অপচয় ভাজি — ৰূপাল নাথ

শিৰোনাম দেখি নিশ্চয় আপোনালোকৰ ধাৰণা হৈছে যে খোৱাৰ পাছত ৰাহি হোৱা পেলনীয়া ভাজিখিনিৰ কথা কবলৈ লৈছো৷ প্ৰকৃততে তেনে নহয়৷ আজি মোৰ লিখনিত আপোনালোকে এক নতুনত্বৰ সোৱাদ পাব৷ টিভিত হিন্দী বিজ্ঞাপন এটা চাওঁতে কোৱা শুনিছিলো- নজৰিয়া বদল’, দেশ বদল যায়েগী৷ এইবাৰ ময়ো দৃষ্টিভংগী সলনি কৰি দেশ সলনি কৰিবলৈ ওলাইছো৷ আমি সৰু মানুহ যেতিয়া সৰু কামৰ মাজেদিয়েই দেশ সলনি কৰিব লাগিব৷

ছোৱালীজনী সৰু হৈ থাকোঁতেই তিনিমহীয়া কিস্তিত ফ্ৰিজ এটা লৈছিলো৷ চেমচাং কোম্পানীৰ ফ্ৰিজটোৰ গুণাগুণ ভাল বুলি কোৱাৰ বাবে দোকানীৰ কথামতেই এখন দুৱাৰযুক্ত বাকচটো আনি ঘৰ পোৱালো৷ সঁচাকৈয়ে যোৱা ষোল্ল বছৰত ফ্ৰিজৰ কোনো বেমাৰ ওলোৱা নাই৷ গৰমৰ দিনকেইটাত বৰফৰ বাকচটোৰ ব্যৱহাৰ বেছি হয় যদিও সেইটো অংশ বৰকৈ চোৱা নহয়৷ বৰ কম সময়ত বৰফ হয় যদিও আজিকালি সেইটো বাকচৰ দুৱাৰখন হেঁচা মাৰি লগাই থব লাগে৷ কাৰণ বৰফ উলিয়াবলৈ কৰা টনা-আজোৰাত প্লাষ্টিকৰ দুৱাৰৰ কব্জা কেতিয়াবাই এৰাই গ’ল৷ হলেও সি ঠিকমতেই কাম কৰি আছে৷ ফ্ৰিজৰ মূল দুৱাৰখন বিভিন্ন কাৰুকাৰ্য্যৰে ভৰা৷ ল’ৰা সৰু হৈ থাকোঁতেই কোনো ধৰাল সামগ্ৰীৰে তাত দ’ৰেমন আৰু ছোটাভীম আঁকিলে৷ এতিয়া মামৰে ধৰি সেই আঁচবিলাক প্ৰস্ফুটিত হৈ পৰিছে৷ তথাপিও উত্তম সেৱাৰ বাবেই তাক সলনি কৰাৰ কথা এতিয়ালৈকে চিন্তা কৰা নাই৷

এইবাৰ আচল কথালৈ আহোঁ৷ ওচৰৰ সাপ্তাহিক বজাৰৰ পৰা নিৰ্দিষ্ট দিনটোত ঘৰলৈ এসপ্তাহৰ বাবে প্ৰয়োজনীয় শাক-পাচলিকেইটা আনি থওঁ৷ প্ৰতিদিনেই বেগ লৈ সতেজ পাচলি কিনিবলৈ সময় নিমিলে৷ বজাৰৰ দিনা সতেজ পাচলিৰ ভাজি খাবলৈ পাওঁ যদিও দুদিনৰ পাছৰ পৰা আকৌ বজাৰৰ দিনটোলৈ ফ্ৰিজত থোৱা পুৰণি পাচলিৰে তৃপ্তিৰ আঞ্জা খোৱা হয়৷ কেতিয়াবা ফ্ৰিজৰ পাচলি থোৱা বাকচটোৰ পৰা পুৰণি পাচলিৰ অৱশিষ্ট বাহিৰ নকৰাকৈ তাৰ ওপৰতে নতুন পাচলি জাপি থোৱা হয়৷ এয়া আমাৰ এলাহৰ বাবেই হওক বা পুৰণি পাচলিৰ মোহৰ বাবেই হওক মুঠতে দুমাহ মানলৈ এই প্ৰক্ৰিয়া চলি থাকে৷ মোৰ আৰু শ্ৰীমতীৰ নানা ব্যস্ততাৰ বাবে কিছুমান কামত অৱহেলা কৰা হয়, ফলত ফ্ৰিজ তথা পাচলিৰ বাকচে তাৰ ফল ভোগ কৰে৷ এবাৰ বজাৰৰ পৰা নতুন পাচলি অনাৰ পাচত ফ্ৰিজ খুলি সেইখিনি থবলৈ লওঁতেই পাচলিৰ বাকচটোৰ বিবৰ্ণ ৰূপ এটা চকুত পৰিল৷ নেমুটেঙা দুটা শুকাই ৰঙচুৱা বৰণ ধৰি চুক এটাত পৰি আছে৷ তিনিটা গাজৰ, দুডালমান ফ্ৰেঞ্চবিন, সৰু ফুলকবি এটা, মটৰ কেইচিৰামান বৰ দুখলগাকৈ ইটোৱে সিটোক সাৱটি অন্তিম ক্ষণৰ অপেক্ষা কৰিছে৷ ক’লা বৰণৰ গুটি দুটামান আৰু বেঙেনা কেইটাক চিনিবই পৰা নাছিলো৷ মুঠতে সকলোৰে অৱস্থা তথৈবচ৷ কেপচিকাম এটাত ভেঁকুৰ লাগি তাৰ মূল ৰঙটো কেতিয়াবাই নাইকিয়া কৰিলে৷ যোৱা সপ্তাহত দুদিন কাৰেণ্ট নথকাৰ বাবে পাচলিৰ গাত থকা অৱশিষ্ট গুণখিনিৰো সমাপ্তি ঘটিল৷

আমি হৈছো আধুনিক ভাৰতবৰ্ষৰ নিম্ন মধ্যবিত্ত পৰিয়ালৰ লোক৷ উপাৰ্জন অনুসৰি খৰচ সদায়েই বেছি৷ আমি বিপিএলৰ চাউলো নাপাওঁ আৰু বেংকৰ ধাৰ লৈ দেশ এৰি পলায়নো কৰিব নোৱাৰোঁ৷ সেইবাবে সীমিত উপাৰ্জনৰ পৰাই দৈনন্দিন সকলো খৰচৰ জোৰা মাৰিব লাগে৷ সেয়েহে মন গলেই কিছুমান বস্তু দলিয়াই পেলাব নোৱাৰোঁ৷ বহুত ভাবি চিন্তি কিম্ভুত ৰঙৰ শুকান পাচলিকেইটাক লৈ এক সিদ্ধান্ত লৈ পেলালো৷ পাচলিৰ বাকচটো ফ্ৰিজটোৰ পৰা উলিয়াই আনি মজিয়াত লুটিয়াই দিলো৷ অলপ ভাল হৈ থকাখিনি বাচি ললো৷ অৱশিষ্টখিনি পেলাবলৈ থলো৷ শ্ৰীমতীক শুনাই দিলো, আজি মই এখন ভাজি বনাম৷ আগতীয়াকৈ জনাই থোৱাৰ প্ৰয়োজন৷ কাৰণ সেই সময়ত পাকঘৰত আনৰ উপস্থিতি মই ভাল নাপাওঁ৷ অৱশ্যে কাম শেষ হোৱাৰ পাছত পাকঘৰ লেতেৰা কৰি থৈ অহাৰ বাবে গালি কেইটা শুনিবলৈ মই সাজু হৈ থাকো৷ সদায় নকৰা কামৰ বাবে কিছু খেলিমেলি হোৱাটো স্বাভাৱিক কথা৷ বেঙেনা, ফ্ৰেঞ্চবিন, গাজৰ, মটৰ সকলো কাটি মেলি ধুই ললো৷ লগতে আলু দুটাও কাটি ললো৷ ক’লা বৰণৰ গুটি দুটা চিকুনাই গম পালো সেয়া বহু আগতে চালাদ বনাবলৈ অনা বিট৷ সেয়াও কাটি ললো – একেটা পেটলৈহে যাব! সকলো সাজু কৰি কেৰাহীত তেল অলপ বেছিকৈ দি ঢালি দিলো৷ টেমা এটাৰ ভিতৰত কেইবাটাও বিভিন্ন মচলাৰ পেকেট উদ্ধাৰ কৰিলো৷ সকলোতে প্ৰায় এক দশমাংশকৈ মচলা আছিল৷ কি মচলা চাবলৈ সময় নাই, সকলোৰে পৰা অলপ অলপকৈ দি দিলো৷ হালধি-নিমখ জোখমতে চটিয়াই ঢাকোন দি কম জুইত সিজিবলৈ দিলো৷ মাজতে শ্ৰীমতীয়ে ভূমুকি মাৰি গ’লহি৷ ‘তুমিয়েই খাবা এইসোপা’- পৰম বাণী শুনাই থৈ গ’ল৷

ভাতৰ টেবুলত বহি অতি উৎসাহেৰে ল’ৰা ছোৱালীক নতুন ৰেচিপিৰ বিষয়ে বহলাই ব্যখ্যা কৰিম বুলি মনতে সংকল্প কৰিলো৷ সন্তানে বৰ তৃপ্তিৰে ভাজিকন আঁকোৱালি ললে৷ বিভিন্ন মচলা আৰু চালাদ বনাবলৈ অনা বিট দুটাৰ কৃপাত সুস্বাদু হোৱা ব্যঞ্জনবিধৰ ৰঙা ৰঙটো দেখি ছোৱালীয়ে কিহৰ ভাজি বুলি প্ৰশ্ন কৰিলে৷ মই বেচ উৎসাহেৰে কলো- ‘এয়া অপচয় ভাজি’৷ আগতে নাম নুশুনা ব্যঞ্জন, তাতে খাবলৈও বেয়া হোৱা নাই৷ সাতে সোতৰই মিলি মুঠতে মই সফল! আকৌ প্ৰশ্ন আহিল – এয়া বনাবলৈ মই ক’ত শিকিলো? বেচ অভিজ্ঞ লোকৰ দৰে সিহঁতক কবলৈ আৰম্ভ কৰিলো- ‘হোৱাইট হাউচত বিল ক্লিণ্টনৰ চেফ হৈ থাকোঁতে এবাৰ মই এই ডিচটো বনাই খুৱাইছিলো…’৷ ‘থোৱা হে, তোমাৰ সেই বকলা আৰু মেলিব নালাগে’ – শ্ৰীমতীৰ ভেকাহিত মনে মনে থাকিলো৷ আজিকালি সুবিধা মিলিলে মাজে সময়ে অপচয় ভাজি ৰান্ধি পৰিয়ালক তৃপ্তি দিওঁ৷ সাপো মৰে আৰু মোৰ লাঠিও নাভাগে৷ মোৰ যোগাত্মক চিন্তাই আপোনালোককো সহায় কৰিলে মোৰ দেশ সলোৱাৰ প্ৰচেষ্টা সফল হব!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক