অপহৰণ, ভাবুকি, ডকাইতি আদিৰ বিষয়ে দুআষাৰ ডা° ভূপেন্দ্র শইকীয়া

অপহৰণ, ভাবুকি, ডকাইতি আদিৰ বিষয়ে দুআষাৰ

ডা° ভূপেন্দ্র শইকীয়া

 

২০০১ চনৰ ঘটনা। মোৰ বাসগৃহতেই এক সাহিত্য চ’ৰাৰ বৈঠক বহিছিল। বিষয় আছিল ‘ধৰ্ম আৰু বিজ্ঞান’। মোৰ দুই অকণমানি কন্যাই অসমীয়া কবিতা আবৃত্তি কৰিছিল। ওচৰৰ দুলে বৰগীত গাইছিল। শ্ৰোতা ৩৫জন মান হব। সভাৰ আঁত ধৰিছিল সাহিত্যিক- সাংবাদিক মোৰে এজন বন্ধুৱে। সভাখন সুকলমে পাৰ হোৱাৰ পিছত বন্ধুজনে তেওঁৰ লগত অহা এজন ওখ ক্ষীণকায় জেকেট পিন্ধা যুৱকৰ সৈতে মোক পৰিচয় কৰি দিলে। যুৱকজনে ভদ্ৰভাবেই কথা পাতিছিল যদিও কোনোবা পাকত মোৰ পৰা সংগঠনৰ নামত বৰঙণি বিচাৰিবলৈ কুণ্ঠাবোধ নকৰিলে৷ মই তেওঁ বিচৰামতে টকা দহ হেজাৰ দিবলৈ থেৰো-গেৰো কৰাত কৌশলেৰে জেকেটৰ ভিতৰ ফালে থকা সৰু অস্ত্ৰবিধ দেখুৱালে। অৱশেষত মোৰ পৰা কষ্টপাৰ্জিত টকা দহ হেজাৰ লৈ যুৱকে হাঁহি মুখে বিদায় ললে। মোৰ বন্ধুজন নিৰ্বাক দৰ্শক হৈ থাকিল। তেওঁ নিজৰ সংবাদপত্ৰত পিছত এই ঘটনাটোকলৈ আক্ষেপ ব্যক্ত কৰিছিল। ২০০২ চনৰ শেষৰ ফালে মোৰ সেই বন্ধুৱে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত নানান উপসৰ্গসহ ডায়েবেটিচ ৰোগত বৰ কৰুণভাৱে মৃত্যুবৰণ কৰে। সেই সময়ত মই মোৰ প্ৰথম বিদেশৰ চাকৰিত লিবিয়াত আছিলোঁ। পিছত পৰিয়ালৰ লোকৰ পৰা অন্তিম সময়ত মোক বৰকৈ বিচৰা বুলি গম পাইছিলোঁ। চৰকাৰী সাহার্য্য পালে হয়তো তেওঁ অসময়ত মৃত্যুবৰণ কৰিবলগীয়া নহ’লহেঁতেন। মুছলিম ধৰ্মাৱলম্বী হৈয়ো সংস্কৃতৰ আৰু গীতাৰ অবাধ জ্ঞান থকা এইজনালোকৰ নাম ক’লেই আপোনালোকৰ বহুতে চিনি পাব। তেওঁ আছিল এম.চালেহউদ্দিন চৌধুৰী।

অলপতে গুৱাহাটীৰ আঠগাঁৱৰ চেম্বাৰৰ পৰা চিকিৎসক ডাক্তৰ মাণিক চন্দ্ৰ আগৰৱালাক ৮/১০জন অস্ত্ৰধাৰী যুৱকে অপহৰণ কৰি নিছিল। সৌভাগ্যৰ কথা পুলিচে আজি দুদিনৰ মূৰত ডাক্তৰ আগৰৱালাক জীৱন্তে নলবাৰীৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। এই কথাটো উল্লেখ কৰাৰ কাৰণ হ’ল – অসমৰ আইন শৃঙ্খলাৰ পৰিস্থিতি কিদৰে চলি আছে তাৰ বিষয়ে পাঠকক সামান্য নিজৰ অভিজ্ঞতাসহ আভাস দিয়া।

প্ৰায় পোন্ধৰ বছৰৰ আগতে এবছৰৰ ব্যৱধানত দুবাৰকৈ নিজা ঘৰতে ডকাইতৰ মুখামুখি হলোঁ। অথচ গুৱাহাটীৰ বশিষ্ঠ থানাৰ পৰা আমাৰ ঘৰলৈ দূৰত্ব এক কিলোমিটাৰৰো কম আছিল। ডকাইটিৰ ঘটনাৰ পিছত আহিল – টেলিফোনত টকাৰ দাবী আৰু ভাবুকি। নিৰুপায়হৈ প্ৰায় চাৰিমাহ দিনে নিশাই পুলিচ পহৰাত থাকিবলগীয়া হ’ল। তেতিয়া এচ.পি. আছিল ভাস্কৰজ্যোতি মহন্ত। এবাৰ লাখটকা লৈ পাঞ্জাবাৰী পথত লগ ধৰিবলৈ আমালৈ নিৰ্দেশ আহিল। আমাৰ গাড়ীৰ পিছে পিছে চিভিল ড্ৰেচত সশস্ত্ৰ পুলিচ বাহিনীও ওলাল। কিন্তু অপৰাধী জালত নপৰিল। লাহে লাহে ফোনৰ আতংক কমিবলৈ ধৰাত পুলিচৰ সুৰক্ষা ত্যাগ কৰিলোঁ। কিন্তু পুলিচৰ পহৰাত থকা দিনকেইটাত মই মোৰ অনা-অসমীয়া বন্ধুৰ আগত লাজতে মুখ দেখুৱাব নোৱৰা হৈ আছিলোঁ। ইমান টেলিফোন টেপ কৰিলে, পুলিচৰ কুকুৰ আনিলে, কিন্তু ডকাইত বা ভাবুকি দিয়া লোকক কাকোৱেই পুলিচে কৰায়ত্ত কৰিব নোৱাৰিলে। লাহে লাহে আমি বশিষ্ঠ এৰি খানাপাৰাৰ জয়া নগৰৰ এক আৱাসিক অঞ্চলৰ বাসিন্দা হ’লোঁহি। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘটি থকা ঘটনাবিলাকে নিজৰ অভিজ্ঞতালৈ এনেদৰে মনত পেলাই দিলে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক