অপমৃত্যু : দিগন্ত কুমাৰ ভট্টাচাৰ্য

‘ছা..ৰ…! কিতাপ লিখিছে?’

কাৰোবাৰ মাতত উচপ খাই উঠিল অনুৰূপ হাজৰিকা। কোঠাটোত অন্ধকাৰ। অলপ আগেয়ে কাৰেন্ট গৈছে। মমৰ সেমেকা পোহৰত একোৱেই নেদেখি। হঠাতে দেখিলে দুৱাৰখনৰ কাষত ৰৈ আছে ছোৱালী এজনী। পিন্ধনত এটি দীঘল ফ্ৰক। বাহিৰৰ পৰা অহা জোনাক পৰি তাইৰ চুলিখিনি জিলিকিছে অলপ।

‘কোন? কোন সেয়া?’ হাজৰিকাই চিঞৰিলে। ছোৱালীজনী একেথৰে ৰৈ আছে। এক আশংকাত কঁপি কঁপি হাজৰিকা চকীৰপৰা উঠি লাহে লাহে দুৱাৰখনৰ ফালে আগবাঢ়িল। ছোৱালীজনী পিছুৱাই গ’ল। হাজৰিকাই এইবাৰ ‘কোন, কোন’ বুলি তাইৰ ওচৰলৈ দৌৰিলে। তায়ো এইবাৰ দৌৰিলে বাহিৰলৈ হাজৰিকাৰ ফালে মুখ কৰি। জোনৰ পোহৰত দেখিলে ছোৱালীজনীৰ পিন্ধনত মলিয়ন ফ্ৰক এটি, দীঘল মেলি থোৱা চুলি। সোঁ গাল খনত এটি ডাঙৰকৈ কলা দাগ। হাজৰিকা তাইৰ পিছে পিছে গ’ল দৌৰি যদিও তাই নোহোৱা হৈ থাকিল ওচৰৰে জংঘলৰ মাজত।
হাজৰিকাই একো উৱাদিহ নাপালে। বিন্দু বিন্দু ঘামে তিয়াইছে তেওঁৰ কঁপাল-গাল। তেওঁ বেগেৰে ঘৰটোলৈ আহিল। হঠাতে দেখিলে এজনী বগা মেখেলা-চাদৰ পিন্ধা তিৰোতা তেওঁৰ কোঠাটোৰ পৰা ওলাই আনফালে দৌৰিছে।

এইবাৰ হাজৰিকাই সঁচাকৈয়ে ভয় খালে। ভূত-প্ৰেত তেওঁ বিশ্বাস নকৰে। কিন্তু এই আওহতীয়া ঠাইখিনিলৈ হঠাতে ক’ৰপৰা তিৰোতা আৰু এজনী ছোৱালী আহিল- ভাবিলে তেওঁ। যোৱা পাঁচবছৰত তেওঁৰ প্ৰকাশিত কিতাপৰ সংখ্যা দুখন যদিও তেওঁ বৰ্তমান অসমৰ এজন জনপ্ৰিয় লেখক। তেওঁৰ প্ৰথম উপন্যাসখনে বিক্ৰীৰ সকলো অভিলেখ ভংগ কৰিছে। এইবছৰ দ্বিতীয় উপন্যাসখনৰ স্বত্ব দিল্লীৰ এটি ডাঙৰ প্ৰকাশন গোষ্ঠীয়ে কিনি লৈছে, শীঘ্ৰেই ইংৰাজী অনুবাদ দেশ-বিদেশৰ মানুহে পঢ়িবলৈ পাব। হাজৰিকাই ভাবে সংখ্যাই নহয়, লেখাৰ মানদণ্ডই কাৰোবাক সফল সাহিত্যিক হিচাপে প্ৰতিষ্ঠিত কৰিব পাৰে। তেওঁ হেনো জীৱনত পচিশ বা ত্ৰিশখনতকৈ বেছি কিতাপ প্ৰকাশ নকৰে। কাকত-আলোচনীতো তেওঁ লেখা নিদিয়ে। মাত্ৰ এখন সাপ্তাহিক কাকতত তেওঁৰ ধাৰাবাহিক উপন্যাস এখন প্ৰকাশ হৈ আছে।

চাংসাৰি ৰে’ল ষ্টেচনৰপৰা প্ৰায় ছয় কিল’মিটাৰ আঁতৰৰ এই ঘৰটো হাজৰিকাৰ ঠিকাদাৰ বন্ধু প্ৰথমেশ কলিতাৰ। কিবা ফাৰ্ম খুলিবলৈ ইয়াত মাটি কিনি দুই কোঠাৰ সৰু ঘৰটো সাজিছিল কলিতাই। সাধাৰণতে ঘৰটো খালী হৈয়ে থাকে। হাজৰিকাই কিতাপ লিখাৰ সময়ত এই ঘৰটোলৈ আহে গুৱাহাটীৰ পৰা। অকলশৰে থাকি প্ৰায় পোন্ধৰ-বিছদিনত তেওঁ কিতাপ এখন লিখি শেষ কৰিবলৈ যত্ন কৰে। প্ৰায় এক কিল’মিটাৰলৈ ঘৰটোৰ ওচৰত জনবসতি শূন্য। এককিল’মিটাৰ আঁতৰত এখন সৰু বজাৰ। তাৰ কাষতে এখনি সৰু গাঁৱ। হাজৰিকাই এই নিৰ্জন ঠাইত সাহিত্যৰ কাম কৰিবলৈ খুব ভাল পায়।

কিন্তু আজিৰ ঘটনাটো দেখি কিছু পৰিমাণে শংকিত হ’ল হাজৰিকা। মেজখনত পৰি আছে হাজৰিকাৰ আধা লেখা নতুন উপন্যাসখনৰ পাণ্ডুলিপি – ‘অপমৃত্যু’। আচলতে এতিয়া পুৰণি বহীটোৰ পৰা প্ৰতিলিপি কৰা কামটোহে কৰি আছে। পুৰণি বহীটোৰ কিছু অংশ উৱলি গৈছে। সেইবাবে কিছু সময় লাগে। হাজৰিকাৰ লিখিবলৈ মন নগ’ল। আৰু প্ৰায় দহ পৃষ্ঠামানহে আছে লিখিবলৈ। দুদিন পিছত প্ৰকাশকক দিব লাগিব।

পিছদিনা সন্ধিয়া হাজৰিকা ওচৰৰ বজাৰখনলৈ গ’ল। হঠাতে দেখিলে এজনী সৰু ছোৱালী। আগনিশা দেখা ছোৱালীজনীয়েই সেয়া..একেই মলিয়ন ফ্ৰক, গালৰ পোৰা দাগ। তাই গাৱঁখনলৈ সোমাই গ’ল। হাজৰিকাই তাইৰ পিছ ল’লে। এটা সময়ত তাই সৰু জুপুৰী এটাত সোমাল। হাজৰিকাই বাঁহৰ দৰ্জাখনেৰে ভিতৰলৈ জুমি চালে। চাকিৰ পোহৰত হাজৰিকাই স্পষ্টকৈ দেখিলে বেৰত ওলোমাই থকা মৰহি যোৱা ফুলৰ শুকান মালা এডালেৰে সৈতে এখন ফ’টো। ফ’টোৰ মানুহজনক তেওঁ লগে লগে চিনি পালে – তপোব্ৰত দাস! কাষতে দেখিলে বগা মেখেলা-চাদৰ পিন্ধি তিৰোতা এজনীয়ে চৌকাত কিবা ৰান্ধি আছে। হাজৰিকাৰ অলপো ভুল নহ’ল – সেয়া তপোব্ৰত দাসৰ পত্নী!! তেওঁ দৌৰা-দৌৰিকৈ ওলাই আহি বজাৰ পালে। তপোব্ৰত দাস আছিল সোণাপুৰৰ, কিন্তু পৰিয়ালটো কেনেকৈ এই চাংসাৰিৰ ওচৰৰ সৰু গাঁৱখনলৈ আহিল – বুজি নাপালে হাজৰিকাই……।
এক গভীৰ অশান্তি আৰু শংকাৰে মন ভৰি পৰিল তেওঁৰ। বজাৰৰ মাজতে দোকান এখনত চুলাই মদ পায়। দোকানীজন তেওঁৰ চিনাকী। তেওঁ গ’লে বিলাতীবিধ যোগাৰ কৰি দিয়ে। বহু ৰাতিলৈ সিদিনা তাতেই বহি থাকিল হাজৰিকা। তপোব্ৰত দাসৰ স্মৃতিয়ে তেওঁক আমনি কৰিবলৈ ধৰিলে প্ৰতিপল। এখন ভেন্সাৰ স্কুলৰ শিক্ষক আছিল তপোব্ৰত দাস। মাহৰ শেষত পোৱা সামান্য ধনেৰে দুজনীয়া পৰিয়ালটোক পোহপাল দিবলৈ বহুত কষ্ট হৈছিল দাসৰ। হাজৰিকা এজন সাহিত্যানুৰাগী ব্যক্তি। প্ৰায় সাতবছৰ আগতে সহকৰ্মী বন্ধু এজনে দাসৰ লগত তেওঁক চিনাকী কৰাই দিছিল।
‘হাজৰিকা দা, এওঁ বৰ ভাল লিখে হে। আপোনাৰ কোনোবা এজন চিনাকী পাব্লিছাৰ আছিল নহয়? এওঁক লগ লগাই নিদিয়ে কিয়? কিতাপ লিখি দুপইচা পালেও কিছু সহায় পাব এওঁ’
হাজৰিকাৰ বেয়া লাগিল। তেওঁ দাসক সহায় কৰিবলৈ মান্তি হ’ল।
দাসৰ হাতে-লিখা অৱস্থাতে দুখনমান কিতাপ পঢ়ি অভিভূত হ’ল তেওঁ। কি টেৰিফিক ৰচনা!
‘দাস, আপুনি মাত্ৰ এবাৰ ব্ৰেক পালে হ’ল। তাৰপিছত চাব, পাব্লিছাৰে আপোনাক বিচাৰি আপোনাৰ ভৰিত পৰিব। মোৰ চিনাকী ‘অগ্নি প্ৰকাশ’ৰ লগত আলোচনা কৰিম বাৰু। আপুনি চিন্তা নকৰিব, সিহঁতে না কৰাৰ প্ৰশ্নই নাই’।’
দাসৰ দুচকু উজ্জ্বল হৈছিল।
‘বুজিছে দাস, ময়ো মাজে মাজে কিবাকিবি লিখো, কিন্তু কাৰোবাক দেখুৱাবলৈ লাজ লাগে। এইবাৰ আপোনাক দেখুৱাম। আপুনি ক’ব, খুটি-নাটি দেখুৱাই দিব’।
দাসে হাজৰিকাক লিখিবলৈ উৎসাহিত কৰে। তাৰে প্ৰায় এবছৰ পিছত হাজৰিকাই এদিন খবৰ পাইছিল তপোব্ৰত দাসে কেৰাচিন ঢালি জুই লগাই আত্মজাহ দিয়াৰ ঘটনাটো। হয়তো অভাৱৰ বোজাই তেওঁক এনেকৈ কোঙা কৰি পেলাইছিল, নিজ পত্নী আৰু পাঁচ বছৰীয়া কন্যা সন্তানটিৰ মোহকো নেওচি এই পৃথিৱী এৰি যাবলৈ বাধ্য কৰাইছিল দাসক।

বহুদিনৰ পিছত হাজৰিকাই তপোব্ৰত দাসৰ কথা গভীৰভাৱে ভাবিলে। ৰাতি ঘৰ গৈ পাওতে একমান বাজিল। সন্মুখৰ দুৱাৰখন খোলা। মেজখনত একুৰা জুই। লৰি গৈ হাজৰিকাই দেখিলে তেওঁ লিখি থকা পাণ্ডুলিপিখনত জুই লাগিছে। মূল বহীটো দলিয়াই আঁতৰালে মেজৰপৰা। প্ৰায় চাৰিশ পৃষ্ঠাৰ পাণ্ডুলিপিটো দাও দাওকৈ জ্বলিছে। হাজৰিকাই নুমুৱাবলৈ চেষ্টা কৰিলে। এনেতে পিছফালৰপৰা কোনোবাই তেওঁৰ গাত পানী ছটিয়াই দিয়া যেন পালে। সেয়া পানী নহয়, গোন্ধটো কেৰাচিনৰ যেন লাগিল। কিবা এটা বুজি পোৱাৰ আগতেই জুয়ে ছানি ধৰিলে হাজৰিকাৰ দেহৰ ওপৰভাগ। তেওঁ বাগৰি পৰিল। পিছফালে ৰৈ আছিল তপোব্ৰত দাসৰ পত্নী!

ooooooooo

অনুৰূপ হাজৰিকাৰ ‘অপমৃত্যু’ৰ প্ৰায় দুবছৰ হৈ গ’ল। প্ৰথমেশ কলিতা আজি সন্ধিয়াতে ঘৰটোলৈ আহিছে। ফাৰ্ম খোলাৰ পৰিকল্পনা আৰু বাদ দিছে তেওঁ। ঘৰটোত কিছুদিন তেওঁ থকাকৈ আহিছে এইবাৰ। ঘড়ীটোলৈ চালে প্ৰায় ন বাজিছে। এনেতে মোবাইলটো বাজি উঠিল-
‘কলিতা ছাৰ..আপোনাৰ ফাৰ্ষ্ট কিতাপখনৰ থাৰ্ড এডিচনটো আজি মাৰ্কেটলৈ আহিছে দেই। এতিয়া লেখক বাবুৰ বা ছেকেণ্ড কিতাপখন আমাৰ হাতত কেতিয়ালৈ পৰে! আমি ৰৈ আছোঁ’।
‘ৰয়েল্টি কিছু মোৰ একাউন্টত দি দিব কাইলৈ। আজিৰ পৰা লিখিম হে নেক্সটখন। এমাহমান লাগিব’।
ফোনটো থৈ কাষতে পৰি থকা ট্ৰাংকটো খুলিলে কলিতাই। ট্ৰাংকটোত পচিশখনমান কিতাপৰ পাণ্ডুলিপি পৰি আছে। তাৰ মাজৰপৰা প্ৰায় পাঁচশ পৃষ্ঠাৰ বহী এখন উলিয়ালে। বহীটোৰ কিছু অংশ জুয়ে পুৰিছে।

ওপৰৰ পৃষ্ঠাত ডাঙৰ আখৰেৰে লিখা আছে -‘অপমৃত্যু – ৰহস্য উপন্যাস’। কলিতাই মুখৰ ভিতৰতে ক’লে-‘অনুৰূপ হাজৰিকা!!…চাল্লা সাহিত্যিক!’ পাতবোৰ লুটিয়াই তেওঁ ভাবিলে ‘তপোব্ৰত দাস’ৰ হাতৰ আখৰ সঁচাকৈয়ে মুকুতাৰ মণিৰ দৰে আছিল! হঠাতে কাৰেন্ট গ’ল। আন্ধাৰে আৱৰি ধৰিলে গোটেই কোঠাটো। তেওঁ মম এডাল জ্বলালে। দুৱাৰখন খোলাৰ শব্দত সচকিত হৈ চালে দুৱাৰৰ ফালে চালে। তাত ৰৈ আছে এজনী ছোৱালী। মেলি থোৱা দীঘল চুলি। পিন্ধনত বগা দীঘল ফ্ৰক এটি।

চেপাঁ মাতেৰে তাই সুধিলে, ‘ছা…ৰ! কিতাপ লিখিব?’

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
seemanta
8 years ago

Aaru alop spsto hole bhal hol heten.