অন্য এক অসুখ (দিগন্ত কুমাৰ ভট্টাচাৰ্য)

মিছেচ চলিহাৰ উশাহবোৰ ঘন হৈ আহিছে। অস্ফুট শব্দ কিছুমানে মোৰ কাণৰ কাষত ভিৰ কৰিলেহি। লিপষ্টিকৰ এক উগ্ৰ গোন্ধ অনুভৱ কৰিলোঁ মোৰ উশাহত। মোৰ দুই ওঁঠ, গাল, ডিঙি-সকলোতে অগা-দেৱা কৰিবলৈ ধৰিলে সেই গোন্ধটিয়ে।

মোৰ বুকুত, মোৰ ডিঙিত তেওঁৰ ক’লা ৰঙী নেইল-প’লিছেৰে সুশোভিত দীঘল নখৰ আঁচোৰত বিৰিঙি উঠিব ধৰা তেজৰ চেকুৰাবোৰ দেখি কিয় জানো হঠাতে মই এক যন্ত্ৰণা অনুভৱ কৰিলোঁ। কেতিয়াবা কিছুমান সময়ত মন-মগজুৱে পাহৰিবলৈ আৰম্ভ কৰে আৱেগ-চেতনা সকলো। তেতিয়াই নিজকে এক জড় পদাৰ্থলৈ ৰূপান্তৰ কৰিবলৈ ইচ্ছা জাগ্ৰত হৈ উঠে৷ ময়ো যেন ক্লীৱত্বৰ দেশলৈ ধাৱমান হ’লোঁ ধীৰে ধীৰে- এনে লাগিল। বুকু-নাভি হৈ তেওঁৰ হাতদুখনি নামি আহিল লাহে লাহে। হঠাতে তেওঁ জঁকি উঠিল। চকু দুটা জ্বলিছে ক্ষুধাৰ্ত বাঘিনীৰ দৰে। ‘ইউ আৰ চাচ্চ এ ৱেষ্ট!’- মোৰ ডিঙিত সজোৰে খামোচ মাৰি ধৰিলে।
বিচনাখনৰ পৰা উঠি গৈ তেওঁ চিগাৰেট এটি জ্বলালে। মোবাইলটো লৈ কাৰোবাক ফোন লগালে।
‘হেল্লো, মিছেচ বৰুৱা!….আপুনি কাক পঠিয়াইছিল আজি? হি ইজ ট্ৰু’লি এ বাষ্টাৰ্ড…ট্ৰাইং ফ’ৰ লাষ্ট ওৱান আৱাৰ, বাট..! ছিৰিয়াছলি আই এম ফ্ৰাষ্ট্ৰেটেড। আপোনাৰ বেলেগ কোনোবা কনটেক্ট আছে যদি, প্লিজ…!’- ফোনটো কাটি দিলে তেওঁ।
‘আই পেইড ফ’ৰ ইউ..কাইলৈ আমাৰ মেৰেজ এনিভাৰ্চেৰী। মোৰ হাজবেণ্ডে ওচৰৰ ৰুমটোত ড্ৰিংকচ্ লৈ আছে। ইউ ৱিল বি এ নাইচ গিফ্ট ফ’ৰ হিম!’
‘মই বুজা নাই মেম…’
‘হি ইজ এ গে’…আশা কৰোঁ হি ৱিল লাইক ইউ’।
‘আপোনাৰ হাজবেণ্ড আৰু মই? নো, মে’ম…মই কেতিয়াও পুৰুষৰ লগত…’

‘কৈছো নহয়, আই অলৰে’ডী পেইড! আৰু, মই যে কথা পাতিলোঁ এইমাত্ৰ মিছেছ বৰুৱাৰ লগত..তেৱেঁইতো দিলে আইডিয়াটো!’
-চিগাৰেটৰ ধোঁৱাৰে কুণ্ডলী দুটামান পকাই তেওঁ খৰখেদাকৈ ওলাই গ’ল কোঠাটোৰ পৰা। অলপপৰ পিছত ঢলংপলং খোজেৰে তেওঁৰ গিৰিয়েক সোমাই আহিল। মি: চলিহা। দুচকু ৰঙা। মোলৈ চাই মিচিকিয়াই হাঁহিলে। দুৱাৰখন বন্ধ কৰিলে তেওঁ। দুৱাৰখনত ওলমি থকা ডাঙৰ ফ’টোফ্ৰেমখন সামান্য কঁপি উঠিল। ফ’টোফ্ৰেমত সেয়া চলিহা দম্পতীৰ ফ’টো। পৃথিৱীৰ সমস্ত সুখ-প্ৰশান্তিয়ে যেন দুয়োৰে মুখত ভিৰ কৰিছেহি। বোধকৰোঁ সেইখন তেওঁলোকক উপহাৰ দিছে কোনোবা বন্ধু-বান্ধৱীয়ে। তলত লিখা আছে ডাঙৰ আখৰেৰে-’টু দা মোষ্ট এমেজিং এণ্ড ৰোমেন্টিক কাপল্ অন আৰ্থ!’
০০০

জীৱনত কিবা এটা কৰাৰ সপোনবোৰে লাহে লাহে মুখ থেকেচা খোৱাৰ সময়তেই এদিন আমাৰ পদূলিমুখতে মহেন দা’ক লগ পাইছিলোঁ। তেওঁ চলাই অহা বিলাসী গাড়ীখন চুই ৰৈছিলোঁ বহু পৰ।
‘মোকো গুৱাহাটীলৈ লৈ যোৱা অ’ তোমাৰ লগত। কিবা সৰু কামত সুমুৱাই দিবা। অশান্তি লগা হৈছে আৰু এই গাঁৱত থাকি…’।
‘তই দেখোন বি.এটোও পঢ়িছিলি। পঢ়া-শুনা কৰি লোকৰ গাড়ীৰ ড্ৰাইভাৰ হ’বি জানো মোৰ দৰে?’
‘যিকোনো কামেই কৰিম’
‘ঠিক আছে, গুৱাহাটীলৈ আহি মোক লগ কৰিবি। আমাৰ মালিক বৰুৱা ছাৰ বৰ ডাঙৰ বিল্ডাৰ। দুবছৰমানৰপৰা বিচনাতে একেবাৰে। বেমাৰী, পেৰালাইছিছ। এতিয়া বাইদেৱে কাম-কাজবোৰ চায়। তেওঁক সুধি চাম বাৰু’।

মহেন দা’ৰ গাড়ীখন নেদেখা হৈছিল কেঁকুৰিটোত। মোৰ জীৱনটোৱেও হয়তো যাত্ৰাবাটৰ কেঁকুৰি এটাৰ সন্ধানতে আছিল, যিটোৰে আগবাঢ়িলে অতীত আৰু ভৱিষ্যত সদায়েই অচিনাকী হৈ থাকিব।
দুদিনমান পিছতে গুৱাহাটীলৈ আহিছিলোঁ। মহেন দা’ই মোক বৰুৱা বাইদেউৰ অ’ফিচলৈকে লৈ গৈছিল।

সোণালী ফ্ৰেমৰ চছমাযোৰৰ ওপৰেৰে মোলৈ চাইছিল বৰুৱা বাইদেৱে। তেওঁৰ সুতীক্ষ্ণ দৃষ্টিত মই তলমূৰ কৰিছিলোঁ।
‘গাঁৱৰ ল’ৰা..বাট ৱেল বিল্ট ফিজিক! ‘জিম’ কৰা জানো?’
‘আমাৰ গাঁৱত দুটা জিম আছে। পইচা দিব লাগে, নাযাওঁ।..খেতিৰ কাম কৰোঁ কেতিয়াবা।…আৰু ফুটবল খেলোঁ -চেণ্টাৰ ফ’ৰৱাৰ্ড’।
‘..ইউ উড বি এন এমেজিং প্লেয়াৰ! দেখিয়েই ধৰি পাৰিছিলোঁ’- তেওঁ হাঁহিছিল জোৰেৰে।
‘মোৰ কেনেকুৱা কাম হ’ব বাইদেউ?’
‘নো বাইদেউ, ‘মেম’!…ডাঙৰ ডাঙৰ কাম! শিকাই দিম, শিকি যাবা!’- আকৌ হাঁহিছিল তেওঁ।

 

সন্ধিয়া মোক ঘৰলৈ মাতিছিল তেওঁ। গৈছিলোঁ। ওপৰ মহলাৰ কোঠা এটিলৈ লৈ গৈছিল মোক। অলপ আঁতৰৰ কোঠা এটিৰ বিচনাত দেখিছিলোঁ পঞ্চাশৰ ওচৰ-পাজৰৰ ব্যক্তি এজন। বুজিছিলোঁ তেৱেঁই বৰুৱা ছাৰ। মই দূৰৈৰ পৰাই হাতযোৰ কৰিলোঁ। তেওঁৰ দৃষ্টি ভাৱলেশহীন। নাৰ্চ এগৰাকীয়ে তেওঁক দৰৱ খুৱাই আছিল।
বন্ধ কোঠাত বাইদেৱে মোক বুজাইছিল। মই থৰ লাগিছিলোঁ। কিমান সহজভাৱে এগৰাকী নাৰীয়ে ক’ব পাৰে আদিমতাৰ পাঠ! ৱাইন’ৰ গ্লাছটো থৈ তেওঁ আগবাঢ়ি আহিছিল মোৰ কাষলৈ। মোৰ হাতদুখন টানি নি কঁকালত মেৰিয়াই ধৰিছিল তেওঁ। তাৰ পিছত কঁকালৰ পৰা পিঠিলৈ….! কঁপিছিল মোৰ হাত দুখন। জ্বৰ ঘমা দি ঘামিলোঁ মই। ব্লাউজৰ চাৰিটা হুক খোলোতে মোৰ দহমিনিট মান সময় লাগিল।
‘ইউ হেভ টু বি ফাষ্ট! লং ড্ৰাইভ’ত গ’লে গাড়ীৰ টায়াৰ পাংচাৰ হ’লে ৰৈ থাকিবলগীয়া হোৱাটো যেনেকৈ বিৰক্তিকৰ, ইয়াতো একেই!’

লাহে লাহে চৰম তৃপ্তিৰ উন্মাদনাত উটি-ভাঁহি গৈছিল তেওঁ। আঁতৰৰ কোঠাত হয়তো বৰুৱা ছাৰক ইনজেকশ্যন দিছে নাৰ্ছজনীয়ে। ভাঁহি অহা তেওঁৰ কেঁকনিৰ শব্দৰ লগত বৰুৱা মে’মৰ তৃপ্ত দুই ওঁঠেৰে নিৰ্গত অদ্ভুত টুকুৰা শব্দবোৰে বন্ধ কোঠাৰ ভিতৰত এক অসহ্যকৰ চিম্ফ’নীৰ সৃষ্টি কৰিছিল। মই কাণ দুখন হেঁচি ধৰিছিলোঁ দুই হাতেৰে, জোৰেৰে!

ৰাতি দেৰিকৈ মহেন দাৰ কোঠালৈ উভতি আহিছিলোঁ। মোলৈ চাই কুটিল হাঁহি এটি মাৰিছিল তেওঁ। চহৰত পুৰুষৰ দেহৰো দাম থাকিব পাৰে! আচৰিত হৈছিলোঁ মই। গাঁৱৰ নৰোহৰিৰ বিধৱা পত্নীক দেখিলে সকলোৱে থুই পেলাইছিল, ঘৃণাত। তেওঁ হেনো দেহ বিক্ৰী কৰে, বুজা হোৱাৰ পিছত গম পাইছিলোঁ।
‘তোৰ বৰ ভাগ্য অ’। ‘মজা’ও কৰিবি, পইচাও পাবি! এৰি নিদিবি এই কাম’- বটলটোৰ পৰা অৱশিষ্ট মদখিনি গিলাচটোত বাকি ঢেকঢেকাই হাঁহিছিল মহেন দাই। মই বিৰক্ত হৈছিলোঁ।
পিছদিনাৰে পৰা গুৱাহাটীৰ অ’ত ত’ত সৰুকৈ হ’লেও কিবা কাম এটা পাওঁ নেকি বিচাৰিলোঁ। চাৰিওফালে নিৰাশাৰ পথবোৰ ৰৈ আছিল খোজ পেলাবলৈ। মহেন দাৰ কোঠাত ৰাতিৰ ভাতসাজ হজম নোহোৱা হ’ল। এচুকত পাতল বিচনা চাদৰ এখন পাৰি শুবলৈও অশান্তিয়ে বেঢ়ি ধৰা হ’ল। ‘চহৰত কিবা চাকৰি এটা পালে পিতাৰৰ ভৰিখনৰ অ’পাৰেচনটো কৰিব লাগিব অ’, অন্ততঃ এখোজ-দুখোজকৈতো চলা-ফুৰা কৰিব পাৰিব’- মাৰ কথাবোৰে কৰ্ণকুহৰত বিন্ধিছিল বৰকৈ।
প্ৰায় এমাহৰ মূৰত মই বৰুৱা মে’মৰ ওচৰলৈ যোৱাটোকে ঠিক কৰিলোঁ।
০০০

এটি পূৰ্ণহতীয়া চৰেৰে মোক আদৰণি জনাইছিল বৰুৱা মে’মে। খঙত তেওঁৰ নাকৰ পাহি দুটি কঁপিছিল। কিছু দেৰি পিছত মোৰ গালৰ তেওঁৰ আঙুলিৰ চাপ পৰা অংশত তলৰ ওঁঠটিৰে পৰশি কৈ গৈছিল-’জানিছিলোঁ, ইউ উড বি বেক! কি যে ফঁপৰা হৈ গ’লা এই দুদিনতে’।
মোৰ পেটটো চুই কৈছিল তেওঁ-’অকল ভাত খালে পেট ওলাবই। ইউ হেভ টু মেইনটেইন ইউৰ ডায়েট..এণ্ড জইন এ জিম। পইচা দিম, ভাল কাপোৰ কেইযোৰমান কিনি ল’বা। মাজে মাজে পাৰ্লাৰ যাব লাগিব। মোৰ চাৰ্ক’লৰ যিকেইগৰাকী ক্লায়েণ্ট দিম, কমপ্লেইন যাতে শুনিব নালাগে। ইংলিছ ভালকৈ ক’ব পৰা হ’লে ভাল’।
মই তলমূৰ কৰি ৰৈ আছিলোঁ একেথৰে।
তেওঁ মিচিকিয়াই হাঁহিছিল-’ডোণ্ট বি ছ’ ছেড..গিগ’লো ইজ নট এ বেড জৱ এট অল! প্ৰতিটো কামৰে ডিগনিটি থাকে। এণ্ড ৰিমেম্বাৰ, ক্লায়েণ্ট ইজ ইয়’ৰ গ’ড…গ্ৰাহক সদায় ভগৱান!’
হাতত গুজি দিয়া এহেজাৰ টকীয়া নোটকেইখন দেখি মোৰ হঠাতে মনত পৰিল অৰুণালৈ!

গুৱাহাটীলৈ অহাৰ আগদিনা সন্ধিয়া তাইক লগ পাইছিলোঁ নৈৰ পাৰত।
‘গুৱাহাটীলৈ যাবা..তোমাৰ চাকৰি হ’ব…আস্‌! মোক কি নো দিবা প্ৰথম দৰমহাৰ টকাৰে?’ – তাই সুধিছিল।
‘যি বিচৰা…’ – জোনৰ পোহৰত দেখিছিলোঁ তাইৰ উজ্জ্বল দুচকু। পৃথিৱীৰ অনেক আশা-সপোনে আহি গধুৰ কৰি তোলা তাইৰ সিক্ত দুচকু।
মই দুহাতেৰে ওচৰ চপাই আনিলোঁ তাইক। তাইৰ তপত ওঁঠ দুটিয়ে স্পৰ্শ কৰিলে মোৰ গাল। নাৰীৰ পৰশে ইমান যে পুলাকনুভূতি জগাই তুলিব পাৰে, প্ৰথমবাৰৰ বাবে অনুভৱ কৰিছিলোঁ। অবুজ শিহৰণে নিচাগ্ৰস্ত কৰি গ’ল মোৰ মন-মগজু। তাইৰ নাভিৰেখাত ওলমিবলৈ আৰম্ভ কৰিছিল এক আদিম সপোন।
‘এতিয়াই নহ’ব…..’ -তাই উচাৎ মাৰি আঁতৰি গৈছিল হাঁহি হাঁহি। মৰম আকলুৱা মনটোৰ অভিমান জাগিছিল। নোপোৱাৰ বেদনাও মধুৰ হৈ পৰিছিল মোৰ বাবে।
০০০

জীৱনটোৰ গতিৰ দিশ নিৰূপণ কৰিবলৈ অপাৰগ হৈছিলোঁ মই ধীৰে ধীৰে।
লেকাম নোহোৱা ঘোঁৰাৰ দৰে জীৱনটোৱে হঠাতে ভিন্ন দিশে অগ্ৰসৰ হ’বলৈ ধৰিছিল। ছমাহৰ ভিতৰত পৰিৱৰ্তনবোৰ দেখি তবধ মানিবলৈও আহৰি পোৱা নাছিলোঁ মই। বৰুৱা মেমহঁতৰ চাৰ্ক’লত মই এক পৰিচিত নাম হৈ পৰিছিলোঁ।
বুকুত শিল থৈ প্ৰতিগৰাকী নাৰীৰ মাজত মই কল্পনা কৰিবলৈ লৈছিলোঁ অৰুণাক।
প্ৰতিগৰাকী নাৰীৰ চুলিৰ গোন্ধত বিচাৰি ল’বলৈ চেষ্টা কৰিছিলোঁ অৰুণাই চুলিত লগোৱা জেতুকা পাতৰ সুগন্ধি।
প্ৰতিগৰাকী নাৰীৰ দেহৰ ভাঁজত আঁকিবলৈ যত্ন কৰিছিলোঁ অৰুণাৰ প্ৰতি মনত বাঁহ লোৱা হেঁপাহৰ ৰেখা!
মহেন দাৰ কোঠাৰ পৰা আহি অকলে ভাড়াঘৰ এটি লৈ থাকিবলৈ ল’লোঁ। মাজতে ঘৰলৈ গৈ মাৰ হাতত তুলি দিছিলোঁ পাটৰ মেখেলা-চাদৰ এযোৰ, পিতাইৰ হাতত টকা পাঁচহাজাৰ। মাৰ আনন্দাশ্ৰু চাবলৈ ৰৈ থকা নাছিলোঁ। অৰুণাই ফোন কৰি হাজাৰটা সমস্যাৰ কথা কৈছিল।

বৰুৱা মে’মক কৈছিলোঁ অৰুণাৰ কথা।
‘বিয়া পাতা, ঘৈণীয়েৰাক আনি লগত ৰাখা- যি মন যায়, কৰা..মই একো নকওঁ। কিন্তু মনত ৰাখিবা যেতিয়াই আমি মাতো, ইউ হেভ টু কাম….’।

অৰুণাৰ কপালৰ দগমগীয়া সেন্দুৰৰ ফোঁটটিয়ে তাই অহাৰ দিনাই মোৰ সৰু ঘৰটিক পোহৰাইছিল। প্ৰথম নিশা মোৰ পলম হৈছিল ঘৰলৈ উভতি আহোতে। অৰুণা ৰৈ আছিল। সলাজ হাঁহিৰে খোপাটো খুলিছিল তাই। চুলিবোৰ মোৰ নাকে-মুখে সোমাইছিল। মিছেছ দত্তৰ হেয়াৰ অইলৰ উগ্ৰ গোন্ধটি নাকত লাগিছিল। নিলাজ হৈ অৰুণাৰ চাদৰখন খহি পৰিছিল বুকুৰ পৰা।
‘তিলটো চাইছা? বুকুৰ সোঁমাজতে তিল থকা নাৰী কেনেকুৱা হয় জানা……?’- চকু টিপিয়াই তলওঁঠটি কামুৰি ঠিক মিছেছ শইকীয়াৰ দৰেই যেন কৈ উঠিব অৰুণাই, এনে লাগিল মোৰ। অৰুণাৰ নাভিৰ ওপৰতে এটি জুয়ে পোৰা দাগ আছে।
‘….এইবোৰ চিগাৰেটৰ পোৰা দাগ..মাই এক্স ৱাজ এ চাইক’….চাল্লা একদম যেন ৰেপিষ্ট!’ -মিছ মঞ্জিৰীলৈ মনত পৰিছিল হঠাতে।

মই উঠি গৈ গা-মূৰত পানী এবাল্টি ঢালিছিলোঁ। বহুপৰ অকলে বহি ৰৈছিলোঁ আকাশৰ তলত।
দুদিন আগতে এদিন নিশা মোৰ পিঠিত হাত থৈ অৰুণাই সুধিছিল-’আজি বিয়াৰ এমাহ হ’ল, আজিলৈ তুমি মোক স্পৰ্শ কৰা নাই। তোমাৰ কি সমস্যা আছে কোৱা….কিবা অসুখ, বেমাৰ?’
মই একো মতা নাছিলোঁ। বুজি পোৱা নাছিলোঁ তাইক কেনেদৰে কওঁ মোৰ ‘অসুখ’ কি! তাই উচুপিছিল।
০০০

মিষ্টাৰ চলিহাই নিজেই গাড়ীৰে মোক নমাই থৈ গ’ল ঘৰৰ ওচৰত। যোৱাৰ সময়ত মোৰ হাতত দি থৈ গ’ল তেওঁৰ কাৰ্ডখন আৰু টকা দুহেজাৰ।
বৰষুণ পৰিবলৈ আৰম্ভ কৰিছে। মই ৰাস্তাৰ দাঁতিত ঠিয় হৈ ৰ’লোঁ, সমস্ত শৰীৰটোক যেন ধুৱাই লৈ যায় বৰষুণজাকে। মোবাইলৰ পৰা ছিম কাৰ্ডখন উলিয়াই ওচৰৰ ডাষ্টবিনটোত পেলাই দিলোঁ। আমাৰ ভাড়াঘৰটোলৈ সোমোৱা গলিটোৰ সন্মুখতে ফুলৰ দোকান এখন। ৰজনীগন্ধা ফুলৰ মালা এডাল কিনিলোঁ মই। ‘ৰজনীগন্ধা ফুল মইযে দেখাই নাই, শুনিছোঁহে। বিয়াৰ প্ৰথম নিশা মোৰ খোঁপাত গুজিবলৈ..’- অৰুণাই আগতে কিমানবাৰ যে কৈছিল। তাইক আজি ক’ম আগৰ চাকৰিটো নাই, কাইলৈৰ পৰা নতুন কামৰ সন্ধানত ওলাম।

নিশা ন’ বাজিছে। অৰুণা হয়তো আজি আচৰিত হ’ব ইমান সোনকালে ঘৰলৈ অহা বাবে।
অৰুণা গা ধুই বাথৰুমৰ পৰা ওলাইছে। তাইৰ সেন্দুৰৰ ফোঁটটি আধা মচ খোৱা। কোঠাৰ বিচনা চাদৰখন অপৰিপাটি হৈ পৰি আছে। মোক দেখি তাই লৰালৰিকৈ বিচনাত পৰি থকা সৰু পেকেট এটা হাতৰ মুঠিত লৈ আঁতৰি গ’ল। জন্ম নিৰোধক টেবলেটৰ ষ্ট্ৰিপ এটা – মই চিনিব পাৰিছিলোঁ। তাইৰ পিঠিত নখৰ দীঘলীয়া দুটি আঁচোৰ চকুত পৰিল মোৰ।
টেবুলৰ ওপৰত পৰি থকা চাবি এপাট দেখি উঠাই গজাল এটাত ওলোমাই থলোঁ। চাবিৰ ৰিংটো মহেন দাক ময়েই কিনি দিছিলোঁ এদিন। মৃদু শব্দ কৰি চাবিপাট কঁপি থাকিল কিছু সময়। মোৰ হৃদয়ৰ মৃদু কঁপনিও অনুভৱ কৰিলোঁ মই। কোঠাত বিয়পি থকা চিগাৰেটৰ গোন্ধটোৱে ৰজনীগন্ধা ফুলৰ সুবাসৰ লগত একেলগে আহি মোৰ নাকত সোমালেহি। উশাহ ল’বলৈ কষ্ট হ’ল মোৰ। খিৰিকীখন খুলি দিলোঁ। ক’ৰবাৰ পৰা আহি এটি নতুন অসুখে বাঁহ সাজিবলৈ আৰম্ভ কৰিলে মোৰ মনত, মোৰ শৰীৰত।।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments