত্মীয়-পৰিজনো সকলো দূৰে দূৰে নিজৰ নিজৰ সংসাৰত ব্যস্ত। 

ধনিষ্ঠা চক্ৰৱৰ্তী তেনেকৈয়েই সুখী। কেতিয়াবা মন বেয়া লাগিলে ওচৰৰ মন্দিৰটোত গৈ বহেগৈ আবেলি। 

লতিকাই কয়, “আপুনি ফুৰি আহিবচোন বাইদ’ চুটি লৈ মাজে মাজে। আপোনাৰ মিতিৰ-কুটুম বোৰৰ ঘৰত। কিমাননো অকলে অকলে থাকিব, কথা পাতিবলৈও লগ এটা নাই।” 

” কোনে কৈছে কথা পাতিবলৈ লগ নাই? অমুৱে ফোন কৰে নহয়!” 

” থ’ক পায়। এমাহৰ মূৰত এবাৰ। কেতিয়াবা দুই মাহৰ মূৰত!” 

ধনিষ্ঠা নিৰোত্তৰ হৈ ৰয়। 

”সেই কাৰণে কৈছো, ফুৰি আহক কাৰোবাৰ ঘৰত। দুই তিনিদিন থাকি আহক। মন ভাল লাগিব।” 

” এতিয়ানো কি বুলি যাওঁ অ’, আগতে এদিনো নগ’লো ইয়াৰ পঢ়া খতি হয় বুলি, গাঁৱৰ দাদাহঁতৰ ঘৰত ধূলি-বালি লাগি ইয়াৰ বেমাৰ হয় বুলি। সেইবোৰ কাৰণত মোক সিহঁতে বেয়া পাই আছে চাগে এতিয়াও।” 

” আপুনিও আৰু বাইদ’। ল’ৰাটোক সোণৰ ল’ৰা তোলা দি তুলিলে।” 

” ভয় লাগে অ’। বাপেক নাইকিয়া ল’ৰাটোৰ কিবা এটা হৈ গ’লে মই কি কৰিম! তাক কোনো কষ্টই চুব নোৱাৰাকৈ তুলিলো।” 

”এতিয়া যে কথা পাতিবলৈও লগ নাইকিয়া হ’ল!” 

” তই আছই দেখোন।” 

”ইহ, আমি হ’লো সৰু মানুহ। মোৰ লগত আপুনি মনৰ চব কথা ভগাব পাৰিব জানো?” 

” বৰ বৰ কথা কৱ তই আজিকালি।” 

লতিকাই কামৰ মাজে মাজে কেতিয়াবা সেই ৰিক্সাৱালাটোৰ কথা কয়। কি দৰে সি সদায় সন্ধিয়া অভাৰব্ৰিজখনৰ ওচৰত তাইলৈ ৰৈ থাকে! কেতিয়াবা কাগজেৰে মেৰিয়াই থোৱা মিচলৰ টোপোলাটো তাইৰ হাতত গুজি দিয়ে। তাই মিচলৰ লগত দিয়া ভজা জলকীয়া কেইটা খাই ভাল পায় বুলি জানি সি চানাৱালা কেইটাৰ পৰা তিনি চাৰিটা সৰহকৈ লৈ লয়। তাই তাক জোকাই, 

” জালা খুৱাই খুৱাই মাৰিবি মোক?” 

”চাওঁচোন কেনেকৈ মৰ?” 

তাই হাঁহে। 

লতিকা তাৰ ৰিক্সাতে সদায় ঘৰলৈ যায়। দিনটো গোটাই থোৱা কথাবোৰ পাতে। সি কেতিয়াবা জুবিন, নীলআকাশৰ গানবোৰ গায়। তাই চানা গলিয়াই গলিয়াই শুনি যায়। তাৰ ৰিক্সাত উঠি অহা সেইখিনি সময়েই সিহঁতৰ সময়। নিজৰ সময়। 

ধনিষ্ঠাই লতিকাক সোধে, 

”তোৰ ভয় নালাগে নে? তোৰ মানুহটোৱে গম পালে?” 

” ভয় কিয় লাগিব বাইদ’। মই কি বেয়া কাম কৰিলো? তাৰ লগত কথা হে পাতোঁ। মোৰ মতাটোৱে দেখোন মোৰ লগত কথাই নাপাতে। গাৰ খজুৱতি মাৰিবৰ সময়ত হে তাৰ মোলৈ মনত পৰে। মদগাল খাই আহি মাৰপিট কৰে। আজিলৈকে মোক একো এটা দি পোৱা নাই। নালাগে নহয় ডাঙৰ বস্তু। লক্ষ্মীৰামে দিয়াৰ নিচিনা মিচল কেইটামান আনি দিলেই সুখী হ’ম। এইটো ভাবি, সি যে জানে মই কি ভালপাওঁ।” 

” লক্ষ্মীৰাম বিয়া পতা নে?” 

” পাতিলে। সিয়ো বিয়া পাতিলে। তিনিটা ল’ৰা ছোৱালী তাৰ। ঢেৰ টেনচন। ইস্কুলত দিয়া, বেমাৰ বটা, ঢেৰ টেনচন তাৰ। মোৰ তাৰ কথা শুনিলে ল’চালি জন্ম দিবলৈকে ভয় লাগে। মদাহীটোৰ লগত কেনেকে চলিম?” 

”মানুহটোক বুজাবি। তয়ো সাৱধানে থাকিবি। লক্ষ্মীৰামৰ কথা সি গম পালে…”

” কি কৰিব? মই লক্ষ্মীৰামলে যাম বুলি কৈছো নে কিবা? নে লক্ষ্মীৰামে মোক নিম বুলি কৈছে? তাৰ লগত শুব বিচৰা নাই নহয় মই। সিয়ো বিচৰা নাই।  মন খুলি কথাহে পাতোঁ। মন বেয়া লগা কথাবোৰ তাক ক’লে মনটো পাতল পাতল লাগে বাইদ’। আৰু ভাল লগা কথাবোৰ ক’লে মনটো আৰু বেছি ভাল লাগে।” শেষৰ কথাষাৰ কওঁতে মুখখন পোহৰ হৈ পৰে লতিকাৰ। 

লতিকাৰ কথাষাৰে জোকাৰি যায় ধনিষ্ঠাক। কিমান ভাললগা লতিকা আৰু লক্ষ্মীৰামৰ সম্পৰ্ক! ইটোৱে সিটোৰ দুখবোৰ ভগায়, সুখবোৰ ভগায়! পাঁচ জনকৈ স্বামী থকাৰ পাছতো দ্ৰৌপদীৰ সখা আছিল শ্ৰীকৃষ্ণ। 

প্ৰেমৰ উৰ্ধতো থাকিব পাৰে কিছুমান সম্পৰ্ক।  পুৰুষ আৰু নাৰীৰ সম্পৰ্ক এটাক প্ৰেমৰ নাম দিয়াৰ জৰুৰীতো নহয়। অন্তৰংগ সুহৃদতাক কি নাম দিয়া যায়? কি নাম দিয়া যায়? 

নাম দিবৰ প্ৰয়োজনেই বা কি? 

কাক নালাগে এজন সংগী? মাতষাৰৰ মূৰত মাত এষাৰ পাবলৈ কাৰনো মন নাযায়? 

গধূলিৰে পৰা ফোনটো হাতত লৈ কণ্টেক্ট লিষ্টখন স্ক্ৰল কৰি থাকে ধনিষ্ঠাই। 

নিৰ্দিষ্ট নামটোত ৰৈ যায় তাইৰ আঙুলি। অনিন্দ্য গোস্বামী। 

প্ৰায় ছমাহমানৰ আগত ধনিষ্ঠাহঁতৰ কলেজতে অনুষ্ঠিত হোৱা যুৱ মহোৎসৱত লগ পাইছিল তাই অনিন্দ্যক। কলেজৰ সহপাঠী আছিল। মহোৎসৱৰ সেই সাতটা দিনত পুনৰ জী উঠিছিল তাই অনিন্দ্যৰ সান্নিধ্যত। পুলকেশৰ পাচত তাই প্ৰথম আন কাৰোবাৰ সংগত প্ৰাণ খুলি হাঁহিব পাৰিছিল।  যাবৰ পৰত অনিন্দ্যই তাইক ফোন নম্বৰটো দি কৈছিল, 

”যোগাযোগ ৰাখিবা।” 

তাই ভয় কৰিছিল। কি বুলি যোগাযোগ ৰাখিব তাৰ লগত? কোনো পৰপুৰুষৰ লগত! বিগত ছমাহত কেইবাবাৰো অনিন্দ্যলৈ ফোন কৰিবলৈ লৈ থমকি ৰয় তাই। কিবা শংকা এটাই গ্ৰাস কৰি নিয়ে তাইক। 

কিন্তু আজি দেখোন কথাবোৰ তেনেকুৱা লগা নাই? 

তাইতো অনিন্দ্যক পুলকেশৰ ঠাই দিবলৈ লোৱা নাই। 

 না অনিন্দ্যই বিচাৰিব! 

তেন্তে ভয় কিহৰ? 

দীঘল উশাহ এটা লৈ তাই অনিন্দ্যৰ নাম্বাৰটো ডায়েল কৰে। 

বাহিৰত ইতিমধ্যে ফৰিংফুটা জোনাক সৰিছিল। 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments