অন্য এক পৃথিৱী-১৪ — মাধুৰীমা ঘৰফলীয়া

মিমোৰ কথা শুনি গোটেইকেইটাৰ চকু কপালত উঠিল৷
-তেন্তে আমি কেনেকৈ পলাম?
-পপী পলোৱাৰ কথা কিয় ভাবিছ জন্তবোৰেতো আমাক বেয়া ব্যৱহাৰ কৰা নাই৷ তাতে এইখন পৃথিৱী বা অক্ৰাম নহয়৷ ক’ত কেতিয়া কি ভয়ংকৰ বিপদে খাপ পিতি ৰৈ থাকিব ঠিক নাই৷ তাতোকৈ ইয়াৰ বিষয়ে অলপ জানি শুনি লৈ লাহে ধীৰে সেইবোৰ কথা ভাবিম৷
-অভিয়ে ঠিকেই কৈছে পপী৷ যিখন ঠাইৰ জন্তুবোৰেও আমাৰ দৰে কথা ক’ব পাৰে সেইখন ঠাইত আমাৰ বাবে আৰু কি আচৰিত পৰিবেশে ৰৈ থাকিব কোনে জানে৷ তাতোকৈ ইয়াতে ৰৈ সিহঁতৰ পৰা অলপ কিবা জানিবলৈ চেষ্টা কৰা ভাল৷

খটক …
আলোচনা-বিলোচনা কৰি থকাৰ মাজতে কেতিয়ানো সিহঁতি টোপনি গ’ল ধৰিবই নোৱাৰিলে৷ হয়তো সিহঁতি খোৱা খাদ্যবস্তুখিনিৰ মাজত কিবা নিচাজাতীয় বস্তুও আছিল যাৰ বাবে ইমান ক’ব নোৱাৰাকৈ সিহঁত টোপনিত ঢলি পৰিল৷ এতিয়া দৰজাত খটককৈ শব্দটো হোৱাৰ পাছতহে সিহঁতৰ টোপনি ভাগিল৷ সমুখত প্ৰথমে লগপোৱা বান্দৰটো ৰৈ আছিল৷
-সাৰ পালে? বেলি ওলাল৷ সেই তাতে ফলৰ ৰস অলপ আছে খাই লওক৷ গাটো সতেজ লাগিব৷
অভিহঁতে বান্দৰটোৱে আঙুলিয়াই দেখুৱাৰ ফালে চালে মাটিৰে বনোৱা ধুনীয়া গিলাচকেইটামানত সিহঁতৰ বাবে ফলৰ ৰস সজাই থোৱা হৈছে৷ কাষতে আৰু কিছুমান ফল মূল৷ মূৰটো কিবা গধুৰ গধুৰ লাগি থকাৰ বাবে সিহঁত এটা এটাকৈ গৈ কোঠাটোৰ গাতে লাগি থকা গা-ধোৱা ঘৰটোত সোমালগৈ৷ প্ৰথমবাৰ যেতিয়া সিহঁতি এই গা-ধোৱা কোঠাতো দেখিছিল আচৰিত হৈ গৈছিল! কোঠাটোৰ এখন বেৰেদি জিৰ জিৰকৈ পানী বৈ আছিল আৰু সেই পানীবোৰ সৰু নলা এটাৰে কেনিবা ওলাই গৈছিল৷ সেই নলাটোৰ তলৰফালে বিশেষ কায়দা কৰি আনকি প্ৰাতঃকৰ্মখিনি কৰিব পৰাকৈও বৰ ধুনীয়া ব্যৱস্থা কৰি থৈছিল৷ যেন এটা বন্য বিলাসী গাধোৱা ঘৰ এনে লাগিছিল! এই জন্তুবোৰৰ যে জ্ঞানৰ ভঁৰালটো পৃথিৱীৰ জন্তুবোৰতকৈ বহুত আগবঢ়া সেইয়া সেই গা ধোৱা কোঠাটোৱেই প্ৰমাণ কৰি দিছিল৷
গা ধোৱা কোঠাৰ পৰা ওলাই ফলৰ ৰসৰ গিলাচটো হাতত লৈ অভি বান্দৰটোৰ সমুখত বহিলগৈ৷
-আপুনি বেলি ওলাল বুলি কৈছিল যে আমি এটা ৰাতি পাৰ কৰিলোঁ নেকি?
-ও৷ এতিয়া পুৱা সাতটা বাজিছে৷
-আপোনালোকে সময় চাবও জানে?
-জানোতো৷ যদি যুগককাই কোৱা কথাবোৰ সঁচা হয় আমি তোমালোকে জনা সকলোবোৰ জানো৷
-আচৰিত! এই যুগককানো কোন?
-যুগককা আমাৰ সকলোতকৈ বয়সীয়াল জুৰুকীজন৷
-জুৰুকী মানে?
-জুৰুকা মানে জুৰুকাত বাস কৰা প্ৰতিটো জীৱকে জুৰুকী বুলি কোৱা হয়৷
-তেন্তে আপুনিও জুৰুকীহে মানে আমাৰ পৃথিৱীত কোৱাৰ দৰে বান্দৰ নহয় ..
অভিয়ে ভয়ে ভয়ে সুধিলে৷ কোনে জানে বান্দৰ বুলি কোৱাৰ লগে লগে যদি খং কৰে৷
-নহয় নহয়৷ জুৰুকী আমাৰ প্ৰধান পৰিচয় কিন্তু বান্দৰটো মোৰ উপাধি৷
-উপাধি! আপোনালোকৰ উপাধিও আছে!
-উৱা উপাধি নাথাকিলে আমি কোনজন জুৰুকী কি বংশৰ সমুখত নেদেখিলেচোন গমেই নাপাম৷ এতিয়া মোৰ নাম হৈছে অৰ্হি বান্দৰ আৰু অথনি যে তোমালোকে লগ পাইছিল সেইয়া মহেন ভালুক৷ আমাৰ পৰিচয়টো তেনেকৈয়ে দিয়া হয়৷ তোমালোকে পিছে কেনেকৈ দিয়া?
-মোৰ নাম অভি৷
-অভি মানুহ! তোমালোক মানুহ নোহোৱা জানো?
-অ’ মানুহ হয়৷ কিন্তু আপোনালোকৰ দৰে আমি পিছত মানুহ শব্দটো নলগাও৷ আমাৰ মানুহৰ মাজতে ভাগ ভাগ আছে৷ যেনেকৈ মই অভি শইকীয়া, সৌজনী পপী শৰ্মা, তেওঁৰ নাম অমূল্য বৰুৱা!
-কিন্তু তোমালোক দেখোন দেখিবলৈ একেই! তেন্তে উপাধিবোৰ কিয় বেলেগ বেলেগ?
অহি বান্দৰৰ প্ৰশ্নটোৰ উত্তৰ বিচাৰোতে অভি অলপ সময় লাগিল৷
-আমাৰ মানুহবোৰ দেখাত একেই হলেও কিছুমান সামাজিক পৰম্পৰাৰ বাবে নিজকে কিছুমান উপাধিৰ মাজেৰে ভাগ কৰি ল’লে৷ আপোনালোক জন্তুবোৰৰ মাজত..
জন্তু শব্দটো কৈয়ে অভি ৰৈ গ’ল৷ তাকে দেখিয়ে অহিয়ে কৌতূহলৰে সুধিলে
-ৰৈ গলা কিয়?
-আপোনালোকক জন্তু বুলি কলে বেয়া পায় নেকি?
-কিয় বেয়া পাম৷ তোমালোকক মানুহ বুলি কলে জানো বেয়া পোৱা৷
অভিয়ে আকৌ কিবা এটা ক’বলৈ লৈছিলহে তেনেতে মহেন আৰু তাৰ লগৰ ভালুক দুটা সোমাই আহিল৷ সিহঁতি পানীৰে ভৰ্তি ডাঙৰ কাঠৰ বাচন এটা আনি কোঠাটোত ৰাখিলে৷ বাচনটো দেখি অৰ্হী জঁপিয়াই উঠিল৷
-যুগককা আহিব নেকি?
-অ ‘
তাৰপাছৰ সময়খিনি বৰ ব্যস্ততাৰে পাৰ হৈ গ’ল৷ কোনোবাই কিবা কিবি ফল-মূল আৰু ঘাঁহ জাতীয় বন আনিলে৷ আন কোনোবাই বহিবলৈ সুবিধা হোৱাকৈ দুটামান বহল শিল গোটালে৷ সিহঁতৰ কাণ্ডবোৰ দেখি অভিহঁতেও উৎকণ্ঠাৰে যুগককা বোলাজনলৈ ৰৈ থাকিল৷ অভিহঁতে ইতিমধ্যে বুজি উঠিছিল যে এই যুগককা বোলাজনৰ ওপৰতেই সিহঁতৰ এইখন পৃথিৱীৰ দিনবোৰ নিৰ্ভৰ কৰিব৷
অভিহঁতে বৰ বেছি সময় ৰ’ব লগা নহ’ল৷ ডাঙৰ বান্দৰ দুটামানে ভাৰ বৈ অনা চাঙী দুখনৰ ওপৰত বহি যুগককা আৰু তেওঁৰ প্ৰতি পলৰ সংগী নাতিটো কোঠাটোত সোমালহি৷ অভিহঁতে দেখিলে আগদিনা অৰ্হীহঁতক আদেশ দি যোৱা শহাটোও যুগককা বোলাজনৰ লগত বহি আছিল৷ কোঠাত সোমোৱাৰ লগে লগে শহাটোৱে যুগককাৰ কাণে কাণে কিবা এটা কলে তাৰ পাছত বান্দৰকেইটালৈ চাই কিবা এটা ইংগিত দিয়াত বান্দৰকেইটাই চাঙীখন অভিহঁতৰ কাষলৈ লৈ গ’ল৷ যুগককাই প্ৰথমে পপীলৈ চালে৷ তেওঁৰ মুখখন অলপ লৰচৰ হ’ল৷ তাৰ পাছত বৰুৱা আৰু মিমোৰ গাটো গোন্ধ লৈ ডাঙৰকৈ উশাহ এটা ল’লে৷ একেবাৰে শেষতহে অভিৰ মুখা-মুখি হ’ল৷ অভিক দেখিয়েই যুগককাৰ গাটো থক-থককৈ কঁপিবলৈ ধৰিলে৷ ফুটা নুফুটা মাতেৰে তেওঁ শহাটোক কিবা এটা কলে৷ শহাটোৱে লগা-লগ বান্দৰকেইটাক ইংগিত দি পানী থকা কাঠৰ বাচনটোৰ কাষলৈ চাঙীখন নিবলৈ কলে৷ চাঙীখন তাৰ কাষ পোৱাৰ লগে লগে যুগককা পানীলৈ নামি গ’ল৷ সকলোৱে মাথোঁ ভেবা লাগি চাই থাকিল আৰু অভিহঁত …পৃথিৱীৰ গোটেই আশ্চৰ্য্যখিনি মুখত লৈ সিহঁতি কাঠৰ বাচনটোলৈ চাই ৰ’ল৷ কাঠৰ বাচনটোৰ ভিতৰত সোমাই পৰা যুগককা নামৰ কাছটোলৈ চাই থাকিল৷ ইতিমধ্যে যুগককাৰ নাতিটোও বাচনটোত সোমাই গৈছিল৷ অলপ সময় কাৰো মাত নাই৷ তেনেতে নাতিটো পানীৰ পৰা ওলাই আহিল৷
-নাজানো ককাৰ কি হৈছে তেওঁ অলপ এওঁলোকৰ সৈতে ইয়াতে থাকিম বুলি কৈছে৷
নাতিটো যুগককাৰ হৈ কথাখিনি বাকীসকলক জনালে৷
-সেইষাৰ কথা মোকো কৈছিল ৰিং৷
অভিহঁতে গম পালে নাতিটোৰ নাম তাৰমানে ৰিং৷
-কিন্তু ইয়াত থাকিলে তেওঁৰ অসুবিধা নহ’বনে টুপুখুৰা?
অভিহঁতৰ ডিঙিবোৰ এইবাৰ শহাটোৰ ফালে ঘূৰিল৷ টুপু মানে শহাটোৰ নাম! পপীৰ মুখত চিন-নিচিন হাঁহি এটা বিৰিঙি উঠিল৷
-সেইবিলাক তুমি চিন্তা নকৰিবা ৰিং৷ আমি সকলো বন্দোৱস্ত কৰি দিম৷ যুগককাই বয়সৰ বাবে কথাবোৰ পাহৰি যোৱা বেমাৰটো নোহোৱা হলে আমি এইবোৰ কথা ভাবিবই লগা নহ’লহেঁতেন৷ আমি ককাৰ বাবে সকলোখিনি সুবিধা ইয়াতে কৰি দিম মাত্ৰ তুমি প্ৰতি ক্ষণে ককাৰ লগত থাকা৷ তেওঁ যেতিয়াই যি মনত পেলাই কয় সেইখিনি গুৰুত্ব দি শুনি আমাক জনাবা৷
ৰিঙে মূৰ লৰাই টুপুৰ কথাবোৰ সন্মতি জনালে৷ টুপুৱে এইবাৰ অভিহঁতৰ ফালে চালে৷
-তোমালোকৰ বাবে কথাবোৰ বৰ আচৰিত লাগিছে ন৷
-লাগিছে৷ কাৰণ আমাৰ তাত মানুহৰ বাহিৰে বেলেগ জীৱ-জন্তুৱে কথা নকয় কিন্তু আপোনালোকৰ ইয়াত দেখোন সকলোৱে কয়?
-নাই নাই আমাৰ ইয়াতো সকলোৱে কথা নকয়৷ যিসকলৰ জিভাবোৰ কথা কোৱাৰ বাবে উপযোগী সিহঁতেহে কথা ক’ব পাৰে৷ মানুহ থকা হলে কলেহেঁতেন নাই নাজানো৷
-আপোনালোকৰ ইয়াত মানুহ নাই?  তেন্তে আপোনালোকে ইমান ধুনীয়াকৈ কথা ক’বলৈ কেনেকৈ শিকিলে তাকো আমি পৃথিৱীত ব্যৱহাৰ কৰা ভাষাটো!
-আমাৰ জুৰুকীসকলৰ মাজত মানুহ নাই কিন্তু আমাৰ পূৰ্ব পুৰুষসকলৰ মতে পৃথিৱীৰ পৰা তোমালোকৰ দৰেই অহা মানুহে আমাক কথা ক’বলৈ শিকাইছিল!
-মানুহে? তেন্তে সেই মানুহবোৰ ক’ত গ’ল? তেওঁলোকৰ বংশধৰ নাই নে?
-নাই তেওঁলোকৰ কোনো সন্তান নাছিল৷ সেইবাবেই বংশধৰো নাথাকিল৷
-কিমান দিনৰ আগৰ কথা এইবোৰ!
-যুগককাই কোৱা মতে একেবাৰে শেষৰ মানুহৰ দলটো অহাৰ সময় ১৫০ বছৰ হ’ল৷
-ডেৰশ বছৰ! একেবাৰে শেষৰ মানে?
-আমাৰ পূৰ্বপুৰুষসকলৰ মতে প্ৰায় এটা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে পৃথিৱীবাসী আহি আমাৰ জুৰুকীবাসীৰ কল্যাণ কৰেহি!
কল্যাণ কৰেহি শব্দটো শুনাৰ লগে লগে অভিহঁতে বুজি পালে অতসময়ে এই জন্তুবোৰে সিহঁতক লৈ কিয় ইমান উৎকণ্ঠিত হৈ আছিল৷ কিন্তু কি কল্যাণ কৰি গ’ল সেইবিষয়ে জানিবলৈ বৰ মন গৈছিল যদিও টুপু শহাৰ কাণে কাণে কোনোবাই কিবা এষাৰ কোৱাত শহাটো উত্তেজিত হৈ কোঠাটোৰ পৰা ওলাই গ’ল৷ শহাটোৰ লগে লগে বাকী জন্তুবোৰো ওলাই গ’ল৷ মাথোঁ মুখত শংকা এসোপা লৈ অৰ্হী আৰু কাঠৰ বাচনটোৰ পানীৰ মাজত সোমাই যুগককা আৰু ৰিং থাকি গ’ল৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক