অপূৰ্ণ – দিম্পী বৰুৱা

অসহ্য গৰম এটাই অকস্মাতে টোপনি ভাঙি দিলে ৰুহীৰ। খেপিয়াই মোবাইলটো টিপি চালে ১২:৩০ বাজিছে। তাইৰ ককাঁলত মেৰিয়াই থকা আইতাকৰ হাতখন লাহেকৈ আতঁৰাই বিছনাত বহিল। কীট পতংগৰ ৰু-ৰুৱনি বাদ দি আৰু একো শব্দ শুনিবলৈ নাই। গাঁৱৰ মানুহবোৰৰ চাগে এঘুমুটি পাবৰে হ’ল। ইয়াত ৭-৮ বজালৈ সকলো খাই-বৈ বিছনাত উঠৈগৈ। তেনেকৈ ৰাতিপুৱা খুউব সোনকালেই উঠে। বেচেৰী ৰুহীৰ দিগদাৰ অকণ নোহোৱা নহয়। তাই জন্মৰেপৰা দিল্লীত থকা, পঢ়া শুনা তাতেই! মাক দেউতাক দিল্লীৰ বহুজাতিক কোম্পানীৰ উচ্চপদস্হ বিষয়া।দেউতাকৰ গাঁৱৰ ঘৰলৈ মাজে সময়ে থকাকৈ অহা যায়, তাকো শেষবাৰ ৫ বছৰমানৰ আগতেই আহিছিল, তেতিয়া তাই অষ্টম মানলৈ পাইছিল। তাৰ পাছৰেপৰা পঢ়া, পঢ়া আৰু পঢ়াৰ মাজতে মুৰ গুজি থাকিল। মাক দেউতাক আহিছিল যদিও তাই অহা নাছিল, যদিওবা আইতাকৰ ঘৰলৈ আহি খুউব ভাল পায় তাই। কেৰিয়াৰ সম্পৰ্কে খুউব সচেতন ছোৱালীজনীয়ে সময়বোৰ অপচয় কৰিব খোজা নাছিল। এবাৰ আই আই টিৰ এন্ট্ৰেন্স হৈ যোৱাৰ পাছত তাই কেইবাদিনো থকাকৈ গাঁৱলৈ যাব, সেইটোকেই ভাবি পঢ়িছিল আৰু সেইমতে এন্ট্ৰেন্স বিলাকো ভালেই হ’ল, আই আই টি টপকেইখনত নাপালেও টপ থ্ৰী এন আই টিত চিয়ৰ পাব। একদম মুকলি মনেৰে এইয়া আইতাকৰ ঘৰত তাই। তাইক সাৱটি শুই থকা আইতাকলৈ চাই মৰম অকণ বেছিকৈ লাগি যায় তাইৰ। আইতাকক ধৰি আকৌ টোপনি যাবলৈ চেষ্টা কৰিলে তাই।

“ৰু উঠচোন, বেলি গৈ মুৰৰ ওপৰ পালেগৈ।” আইতাকৰ চিঞৰত খকমককৈ সাৰ পালে তাই। চকুদুটা মোহাৰি উঠি আহোঁতেই খুৰীয়েকে কয়,-“টোপনি ধৰিছে যদি আৰু অকমান শুই লোৱা ৰু, নহ’লে গা বেয়া লাগিব।”। তাই নঞাৰ্থকভাবে মুৰটো জোঁকাৰি বাথৰুমলৈ হাতত ব্ৰাছডাল লৈ চেন্দেলযোৰ চোচঁৰাই গৈ থাকে। গাঁৱৰ ঘৰখন এইবোৰ কাৰণতেই ভাল লাগে তাইৰ,  খুৰাক-খুৰীয়েকৰ মৰম, আইতাকৰ ডাবি ধমকী, পুখুৰীটো,  চোতালখন, শাক-পাঁচলিৰ বাৰীখন, গৰু গাই চম্ভালা থানু কাকা আৰু ৰাণী বাই, মুঠতে কি নাই ইয়াত! সকলো আছে, এভ্ৰীথিং শ্বী নিডচ ৰাইট নাও। খোলাচাপৰীয়া পিঠাকেইখন গুড় সানি খাই থাকোঁতেই আইতাকে তাইক বীৰজু বৰ্তা অহাৰ কথা ক’লে। তাইৰ লগত হেনো জৰুৰী কাম এটা আছে। বীৰজু বৰ্তা তাইৰ দেউতাকৰ খুউব ভাল বন্ধু। স্কুলত দুয়ো একেলগে পঢ়িছিল। ৰুহীৰ দেউতাকৰ দৰে পঢ়াত ভাল সেইসময়ত গোটেই অঞ্চলতেই নাছিল। বীৰজু বৰ্তাকক ৰুহীৰ দেউতাকে পঢ়াত খুউব সহায় কৰিছিল, পিছত ৰুহীৰ দেউতাক ইঞ্জিনিয়াৰিং পঢ়িব গুচি গৈছিল যদিও চিঠি পত্ৰৰে যোগাযোগ ৰাখি আছিল। দেউতাক ঘৰলৈ আহিলে এতিয়াও বীৰজু বৰ্তাকৰ লগত মাছ ধৰিব যায়, আড্ডা মাৰে, বিললৈ শাক বুটলিবলৈ যায়। ৰুহী বুলিলে বৰ্তাক পাগল। নিজৰ ছোৱালীৰ দৰে মৰম কৰে তাইক। কি যে ভাগ্যৱতী তাই। ইমান মানুহৰ মৰম সকলোৰে ভাগত নাথাকে। “কি হ’ল থৰ লাগিলি দেখোন, বৰ্তা ৰৈ  আছে,” -আইতাকৰ সকিয়নীত ফটাফট আগফালে গ’ল। বৰ্তাকে তামোল এখন লৈছে খুৰীয়েকৰ পৰা্, তাইক দেখি মিচিকিয়াই হাহিঁলে, -“আইদেউ উঠিলে মানে, আজি পিছে দৰকাৰী কথা এটাৰ কাৰণে আহিলো। আমাৰ মনো যে, তাৰ খুউব ডাক্টৰী পঢ়িব মন, এইবাৰ বৰ এটা ভাল নহ’ল পৰীক্ষা, অহাবাৰ আকৌ দিব, তই পাৰিলে চাই দিবিচোন অলপ, কিবাকিবি শিকাই দিবি”।

তাই ক্ষন্তেক তভক মাৰিলে, ইস সেইডালক পঢ়াই থাকিলে তাই ৰাণী বাৰ লগত শাক বুটলিবলৈ কেতিয়া যাব, মাছ ধৰিবলৈ কেতিয়া যাব, পথাৰলৈ কেতিয়া যাব!

বৰ্তাকে তাইৰ মনৰ ভাব বুজিব পাৰি আকৌ ক’লে,- “অকল এঘন্টামান চাই দিবি, হ’ব নাই ক’?”

তাই থেৰোগেৰো কৰি ক’বলৈ ধৰিলে,- ” বৰ্তা মই ইঞ্জিনিয়াৰিং ৰহে প্ৰিপেৰেচন কৰিছিলোঁ, ফিজিক্স,  কেমেষ্ট্ৰী অলপ চাব পাৰিম, বায়লজী হে নোৱাৰিম।”

বৰ্তাকে হ’ব বাৰু দুটা বিষয়ত অলপ সহায় পালেও বহুত বুলি কৈ যাব ওলালে, লগতে তাই ভালপোৱা আমৰলি টোপ অলপ মনোৰ হাতত দি পঠাব বুলিও কৈ গ’ল। সচাঁকৈয়ে আবেলি মনো ওলালহি, এহাতে আমৰলি টোপ আৰু এহাতে বহী কিতাপ লৈ। ৰুহীয়ে তাক বহিবলৈ দি কিতাপবোৰ চালে, কলেজৰ কোনোবা প্ৰফেছৰৰ মেডিকেল পঢ়ি থকা পুতেকৰ পৰা লৈছে হেনো,  কিন্তু কিছুমান কুৱেশ্বন‌ একদম চলভ কৰিব পৰা নাই সি।

ৰুহীয়ে ঘপহকৈ সুধিলে তাক,- “তোৰ কিয় ডক্টৰ হ’ব মন?”

তললৈ চাই থাকিয়ে মনোৱে ক’লে,-” ডাক্টৰ হ’ম, গাঁৱত হস্পিতাল খুলিম, ইয়াত এখন হস্পিতাল থকা হ’লে আজি মোৰ মা মোৰ লগত থাকিল হয়”।

ৰুহীৰ বেয়া লাগিল, হয়তো গাঁৱত এখনো হস্পিটেল নাই। এবাৰ খুৰাকৰ ডাঙৰকৈ বেমাৰ হওঁতে দিল্লীত চিকিৎসা কৰোৱাইছিল দেউতাকে। তাই ভাবিলে যেনেকৈ নহওক মনোক সহায় কৰিব তাই। ডিচ ভিলেজ নীডচ অ্যা ডক।

আজিকালি আবেলি মনো সদায় আহে, তাই জনাবোৰ বুজায় দিয়ে, নতুন কনচেপ্ট শিকাই দিয়ে।। ভিদিঅ’ লেকচাৰ কিছুমান দেখায়। ৰুহীয়ে ন’ দি কয় আইতাকক মনোৱে এইবাৰ ছিট পাবই। তাৰ ব্ৰেইনটো সাংঘাটিক। খুউব সোনকালে কথাবোৰ শিকিব পাৰে। আজিকালি ৰুহীয়ে মনোৰ কথা কৈ থাকিব পালে ভাল পায়। আবেলি সি অহালৈ ৰৈ থাকে। মনোৰ কথাবোৰ মন দি শুনে। মনোৰ লগত খোজকাঢ়িব যায় আবেলি। সময়বোৰ আৰু ভাল লগা হৈ উঠে। নদীৰ পাৰত বহি খুউব কথা পাতে দুয়োটাই, এদিন মনোৱে সোধে তাইক,- “তই কিয় ইঞ্জিনিয়াৰিং কৰিব বিচাৰ?”

তাই ৰৈ যায়, কিয় বা বিচাৰে তাই। “তেনেকুৱা একো ৰিজন নাই মনো, মা-দেউতা দুয়ো ইঞ্জিনিয়াৰ, তেওঁলোক দুয়ো টপ কলেজৰপৰা পাছ কৰা, নাজানো কেতিয়া ময়ো সপোন দেখিবলৈ আৰম্ভ কৰিলোঁ, আই আই টি বা টপ থ্ৰী এন আই টিৰ পৰা কম্পিউটাৰ চায়েন্সত বি.টেক কৰাৰ। পাছত টাৱাৰ ৰিচাৰ্ছ, এপ্পল, এমেজন, নেটফ্লিক্স, ফেচবুক,  গুগল এনেকুৱা কোম্পানীত চাকৰি কৰাৰ মন আৰু পিছলৈ এম এছ কৰাৰ মন,- সেইয়াই আৰু।’

মনোৱে স্বগোত্যাক্তি কৰি উঠিল,-“অসম টো বাদেই , ভাৰততে নাথাকিবি চাগে তই, তোৰে মোৰে সপোনবোৰ যে কিমান বেলেগ ন’। তোৰ সপোনবোৰক মই যে কেতিয়াও ঢুকিয়ে নাপাম”। অলপ আনমনা হৈ থকা ৰুহীয়ে শুনা নাপালে…!

ৰুহীৰ দিল্লীলৈ যোৱাৰ সময় পালেহি। তাই এন আই টি ৱাৰেংগলত ছিট পালে কম্পিউটাৰ চায়েন্সত। মাক দেউতাকে নিবলৈ আহিল। আইতাক, খুৰাক-খুৰীয়েক, বীৰজু বৰ্তাকে চকুলো টুকিলে। তাইৰ চকুৱে কিন্তু মনোক বিচাৰি থাকিল। বৰ্তাকক সুধিব বিচাৰিও তীব্ৰ অভিমান হ’ল তাইৰ, সি যদি পাত্তায়ে নিদিয়ে তাইক, তাই কিয় সুধিব তাৰ কথা। ঘৰ গৈ পোৱালৈ মোবাইলটো চাই থাকিল তাই,  নাই মনোৱে ফোন এটাও নকৰিলে। সময়বোৰ গৈ থাকিল। তাইয়ো নতুন জীৱনত অভ্যস্ত হৈ পৰিল। আগৰ চঞ্চলামিখিনি নাই তাইৰ,  গহীনকৈ ক্লাছ কৰে, পঢ়ে, ৰুমমেটৰ লগত জোখৰ কথাখিনি পাতে। সেইয়াই। চেমিষ্টাৰ ব্ৰেকত দিল্লীলৈ যায় তাই, গাঁৱলৈ নগ’ল তাই এই এটা বছৰে। কিবা এক নাম নজনা অভিমানে যাব নিদিলে তাইক। বীৰজু বৰ্তাকে ফোন কৰি থাকে তাইক। খবৰ বাতৰি লৈ থাকে তাইৰ। মনোৰ কথা তেওঁ কেতিয়াও নুলিয়ালে আৰু তাইয়ো কেতিয়াও নুসুধিলে। অসমৰ cee ৰ ৰিজাল্ট দিয়াৰ দিনাও খুউব মন গৈছিল তাইৰ মনোৰ ৰিজাল্টৰ কথা সুধিবলে আৰু আচৰিতভাৱে সেইদিনাই ফোন আহিছিল মনোৰ, তাইৰ খুউব খং উঠিছিল, মন গৈছিল তাক খুউব গালি পাৰিবলৈ,  কিন্তু নোৱাৰিলে তাই। খুউব নৰ্মেলভাৱে কথা সুধিলে তাই তাক। সি তাৰ ৰিজাল্টৰ কথা ক’লে, অসম মেডিকেল কলেজত পায় যাব সি,-“তোৰ কাৰণেই মোৰ ডক্টৰ হোৱাৰ সপোন পুৰণ হ’ব, তোক বহুত বহুত বহুত ধন্যবাদ।”

তাই একো নক’লে। সেইদিনাৰ পৰা দুমাহৰ মুৰত কেতিয়াবা কথা হয় দুয়োটাৰ মাজত। আগৰ দৰে নহয়, খুউব ফৰ্মেল কথা বতৰা। তাইৰ কেম্পাচ প্লেচমেন্ট হয় চেমচাং কোৰিয়াত। তাইৰ সপোনৰ চাকৰি এটা। মনোৱে ক’লে তাইক,-” কি ভাবিছ তই, জইন কৰিবিনে?”

তাই আচৰিত হৈ ক’লে, “জইন নকৰাৰ কথাই নাই, মোৰ ড্ৰীম জব হয়…! আৰুনো ইয়াত কাৰ কাৰণে থাকিম”। পিছৰ বাক্যশাৰী তাই ক’ব নোৱাৰিলে।

মনোৱে অলপপৰ মনে মনে থাকি সুধিলে,-” তই অসমত থাকি কিবা ষ্টাৰ্টআপ কৰ নহ’লে,.. হাঃ হাঃ  ধেমালি কৰিছো, ইমান ভাল অপৰচুনিটি পাইচ, এনেই নেহেৰুৱাবি!”

অলপপৰ মনে মনে ৰৈ ৰুহীয়ে সুধিলে,-” তই সচাঁকৈ কচোন, মই যাওঁ নে সচাঁয়ে? “

মনতে ভাবিলে যদি এবাৰ হ’লেও মনোৱে তাইক কয়, “তই থাকি যা ইয়াত ” তাই এট লীষ্ট ভাবিব আকৌ এবাৰ। কিন্তু ভবাৰ দৰে একো নহ’ল,  মনোৱে নিৰ্লিপ্তভাৱে ক’লে,- “সকলোৱে নিজৰ নিজৰ সপোন পুৰা কৰিব লাগে, যা তই, ইউ চুড ট’টেলী গ’ ফৰ ইট”।

ৰুহীৰ খুউব খং উঠিল, কাৰ ওপৰত নাজানে তাই, কিন্তু খুউব খং উঠিল তাইৰ, মন গ’ল আজিয়ে গুচি যাব তাই কোৰিয়া।

সময়বোৰ ত্বৰিত গতিৰে পাৰ হ’ল। ৰুহী আজিকালি আমেৰিকাত থাকে, বিয়া হ’ল আমেৰিকা নিবাসী অসমৰে ল’ৰা এজনৰ লগত। আজিকালি সিহতঁৰ গাঁৱৰ ঘৰত কোনো নাথাকে। আইতাক ঢুকোৱাৰ পাছত খুৰাক খুৰীয়েকক লৈ আহে দেউতাকে। তাইয়ো ভাৰতলৈ আহিলে দিল্লীলৈহে আহে। মনোৰ খবৰ বাতৰি তাই একেবাৰে নাপায়। স্মৃতিৰ অটল গহ্বৰত মনো বিলীন হৈ গ’ল। বীৰজু বৰ্তাকৰ লগতো আচৰিত ধৰণেৰে যোগাযোগ নাইকীয়া হৈ গ’ল সিহঁতৰ।

সকলো নিজৰ নিজৰ জীৱনত আগবাঢ়িল। মাক দেউতাকৰো বয়স বাঢ়িল। তাই বছৰেকত এবাৰ আহে ভাৰতলৈ। এইবাৰ অলপ দীঘলীয়াকৈ আহিছে, কিয়নো বিশেষ কাম এটাৰ কাৰণে মাতি পঠাইছে মাকে। গাঁৱত থকা সিহতঁৰ মাটিখিনি দান দিয়া হৈছিল লাইব্ৰেৰী আৰু হস্পিটেলৰ কাৰণে। এতিয়া কিবা আইনী লেথা লাগিছে, যিহেতু দেউতাক খুৰাকৰ গা একেৰাহে বেয়া হৈ থাকে, সেইকাৰণে তাই যোৱাটো উচিত। তাই ঠিক কৰিলে তাই যাব। মনো আৰু বীৰজু বৰ্তাৰ কথা মনত পৰিল তাইৰ। কিবা এটা থৌকি বাথৌ লাগিল তাইৰ। মনোৱে চাগে বিয়া বাৰু কৰালে। বৰ্তা চাগে বুঢ়া হ’ল। তাই মামাকৰ ল’ৰাক লগত লৈ গাঁও পালেগৈ। সদৰতে হোটেল এখন বুক কৰিলে। টেক্সী এখন বুক কৰি অকলেই গ’ল তাইৰ প্ৰিয় গাঁৱখনলৈ। বহুত বদলিল তাইৰ প্ৰিয় ঠাইখন। সকলো যেন অচিনাকী। গাওঁ বুঢ়াৰ ঘৰলৈয়ে গ’ল তাই সকলো খবৰ খাটি ল’বলৈ।  গাওঁ বুঢ়াৰ লগত কথা বতৰা পাতিলে তাই, তেওঁৰ ল’ৰাই ৰুহীহতঁৰ পক্ষত উকালতী কৰিব। সকলো কাগজ পত্ৰ দি মেলি কেচটো ভালকৈ বুজি ৰুহী যাবগৈ। হঠাতে গাঁওবুঢ়াই কৈ উঠিল,-

” আজি বীৰজু জীয়াই থকাহ’লে তুমি ইমান দুৰ নহা হ’লেও হ’লহেতঁন। সি সকলোবোৰ চালে হয়।”

ৰুহী কপিঁ উঠিল,- “এইয়া কি কৈছে বৰদেউতা?”

গাওঁ বুঢ়াই হুমুনিয়াহ কাঢ়ি ক’লে,- “তোমালোকে চাগে গম নোপোৱা, তাৰ ল’ৰাটো ডাক্টৰ পঢ়ি ওলাই আহিছিল, বানপানীৰ সময়ৰ সিখন গাঁৱৰ কোনোবা বেমাৰীক চাব যাওঁতে পানীয়ে উটুৱাই নিলে দেহী ল’ৰাটোক, তাৰ শটো চাই বীৰজু পাগলৰ দৰে হৈছিল, বেচেৰাটো ল’ৰাৰ বেজাৰতে ঢুকাই থাকিল।”,

আৰু  কিবাকিবি কৈয়ে আছিল গাওবুঢ়াই… ৰুহীৰ কাণত একোৱেই সোমোৱা নাছিল… তাই ঠাইতে বহি পৰিল… গোটেই পৃথিৱীখন ঘুৰিব ধৰিলে তাইৰ সন্মুখত… অবিৰামভাৱে…..।

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Dhruvajyoti
10 months ago

সুন্দৰকৈ উপস্হাপন কৰিছা। জীয়া ছবি এখন ভাহি উঠিল পঢ়ি থাকোঁতে।

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক