অন্য এক তেজিমলা ( শংকৰ লস্কৰ )

দুপৰীয়া ভাতকেইটা খাই চকীখনতে বহিছোঁহে, ফোনটো বাজিল…
: আহিবনে দাদা, আমাৰ ঘৰলৈ?
: কিবা কাম আছিলেনে?
: আহিবচোন! — বুলি কৈয়ে লাইনটো কাটি দিলে নয়নাই। নয়না আমাৰ গাঁৱৰে বোৱাৰী, আচলতে বোৱাৰী হোৱাৰ বয়স হোৱাই নাই, সৰু ছোৱালী… ষোল্ল-সোতৰ বছৰ মান হ’ব চাগে’! সময়ে বিয়া হ’বলৈ বাধ্য কৰালে…. গিৰিয়েকে বাহিৰত চাকৰি কৰে, ঘৰখনত বোৱাৰীজনী, সৰু ল’ৰা-ছোৱালী দুটা আৰু শাহুৱেক…

মই অকমান পিছতে গৈ যেতিয়া চোতালত হাজিৰ হ’লোঁ, তেতিয়াই শুনিবলৈ পালোঁ অকণমান ডাঙৰ ডাঙৰকৈ কোৱা শাহুৱেকৰ মাত…. “তোক আমি উদ্ধাৰ কৰি আনিলোঁ, এতিয়া তই আমাক বিপদত পেলাই মাৰ নেকি? সন্মুখত বিহু এটা আহি আছে, তোৰ আকৌ কি ঢেকী দিব নোৱাৰা বেমাৰ হ’ল? লোকৰ বোৱাৰীহঁতৰ একোৱেই নাই, আমাৰহে লেথাই নুগুচে…

মই মাত দিলোঁ….
: খুড়ী, আছেনে?
: অহ, কনক, আহ, ভিতৰলৈকে আহ। বহ। ময়ে ফোন কৰিবলৈ দিছিলোঁ, ৰাতিপুৱাৰ পৰা এইজনীৰ বোলে পেটৰ বিষ, ডাক্তৰৰ তালৈ সেই আশাজনীৰ লগত আকৌ গৈছিল, কিবা বেজি আৰু চেলাইন দি পঠিয়াইছে, তই বেজি দি ফুৰ যেতিয়া তোকে মাতি দিলোঁ, তই দি দেচোন!
: হ’ব দিয়ক।
: অই শুনিছনে, পাৰিবিনে বাহিৰলৈ আহিবলৈ? — শাহুয়েকে নয়নাক ক’লে।
: অ দাদা, আহিলে!
: অ আহিলোঁ।
: এয়া চওকচোন ঔষধকেইটা। — থোকা-থুকি মাতেৰে নয়নাই ক’লে। ঔষধবোৰ দেখিয়েই মোৰ মূৰ গৰম হৈ গ’ল।
: অ হ’ব দিয়া, অকণমান গৰম পানী লাগিব, আছেনে?
: আছে।

কামখিনি কৰি আহি কিবা ভাগৰ ভাগৰ যেন লাগিছে, বিছনাতে বাগৰ এটা দি নয়নাহঁতৰ ঘৰৰ ওচৰৰ হৰেশ্বৰ ককায়ে কোৱা কথাকেইটালৈ মনত পৰিল। কি জীৱন…গাভৰুতেও দুখ, বিয়াৰ পিছতো সুখ নহ’ল ছোৱালীজনীৰ! ….কোনে জানে কাৰ কি ভৱিষ্যত!!… ছোৱালীজনীৰ বাপেক সৰুতেই ঢুকাইছিল। তেতিয়া তাইৰ বয়স আঠ বছৰ মান হ’ব, তেতিয়া মাকে জীয়েকক লৈ দিন হাজিৰা কৰিছিল, এদিন গাভৰু মানুহজনীয়ে নিজৰ জীয়েকক ৰাতি শুই থকা ঠাইতে এৰি বেলেগ এটা মানুহলৈ গুচি গৈছিল আৰু ৰাতিপুৱা সৰু ছোৱালীজনীয়ে চিঞৰি চিঞৰি কান্দিছিল, কিন্তু মাকক বিচাৰি পোৱা নাছিল। গাঁৱৰ মানুহ জমা হৈছিল সিহঁতৰ জুপুৰিটোৰ চোতালত। কিছুমানে হাঁহিছিল। তাই বুজি পোৱা নাছিল সেইবোৰ। সম্বন্ধীয় মোমায়েক এজনে তাইক লৈ গৈছিল নিজৰ লগত পঢ়াই-শুনাই ডাঙৰ কৰিম বুলি! ….তাই তাত চাকৰৰ দৰে কাম কৰি পঢ়া-শুনা কৰিছিল, মাজে মাজে মামীয়েকৰ চৰ-ভুকুৱে তাইৰ গাল, পিঠি ৰঙা কৰিছিল, দুখকো দুখ নুবুলি তাই সহি গৈছিল নিৰৱে……এনেকৈয়ে এদিন তাই আন দহজনীৰ দৰে গাভৰু হ’ল, কথাবোৰ বুজি পোৱা হ’ল…

এদিন আমাৰ গাঁৱৰ ল’ৰাটো অৰ্থাৎ তাইৰ গিৰিয়েক, সি লগৰ এটাৰ ঘৰত সিহঁতৰ গাঁৱলৈ বিহু চাবলৈ গৈছিল। তাতে তাইৰ লগত চিনাকি হ’ল। খুব কম দিনৰ ভিতৰতে সি এদিন তাইক পলুৱাই লৈ আনিলে। পিছে তাইৰ দুখ নগ’ল। দুখে ৰূপহে সলালে। আহি মামীয়েক ৰূপী শাহু পালে। অহাৰ দিনাই দুয়োটাকে গৰু পিটন দিলে মাকে। গিৰিয়েকটো আকৌ মাকৰ আগত ভিজা মেকুৰী। কোনো কথায়ে জোৰ দি ক’বই নোৱাৰে। এতিয়া শাহুয়েকে মাৰ-ধৰ নকৰে যদিও কথাবোৰ চৰ-ভুকুতকৈ কোনো গুণে কম নহয়। আকৌ নিৰৱে সহি জীৱন যাত্ৰা….. মৰিবও নোৱাৰে, ল’ৰা-ছোৱালীকেইটাৰ মুখলৈ চাই….

হঠাতে ফোনটো আকৌ বাজিল…
: দাদা, চেলাইনটো খুলিব লাগিছিল, শেষ হ’ব এতিয়া।
: মই গৈ আছোঁ, ৰ’বা। — বুলি কৈ লাইনটো কাটি দিলোঁ।

: খুড়ী, এই অৱস্থাত নয়নাই অকণমান আৰাম ল’ব লাগিব, নহ’লে আকৌ ব্লিডিং হ’ব, ঢেকী মাৰিবলৈ নিদিব, নহ’লে আপোনালোকৰ বিহু লাগি যাব। ল’ৰাটো আহিলে আহিলে আমাৰ আশা বাইদেউক লগ কৰি গৰ্ভনিৰোধৰ পৰামৰ্শ ল’বলৈ দিব। তাইৰ অৱস্থাটো চাওক আৰু এবাৰলৈ হ’লে মৰি থাকিব। কথাটো নেপাহৰিব। — বুলি কৈ মই গুচি আহিলোঁ নাৰীৰূপী অসুৰগৰাকীৰ ওচৰৰ পৰা…… !!!!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments