অপেক্ষা – অভিজিত দত্ত

“মোক দুটা কথাৰ উত্তৰ লাগে৷ তই সিহঁতৰ সতে বিড়ি কিয় টানিবলৈ গৈছিলি আৰু দ্বিতীয় প্ৰশ্ন হ’ল তাইৰ স’তে তই বন্ধ কোঠালীত কি কৰিছিলি? ”

এই প্ৰশ্নৰ প্ৰশ্নকৰ্তা হ’ল মোৰ প্ৰতাপী সন্তান, চহৰৰ নাম কৰা অধিবক্তা অনিৰ্বান বৰুৱা মানে অনি৷ সি তাৰ পোন্ধৰ বছৰীয়া পুত্ৰ ৰাহুলক প্ৰশ্ন কৰিছে৷ তাৰ প্ৰতিটো শব্দই কঢ়িয়াই আনিছে আভিজাত্যৰ অহংকাৰ আৰু পৰাক্ৰমী আৰু সৰ্বগ্ৰাসী অধিকাৰ৷ অনিৰ এই অধিকাৰে চমুৱাই আনিছে মোৰ ভিতৰৰ মানুহজনক৷ কেতিয়াবা পাহৰি যাওঁ যে এসময়ত মই এখন বিদ্যালয়ৰ অধ্যক্ষ পদৰ পৰা অৱসৰ গ্ৰহণ কৰিছিলোঁ৷ মই কাম কৰা বিদ্যালয়খনে অৱস্থান কৰা সৌ গাওঁখনৰ সকলো সামাজিক কামতেই মই হাত উজান দিছিলোঁ৷

——–অনিৰ দ্বাৰাই মোৰ বৰ্তমান চালিত হৈছে৷ তাৰ অৱৰ্তমানতো তাৰ দ্বাৰাই নিয়োজিত দুজন কাম কৰা মানুহে মোক অহৰহ পহৰা দিছে৷ দেখাত মোক চোৱাচিতা কৰিবলৈ নিয়োজিত কৰা মানুহ দুজনেই অনিক যোগাই আছে মোৰ লগত জড়িত প্ৰতিটো বতৰা৷

মই ভালকৈ শুব পৰা নাই আজি দুবছৰ৷ তেওঁৰ আঁতৰি যোৱাৰ পিছৰে পৰা মই প্ৰায় অকলশৰীয়া হৈ পৰিছো৷ শেতেলীত ইকাটি-সিকাটি কৰি পাৰ হয় মোৰ বিনিদ্ৰ ৰজনী৷ চিলমিল টোপনি ভাঙে এক যেন স্পৰ্শত৷ সেই স্পৰ্শ আছিল তেওঁৰ শেষ স্পৰ্শ৷ মোক সাৱটি ধৰি ৰাতি দুপৰত তেওঁ কৈছিল,

“সি নাহিলে নাহক দিয়া৷ মই আছো নহয়৷ ”

সেই মোৰ স’তে আজন্ম মিতিৰালি পতা মোৰ প্ৰিয়তমা পত্নীয়ে মোক এৰি যোৱাৰ পিছৰে পৰা মই বৰ অকলশৰীয়া অনুভৱ কৰোঁ৷ চহৰত থকা অনিৰ ঘৰলৈ গলে মই হীনমন্যতাত ভোগো আৰু পুনৰ আঁতৰি আহো মোৰ নিজৰ ঘৰখনলৈ যত প্ৰিয়তমা পত্নীৰ সোঁৱৰণে কঢ়িয়াই আনে স্মৃতিৰ মিঠা আৱেশ৷

——উফ, আজি ৰাতি আৰু টোপনি নাহিব৷ ই ৰাহুল মানে মোৰ পোন্ধৰ বছৰীয়া নাতিটো আহিছিল মোৰ ঘৰখনলৈ৷ মাক-বাপেকৰ হকা -বাধা নেওচি সি তাৰ পৰীক্ষা শেষ হোৱাৰ পিছত মোৰ ওচৰলৈ দুদিনমান থকাকৈ আহিছিল৷ সি যেন অনিৰ শৈশৱহে কঢ়িয়াই আনিছিল৷ পথাৰত হাল বাবলৈ যোৱা হালোৱাৰ সতে তাৰ একাত্মতা গঢ়ি উঠিছিল৷ নৈখনত সি থিয় সাতোৰ দিবলৈ সমৰ্থ হৈছিল৷ গাঁওখনত বাস কৰা তাৰ বয়সৰ ল’ৰাৰ লগত সি ৰবাব টেঙাৰ বল খেলিছিল৷ আৰু তাৰ মাজতেই মোৰ অজানিতে সি আন দুটা কাম কৰিছিল৷ উতনুৱা ডেকা কেইটামানৰ লগ লাগি সি বিড়ি হুপিছিল আৰু প্ৰৱল প্ৰতাপী গাওঁবুঢ়াৰ নাতিনীয়েকক সি প্ৰেমৰ প্ৰস্তাৱ আগবঢ়াইছিল৷ তাইৰ সতে এটা বন্ধ কোঠালীত সি জীৱনৰ দুটামান পল উপভোগ কৰিছিল৷

বৰ সোনকালেই উঠো মই৷ বাৰাণ্ডাৰ আৰামী চকীখনত বহি থাকোঁতেই ৰাহুল ওলাই আহিল৷ মই তাক সুধিলো,

“বাবা, এই কামবোৰ কৰি বাপেৰটোক জ্বলাই মাৰিছ কিয়?”

মোৰ সেই প্ৰশ্নৰ উত্তৰত ৰাহুলে উচ্চাৰণ কৰা প্ৰতিটো শব্দই যেন একোটি বুলেটৰ ৰূপ ললে আৰু সেই বুলেটে চিৰাচিৰ কৰিলে মোৰ আশী বছৰীয়া বুকুখন৷

“চোৱা ককা, মা-দেউতা ঘৰত নথকাৰ সুযোগত মই আমাৰ চকিদাৰৰ পৰা বিড়ি আগৰেপৰাই খাওঁ৷ আৰু ছোৱালীৰ লগত মই ৰূমত সোমাই কি জগৰ লগালো? মই মোক ভাল পোৱা ছোৱালীজনীৰ স’তেহে ৰূমত আছিলো৷ দেউতাই চোন প্ৰায়েই তেওঁৰ চেম্বাৰত তেওঁৰ এচিষ্টেণ্টৰ লগত সোমাই থাকে? যোৱাবাৰ তুমি আমাৰ ঘৰত থাকোঁতে এই কথাত মা-দেউতাৰ কাজিয়া তুমি শুনিছিলা৷ পিছে তুমিও একোকে নকলা৷ আৰু এতিয়া কিয় মোৰ কথা চৰ্চা হৈছে? হা, ককা?”

মোৰ সঁচাকৈ গাটো কেনেবা কৰিছে৷ উত্তৰৰ অপেক্ষাত মোৰ মুখলৈ চাই থকা ৰাহুলক মই একো উত্তৰ দিব পৰা নাই৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক