অপাৰেচন নকআউট (স্যামন্ত কুমাৰ গোস্বামী)

নিশা প্ৰায় আঠ বজা। চৌদিশে ডাঠ কুঁৱলী। ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰেফিক জেম। যান-বাহনৰ দীঘলীয়া শাৰী। গাড়ীৰ হেডলাইটৰ পোহৰে কুঁৱলী ভেদি আগবঢ়াৰ বৃথা চেষ্টা এটা চলাইছে। দুই এজনে অতিষ্ঠ হৈ হৰ্ণ বজাইছে।
“কি হৈছে?” এজনে গাড়ীৰ গ্লাচখন নমাই সুধিলে।
“নাজানো। এজনে ক’লে এক্সিডেন্ট বোলে কিবা।” কাষত বাইকত থকা আন এজনৰ উত্তৰ।
: ইমান সময় খালীয়েই হোৱা নাই যে ৰাস্তা !
: এহ, নাজানো। শুনা কথাহে ! বেলেগ কিবাও হ’ব পাৰে।
এনেতে পিছপিনৰ পৰা তীব্ৰ বেগত অহা বাইক তিনিখন ৰ’লহি। এখনত বাদে আন কেইখনত দুজনকৈ উঠি আহিছে। পিছৰ চিটত বহা দুজন নামি আহি স্কুটাৰ, মটৰ চাইকেলবোৰক এফালৰপৰা আঁতৰিবলৈ নিৰ্দেশ দি গ’ল। “আগত এক্সিডেন্ট হৈছে। আমাক এক্সিডেন্ট এনালাইচিচ চেলৰ পৰা পঠিয়াইছে। চাইড দিয়ক চাইড দিয়ক।” এজনে চিঞৰি চিঞৰি কৈ গ’ল। পুনৰ বাইকত উঠি ল’লে দুয়ো।
ইপিনে তিনিওখন বাইক প্ৰায় একে সময়তে ষ্টাৰ্ট হ’ল। এনেতে পিছপিনে ৰৈ থকা ব’লেৰো গাড়ীখনত এটা প্ৰচণ্ড বিষ্ফোৰণ। কেইমিটাৰমান ওপৰলৈ উফৰি যোৱা গাড়ীখন ওপৰতে কেইবাৰমান পাকঘূৰণি খাই মাটিত পৰিলহি। মানুহৰ মাজত হুৱাদুৱা, দৌৰাদৌৰি। ইতিমধ্যে কিছু দূৰলৈ খালী ঠাই উলিয়াই লোৱা ৰাস্তাটোৰে বাইক কেইখন গৈ বাওঁপিনৰ সৰু গলিটোৰ ফালে ঘূৰিল আৰু ধোঁৱা উৰুৱাই নিমিষতে চকুৰ আঁৰ হৈ গ’ল।

*********

“আজি কিছু সময় আগতে ব্যস্ত আৰ. জে. পথত হোৱা এটা গ্ৰেণেড বিষ্ফোৰণত কথমপি প্ৰাণ ৰক্ষা পৰে ৰাজ্যৰ জলসিঞ্চন মন্ত্ৰী জয়কান্ত শইকীয়াৰ। সন্ধিয়া প্ৰায় ৭:৩০ বজাত সংঘটিত এই ঘটনাত উগ্ৰপন্থী সংগঠন জড়িত থকা বুলি সন্দেহ কৰা হৈছে। ঘটনাৰ বিৱৰণী মতে….”
“ধুৰ !!” টি. ভি. টো অফ কৰি পুনৰ পুশ্ব-আপ মৰাত লাগিল ক্ৰাইম ব্ৰাঞ্চৰ অফিছাৰ বিক্ৰম চেতিয়া। মিউজিক চিষ্টেমটো অন কৰিলে।
♪♪ থানা মে বেইথে অন ডিউটি বজাৱে হায় পাণ্ডে জী চিটি… ♫♫♫

“ছাৰ..!” দুৱাৰত কেইটামান টোকৰ।
: অ’ বৰুৱা আহক।
: দাবাং টু নেকি ছাৰ?
“নাই, এনেই…” ভলিউমটো অলপ কমাই দি বিক্ৰমে ক’লে।
: হেৰি নহয় ছাৰ, আজি….”
: অঁ দেখিলো এইমাত্ৰ টি. ভি. ত।”
: কেচটো আমাক দিয়া হৈছে।
: আমি কি কৰিম আকৌ? টি. ভি. চেনেল কেইটাই উলিয়াই পেলালেই দেখোন গ্ৰেণেড ফুটা বুলি। আৰু বোলে উগ্ৰপন্থী জড়িত আছে ! আমি হাতেই দিয়া নাই ইফালে। আগতে ইহঁত কেইটাকহে ফালিব লাগিছিল…! বাৰু, আপুনি গৈছেনে স্পটলৈ?
: ছাৰ, আমি গৈছিলোঁ এইমাত্ৰ। ক্লু বুলি তেনেকৈ একো নাই। জ্বলি যোৱা গাড়ীখন আৰু কাষত তেওঁৰ বডিগাৰ্ডৰ ডেডবডি দুটা। মানুহজনো যে মানে ! নিজকে হিৰ’ বুলি ভাৱে নে কি বা ! চিকিউৰিটি নোলোৱাকৈ ঘূৰি ফুৰে সদায়। ভাগ্যে তেতিয়া চিগাৰেট খাবলৈ গাড়ীৰ পৰা ওলাই আহিছিল বুলিহে।”
: এক মিনিট এক মিনিট ! কনভয় নথকাকৈয়ে গাড়ীখনত মন্ত্ৰী থকা বুলি কেনেকৈ জানিলে কোনোবাই? আগৰপৰাই ফ’লো কৰি আছিল চাগে ! বাৰু, গাড়ীখনৰ আৰু ওচৰ-পাজৰৰ চেম্পল লৈছেনে?
: হয় ছাৰ, টেষ্টৰ বাবে পঠোৱা হৈছে।
: গুড !
: ছাৰ, এইখন তেওঁৰ চিদিউল। কাইলৈ আবেলি আকৌ মিটিং এখনত যাব হেনো।
: কাইলৈ?? কি বুলি ভাৱে হে তেওঁ নিজকে ! অলপ আগতে এটাক হৈছে মাত্ৰ, ধুৰৰ ! আৰু কাইলৈ মই সেই আগৰ মাৰ্ডাৰ কেচটোৰ ফাইনেল ৰিপ’ৰ্ট দিব লাগিব। আপুনি অকলে পাৰিবনে? মই যিমান সোনকালে পাৰোঁ, জইন কৰিম।
: অ’ কে ছাৰ !
: অ’ শুনক, জে. কে. ক লগত লৈ যাব পাৰিলে।
: জে. কে. মানে ছাৰ?
: কিয়, প্ৰাইভেট ডিটেকটিভ জয়ন্ত কলিতাক পাহৰিলে নেকি?
: কিন্তু মানুহটো দেখাত কিবা বেলবুং টাইপ দেখোন ! পাৰিব জানো?
: এইটোৱেইটো ভুল কৰে সকলোৱে! তেওঁ কাৰাটেৰ ব্লেকবেল্ট হয়। আৰু কেইবছৰমান আগলৈকে মাহটোৰ বেছিখিনি সময় লকআপতেই থকা আছিল। কেতিয়াবাহে বাহিৰ ওলায়। সেই চাৰিআলিৰ চ’কত মাৰপিট সদায় ! ভাগ্যে এতিয়া অলপ গত লাগিল মানুহটোৰ। আৰু তেওঁ ঘটনা এটা পতকৈ চাই-মেলি লাগিলে ভিডিঅ’ চিডিঅ’ কৰি ৰাখি দিব পাৰে।
: অ’ কে ছাৰ !

♪♪ ♬ কেহতে হে কৰতে হে জো মৰ্জি…চুনতে নেহী হে কিচিকী অৰ্জী…কৰতে নেহী হম ৰেগুলাৰ ডিউটি…থানা মে বেইথে আন ডিউটি…♫♫

***********************

মন্ত্ৰীৰ গাড়ীখনৰপৰা কিছু দূৰত চিভিল ড্ৰেচত বৰুৱা আৰু জে. কে.। ওচৰত মাত দিলেই পোৱা দূৰত্বত চিভিল ড্ৰেচত কেইজনমান কনিষ্টবল।
জে. কে. ই সৰু বিস্কুটৰ পেকেট এটা উলিয়াই খোৱাত লাগিল। বৰুৱাই এবাৰ সেইপিনে পোন্দোৱাকৈ চালে। তেওঁৰ কাণসাৰ নাই। পুনৰ মন্ত্ৰীৰ গাড়ীখনত নজৰ দিলে বৰুৱাই। অলপ পিছত অতিষ্ঠ হৈ ক’লে “হেৰি কলিতা, আপুনি অলপ মনোযোগ দিয়কহে সেইফালে। খোৱা-লোৱা পিছতো কৰি থাকিব !”
“সেই বাইক তিনিখন চাওক।” জে. কে. ই বিস্কুট খাই খায়েই মাত লগালে।
: বাইক নহয়, গাড়ীখন চাওক। সেই মন্ত্ৰীৰ গাড়ীখন – পতাকা লগাই থোৱাখন।
: জে. কে. ই এনেই কথা নকয় বৰুৱা। ভালকৈ চাওক। নাম্বাৰপ্লেট কেইখন চাওক। আটাইকেইখন A/F মানে এপ্লাইড ফৰ ! কিবা গণ্ডগোল আছে।
“আপুনি তামাম আছে হে মানুহটো !” অনিচ্ছাস্বত্তেও এবাৰ সেইপিনে চাই উঠি বৰুৱাই ক’লে।
“মোৰ প্ৰকৃত নামটো জানে নহয় আপুনি? G-তেন কলিতা ! জি মানে?” পাৰ্লে জি ৰ পেকেটোৰ শেষ বিস্কুটখন খাই জে. কে. ই সুধিলে।
: জিনিয়াচ ! হাঃ হাঃ। বাৰু অলপ সময় চাওঁ। কিবা উল্টা-পুল্টা কৰিলে চিধাই লৈ ল’ম।
হঠাৎ নাতিদূৰৈত এটি বিষ্ফোৰণ। মানুহৰ মাজত হুৱা-দুৱা। বৰুৱা আৰু পুলিচ বাহিনীটো খৰখেদাকৈ সেইপিনে আগবাঢ়িল। এনেতে জে. কে. ৰ চকুত পৰিল – মাজৰ বাইক আৰোহীজনে ৰিম’ট কন্ট্ৰ’লৰ নিচিনা কিবা এটা জেকেটৰ পকেটত ভৰাইছে আৰু ইফালে-সিফালে ভালদৰে চাই লাহেকৈ বাইকখনৰ পৰা নামি আহিছে বাইকখনৰ ষ্টাৰ্ট বন্ধ নকৰাকৈয়ে। পিছ মুহুৰ্ততেই তেওঁ পকেটৰ পৰা সৰু ক’লা ৰঙৰ কিবাটো উলিয়াবলৈ লোৱা দেখি জে. কে. ই চিঞৰিলে “হেই, ইউ, ষ্টপ দেয়াৰ !” মানুহজনে চকুৰ পচাৰতে সেইটো জে. কে. ৰ পিনে টোঁৱালে আৰু লগে লগেই তেওঁৰ পিছপিনে থকা গাড়ী এখন প্ৰচণ্ড শব্দেৰে বিষ্ফোৰিত হ’ল। তপ্ত অগ্নিশিখাৰে দপদপকৈ জ্বলি উঠা গাড়ীখন কেবাবাৰো পাকঘূৰণি খাই জে. কে. ৰ পৰা কিছু দূৰৈত পৰিলগৈ। ইপিনে তিনিওজন আৰোহীয়ে বাইকৰ ৰে’চ পকালে। জে. কে. ই কোনোমতে নিজকে চম্ভালি লৈ মাজৰ বাইকখনলৈ লক্ষ্য কৰি কেবাজাঁই গুলী এৰিলে। অৱশেষত এটা গুলীয়ে পিছচকাত আঘাত কৰাত বাইকখন চুঁচৰি গৈ কাষৰ লাইট পোষ্ট এটাত খুন্দিয়ালেগৈ। আন দুখন বাইক চকুৰ পচাৰতে তাৰপৰা উধাও হ’ল। চাব-ইঞ্চপেক্টৰ বৰুৱাই লগে লগে আৰোহীজনৰ পিছ ল’লে। আৰোহীজনে কাষৰে ৱালখন পাৰ হৈ দুটামান কেঁকুৰি ঘূৰি হঠাৎ নাইকিয়া হৈ গ’ল। বৰুৱাই পিছপিনে চাই দেখে জে. কে. ৰো দেখা দেখি নাই। তাত সন্দেহজনক একো নেদেখি তেওঁ আন এটা গলিত সোমাল। ৰাস্তাটোতো একো অস্বাভাৱিকতা নাই। কেইখনমান পান-তামোলৰ দোকান, দুজনমান মানুহৰ অহা-যোৱা। কাষত দুজনমান ভিক্ষাৰী।
কিন্তু অলপ দূৰৈত লুকাই ৰৈ থকা জে. কে ই অলপ মনোযোগেৰে চাই দেখিলে – অন্ধৰ দৰে চশমা পিন্ধি থকা ভিক্ষাৰীজনে যথেষ্ট বেগাই খোজ কাঢ়িছে। লাহেকৈ পিষ্টলটো উলিয়াই তেওঁৰ পিনে আগবাঢ়িবলৈ লওঁতেই ক’ৰবাৰ পৰা অহা এটা গুলীয়ে হাতৰ পিষ্টলটো উফৰাই পেলালে। গাত লৈ থকা কম্বলখন পেলাই দি ভিক্ষাৰীৰ বেশত থকা মানুহটো জে. কে.ৰ পিনে আগবাঢ়িল। হাতত উদ্যত পিষ্টল। জে. কে. কিংকৰ্তব্যবিমূঢ় !
মানুহজনে লাহেকৈ ট্ৰিগাৰত হাত দিলে।
এনেতে এটা গুলীৰ শব্দ। জে. কে. ই আচৰিত হৈ দেখিলে সন্মুখৰ মানুহজন ভৰিত গুলীবিদ্ধ হৈ বাগৰি পৰিছে। পিছপিনে ৰৈ আছিল বিক্ৰম।
: থেংক্‌চ এ লট !
: ইট্‌চ অলৰাইট। গুড জব।
এনেতে চাব-ইঞ্চপেক্টৰ বৰুৱাকে ধৰি পুলিচ বাহিনীটো তাত উপস্থিত হ’ল। এজন কনিষ্টবলে মানুহজনৰ পিনে আগবাঢ়ি অহাৰ লগে লগে তেওঁ চকুৰ পচাৰতে কিবা এটা উলিয়াই গিলি থ’লে আৰু নিথৰ দেহটো লগে লগে ঢলি পৰিল।
: শ্বিট !!
“অ’ মাই গড ! এইজনচোন !” কিবা সন্দেহত বিক্ৰমে মৃতদেহটোৰ মুখত থকা দাড়িখিনি অকণমান টানি দিওঁতেই এৰাই আহিল। তেওঁৰ মেলা মুখ মেলাতেই ৰ’ল।
“এইজন সেই লেন্ড লৰ্ড ৰঘু নহয়নে? যোৱা সপ্তাহত যে জেলৰ পৰা পলাইছিল ! কিন্তু এওঁ এইটো কেচত ? বাৰু, বডিটো পোষ্টমৰ্টেমৰ বাবে পঠিয়াওক।” বিক্ৰমে বৰুৱাক উদ্দেশ্যি ক’লে।
: অ’ কে ছাৰ।
“এটা কথা মন কৰিছেনে? আটাইকেইখন বাইক আৰু গাড়ী এপ্লাইড ফৰ কৰি থোৱা আছে। এখনতো নাম্বাৰ নাই।” জে.কে. ই বিক্ৰমক উদ্দেশ্যি ক’লে।
: গম পাইছোঁ। চাওঁচোন কি কৰিব পৰা যায় ! বাৰু ব’লক চাহ একাপ খাওঁগৈ। দিনটো বৰ কষ্ট হৈছে আপোনাৰ।
: মোৰ কোষ্ঠীৰ নামটো জানেনে আপুনি?
: ইয়াত আকৌ কোষ্ঠীৰ নামৰ কথা ক’ৰপৰা আহিল? নাজানো, কি নো?
: বৃশ্চিক ৰাশি হ’লে এটা নাম জ ৰে আৰু আনটো ন ৰে আৰম্ভ হ’ব নালাগে জানো?
: অ’ তো ! কি পিছে নামটো?
: নীলমণি। মানে Nil money… ! গতিকে চাহৰ পইচা আপুনিহে দিব লাগিব।
: হেঃ হেঃ.. হ’ব ব’লক।

**********************

“কিছুসময় পূৰ্বে সংঘটিত এক কাৰ বোমা বিষ্ফোৰণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৰাজ্যৰ জলসিঞ্চন বিভাগৰ মন্ত্ৰী জয়কান্ত শইকীয়া। তেওঁক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তেওঁৰ অৱস্থা আগতকৈ কিছু সুস্থিৰ হোৱা বুলি চিকিৎসালয় সূত্রই জানিবলৈ দিছে যদিও….”
চিকিৎসালয়ৰ সন্মুখত মানুহৰ ভীৰ। বিৰ দি বাট নোপোৱা অবস্থা। শুভাকাঙ্খীসকলে এবাৰ তেওঁক চাবৰ কাৰণে উদ্‌বাউল হৈছে। কাকো ভিতৰলৈ সোমাবলৈ দিয়া হোৱা নাই। ভিতৰত ডাক্তৰ-নাৰ্চ সকলৰ দৌৰাদৌৰি। আই. চি. ইউ. ৰ এটা বিশেষ কোঠাত সংজ্ঞাহীন অৱস্থাত থকা লোকজনৰ চাৰিওফালে কেইজনমান ডাক্তৰ। হতাশাসূচক দৃষ্টিৰে ইজনে সিজনৰ মুখলৈ চাইছে। এজনে নঞাৰ্থক ভাৱেৰে মূৰটো লৰালে।
এজন ডাক্তৰে চিৰিঞ্জটোৰ পৰা সাৱধানেৰে এটোপ ঔষধ উলিয়াই লৈ দেহটোত বেজী এটা দিলে। সন্তোষৰ হাঁহি এটা মাৰি লাহেকৈ তাৰপৰা ওলাই আহিবলৈ লওঁতেই কাষৰ এজনে লগে লগে তেওঁৰ ক’লাৰত খামুচি ধৰিলে।
ডাক্তৰজনৰ সেউজীয়া মুখাখনৰ পৰা ওলাই থকা চকুহালত ভয় ভয় ভাব। মুহুৰ্ততে তেওঁ পিষ্টল এটা উলিয়াই দুজাঁই গুলী এৰিলে কাষৰজনক উদ্দেশ্যি। কাষৰজনে চকুৰ পচাৰতে ভৰি দুটা এশ আশী ডিগ্ৰী কোণ কৰি চাপৰি দিলে আৰু পিছ মুহুৰ্ততে সেইজনৰ আঠুৰ ওচৰত প্ৰচণ্ড জোৰেৰে আঘাত কৰিলে। তেওঁ তলকিব নোৱাৰি বাগৰি পৰিল।
“এইটো জাষ্ট দিচেক্সন কৰিবলৈ অনা বডিহে, মিনিষ্টাৰ নহয়।” মুখাখন খুলি বিক্ৰমে ক’ল। আন এজনে ডাক্তৰৰ ভেশত থকাজনৰ মুখাখন টানি এৰুৱাই দিলে। আন এজনে জোৰ কৰি হস্পিতালৰ বিচনা এখনত তেওঁক বহুৱাই দিলে।
“মই ঠিকেই সন্দেহ কৰিছিলোঁ।” মন্ত্ৰীৰ ভতিজাজনক উদ্দেশ্যি বিক্ৰমে ক’লে “যিমানেই চেষ্টা নকৰক কিয়, কিবা নহয় কিবা এটা ক্লু ৰৈয়েই যায়। পুলিচৰ পৰা বাচিবলৈ আপোনালোকে ব্যৱহাৰ কৰা গাড়ী আৰু বাইককেইখন এপ্লাইড ফৰ কৰি ৰাখিলে হয়, কিন্তু ভুলটো কৰিলে গোটেইকেইখন নাম্বাৰ প্লেট একেখন দোকানতে লিখিবলৈ দি। সেই “বৰষা আৰ্ট” দোকানখনে লিখা সকলো চাইনব’ৰ্ড, বেনাৰ, নাম্বাৰ প্লেটৰ তলৰ চুক এটাত সৰুকৈ বিশেষ ষ্টাইলত তুলিকা এডালেৰে সৈতে সামান্য বেঁকাকৈ ইংৰাজী বি আখৰটো লিখি দিয়ে। সেই দোকানখনৰ পৰাই আপোনাৰ বিষয়ে আমি তেতিয়াই গম পাইছিলোঁ, কিন্তু প্ৰমাণ কৰিব পৰাকৈ হাতত একো নাছিল বাবেই এই নাটকখন কৰিবলগা হ’ল। অ’ আৰু এটা কথা – কনভয় নথকা গাড়ী এখন চিনি উলিয়াই তাত এটাক কৰিবলৈ হ’লে একেবাৰে ভাল চা-চিনাকি থকা মানুহেই লগিব। এতিয়া বাকীখিনি আপুনি ক’ব।”
অলপ সময় ৰৈ হুমুনিয়াহ এটা কাঢ়ি তেওঁ ক’লে “ইমান বছৰ ধৰি পাৰ্টিৰ কামত লাগি থকাৰ পিছত এইবাৰ এইটো সমষ্টিৰ পৰা মই ইলেক্‌চন খেলা কথা আছিল। ভিতৰি ভিতৰি ময়েই টিকট পোৱাৰ কথাটোও গম পাইছিলোঁ। কিন্তু শেষ মুহুৰ্তত শুনিলো মোৰ সলনি খুড়াইহে…! যিহেতু নিকা ৰাজনীতিবিদ বুলি খুড়াৰ এটা নাম আছে আৰু মোক তেওঁৰ অত্যন্ত বিশ্বাসী ব্যক্তি তথা পৰিয়ালৰ লোক বুলি সকলোৱে জানেই, গতিকে তেওঁৰ কিবা এটা হ’লে ময়েই ইলেক্‌চন খেলাটো প্ৰায় নিশ্চিত আছিল। আৰু তাৰপিছত এটা নিকা ইমেজ বনাবলৈও মোৰ বৰ এটা অসুবিধা নহ’লহেঁতেন।…..”
বিক্ৰমে দীঘল হুমুনিয়াহ এটা কাঢ়িলে।
“কিন্তু ছাৰ, সেই লেণ্ড লৰ্ড ৰঘু এওঁৰ লগত?” বৰুৱাই সুধিলে।
“আচলতে সেই সময়ত ৰঘু তাত থকাটো এটা কোইঞ্চিডেঞ্চ অৰ্থাৎ দৈৱক্ৰমে মিলি যোৱা ঘটনাহে। হয়তো ওচৰতে ৰেলষ্টেচনটো থকা বাবে ক’ৰবালৈ পলাবলৈ আৰু পুলিচৰ পৰা বাচিবলৈ তেওঁ তাত ভেশচন ধৰি আছিল আৰু আমিও সেই সময়তে সেইখিনি পাইছিলোঁগৈ।” কথাখিনি কৈ তেওঁ চকুৰ ইংগিতেৰে অভিযুক্তজনৰ হাতত হাতকেৰেয়া লগাবলৈ বৰুৱাক আদেশ দিলে।

 

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
স্যামন্ত কুমাৰ গোস্বামী
8 years ago

ধন্যবাদ !

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক