অন্য এক পৃথিৱী (মাধুৰীমা ঘৰফলীয়া)

(৪)
মানুহজনে কোৱা কথাবোৰ সিহঁতে সাধুৰ দৰে শুনি গৈছিল৷ এটা সময়ত আটাইকেইটাই কান্দি কান্দি চিঞৰিলে –

-আপুনি আমাক মিছা কথা কৈছে!
-এনেকুৱা কথাবোৰ চিনেমাতহে থাকে৷ আমি নামানো!
-অনুগ্ৰহ কৰি আমাক ঘৰলৈ পঠিয়াই দিয়ক!

সিহঁত আটাইকেইটাই কান্দি কান্দি অৱশ হৈ পৰিছিল৷ কেৱল গাৰ্ডজনে কন্দা নাছিল৷ তেওঁ যেন শিলামূৰ্তিলৈহে পৰিণত হৈ গৈছিল৷ তেওঁৰ কাণত মানুহজনে কোৱা কথাবোৰ প্ৰতিধ্বনি হৈ আছিল-

-মই ডেকাকালতে ইয়ালৈ আহিছিলো৷ তোমালোকৰ দৰে মোৰো এখন ঘৰ আছিল৷ মা-দেউতা, ককাই-ভাই আছিল৷ এদিন খৰি নিবলৈ বুলি অৰণ্যখনত সোমাইছিলো৷ শুকান খৰি বিচাৰি বিচাৰি ইফাল সিফাল কৰোতে এবাৰ গছৰ শিপা এডালত উজুটি খাই লুটি খাই পৰি গলো৷ মাটিৰ পৰা উঠি দেখো যে এয়া মোৰ চিনাকি পৃথিৱীখন নহয়৷ মই অন্য এক পৃথিৱীত সোমাই পৰিছিলো৷ ঘৰলৈ যাবলৈ বুলি বাট বিচাৰি লেবেজান হোৱা ল’ৰাটোক এইখন গাঁওৰে সেইসময়ৰ গাঁওবুঢ়া বৰদেউতাই উদ্ধাৰ কৰি আনিছিল আৰু এটা সময়ত আহি ময়েই এই ঠাইৰ গাঁওবুঢ়া হলোহি৷

– কিন্তু এইয়া কেনেকৈ সম্ভৱ!
– ৱৰ্ম হ’লৰ বিষয়ে শুনিছা নহয়?
– ৱৰ্ম হ’ল !
– হয়, ৱৰ্ম হল৷ পৃথিৱীত আমাৰ অজানিতে বহু সময়ত বহু ঠাইত কিছুমান সৰু সৰু ৱৰ্ম হলৰ দৰে হ’লৰ সৃষ্টি হয়৷ যিবোৰ হয়তো কেইচেকেণ্ডমানহে জাগ্ৰত হৈ থাকে৷ আমাৰ সেই অৰণ্যখনতো এটা নিৰ্দিষ্ট সময়ৰ মুৰে মুৰে ৱৰ্ম হ’লৰ দৰে এটা পৰিঘটনা হয় যাৰ কবলত পৰি আমি সকলো আজি অক্ৰামত!
-আপুনি মিছা কথা কৈছে? ইমান ডাঙৰ ঘটনা এটা পৃথিৱীত ঘটি থকা হলে বহুতেই গম পালেহেঁতেন৷
-কোনেও নাজানে বুলিনো তোমালোকে কেনেকৈ ভাবিলা?
-মানে?
-মানে মনে মনে পৃথিৱীৰ বহু বিজ্ঞানীয়ে এই বিষয়ে গৱেষণা কৰি আছে৷ আৰু আমাৰ মাজত থকা বিজ্ঞানী জে. শৰ্মা তাৰেই এটা প্ৰমাণ৷
-জে. শৰ্মা মানে …আজিৰ পৰা বহু বছৰৰ আগতে এইখন অৰণ্যত হেৰাই যোৱা বুলি শুনা সেই জে শৰ্মা!
-ও ও৷

ল’ৰা-ছোৱালীকেইটাই মূৰে-কপালে হাত দি বহি পৰিছিল৷

নাই নাই এনেবোৰ অসংলগ্ন কথা সিহঁতে বিশ্বাস কৰিব নোৱাৰে৷ কেতিয়াও নোৱাৰে৷ কিন্তু কিমান দেৰিলৈ! সিহঁতে নিজকে চম্ভালি লোৱালৈকে অক্ৰামত কেইবাদিনো পাৰ হৈ গৈছিল৷ এইখিনি সময়ত সিহঁতে পাৰে মানে অক্ৰামৰ চাৰিফালে ঘূৰি ঘূৰি কথাবোৰ ভুল বুলি প্ৰমাণ কৰিবলৈ চেষ্টা কৰিলে৷ কিন্তু অক্ৰামৰ পৰিবেশে সিহঁতৰ বিশ্বাসত পানী ঢালি নিজৰ অস্তিত্ব জাহিৰ কৰি দিলে৷

অক্ৰামৰ জন্মৰ বিষয়ে কাৰো কাষতেই নিৰ্দিষ্ট তথ্য নাই৷ আনকি কোনে কেতিয়া এই নামটো দিলে কোনেও নাজানে৷ অক্ৰামৰ বহু আঁতৰে আঁতৰে থকা চুবুৰিবোৰৰ নামো বৰ আকৰ্ষণীয়৷ যদি কোনোবা এটা চুবুৰি ডাঙৰ আঁহত এজোপাৰ কাষত আছে তেন্তে সেই চুবুৰিটোৰ নাম অক্ৰামআ৷ কোনোবাটো চুবুৰি যদি কোনোবা জুৰিৰ কাষত আছে তেন্তে সেইটোৰ নাম অক্ৰামজু৷ অক্ৰামজু আৰু ইয়াৰ আশে পাশে থকা গাঁওকেইখনত প্ৰধানকৈ অক্ৰামৰ থলুৱা ভাষা ব্যৱহাৰ হয় যদিও অসমীয়া, হিন্দী বাংলা, ইংৰাজী আদি বিভিন্ন ভাষাও তেওঁলোকৰ মাজৰ বহুজনে বুজি পায় আৰু ক’বও পাৰে৷ বিশেষকৈ পৃথিৱীৰ পৰা অহা লোকৰ সংস্পৰ্শত থকা সকলে এইবোৰ ভাষা জানে৷ অক্ৰামত কোনো ধৰ্ম নাই৷ সকলোৱে বনদেৱতাক প্ৰাৰ্থনা কৰে৷ পৃথিৱীৰ দৰেই ইয়াত ধান ঘেঁহু আদিৰ খেতি কৰা হয়৷ পৃথিৱীত পোৱা প্ৰায় বিলাক শাক-পাচলিয়েই পোৱা যায়৷ মুঠতে অক্ৰাম হৈছে পৃথিৱীৰ এটা অবিকল প্ৰতিৰূপ!

শোক আৰু বিস্ময়ত অভিহঁত জঠৰ হৈ পৰো পৰো অৱস্থা হওতেই কোনোবা এখন দূৰৈৰ গাঁওলৈ ফুৰিবলৈ যোৱা জে. শৰ্মা উভতি আহিল৷

-তোমালোকৰ খবৰ মই পাইছিলো৷
হাঁহিমুখীয়া মানুহজনে সিহঁতৰ ম’বাইলবোৰ পিটিকি পিটিকি কলে৷

-পৃথিৱীত তোমালোক অহাৰ সময়ত কিমান চন আছিল বাৰু? মোৰ যদি ভুল হোৱা নাই ২০১৬ চন নহয়নে৷

-হয় এতিয়া ২০১৬ চন হৈ আছে৷
গোটেইকেইটাৰ হৈ একলব্যই উত্তৰ দিলে৷

-হমম ! এতিয়া নহয় তোমালোক অহাৰ সময়ত ২০১৬ আছিল৷
-মানে?
-মানে এতিয়া পৃথিৱীত ২০২১ চন চলি আছে!

(৫)

-মই পগলা হ’ম এতিয়া৷
বৰ্ণাই চকী এখনত বহি কলে৷
-কথাবোৰ অলপ দীঘলীয়া হ’ব৷
জে. শৰ্মাই বৰ্ড এখনত কিবা কিবি এসোপা আঁক-বাঁক কৰিলে৷ তাৰ পাছত ছবিবোৰ দেখুৱাই বুজাবলৈ চেষ্টা কৰিলে৷
-চোৱা, এটা সময় এনে আছিল যে আমি ভাবিছিলো কেৱল আমাৰ পৃথিৱীয়েহে একমাত্ৰ গ্ৰহ য’ত জীৱৰ অস্তিত্ব আছে৷ কিন্তু সময়ৰ লগে লগে বিজ্ঞানীসকলৰ সেই ধাৰণাবোৰ সলনি হ’বলৈ ধৰিলে৷ হয়তো পৃথিৱীৰ দৰে আৰু বহু গ্ৰহ থাকিব পাৰে হয়তো হাজাৰ হাজাৰ ইউনিভাৰ্ছো আছে৷ এনে ধাৰণাবোৰ লৈয়ে বিজ্ঞানীসকলে পৃথিৱীৰ দৰে গ্ৰহৰ সন্ধান কৰিবলৈ ধৰিলে আৰু এই সন্ধানৰ মাজতেই পেৰেলেল ৱৰ্ল্ডৰ ধাৰণাটো গঢ় লৈ উঠিল৷

-পেৰেলেল ৱৰ্ল্ড!
-হয়, পেৰেলেল ৱৰ্ল্ড৷
-আচলতে আমি যিখন ইউনিভাৰ্ছত থাকো সেইখন দূৰৈৰ পৰা অহা পোহৰৰ কণাটোৰ সমানেই ডাঙৰ৷ দুৰৈৰ পৰা অহা পোহৰৰ কণাৰ পৰা সেয়া আমি আবিস্কাৰ কৰিবলৈ সক্ষম হৈছো৷ কিন্তু সেই পোহৰৰ কণাটোৰ পাছত কি আছে? তাৰ পাছত আমাৰ ইউনিভাৰ্ছখনৰ দৰেই ইউনিভাৰ্ছ আছে নেকি? তাতো আমাৰ পৃথিৱীৰ দৰেই জীৱৰ অস্তিত্ব আছে চাগৈ৷ এই ধৰণৰ প্ৰশ্নবোৰেই পেৰেলেল ৱৰ্ল্ডৰ ধাৰণাটো জন্ম দিলে৷ বিজ্ঞানীসকলেও এই ধাৰণাটোক চাৰিটা ভাগত ভাগ কৰিছে৷
লেভেল ৱানৰ ইউনিভাৰ্ছখন হয়তো আমি কেতিয়াও নাজানিম৷ কিয়নো সেইখনৰ কল্পনা আমি দেখা পোৱা পোহৰৰ কণাৰ পাছতহে আছে৷ তাত হয়তো আমাৰ ইউনিভাৰ্ছখনৰ দৰেই হাজাৰ হাজাৰ ইউনিভাৰ্ছ আছে৷
লেভেল টুৰ থিয়ৰীৰ মতে মহাকাশত বিভিন্ন ইউনিভাৰ্ছ আছে আৰু এই ইউনিভাৰ্ছবোৰ পোহৰৰ গতিবেগতকৈ বেছি সোনকালে ডাঙৰ হৈ গৈ আছে বা নতুন নতুন ইউনিভাৰ্ছৰ জন্ম দিছে৷ গতিকে এই ধৰণৰ পেৰেলেল ৱৰ্ল্ডৰ বিষয়ে জনাটো আমাৰ বাবে সম্ভৱ নহয়৷
লেভেল থ্ৰী পেৰেলেল ৱৰ্ল্ডৰ ধাৰণাটো কোৱাণ্টাম ফিজিক্সৰ ওপৰত নিৰ্ভৰ কৰি জন্ম হৈছে৷ এই থিয়ৰিৰ মতে এই পৃথিৱীতেই আমাৰ দৰেই একে আন বহুতো পৃথিৱী আছে৷ আমি সেইবোৰ দেখা নাপাওঁ কাৰণ প্ৰতিখন পৃথিৱীয়ে এখন বেলেগ ডাইমেনচন বা সহজ ভাষাত ক’বলৈ গলে বেলেগ এটা স্তৰৰ মাজত আছে৷ সেইখন পৃথিৱীতো হয়তো আমাৰ পৃথিৱীৰ প্ৰতিটো বস্তু, গছ আনকি আমাৰো প্ৰতিৰূপ আছে! কালি তোমাৰ পৃথিৱীত তুমি ক’ৰবাত ফুৰিবলৈ বুলি গৈছা, আনখন পৃথিৱীত তুমি শুই আছা, হয়তো এনেকুৱাও হ’ব পাৰে কোনোবা এখন পৃথিৱীত তোমাৰ জন্মই হোৱা নাই!
লেভেল ফ’ৰ পেৰেলেল ৱৰ্ল্ডৰ ধাৰণাটোৱে বাকী তিনিওটাকে মিলাইছে৷ এই ধাৰণাটোৰ মতে বেলেগ ইউনিভাৰ্ছ থাকিব পাৰে, বেলেগ পেৰেলেল ৱৰ্ল্ড থাকিব পাৰে কিন্তু এনেকুৱা নহ’বও পাৰে যে তাত আমাৰ দৰেই জীৱজগত থাকিব৷
-তেন্তে আমি ক’ত আছোঁ?
-আমি আছোঁ এই লেভেল থ্ৰী আৰু ফ’ৰ ধাৰাণাটোৰ মাজত৷
-মানে?
-মানে অক্ৰাম হৈছে আমাৰ আগৰ পৃথিৱী নামৰ গ্ৰহটোৰ আন এটা স্তৰ৷ আন এটা ডাইমেচনৰ মাজত৷
-তাৰ মানে ইয়াত আমাৰ প্ৰতিৰূপ আছে?
-নাই নাই৷ বিজ্ঞানীসকলে ধাৰণা কৰাৰ দৰে অক্ৰামত মানুহ বা জীৱ জন্তুৰ প্ৰতিৰূপ নাই৷ ইয়াত কেৱল প্ৰকৃতিৰ প্ৰতিৰূপহে আছে৷
– প্ৰকৃতিৰ!
-ও৷ ধৰাহওক, যে পৃথিৱীত এখন নদী আছে, সেই একেখন নদী ইয়াতো আছে৷ পৃথিৱীত এজোপা ডাঙৰ আমগছ আছিল৷ কিন্তু সেইজোপা কোনোবাই কাটি পেলালে৷ কিন্তু ইয়াত সেইজোপা আম নকটাৰ বাবে ডাঙৰ হৈ গ’ল৷ হয়তো এনেকুৱাও হ’ব পাৰে ইয়াত কাটি পেলোৱা বা মৰি যোৱা গছ এডাল পৃথিৱীত জীয়াই আছে৷
-সেইবাবেই আমি পৃথিৱীত দেখা জুৰিটো ইয়াত দেখিছিলোঁ নেকি?
পুনিয়ে সেপ এটা গিলি সুধিলে৷
-ঠিক ধৰিছা৷ তোমালোকে দেখা জুৰিটো পৃথিৱীতো আছে৷ একে ভাগেই৷ একে ধৰণেই৷ মাত্ৰ কোনোবা ঠাইত হয়তো মানুহ বা পৰিবেশৰ প্ৰভাৱত দুয়োটাৰ আকাৰ আকৃতি অলপমান সলনি হৈছে৷ পৃথিৱীত সেই জুৰিটোৰ কাষেদি ৰাস্তা নিৰ্মাণ কৰা হৈছে আমাৰ ইয়াত কৰা নাই! সকলোতকৈ ইণ্টাৰেষ্টিং কথাটো কি জানানে?
-কি?
-কেতিয়াবা কেতিয়াবা পেৰেলেল ৱৰ্ল্ডৰ মাজত থকা স্তৰটো অলপ সময়ৰ বাবে অদৃশ্য হৈ যায়৷ সহজ ভাষাত ক’বলৈ গলে, দুয়োখনৰ মাজৰ স্তৰটো একেবাৰে পাতল হৈ যায়! তেতিয়া ইখনত থাকিও সিখনৰ বস্তুবোৰ জিলমিলকৈ দেখা যায় আৰু পৃথিৱীৰ মানুহে তাকেই ভূত বুলি ভাবি ভয় কৰে!

গহীন বিষয় এটাৰ মাজত ৰস বিচাৰি পোৱাৰ দৰে হাঁহি হাঁহি জে. শৰ্মাই কলে৷ পিছে অভিহঁতৰ গহীন মুখবোৰ দেখি তেওঁ হাঁহি বন্ধ কৰি পুনৰ নিজৰ জ্ঞানৰ বৰপেৰাটো মেলিলে৷

-ধৰাহওক অক্ৰামত তুমি গছ এডাল কাটি আছা আৰু সেই গছডাল য’ত আছে পৃথিৱীত সেইঠাইতে কাৰোবাৰ ঘৰ আছে, কোনোবা বহি আছে৷ হঠাতে দুয়োখন ডাইমেচন পাতল হৈ গ’ল আৰু পৃথিৱীত বহি থকা জনে নিজৰ গাৰ কাষতে জিলমিলকৈ এটা পলৰ বাবে কোনোবা এজনক গছ এডাল কাটি থকা দেখিলে৷ এতিয়া পৃথিৱীত থকাজনে তোমাক ভূত বুলি নাভাবি কি বুলি ভাবিব কোৱাচোন!
-গাঁওবুঢ়া বৰদেউতাই কৈছিল আমি ইয়ালৈ ৱৰ্ম হ’লৰ সহায়ত আহিলো! এইটো কেনেকৈ সম্ভৱ? পৃথিৱীত কোনোবাই এই বিষয়ে জানেনে?
-জানে জানে৷ বহু বিজ্ঞানীয়ে এই বিষয়ে জানে৷ কথাবোৰ আচলতে গোপন হৈ থাকে৷ ময়ো জানিছিলো যে পৃথিৱীৰ এই অৰণ্যখনৰ মাজত যে তেনেকুৱা কিবা এটা হৈ আছে৷ আৰু সেইবোৰ বিচাৰি আহোঁতেই মই নিজেও ৱৰ্ম হ’লৰ মাজেদি অক্ৰাম পালোহি!
-ৱৰ্ম হ’লৰ বিষয়ে যদি আপুনি ইমানেই জানে তেন্তে আপুনি উভতি যোৱা নাই কিয়?
-আচলতে এইয়া আমি পৃথিৱীত ধাৰণা কৰা ৱৰ্ম হ’লটোৱেই নে আন কিবা নাজানো কিন্তু এইটো ৱৰ্ম হ’লৰ দৰেই একেই৷ ই একেবাৰে কম সময়ৰ বাবে জাগ্ৰত হৈ থাকে আৰু জাগ্ৰত হৈ থকা সময়ত কাষত পোৱা বস্তুবোৰ নিজৰ শক্তিৰ অনুযায়ী আকৰ্ষণ কৰি বেলেগ পেৰেলেল ৱৰ্ল্ডলৈ পঠিয়াই দিয়ে৷ তোমালোকে ভবাৰ দৰে এইটো ৱৰ্ম হ’লৰ মাজেৰে আমি যিদৰে পৃথিৱীৰ পৰা আহিলো তেনেদৰে উভতি যাবলৈ খুজিলে যে পৃথিৱীখনেই পামগৈ তাৰো কোনো নিশ্চয়তা নাই৷ সেইবাবেই মই উভতি যোৱা নাই৷ অৱশ্যে ইয়াৰ বেলেগ এটা কাৰণো আছে যাৰবাবে মই অক্ৰামৰ প্ৰেমত পৰিলো৷ সময়ত তোমালোকে প্ৰেমত পৰিবা৷

-মই নপৰো৷
তীক্ষ্ণ স্বৰেৰে উত্তৰটো দি অভিয়ে পগলাৰ দৰে হাবিৰ ফালে দৌৰ মাৰিলে৷ তাক ধৰিবলৈ বুলি পাছে পাছে একলব্যহঁতে দৌৰ মাৰিছিল যদিও অভি হাবিৰ মাজৰ কোনোবাখিনিত লুকাই পৰিল৷

-কথাটো ভাল নহ’ল৷ ইয়াত বহুত হিংস্ৰ প্ৰাণী আছে৷ তোমালোকে গাঁওবুঢ়াক খবৰটো দিয়াচোন৷ তেতিয়ালৈকে একলব্যহঁতৰ সৈতে তাক বিচাৰি যাওঁ৷

জে শৰ্মাই মুৰে কপালে হাত দি মাটিতে বহি পৰা ছোৱালীকেইজনীক কথাষাৰ কৈ একলব্যহঁতৰ সৈতে হাবিত সোমাই পৰিল৷

(৬)
আনফালে খঙৰ ভমকত অভিয়ে কিমান দূৰ দৌৰিলে হিচাপ নাই৷ এটা সময়ত উশাহবোৰ চুটি হৈ পৰাত ৰৈ গ’ল৷ কাষতে পোৱা বিশাল গছ এজোপাৰ প্ৰকাণ্ড শিপা এডালত বহি সি চকু দুটা মুদি দিলে৷ এন্ধাৰ এসোপাৰ মাজত জোনাক হৈ মাকৰ মুখখন ভাহি আহিল৷ আস ! তাৰ আজলী মাকজনী! একমাত্ৰ সন্তান হোৱাৰ বাবে অনবৰতে তাৰ লগতে লাগি থকা মাকজনী বাৰু কেনেকৈ জীয়াই আছে ? আৰু দেউতাক? তাৰ প্ৰতিটো আব্দাৰেই ক্ষণিকতে পুৰ কৰিবলৈ চেষ্টা কৰা মানুহজনে সি নোহোৱাৰ দুখটো সহ্য কৰিব পাৰিছেনে?
তাৰ চিঞৰি চিঞৰি কান্দিবলৈ মন গ’ল৷ কিন্তু নোৱাৰিলে৷

শোকটো আহি তাৰ বুকুত খুন্দা মাৰি ৰৈ গ’ল৷ হঠাতে তাৰ কাণখন সষ্টম হৈ উঠিল৷ হিচ হিচ শব্দ এটা আহি কাণত সোমালহি৷ ভয়ে ভয়ে অভিয়ে চকু দুটা মেলিলে৷ তাৰ সমুখত স্বয়ং যমদূত হিচাপে প্ৰকাণ্ড সাপ এটা ফেঁট তুলি ৰৈ আছে৷

এটা ৰৈ যোৱা পল! কি কৰিলে ভাল হয়! অভিয়ে লাহেকৈ কাষলৈ চালে৷ সি ইচ্ছা কৰিলেই সেইফালে জাঁপ দি বাচি যাব পাৰে৷ কিন্তু তাৰ এই সময়ত জীয়াই থকাৰ অকণো ইচ্ছাই নাই৷ মাক-দেউতাক, তাৰ ধুনীয়া পৃথিৱীখনক এৰি সি জীয়াই থাকিব নোখোজে৷ সি পুনৰ চকু দুটা মুদি থৰ হৈ থাকিল৷ অপেক্ষা কৰিলে সাপটোৱে খোঁটালৈ, মৃত্যুলৈ৷

-মানুহ ইমান অসাৱধান হ’ব নালাগে৷

সাপৰ খোঁটৰ সলনি কাষতে কাৰোবাৰ মাত শুনি অভিয়ে চকু মেলিলে৷ সি প্ৰথমে আচৰিত হ’ল যদিও পাছমুহূৰ্ততে মুখত বিৰক্তিৰ ভাৱ ফুটি উঠিল৷ সাপটোৰ মুখতে টিপা মাৰি ধৰি সমুখত তাৰ সমবয়সীয়া ল’ৰা এটা ৰৈ আছে৷

-মই যিয়ে নকৰো তোমাক কিয় লাগে?
-হয়নে? আজি এই সাপটোৱে খোঁটা হলে…
-মই সি খোঁটালৈকে ৰৈ আছিলোঁ৷ এনেও এইখন ঠাইত এটা পলৰ বাবেও মোৰ জীয়াই থাকিবলৈ মন নাই৷
-তেন্তে মৰি যোৱা৷

অভিক আচৰিত কৰি ল’ৰাটোৱে সাপটো তাৰ গালৈ দলি মাৰি দিলে৷ তাকে দেখি বিকট চিঞৰি এটা মাৰি অভি গৈ গছডালৰ আনটো মূৰ পালেগৈ৷ ইফালে ল’ৰাটো হাঁহি হাঁহি বহি পৰিল৷ অভিৰ খঙটো পুনৰ ভমককৈ উঠি আহিল৷

-তুমি অলপ পগলা নেকি? এনেকৈ মানুহৰ গালৈ সাপ দলিয়ায় নেকি?
-তুমিহে সাপৰ খোঁটত মৰিব খুজিছিলা৷
-মৰিবলৈ বিচাৰিলেই মৰিবলৈ এৰি দিয়ে নেকি? তাকো এনেকৈ সাপৰ হাতত!

ল’ৰাটোৱে আকৌ এবাৰ ঢেকঢেকাই হাঁহিলে৷ অলপ সময়ৰ পাছত কোনোমতে হাঁহিটো ৰখাই কলে –
-এইটো সাপে খুঁটিলে মানুহ কিয়, নিগনি এটাও নমৰে৷ এইটো বিষহীন সাপ৷
-ইমান ভয়ানক সাপটো বিষহীন!
-ও৷ নহ’লে জানো তাক মই তেনেকৈ ধৰি থাকো৷ অৱশ্যে মই বহুবাৰ বিষাক্ত সাপো ধৰিছো৷

ল’ৰাটোৱে অভিয়ে আউজি থকা গছজোপাৰ গাতে লাগি থকা লতা দুডালমান কাটি কাটি নিজৰ বীৰত্ব বখানিলে৷

-তুমি পিছে এতিয়া ইয়াত কি কৰিছা?

লতাকেইডাল জোৰা দি দি ল’ৰাটোৱে অভিক সুধিলে৷ ইতিমধ্যে অভিৰো মনৰ জঠৰতা বহুখিনি আঁতৰিছিল৷ সি ল’ৰাটোৰ কাণ্ড-কাৰখানাবোৰ লক্ষ্য কৰিয়েই উত্তৰ দিলে

-মোৰ কিবা এটা ভাল লগা নাছিল৷
-কিবা এটা ভাল নালাগিল বুলিয়েই হাবিৰ এই সোঁমাজলৈ কিয় আহিলা? ইয়াত কেৱল বিষহীন সাপেই নাই বুজিছা বিষাক্ত সাপৰ লগতে বাঘ, সিংহ সকলো আছে৷ কোনোবা এটাৰ মুখত এবাৰ পৰিলে হৈছে আৰু, বনদেৱতাইও তোমাক বচাব নোৱাৰে৷
-তেন্তে তুমি ইয়াত কিয় আছা? সিহঁতে তোমাকো ধৰিব পাৰে৷
-আস ! মই অক্ৰামৰ এইখন হাবিতে ডাঙৰ হোৱা ল’ৰা আৰু তুমি হৈছা পৃথিৱীৰ ল’ৰা৷
-তুমি মোক চিনি পোৱা?

ল’ৰাটোৱে অভিক চিনি পোৱা দেখি সি আচৰিত হৈ গ’ল৷
-কিয় নামাপ ৷ পাওঁ৷ তোমালোকৰ খবৰ আমাৰ অক্ৰামৰ বহু ঠাইলৈকে বিয়পি গৈছে৷ চাই থাকা৷ অলপ দিনৰ পাছতে বহু মানুহে তোমালোকৰ খবৰ ল’বলৈ আহিব৷ এতিয়া তোমালোক থকা অক্ৰামজুৰ গাঁওবুঢ়াই মানা কৰি থৈছে বাবেহে কোনো যোৱা নাই৷
-মানা কৰি থৈছে? কিন্তু কিয়?
-তেওঁ তোমালোকক অলপ দিন এইটো পৰিবেশত খাপ খাই সহজ হৈ ল’বলৈ দিছে৷ তাৰ পাছতহে বোলে লগ কৰিবলৈ দিব৷

ল’ৰাটোৱে কথাষাৰকৈয়ে লতাডাল কঁকালত বান্ধি বান্দৰৰ দৰে খপখপাই গছডাললৈ উঠি গ’ল৷ অভিয়ে বেঙাৰ দৰে মুখ মেলি থাকোঁতেই সি গৈ গছজোপাৰ টিং পালেগৈ৷ অকণমান সময়ৰ পাছত জোৰা লগোৱা লতাডালৰ সহায়ত সি নামি আহিল৷ তাৰ হাতত তেতিয়া দুটা চৰাই পোৱালি৷
কাঁড় পাখি গজা পোৱালিকেইটা আলফুলে তাৰ হাতৰ তলুৱাত বহি আছে৷

-এইকেইটা তুমি কি কৰিবা? ঘৰলৈ লৈ যাবা? মাকৰ বুকুৰ পৰা আঁতৰাই?

ল’ৰাটোৱে এইবাৰ কোনো উত্তৰ নিদি কাষতে থৈ যোৱা মোনাটোৰ পৰা কলপাতেৰে মেৰিয়াই থোৱা হালধি অলপ উলিয়াই তাৰ ৰসকণ পোৱালিকেইটাৰ কণ কণ ডেউকাকেইখনত লগাই দিলে৷ অভিয়ে তেতিয়াহে ডেউকাকেইখন মন কৰিলে৷ ডেউকাকেইখনৰ যেনিয়ে তেনিয়ে ঘাঁ৷ সি কিবা এটা সোধাৰ আগতেই মোনাটোত পোৱালিকেইটা ভৰাই ল’ৰাটো পুনৰ গছজোপালৈ উঠিল গ’ল৷ এইবাৰ সি সোণকালেই নামি আহিল৷

-এই পোৱালিকেইটাৰ মাকজনী বৰ চোকা বুজিছা৷ তাই নথকা সময়ত ইহঁতকেইটাক তললৈ নমাই আনি হালধি লগাব লাগে৷
-ইহঁতি কেনেকৈ দুখ পালে?
-নাজানো৷ পৰহি মই বন কুকুৰা এজনী খেদি খেদি এইফালে পালোহি৷ পোৱালিকেইটা তেতিয়া তলতে পৰি আছিল৷ ডেউকাখনত দুখ পাইছিল৷ বেচেৰী মাকজনীয়ে টেঁটু ফালি আছিল৷ মই তাইক সহায় কৰি দিও বুলি পোৱালিকেইটাক চুইছিলোহে তাইৰ যিহে যুদ্ধংদেহি ৰূপ! তুমি দেখা হলে ভয়েই খালাহেঁতেন৷ তথাপি সৌভাগ্যক্ৰমে সিদিনা হাতত থকা হালধিকণ পোৱালিকেইটাৰ ডেউকাত লগাই বিচাৰি বিচাৰি সিহঁতৰ বাহত তুলি থৈ আহিলো৷ আজি আকৌ সিহঁতৰ অৱস্থা চাবলৈ আহোঁতে তোমাক লগ পালোঁ৷ এতিয়া ঘৰলৈ যাওঁ বলা৷ এনেকৈ আৰু অলপ সময় ইয়াত থাকিলে মোকো বনদেৱতাই বচাব নোৱাৰিব৷

বিশ্বাস-অবিশ্বাসৰ দোমোজাৰ মাজত দুলি অভিয়ে ল’ৰাটোৰ পাছে পাছে খোজ ল’লে৷ তাৰ বাহিৰে উপায়ো নাছিল৷ কাৰণ সন্ধিয়া হৈ আহিছিল৷ তাতে এখন অচিনাকি হাবিৰ মাজত নিজকে পুনৰ হেৰুৱাই পেলাবলৈ মন নাছিল৷ এইদৰে প্ৰায় পোন্ধৰমিনিটমান খোজ কঢ়াৰ পাছত কাৰোবাৰ চিঞৰ শুনি সিহঁত চিঞৰটোৰ ফালে আগুৱাই গ’ল৷

(আগলৈ….)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments