অন্য এক পৃথিৱী (১৬) – মাধুৰীমা ঘৰফলীয়া

 এটা মাহ তেনেকৈয়ে পাৰ হ’ল৷ ইতিমধ্যে অভীহঁতে বুজি উঠিছিল যে এই জীৱ-জন্তুখিনিয়ে সিহঁতক সহজে এৰি নিদিয়ে৷ কিন্তুু এৰি দিবলৈ যিটো চৰ্ত সিহঁতে ৰাখিছে সেইটো অভীহঁতৰ বাবে প্ৰায় অসম্ভৱ৷ অৰ্হীয়ে কোৱা মতে কেৱল ৰজাৰ পৰিয়ালতে প্ৰায় এশমান সদস্য আছে৷ তাৰ উপৰিও সৈন্য-সামন্ত হিচাপে বাঘ ভালুক এসোপাও আছে৷ সকলোতকৈ ভয়ানক জন্তু বিধ হৈছে ৰজাৰ বিশ্বাসী বান্দৰৰ দলটো৷ সেই দলটোৱে গোটেই জুৰুকাতে ঘূৰি ফুৰি চোৰাংচোৱা হিচাপে কাম কৰে৷ ক’ৰবাত সামান্য কিবা এটা খেলি মেলি হলেও ৰজাই গম পাই৷ সেইবাবেই যোৱা এটা মাহ অভিহঁত কোঠাতে বন্দী হৈ থাকিব লগা হৈছে৷
মাহৰ শেষৰ দিনা অৰ্হীয়ে সিহঁতৰ বাবে সুখবৰ লৈ আহিল৷
-আজিৰ পৰা মাজে মাজে তোমালোক বাহিৰলৈ যাব পাৰিবা৷
-সঁচা! !
কোঠাত বন্দী হৈ প্ৰায় হতাশ হৈ পৰা অভীহঁতে অৰ্হীৰ কথা শুনি জঁপিয়াই উঠিল৷
-ও৷ আচলতে এইকেইদিন আমি তোমালোকৰ বাবে …. জোগাৰ কৰি আছিলোঁ৷
-আমি ভেশ ধৰিব লাগিব?
-অতোন! নহলে কেনেবাকৈ ৰজাৰ চোৰাংচোৱাই তোমালোকক দেখা পালে হৈছে আৰু৷ গোটেই জুৰুকাত মনে মনে খবৰ কৰি কোনোমতে তোমালোকৰ বাবে ছালৰ জোগাৰ কৰিলোঁ৷
অৰ্হীয়ে লগতে অহা মহেনক কিবা এটা ইংগিত দিয়াত সি বাহিৰলৈ গৈ ডাঙৰ মোনা এটা লৈ আহিল৷ অৰ্হীয়ে মোনাটোৰ পৰা সাজবোৰ উলিয়াবলৈ ধৰিলে৷ অভিহঁতে বিস্ফোৰিত নেত্ৰে সিহঁতৰ বাবে অনা সাজবোৰ চাবলৈ ধৰিলে৷
-তোমালোক পুৰুষকেইজনৰ বাবে এই ভালুকৰ সাজটো৷ পপীৰ বাবে ভালুকৰ ছাল বিচাৰি নাপালোঁ সেইবাবেই এই বান্দৰৰ ছালৰ সাজটো পপীয়ে পিন্ধিব৷
অৰ্হীৰ কথাষাৰ শুনি ইমান এটা গহীন পৰিবেশতো মিমোৱে পেটত ধৰি ধৰি হাঁহি উঠিল৷ আনফালে পপীৰ মুখখন চাবলগীয়া হৈছিল৷ অৰ্হীয়ে এইবাৰ দুয়োটাকে চকু পকাই ধৰিলে
-ইয়াত হাঁহিবলৈ কিতো হল৷ তোমালোকে জানানে এই সাজকেইজোৰ জোগাৰ কৰোঁতে আমাৰ কিমান কষ্ট হৈছিল৷ সাধাৰণতেই কোনোবা জন্তুৰ মৃত্যু হলে ছাল চেলাই থোৱা নহয়৷ ক’ৰবাত দুই এটাহে থোৱা হয়৷ সেই দুই এটাৰ মাজৰ পৰাই তোমালোকৰ শৰীৰৰ গঠন চাই এইকেইটা বিচাৰি আনিছোঁ৷ তথাপি এটা কম হৈছিল৷ কিন্তুু বয়সীয়াল ভালুক এটাই জুৰুকাৰ কল্যাণ হওক বুলিয়েই নিজৰ জীৱন দি নিজৰ ছালখন তোমালোকলৈ আগবঢাই দিছে৷
-তুমি বেয়া নাপাবা অৰ্হীকাই৷ ইহঁত দুটা অলপ চঞ্চল বাবে কথাবোৰ সদায়ে পাতলকৈ লয়৷ আমি তোমালোকে আনি সাজকেইজোৰৰ বাবে তোমালোকৰ ওচৰত কৃতজ্ঞ৷
অভীৰ কথা শুনি অৰ্হীৰ খঙ জামৰিল৷ সি মুখত হাঁহি এটা লৈ কলে
-বাৰু এতিয়া তোমালোকে সাজকেইজোৰ পিন্ধা৷ বাহিৰলৈ যোৱাৰ আগত আমি তোমালোকক ভালুক আৰু বান্দৰৰ দৰে অংগী ভংগী আৰু খোজ কাটলবোৰ শিকাব লাগিব৷

এঘণ্টামান যুঁজি যুঁজি অভীহঁতে সাজকেইজোৰ নিজৰ গাত খাপ খোৱাকৈ পিন্ধি ল’লে৷ তাৰ পাছত অৰ্হী আৰু মহেনে সিহঁতক নিজৰ অংগী-ভংগীবোৰ দেখাবলৈ ধৰিলে৷ অলপসময় প্ৰশিক্ষণ দিয়াৰ পাছত সন্তুষ্ট হোৱা যেন পাই অৰ্হীয়ে সিহঁতক বাহিৰলৈ বুলি আগবঢ়াই নিলে৷
অভীহঁতে কোঠাৰ পৰা ওলায়ে আচৰিত হৈ গ’ল সিহঁতৰ সমুখতে এটা পুখুৰী! ওপৰলৈ চালে চাৰিওফালে শিলেৰে আবৰি তাৰ মাজতে পুখুৰীটো৷ ঠিক পুখুৰী বুলি কব নোৱাৰি ৷ কোনোবা ফালৰ পৰা বেলিৰ পোহৰ অকন সোমাইছে চাগে কাৰণ ঠাইকণ অকণমান পোহৰ হৈ আছে৷ অৰ্হীয়ে পুখুৰীটোৰ এফালে থকা দলং এখনৰ কাষলৈ অভীহঁতক লৈ গ’ল৷ অভীহঁতৰ মুখ মেল খাই গ’ল যেতিয়া দেখিলে অৰ্হীয়ে সেই দলংখনৰ গাতে লাগি থকা কাঠৰ দৰজা এখন খুলিলে৷ দৰজাখনৰ খোলাৰ লগে লগে পুখুৰীটোৰ পানীৰ মাজেদি এটা আহল-বহল সুৰংগ দেখিবলৈ পালে ৷ অৰ্হী আৰু মহেনৰ লগতে বিস্ময়ত ফাটি পৰা অভীহঁত সেইটো সুৰংগৰে সোমাই গ’ল! সুৰংগটোৰ খটখটিবোৰেদি গৈ থাকোতে অভিহঁতে অনুমান কৰিলে সিহঁত কেতিয়াবা তললৈ আগবাঢ়িছে আকৌ কেতিয়াবা ওপৰলৈ গৈ আছে৷ মহেনে হাতত লৈ যোৱা জোৰটোৰ পোহৰত সিহঁতে সুৰংগটোৰ দেৱালখন চাই গ’ল। শিল, বালি আৰু কাঠেৰে পানী সোমাব নোৱাৰাকৈ একেবাৰে নিপুণকৈ সুৰংগটো বনোৱা হৈছে৷ প্ৰথমে সিহঁত থকা ঘৰটো আৰু এতিয়া এই সুৰংগটো দেখি অভিহঁত নিশ্চিত হল যে এই জুৰুকাৰ জন্তুবোৰ সিহঁতি ভবাতকৈ বহুত বেছি জ্ঞান আছে৷
অলপসময় যোৱাৰ পাছত সমুখত যোৱা মহেন ৰৈ দিয়া বাকীকেইটাও ৰৈ দিলে৷ মহেনে নিজৰ মোনাটোৰ পৰা চাবি এটা উলিয়াই দেৱালৰ গাতে কৰবাত সুমুৱাই দিলে৷ খটককৈ শব্দ এটা হল৷ মহেনে সমুখত বাট ভেটি ৰখা দেখিবলৈ প্ৰকাণ্ড যেন লগা শিলটো লাহেকৈ ঠেলি দিলে৷ শিলটো আঁতৰি গ’ল৷ তাৰ পাছত আকৌ অকণমান বাট৷ সেইকন যোৱাৰ পাছত আকৌ এটা শিল৷ সেইটোও আগৰ দৰে খোলাৰ পাছত অভিহঁতৰ চকুত বেলিৰ পোহৰ পৰিল!

অচিনাকি জুৰুকাত প্ৰথমবাৰৰ বাবে চিনাকি দৰে খোজ থলে৷

☆★☆

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments