অপসাৰী বিজ্ঞানৰ সীমাত অভিসাৰী ভগৱান সম্ভৱ নে? (পংকজ ঠাকুৰীয়া)

(এই লেখাটোৰ লগত ধৰ্মৰ সম্বন্ধ নাই। অসমীয়া বৈজ্ঞানিক শব্দবোৰ http://poribhasha.bhuruka.org/ -ৰ পৰা লোৱা হৈছে।)

এটা সাধাৰণ অথচ জটিল বেজ্ঞানিক ধাৰণাৰে আৰম্ভ কৰোঁ। সময়ৰ বিপৰীত দিশত সংমিতি ভংগ (Time reversal symmetry Breaking)। প্ৰথমেই আমি সংমিতি (symmetry) কি তাকে জানিব লাগিব। সংমিতিৰ কিছুমান উপাদান (element) প্ৰয়োগ কৰিলে আমি আগৰ অৱস্থাত আহি পাওঁ (Identical)। কিছুমান উপাদান হ’ল সমমিতি অক্ষ (Axis of rotation), সমমিতি দাপোণ (mirror plane), সমমিতি কেন্দ্ৰ (inversion centre) আৰু তৎসমক (identity) (হিন্দী শব্দটোৰ পৰা লৈছো) আদি। ইয়াৰ ওপৰিও বহু বেলেগ সমমিতি উপাদান পোৱা যায়। এটা ষড়ভুজক (hexagon) আমি কেন্দ্ৰৰ মাজেৰে ষড়ভুজটোৰ তলখনৰ উলম্ব অক্ষ এডালেৰে ৬০ ডিগ্ৰীত ঘূৰালে আগৰ স্থানৰ সদৃশ স্থানত উপস্থিত হ’ব পাৰি। সংমিতিৰ সহজ উদাহৰণ ভিন্সিৰ ভিট্ৰুভিয়াল মেন নামৰ ছবিখন চাব পাৰে (চিত্ৰ ১)।

চিত্ৰ - ১

দ্বিতীয় ছবি (চিত্ৰ ২)ত  ত্ৰিভুজ আৰু ষড়ভুজ এটাৰ সংমিতিৰ কেইটামান উপাদানৰ উদাহৰণ দিছোঁ। মূল কথাটো হ’ল সংমিতি মানে আমি সদৃশ অৱস্থা এটাত উপনীত হ’ব পাৰোঁ। মানুহজনৰ উলম্ব দিশত এডাল অক্ষ যদি এনেদৰে ৰখা হয় যে মানুহজনে সেই অক্ষডাল সাপেক্ষে ১৮০ ডিগ্ৰী ঘূৰিলে আকৌ সেই আগৰ অৱস্থা পায়। এই অক্ষডাল সংমিতিৰ উপাদান।

চিত্ৰ -২

এতিয়া সময়ক আমি সংমিতিৰ উপাদান হিচাপে ল’ব পাৰিম নে? সৰুতে আমি কলিং বেল বজাবৰ বাবে পৰিবাহীৰ মাজেৰে বিদ্যুৎ বিভৱ প্ৰয়োগৰ ফলত চৌম্বক শক্তি ব্যৱহাৰ কৰিছিলোঁ। এই চৌম্বক শক্তি পৃথিবীৰ অন্যতম প্ৰায়োগিক পদাৰ্থ বিজ্ঞানী মাইকেল ফাৰাডেই শতিকাৰ শ্ৰেষ্ঠ পৰীক্ষাটোত আৱিষ্কাৰ কৰিছিল। চিত্ৰ ৩-ত এটা বন্ধ বৃত্তীয় বৰ্তনীৰ (closed loop) মাজেৰে যদি আমি বৈদ্যুতিক আধান পৰিচালিত হ’বলৈ দিও তেন্তে সৃষ্টি হোৱা চুম্বক ক্ষেত্ৰখন ওপৰৰ পিনে বা চিত্ৰত দেখুৱা ধৰণে আমি দেখা পাওঁ। এতিয়া আমি যদি ভাবোঁ যে সময়ৰ লগত আমি ওলোটাকৈ গৈ আছোঁ তেন্তে আমাৰ আধান পৰিবহনৰ দিশ ওলোটা হ’ব আৰু সেয়েহে আমি পোৱা চুম্বক ক্ষেত্ৰখনৰ দিশ ওলোটা হব। ইয়াকে সময় বিপৰীত দিশত সংমিতি ভংগ বুলি কোৱা হয়। অৰ্থাৎ সময়ক উপাদান হিচাপে ব্যৱহাৰ কৰিলে আমি সদৃশ পৰিস্থিতিত উপস্থিত হ’ব নোৱাৰোঁ।

চিত্ৰ - ৩

এতিয়া আহোঁ বিজ্ঞানৰ কথালৈ। বেছি পিছলৈ নাযাওঁ; ডেল্টনে কৈছিল যে পদাৰ্থৰ গঠনৰ আটাইতকৈ মৌলিক কণা হ’ল পৰমাণু। গোটা সংখ্যাৰ পৰমাণু যোগ হৈ যৌগ গঠন কৰে। আনহাতে পৰমাণুক ভাঙিব নোৱাৰি। কিন্তু আজি আমি ইলেক্ট্ৰন, প্ৰ’ট’ন বাদেই- কোৱাৰ্ক আদি কণাৰ ভিত্তিত আলোচনা কৰোঁ। যদি আমি সময় অক্ষত ঘূৰি যাওঁ তেন্তে আমি পৰমাণু পদাৰ্থৰ মৌলিক কণা সেই ধাৰণাক মানি ল’ব নোৱাৰোঁ। অৰ্থাৎ সময় সাপেক্ষে আমাৰ এই ধাৰনাই সংমিতি ভংগ কৰে। কিন্তু গোটা সংখ্যাৰ পৰমাণু লগ হৈ যৌগ গঠন কৰে সেই ধাৰণা অক্ষুণ্ণ থাকিল। গতিকে বিজ্ঞানে পৰীক্ষা আৰু যুক্তিৰে প্ৰতিপন্ন ধাৰণাই সময়সাপেক্ষে সংমিতি ভংগ কৰে। বেলেগ কথাত আমি ক’ব পাৰোঁ যে বৈজ্ঞানিক ধাৰণা সময়ৰ লগত একক দিশত গতি কৰে যাক আমি পৰীক্ষাৰ দ্বাৰা প্ৰমাণিত কৰিব পাৰোঁ। পূৰ্বৰ ধাৰণাক পৰীক্ষাৰ দ্বাৰা অসত্য প্ৰমাণ কৰিব পাৰিলে সি সংমিতি ভংগ কৰে কিন্তু প্ৰমাণ কৰিব নোৱাৰিলে সংমিতি ভংগ নহয়। ধাৰণা এটা বিজ্ঞানত মানি লোৱা হয় যেতিয়া তথ্য আৰু প্ৰমাণৰ সহায়ত তাক প্ৰতিপন্ন কৰিব পাৰি। আনহাতে যাক আমি প্ৰতিপন্ন কৰিব নোৱাৰোঁ তাক প্ৰচলিত কাল্পনিক ধাৰণাৰ ওপৰত পৰীক্ষা আৰু যুক্তিৰে ভুল বুলি প্ৰতিপন্ন কৰিবলৈ বিচাৰোঁ। ভুল বুলি প্ৰমাণ কৰিব লাগিলে প্ৰত্যক্ষ পৰীক্ষা কৰিব লাগিব যে সেয়া সদায় সত্য নহয়। পৰোক্ষভাৱে সেই ধাৰণাৰ প্ৰভাৱো পৰীক্ষাৰ দ্বাৰা প্ৰতিপন্ন কৰিব নোৱাৰিলে প্ৰথম ধাৰণাক আমি ভুল বুলি কব পাৰোঁ। যি ধাৰণাক আমি ভুল বুলি প্ৰতিপন্ন কৰিব আজি পৰা নাই বা আজিৰ সময়ত পৰা নাই তাক আমি মানি ল’বলৈ চেষ্টা কৰোঁ। নিউটনীয় গতিবিজ্ঞানে পৃথিৱীৰ সকলো পৰিঘটনা বিশ্লেষণ কৰিব পাৰিব বুলি এটা সময়ত ধাৰণা কৰা হৈছিল। কিন্তু বহু ঘটনা আমি আজি নিউটনীয় বলবিদ্যাৰ সহায়ত প্ৰতিপন্ন কৰিব নোৱাৰোঁ আৰু তাৰ বাবে কোৱাণ্টাম বলবিদ্যাৰ দৰকাৰ হয়। কিন্তু নিউটনে সমাজৰ ক্ষেত্ৰত এটা জটিল সমস্যাৰ সমাধান কৰিছিল। আমাৰ সমাজখনৰ উচ্চ-নীচ সকলোৰে ক্ষেত্ৰত নিউটনীয় নীতি সদায়েই সত্য। সকলোৰে সমান অধিকাৰৰ ধাৰণা গঢ়ি উঠাত নিউটনৰ অৰিহণা যথেষ্ঠ।

ইয়াতেই আকৌ এটা ধাৰণা আহি পৰে, সেইটো হৈছে সীমা। নিউটনীয় বলবিদ্যা এটা সীমাৰ পিছত ৰৈ যাবলগীয়া হ’ব। সীমাই আন এটা কথা সূচায় যে সময়সাপেক্ষে সত্যৰ ধাৰণা বিজ্ঞানত কেনেকৈ সলনি হৈছে। নিউটনীয় বলবিদ্যাৰ উচ্চ প্ৰভাৱ যি সময়ত অত্যাধিক আছিল সেই সময়ত যিবোৰ পৰিঘটনা এই বলবিদ্যাই বা এইবলবিদ্যাৰ সহায়ত প্ৰমাণ কৰিব পৰা নাছিল সেয়া ভুল বা শুদ্ধ বুলি কোৱা হোৱা নাছিল। কেবল সেয়া সময় সাপেক্ষে বিজ্ঞানৰ সীমা আছিল। কোৱাণ্টাম বলবিদ্যাই সেই সীমাক অলপ আগবঢ়াই দিলে। কিন্তু তাতে আকৌ এটা কাম হ’ল যে সীমাৰ বৃদ্ধিৰ লগে লগে ধাৰণাসমূহ বিভক্ত হৈ অধিক বিশেষীকৰণ হৈ পৰিল। এয়া কেৱল বলবিজ্ঞানৰ ধাৰণাতে হোৱা নাই। বৈজ্ঞানিক ধাৰণাৰ সকলো ক্ষেত্ৰতে এই বিশেষীকৰণ আৰম্ভ হ’ল সেয়া তাপগতিবিজ্ঞান চিকিৎসা বিজ্ঞান বা ৰাজনীতি বিজ্ঞান, অৰ্থনীতি, দৰ্শন বা সাহিত্য। যুক্তিৰে প্ৰতিষ্ঠা কৰা সত্য সুষ্ঠিৰ থাকিল কিন্তু সত্যৰ ধাৰনাই বিশেষীকৰণৰ ফলত প্ৰকৃতিৰ প্ৰতিটো সূক্ষ্ম ধাৰণাৰ অধ্যয়নৰ বাবে ভাগ-বতৰা হ’ল। যদি আমি সময়ৰ অক্ষডালত আগবাঢ়ি যাওঁ তেন্তে দেখা যায় যে বিজ্ঞানৰ ধাৰণাসমূহ অপসাৰী হৈ গৈ আছে। এটা মাত্ৰ সূত্ৰ বা নীতিৰে সকলো প্ৰমাণ কৰিব নোৱাৰি, সদায় নতুন সূত্ৰৰে সত্যৰ অনুসন্ধান চলি আছে। চিত্ৰ ৪-ত দেখুৱাৰ দৰে এই অপসাৰী (divergent) বিজ্ঞানৰ ধাৰণাক আমি বুজি পাম।

চিত্ৰ - ৪

সময়ৰ এটা নিৰ্দিষ্ট বিন্দুত কেন্দ্ৰ কৰি আমি এটা বৃত্ত আকিব পাৰোঁ যিয়ে সেই সময়ৰ সীমাৰ ভিতৰৰ বিজ্ঞানৰ ধাৰণাৰ সীমা বুজাব। সময়ৰ বৃদ্ধিৰ লগে লগে বৃত্তটোৰ ব্যসাৰ্ধ বৃদ্ধিৰ লগে লগে অপসাৰী হৈ গৈ থাকিল। এতিয়া এটা ডাঙৰ সমস্যা আহি পৰে মানৱ মগজুৰ সীমা ক’ত? যদি ব্যাসাৰ্ধ বৃদ্ধিৰ লগে লগে আমি যিদৰে গম পাই আহিলোঁ যে সকলো পৰিঘটনাৰ সত্যাসত্য প্ৰমাণৰ বাবে আমাৰ এটা মগজু বহুগুণে সৰু। তেন্তে আমাৰ বাবে এয়াই সীমা হ’ব নেকি? অৰ্থাৎ এটা নিৰ্দিষ্ট সীমাৰ পিছত আমাৰ বুজি পোৱাৰ ক্ষমতা শেষ হ’ব নেকি? এই সমস্যায়েই বিশেষীকৰণৰ মূল। জীৱবিজ্ঞানৰ অধ্যয়ন কৰা মানুহজনে পদাৰ্থ বিজ্ঞান বা ৰাজনীতি বিজ্ঞানৰ সকলো জনা সম্ভৱ নহয়। এতিয়া সেই বৃত্তটোৰ পৰিধিৰ প্ৰতিটো বিন্দুক ৰঙা চিহ্নৰে দেখুওৱা হৈছে, যদি বিন্দুবোৰক আমি একোটা বিশেষীকৰণ বুলি ধৰিব পাৰোঁ আৰু প্ৰতিটো বিন্দুতে একোটা মগজু স্থাপন কৰোঁ তেন্তে আমাৰ সমস্যাটোৰ সমাধান হব। ফলত বিশেষীকৰণে আমাক ধাৰণাসমূহ অধ্যয়নত সুবিধা কৰি দিলে। কিন্তু কিমানটা মগজুৱে সময়ৰ লগত অপসাৰী ধাৰনাসমূহৰ সীমা হব? আনহাতে সময়ৰ লগত যদি চাওঁ এই অপসাৰিতা সৰলৰৈখিক নহয়। বহু ক্ষেত্ৰত সূচকীয় হয় exponential। বিশেষকৈ যোৱা শতিকাৰ আৰম্ভণি কালচোৱা। কেনেকৈ বৈজ্ঞানিক দৃষ্টিভংগীয়ে এই সমস্যাৰ লগত যুঁজিব। এইসময়তে আমি ভগৱানক এই শেষ সীমা বুলি কম নেকি?

ভগৱানে সময় সাপেক্ষে সংমিতি ভংগ কৰেনে? অবিনশ্বৰ এক শক্তিৰ প্ৰতি ভয় ভাৱ আদিকালৰ পৰা মানুহৰ আছিল। গতিকে সেই ভয়ে বুজি নোপোৱা বা বিশ্লেষণ কৰিব নোৱাৰা ধাৰণাসমূহৰ ক্ষেত্ৰত ভগৱান আৰোপ কৰা দেখা গৈছিল। ভগৱানৰ জন্ম জীৱৰ বা সহজ অৰ্থত মানুহৰ বিচাৰ বুদ্ধিৰ উদয়ৰ আগত হৈছিল নে পিছত হৈছিল সেয়া বুজি পোৱা টান। কাৰণ ভগৱানৰ বিশেষীকৰণ ভগৱানৰ জন্ম হোৱাৰ লগে লগে হৈছিল। মেঘৰ গাজনিতো ভগৱান আছিল, জংঘলত থকা দিনত কোনো অচিন জন্তুৱে কাৰোবাক হত্যা কৰিলেও তাত ভগৱান আছিল, ডাঙৰ গছ একোডালটো ভগৱান আছিল, জন্ম মৃত্যু সকলোতে ভগৱান আছিল। সকলো বিশ্লেষণ কৰিব নোৱাৰা বা বুজি নোপোৱা ধাৰণাৰ আঁৰত ভগৱান আছিল। যদিও পাৰিপাৰ্শ্বিকৰ বুজি নোপোৱা সকলো বস্তু, পৰিঘটনা বা ধাৰণাতে ভগৱান আৰোপিত হৈছিল বা ভগৱানৰ বিশেষীকৰণ হৈছিল তথাপি কিন্তু ভগৱান একক নে বহুবচন সেই ধাৰণা সময় সাপেক্ষে আৰু ভৌগলিক বাতাবৰণ সাপেক্ষে বিতৰ্কিত। কিন্তু মূল কথা আছিল ভগৱানৰ বিশেষীকৰণ, অৰ্থাৎ মাত্ৰ এটা পৰিঘটনাতে ভগৱান নাছিল, আছিল সকলো বুজি নোপোৱা পৰিঘটনাৰ আঁৰত। অৰ্থাৎ আমি ক’ব পাৰোঁ যে আমাৰ সেই সময়ত পৰিলক্ষিত সকলো বুজি নোপোৱা ঘটনাৰ সমষ্টিক আমি এটা বৃত্তৰে বুজালে এই বৃত্তৰ প্ৰতিটো বিন্দুকে আমি একোটা বুজাব নোৱাৰা বা বুজি নোপোৱা পৰিঘটনা বুলি ধৰি ল’ব পাৰিম। এতিয়া চাওঁ আহক সময়ৰ লগত সংমিতি। মেঘৰ গাজনিত আমি অতীতত ভগৱান আৰোপ কৰিছিলোঁ বা কলেৰা মহামাৰীক আমি ভগৱানৰ দান বুলি চিন্তা কৰিছিলোঁ। সময়ৰ লগে লগে এয়া সলনি হ’বলৈ ধৰিলে আৰু আজি আমি ইয়াৰ প্ৰকৃত ৰহস্য গম পাওঁ। অৰ্থাৎ সময়ৰ অগ্ৰগতিৰ লগে লগে আমি বহু ঘটনা, যিবোৰত ভগৱান আৰোপিত কৰি ৰাখিছিলোঁ সেইবোৰ আঁতৰাই পঠিয়ালোঁ। আজি আমি সময়ৰ লগত যদি পিছুৱাই যাওঁ তথাপি আমি সেই ঘটনাসমূহত ভগৱান আৰোপ কৰিব নোৱাৰোঁ অৰ্থাৎ সময়ৰ বিপৰীত দিশত সংমিতি ভংগ হৈছে। এইখিনিতেই বিজ্ঞানৰ লগত ভগৱানৰ পাৰ্থক্যটো স্পষ্ট হৈ পৰে। ভগৱানৰ ক্ষেত্ৰত অতীতত বুজিব নোৱাৰা প্ৰশ্নসমূহ বুজি পোৱাৰ পিছত আগৰ ঠাইত ঘূৰি যাব নোৱাৰি বা সংমিতি ভংগ হয়, বিজ্ঞানৰ ক্ষেত্ৰত আগতে সঠিককৈ বুজি পোৱা ঘটনা সময় সাপেক্ষে একে থাকে অৰ্থাৎ সময়ৰ বিপৰীত দিশত সংমিতি ভংগ নহয়। দেখা যায় যে ভগৱান আৰোপিত বিষয়সমূহ লাহে লাহে কমি আহি আছে অৰ্থাৎ মানৱ মগজুৰে অতীতৰ বুজি নোপোৱা যিবোৰ ঘটনাত ভগৱান আৰোপিত হৈছিল সেইবোৰৰ পৰা ভগৱান আঁতৰি আছে। অৰ্থাৎ চিত্ৰ ৫ত দেখুৱাৰ দৰে ভগৱান অভিসাৰী (convergent) হৈ গৈ আছে। আনহাতে বুজি নোপোৱা ঘটনাই আমাক তুলনামূলক অধ্যয়ন কৰিবলৈ আগবঢ়াই দিলে।

চিত্ৰ - ৫

আমাৰ মাজৰ প্ৰজনন উৎসৱবোৰৰ মূল তাকেই বুলি ধৰিব পাৰি। নাঙলক মানুহৰ যৌনাংগৰ লগত তুলনা কৰা হৈছিল কাৰণ নাঙলেহে খেতিপথাৰৰ লগত সংগম কৰি শস্যৰ উৎপাদন কৰে বুলি ভবা হৈছিল। বহু ভগৱানৰ পূজাৰ সময়ত কিছুমান পাত্ৰত শস্য ৰাখি তাত ৰঙা ৰং সানি পূজা কৰা হয়। জন্তুৰ পেটত নৱপ্ৰজন্ম যেনেকৈ থাকে তেনেকৈ শস্যকো পাত্ৰত ৰাখি উপাসনা কৰা হয় যাতে শস্য নদন-বদন হয়। কিন্তু কালক্ৰমত এই টেবুবোৰেও (Taboo) সময়ৰ সংমিতি ভংগ কৰিলে।

এতিয়া বিজ্ঞানৰ ক্ষেত্ৰত যি জটিল সমস্যা হৈছিল যে এটা নিৰ্দিষ্ট সময়ৰ পিছত অপসাৰী বিজ্ঞান তাৰ সীমাত উপস্থিত হ’ব, তেতিয়া তাত আমি ভগৱান স্থাপন কৰিব পাৰিম নেকি? অৰ্থাৎ আৰ্জিত জ্ঞান যিয়ে সময়ৰ সমমিতি ভংগ নকৰে গতিকে এক দিশত আগবাঢ়ে আৰু তাৰ লগে লগে অপসাৰী হৈ গৈ আছে তাৰ শেষ সীমাত ভগৱান আহিব বুলি আজিয়েই আমি যুক্তি দিব পাৰিম নেকি? গতিকে সাধাৰণ জ্ঞানৰ পৰা দেখা যায় যে কোনো অপসাৰী বক্ৰৰ সীমা অভিসাৰী হব নোৱাৰে। অৰ্থাৎ আজি যি গতিত বিজ্ঞান অপসাৰী হৈ গৈ আছে সেই বৃত্তটোৰ প্ৰতিটো বিন্দুতে আমি একোজন ভগৱান স্থাপন কৰিব লাগিব। কিন্তু আমি সেই একেই প্ৰশ্নত উপনীত হওঁ যে ভগৱান একবচন নে বহুবচন। যিহেতু প্ৰায়ভাগ সভ্যতাত এই প্ৰশ্নৰ উত্তৰ হিচাপে বহুবচনৰ ভগৱান পাওঁ গতিকে বিজ্ঞানৰ অপসাৰীতাৰ সীমা হ’বলৈ আমি নতুন ভগৱানৰ সৃষ্টি কৰিব লাগিব। দেখা গৈছে যে সময়ৰ লগত ভগৱান অপসাৰী। গতিকে মূল প্ৰশ্নটো থাকি যায় যে বিজ্ঞানৰ শেষ সীমাত ভগৱান নে ভগৱানৰ সীমাত বিজ্ঞান।

—————

(লেখকৰ টোকা- লেখাটো অলপ খেলি-মেলি হ’ল বোধকৰোঁ। তথাপি ৰাইজে সমালোচনাৰে শুদ্ধ ধাৰণা আয়ত্ব কৰাত সহায় কৰিব বুলি আশা ৰাখিলোঁ।)

 

 

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক