অপমৃত্যু (দিগন্ত যাদৱ শৰ্মা)

ডিচেম্বৰ মাহৰ এটা দিন । চনটো পাহৰিছো । সেইদিনা আছিল অসমৰ জাতীয় সংগঠন এটাই আহ্বান জনোৱা “পথ বন্ধ” কাৰ্য্যসুচী। সেই সময়ত এই জাতীয় সংগঠনটোৰ নিৰ্দেশমৰ্মে অসমৰ সকোলো ঠাইতে এনে ধৰণৰ কাৰ্য্যসুচী স্বত:স্ফুৰ্তভাৱে ভাৱে পালন কৰা হৈছিল ।

সুন্দৰ ফৰকাল বতৰ, আমাৰ কোনো কাম নথকাত ১০-১১ বজাতে ক্ৰিকেট খেলিবলৈ ওলাই গ’লো । খেলাৰ ঠাই হৈছে ওচৰৰে আমাৰ আহল বহল ৰাজগড় পথটো । কোনো ধৰণৰ গাড়ী-মটৰ নাই, মোটামোটি এখন সুন্দৰ খেলপথাৰৰ নিচিনাই হৈ পৰিছিল । বেছ কেইজনমান গোট খালো, কিন্তু কথা হ’ল ব’ল আছে, বেট নাই । পৰহি আবেলি বুলে বেট ধৰি থাকোতে বেটৰ নাল ডাল ভাগি থাকিল, সেইকাৰণে সি খেলিবলৈও অহা নাছিল । কেনেবাকৈ বেটখনো যোগাৰ কৰা হ’ল । ষ্টাম্প কেইডাল বাঁহেৰে কৰা হ’ল । ‘কল্কি’ও আমাৰ খেলাৰ সংগী হ’ল । ‘কল্কি’ হৈছে আমাৰ পোহনীয়া কুকুৰ । সিও প্রায়ে আমাৰ লগত থাকি সুখ-দুখৰ ভাগ লয় ।

যথাসময়ত আমি ৬ জন মান লৰাই খেল আৰম্ভ কৰিলো । ‘কল্কি’ও ঠিক উইকে্টকীপাৰৰ দৰে মোৰ পিছফালে থিয় হৈ আছিল । মই বেট ধৰি মদনৰ ব’ল কোবাই আছিলো, ব’লটো ইফালে-সিফালে গলে ‘কল্কি’য়ে নিমিষতে ব’লটো আনি দিয়ে । তাৰ ব’লৰ ওপৰত তীক্ষ্ণ দৃষ্টি আছিল । এনেকৈ খেলি থাকোতে ব’ল ধৰিবলৈ গৈ ‘কল্কি’ এবাৰ গাঁত এটাত সোমাই ভৰি এখনত দুখো পালে, অকনমান পিহি মৰম কৰি দিয়াত আকৌ খেলত ভাগ ললে ।

বগাৰ বেটিং আছিল নেকি, পাহৰিলো । সি দ্বিতীয় ব’লটো কোবাই জঙ্ঘলৰ মাজত পেলালে । আমি বিছাৰি নোপোৱাত, ‘কল্কি’য়েও বিছাৰিবলৈ আৰম্ভ কৰিছিল, ঠিক সেই সময়তে পিছফালে কিবা এটাৰ গন্দগোল শুনিলো ।

সকলোৱে ঘূৰি চাই দেখো তিনিজন লৰাক চি.আৰ.পি.ফ.ৰ জোৱান কেইজনমানে খেদি ফুৰিছে । ধৰা পৰাৰ ভয়ত সিহঁতে তৰা-নৰা ছিগি দৌৰিছে । ধৰিব নোৱাৰি চি.আৰ.পি.ফ.ৰ জোৱান এজনে লাঠিডালকে দলিয়ালৈ এজনৰ গালৈ । ঘটনাক্রমে লাঠি পৰিল গৈ আমাৰ ‘কল্কি’ৰ গাত । সি বিতুষ্ট হৈ খেদি গৈ জোৱান জনৰ ভৰিতে কামুৰি দিলে । কথা বিষম দেখি আমি ছত্রভঙ্গ দিলো । মাথো ‘কল্কি’য়েহে কিছু সময়লৈ দৌৰি দৌৰি ভুকি থাকিল । তাৰ খং আছিল সুন্দৰ আৰু শান্তিপূৰ্ণ সময় এটাৰ অপমৃত্যুত ।

–**–

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments