অন্তৰ্দ্বন্দ্ব: ( দেৱীকা ফুকন )

“কি চাকৰি কৰা তুমি? ”- সহযাত্ৰীগৰাকীৰ প্ৰশ্নত বাস্তৱলৈ ঘূৰি আহিল কৰবী৷ অতপৰে বাছৰ খিৰিকিৰে বাহিৰৰ গছ-লতাবোৰ চাই বিভোৰ হৈ আহিছিল৷ মানুহগৰাকীৰ প্ৰশ্নৰ কি উত্তৰ দিব ভাবি নাপাই তেওঁৰ মুখলৈকে ৰ লাগি চালে৷ হঠাৎ তাইৰ হুচ্ আহিল৷ কি ভাবিছে বাৰু মানুহগৰাকীয়ে তাইক! গুৱাহাটিত বাছত উঠাৰপৰা তাই কোনো কথা পতা নাই কাষৰ মানুহগৰাকীৰ লগত৷

“নাই একো চাকৰি নকৰোঁ মই৷”- ইয়াতকৈ আৰু বেছি ক’বলৈ মন নগ’ল তাইৰ৷ মানুহগৰাকীলৈ তাই আঁৰ চকুৰে চালে৷ দেখাত শিক্ষয়িত্ৰী যেন অনুভৱ হয়৷ সুধিবলৈ মন নগ’ল একো৷ কাৰণ, তাইৰ এটা প্ৰশ্নই আন হাজাৰটা প্ৰশ্ন তাইক উদ্দেশ্যি সাজু কৰিব৷ মানুহগৰাকীৰ শান্ত- সৌম্য ৰূপৰ বিপৰীতে তাই! ! ! ! খেলিমেলি চুলিকোছা এহাতেৰে চপাই কান্ধতে পেলাই থ’লে৷ মানুহগৰাকীৰ শান্ত – সুস্থিৰ ৰূপটোৰ বিপৰীতে তাইৰ অস্থিৰ, অসংযত ৰূপটো কল্পনা কৰি ভিতৰি লাজ লাগিল৷ এনেয়েও বহুত মানুহ তাই দেখিছে, যি ইমান পৰিপাটিকৈ দিনটো থাকিব পাৰে; চকুত যাৰ প্ৰকাশ নাপায় কোনো কষ্ট, ভাগৰ, কিম্বা দুখ-যন্ত্ৰণা৷ এই মানুহ গৰাকীও তেনেকুৱাই৷ এইমাত্ৰ যেন গা-পা ধুই ঘৰৰ পৰা ওলাই আহিছে৷ অথচ মানুহগৰাকীৰ আধা বয়সৰ হৈও তাইৰ অৱস্থা তথৈবচ্৷ আউল-বাউল চুলি, কৰ্কশ মুখ মণ্ডল, গালৰ হনু ওলাই, চকু গাঁতত সোমাই তাই যেন কোনোবা বয়সীয়াল মহিলা৷

……………………….

“বাইদেউ, চাহ-ভাত কি খায় খাই ল’ব৷ বাছ ১৫ মিনিট ৰাখিম ইয়াত৷ ”- বাছৰ সহায়ক ল’ৰা জনৰ মাতত কৰবীৰ হুচ্ আহিল৷ অতপৰে তাই কি যে কথাবোৰ ভাবি আহিছিল৷ গুৱাহাটিৰ পৰা নগাঁৱলৈকে এই গোটেই বাটছোৱা নিজৰ ভাবতে বিভোৰ হৈ আছিল৷ চুৰ্ণীখন ভালদৰে লৈ তাই কাষৰ চিটটোলৈ চালে, মানুহগৰাকী নাই৷ ইতিমধ্যে হয়তো খাবলৈ নামি গৈছে৷ বাছৰ সৰহ সংখ্যক মানুহেই নামিলে৷ কেৱল তাই আৰু দুজনমানেহে নামিবলৈ বাকী৷ তাৰে এজনে নামিবলৈ যো-জা লগাই কাপোৰৰ সৰু বেগ এটা চিটৰ ওপৰৰ চেল্ফটোত থৈছে৷ পিছলৈ এগৰাকীয়ে কেঁচুৱাক গাখীৰ খোৱাই আছে৷ দেখাত তাইৰ সম বয়সীয়া যেনেই লাগিল৷ পুৰুষ এজনে ডিচপোজেবল গিলাছত গাখীৰ চাহ লৈ মানুহগৰাকীৰ কাষলৈ আহিছে৷ কৰবীয়ে ওলাই অহা বাটটোৰ একাষে খালী চিট্ এটাৰ ফালে সোমাই মানুহজনক বাট এৰি দিলে৷ মানুহজন হয়তো মানুহগৰাকীৰ স্বামী৷ সেই চিটৰ কাষৰ খিৰিকী কাষত বহা গৰাকী কোনো কলেজীয়া ছোৱালী; কাণত হেডফোন লগাই চিপচ্ খাই খাই খিৰিকীৰে বাহিৰলৈ চাই কথা পাতি আছে৷ কৰবীৰ নিজৰ কলেজীয়া দিনবোৰলৈ মনত পৰি গ’ল তাইক দেখি৷ এনেকৈয়ে পূজাৰ বতৰত ঘৰলৈ বুলি বাছত অহাটো কিমান যে হেপাহৰ কাম আছিল৷ আৰু, এতিয়া! সময়! সময়ে কাক ক’লৈ লৈ যায় তাৰ যে কোনো ঠিকনা নাই৷ বুকুৰ পৰা হুমুনিয়াহ এটা বাগৰি আহিল৷

……………………………

সেই একেই পৰিবেশ হোটেলখনৰ৷ লাইন হোটেল৷ আজি অতবছৰে গুৱাহাটিলৈ অহা যোৱা কৰোঁতে এইখন হোটেলতে বাছবোৰ ৰয়৷ কৰবীয়ে কলেজত নামভৰ্তি কৰাৰ কেইবছৰমান আগতেহে কিজানি এইখন খোলা হৈছিল৷ তাইৰ এতিয়াও মনত আছে নতুনকৈ খোলা হোটেলখনত নাৰ্জীফুলৰ মালা লগাই সজাই থোৱা আছিল৷ প্ৰথম ঘৰৰপৰা অকলে গুৱাহাটিলৈ বুলি আহিছিল তাই৷ সেইডোখৰত থকা বাকী হোটেলবোৰৰ তুলনা এইখন নতুন আছিল বাবে তাই সোমাই আহিছিল৷ বগা আটাৰ গুড়ি লাগিয়ে থকা ফচফচীয়া শুকান ৰুটি আৰু শুকান কৈ ভজা আলু ভাজিৰে খাই উঠি তাই প্ৰস্বাৱগাৰৰ ফালে গৈছিল৷ টিউবৱেল এটাৰ পাৰতে টিঙৰ বেৰা দিয়া প্ৰস্বাৱগাৰ৷ সেইখিনিলৈকে থিকেই আছিল৷ কিন্তু প্ৰস্বাৱগাৰৰ কাষৰ ঠাইখিনিতে মানুহ এজনীয়ে মাটিত থৈ হোটেলৰ খোৱা বাচনবোৰ ধুই আছে, তাকো একেখিনি পানীতে জোবোৰা মাৰি মাৰি৷ কৰবীৰ ঘিণত বমি হৈ গৈছিল৷ তাৰ পিছৰ পৰা আঁহোতে যাওঁতে হোটেলত একো নোখোৱা হৈছিল তাই৷

অথচ আজি পুনৰ তাই হোটেলত খাবলৈ সোমাইছে৷ কাৰণ যোৱা ৰাতি পাপৰিৰ ৰুমত ভালকৈ খোৱা-বোৱা নহ’ল৷ তাইৰ বান্ধৱী পাপৰি চাকৰিয়াল৷ ব্যক্তিগত কোম্পানীৰ কল্ চেণ্টাৰত কাম কৰা পাপৰিয়ে তাইক ৰাতিটো থাকিবলৈ যে দিলে সেয়াই বহুত৷ চাকৰি সাক্ষাৎকাৰৰ বাবে আহোঁতে যাওঁতে কতবাৰ যে তাই পাপৰিৰ সহায় লৈছে লেখ-জোখ নাই I পাপৰিয়ে নিজৰ ৰুমৰ নিচিনাকৈ তাইক তাত থাকিবলৈ কয়৷ কিন্তু তাই নোৱাৰে তেনেকৈ থাকিব৷ সমবয়সীয়া পাপৰিয়ে দৰমহাৰ টকাৰে কেনেকৈ চলে তাইও ভালদৰে বুজে৷ এটা চাকৰিৰ অভাৱত তাই এইদৰে পাপৰিৰ ওপৰত বোজা হ’বলৈ প্ৰায়ে আহে, সাক্ষাৎকাৰবোৰত বহিবলৈ৷ অথচ আজি অতবছৰে তাই চাকৰি এটা গোটাব পৰা নাই৷ প্ৰথমে প্ৰথমে এইক্ষেত্ৰত তাই নিজৰ পচন্দৰ চাকৰিত অগ্ৰাধিকাৰ দিছিল৷ কিন্তু পিছলৈ য’তেই পাওঁ তাতেই সোমাওঁ যেন হ’ল৷ তাইৰ নিজৰ পচন্দৰ মাপকাঠি দলিয়াই পেলোৱাৰ পিছতো আজিলৈ চাকৰি এটা গোটাব নোৱাৰাৰ যন্ত্ৰণা তাইৰ বাদে হয়তো আন কোনেও নুবুজে৷ তাইৰ এনেকুৱাই অনুভৱ হয় এতিয়া৷ বিভিন্ন চাকৰি সংক্ৰান্তীয় পৰীক্ষাসমূহত লিখিত পৰীক্ষাত উত্তীৰ্ণ হৈও মৌখিক পৰীক্ষাত সদায়ে পিছ পৰি ৰয় কৰবী৷

………………

হোটেলৰপৰা খাই বৈ ওলাই পান দোকানখনৰ কাষতে ৰ’ল কৰবী৷ বাছ এৰিবলৈ এতিয়াও সময় আছে৷ দুজনমানে পান পকতীয়াই কাষৰ গানৰ চিডি বিক্ৰী কৰি থকা দোকানতে ইটো-সিটো চাইছে৷ কৰবীয়ে মানুহবোৰকে চাই আছে৷ ইয়াত সকলোৰে নিশ্চয় জীৱিকা একোটা আছে, মাত্ৰ তাইৰ বাদে৷ তাইৰ অনুভৱ হয় যে এটা চাকৰিয়েই তাইৰ জীৱনৰ স্থবিৰতা সলাই পেলাবলৈ যথেষ্ট৷ বিয়া-বাৰু আদিবোৰৰ কথাই দেখুন তাইৰ মন মগজুত স্থানেই নোপোৱা হ’ল৷ মাৰ্কছিটৰ সংখ্যাকেইটায়ো তাইক আজিকালি যেন ইতিকিং কৰে৷ অথচ, এই সংখ্যাকেইটাই তাইক এটা সময়ত মেধাৱী বুলি মান-যশ দিছিল৷

……………..

পিছফালৰ পৰা গাত হাত এখন লগাতহে তাইৰ ভাৱনাত জটি পৰিল৷ কাষত বহি অহা মানুহগৰাকীয়ে তাইক বাছত উঠিবলৈ মনত পেলাই দিছে৷ অলপতেই অন্যমনস্ক হৈ পৰে কৰবী৷ তাই জানে তাইৰ এই অন্যমনস্কতাই কেতিয়াবা বিপদ মাতিব৷ মানুহগৰাকীলৈ সঁহাৰি জনাই ততাতৈয়াকৈ তাই বাছত উঠিল৷ কাষৰ মানুহগৰাকীয়ে কমলা টেঙা এটা আগবঢ়াই দিলে তাইৰ পিনে৷ নলওঁ বুলি ভাবিও কিন্তু টেঙাটো তাই হাতত তুলি ল’লে আৰু লগতে মানুহগৰাকীক ধন্যবাদ জনালে৷ তাই সৌজন্যৰ খাটিৰত মানুহগৰাকীকো কিবা এটা খাবলৈ আগবঢ়াই দিয়াৰ কথা ভাবিলে৷ কিন্তু তাইৰ কিঞ্চিত বাজেটত হোটেলৰ ৰুটিৰ পইচাৰ বাদে বেলেগকৈ চিপচ্ অথবা চানা-বিস্কুট আদি কিনাৰ সামৰ্থ নাই৷ কি কৰো কি নকৰো ভাবি হাতৰ কমলাটোকে গুচাই দুফুটামান মানুহগৰাকীৰ ফালে আগবঢ়াই দিলে৷ মানুহগৰাকীয়ে তাইৰ চকুলে চাই “নালাগে মোৰ আছে, তুমি খোৱা“-বুলি ক’লে৷

কৰবীৰ বুকু বিষাই গ’ল৷ এটা অজান ভয় লাগিল তাইৰ৷ মানুহগৰাকীয়ে তাইৰ অভাৱ-অনাটনবোৰৰ কথা কিবা ধৰিব পৰা নাইতো? তেওঁ তাইক পুতৌ কৰি খাবলৈ আগবঢ়াই দিয়া নাইতো! তাইৰ বুকুৰ উচপিচনি যেন মানুহগৰাকীয়ে বৰ সুন্দৰকৈ বুজি উঠিছে৷ তাইক অভয় প্ৰদান কৰিবলৈকে যেন তেওঁ তাই আগবঢ়াই দিয়া কমলা কেইফুটা হাত পাতি লৈছে৷ মানুহগৰাকীয়ে সমুখলৈ চাই চাই কিবা ভাবি গৈছে৷ কি ভাবিছে বাৰু তেওঁ! কৰবীৰ পাৰ হৈ যোৱা বসন্তবোৰৰ জোখ অথবা তাইৰ বিফলতাবোৰৰ হিচাপ কৰা নাইতো তেওঁ! আস্! ক’ত বাৰু আজিকালি আনৰ কথা চিন্তা কৰিবলৈ কাৰোবাৰ সময়৷ তথাপি, এইক্ষেত্ৰত তাই অমনোযোগী হ’ব নোখোজে৷ হাজাৰ বাধা-বিঘিনি নেউচি নিজকে শিক্ষিত বুলি পৰিচয় দিব পৰা কৰবীয়ে এটা মাত্ৰ চাকৰিৰ অভাৱত এদিনীয়া চিনাকি মানুহ এগৰাকীৰ ওচৰত পুতৌৰ পাত্ৰী হ’ব নোখোজে৷

বয়সৰ আঁচোৰ পৰি কৰ্কশ হোৱা হাতখনেৰে খপজপকৈ কৰবীয়ে নিজৰ বেগটো খুচৰিবলৈ ধৰিলে৷ বেগৰ ভিতৰত আগদিনা ইণ্টাৰভিউলৈ যাওঁতে খাবলৈ বুলি কিনি থোৱা বিস্কুটৰ পেকেটটোকে আলফুলে উলিয়াই আনি খুলি মানুহগৰাকীলৈ আগবঢ়াই দিলে৷ মানুহগৰাকীয়ে পেকেটৰ বিস্কুট হাতত তুলি লোৱাতহে কৰবীৰ সকাহ লাগিল৷

দীঘল হুমুনিয়াহ এটা কাঢ়ি চকু মুদি বাছৰ চিটত তাই নিজকে মুকলিকৈ এৰি দিলে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments