অপেক্ষা – ইলা চেতিয়া

“হেৰা, কেনি গ’লা হে?”- বুলি সদানন্দ চৌধুৰীয়ে পত্নীক বিচাৰি উঠিবলৈ লওঁতেই খকমক কৈ সাৰ পাই উঠিল দিবা স্বপ্নৰ পৰা। মানুহ জনীৰ কিবা কথাত ঠেঁহ লাগিলে, খং উঠিলে কাম এসোপামান উলিয়াই লৈ কামকে কৰি থাকে। কাঁজিয়া কৰাৰ অভ্যাস নাই মানুহজনীৰ। সদানন্দই অনবৰতে কাম কাম কৰি থাকিলে বেয়া পায়। সেয়ে মানুহজনীয়ে সেইটোকে কৰি নিজৰ খং ভাৱ প্ৰকাশ কৰে। অভিমান কৰি সদানন্দৰ পৰা আঁতৰি থাকে। আজিৰ দিবাস্বপ্নটোৱে বিষন্ন কৰি পেলালে তেওঁৰ মনটো। মিনতি দূৰ আকাশৰ তৰা হৈ গুচি যোৱাৰ আজি দুবছৰেই হ’লহি দেখোন! খং, অভিমান, মৰম, আব্দাৰ আদিৰে মিনতিয়ে পৰিপূৰ্ণ কৰি ৰাখিছিল সদানন্দ চৌধুৰীৰ জীৱনটো। অসহনীয় একাকীত্বই কেতিয়াবা কেতিয়াবা মিনতিৰ কাষলৈ গুচি যোৱাৰ দুৰ্বাৰ বাসনা জগাই তোলে তেওঁৰ মনত।

পৰহিলৈ মিনতিৰ বাৰ্ষিক শ্ৰাদ্ধ। শ্ৰাদ্ধটো তেওঁ থুলমূলকৈ পাতি থয়। চৌধুৰীৰ পুত্ৰ বোৱাৰী আৰু নাতি গাঁৱৰ ঘৰত নাথাকে। চাকৰিৰ সূত্ৰে পুত্ৰ দীপক আৰু বোৱাৰী অৰুণিমা দুয়ো ডিব্ৰুগড়ত থাকে। মাহেকে-পষেকে শিৱসাগৰৰ ঘৰখনলৈ আহি থাকে। চৌধুৰীকো সিহঁতে লৈ যাব খোজে। কিন্তু চৌধুৰী নাযায়। তাত গৈ তেওঁ বেছিহে অকলশৰীয়া হ’ব। ইয়াত অন্তত তেওঁ গঞা-জ্ঞাতিখিনিক লগ পাই থাকে। মেল, মিটিঙ, সবাহ,আদিত বিভিন্নধৰণে ব্যস্ত থাকে। তথাপিও মনৰ আপোন মিনতিৰ অনুপস্থিতিৰ শূন্যতা খিনি কোনেও পূৰাব নোৱাৰে। সেই খালী ঠাই টুকুৰা মিনতিৰ স্মৃতিয়ে ভৰাই ৰাখিছে। শিক্ষকতা বৃত্তিৰ পৰা অৱসৰ ল’লে যদিও তেওঁ এতিয়াও কাৰ্যক্ষম হৈয়েই আছে। নিজৰ নিত্য-নৈমিত্তিক কাম-কাজবোৰ নিজেই কৰে। আগতে দীপক পঢ়ি থকা সময়ত তেওঁ মিনতিক ঘৰুৱা কামকাজত সহায় কৰি দিছিল। পুৱা ন বজাত দুয়োটাকে ভাতে পানীয়ে খুৱাই-বুৱাই উলিয়াই পঠাবলৈ মিনতিৰ কমখন লৰাধপৰা হৈছিলনে! গৰু, ছাগলী, হাঁহ, কুকুৰা আদি সকলো আপদাল কৰি, ঘৰ চোতাল সৰা মোচালৈকে সকলোখিনি কৰি ভাগৰি গৈছিল মানুহজনী। তেওঁ ভাত ৰান্ধিবৰ সময়ত শাক-পাঁচলিকেইটা কাটি দিছিল, নিজে খাই উঠি দীপক আৰু তেওঁৰ বাচন কেইটা ধুই দিছিল, দেওবৰীয়া কাপোৰ ধোৱা পৰ্বটোত তেওঁ গধুৰ কাপোৰ কেইটা থুকুচি দিছিল, ধোৱা কাপোৰ মেলাত সহায় কৰাকে ধৰি বিভিন্ন কামত মিনতিক সহায় কৰিছিল। এইবোৰ কাম কৰি দিয়াৰ বাবে মানুহৰ হাঁহিয়াতৰ পাত্ৰও হৈছিল। তিৰোতা সেৰুৱা উপাধিও দিছিল। কিন্তু তেওঁ গুৰুত্ব নিদিছিল। তেওঁৰ সংসাৰখন তেওঁ সুন্দৰকৈ মৰম, চেনেহ আৰু বুজাবুজিৰ মাজেৰে সজাব খোজে। তাত আনৰ মন্তব্য নিস্প্ৰয়োজন বুলি ভাৱে চৌধুৰীয়ে

এতিয়া তেওঁৰ সেই আগৰ কাম কৰাৰ উদ্যম নাই যদিও দেহাটো সক্ৰিয় হৈ থাকিবলৈকে যতীনৰ সৈতে লগ লাগি বাৰীখনত শাক-পাঁচলি আৰু আগফালে ফুলনি বাৰীখনত পুৱা আবেলি অলপ সময় কাম কৰে। পানী দিয়া, বন-বাত চিকুনাই দিয়া সকলোখিনি কৰে। প্ৰকাণ্ড বাৰীখন, গৰু-গাইকেইটা, খেতি-খোলাৰ কামখিনি যতীনে নিয়াৰিকৈ কৰে। ঘাটমাউৰা যতীনক তেওঁ এদিন দেওবৰীয়া বজাৰলৈ যাওঁতে দোকান এখনৰ বাৰাণ্ডাত বহি কান্দি থকা দেখি সোধা-পোছা কৰি ঘৰলৈ লৈ আহিল। সি হেনো নাইট চুপাৰ এখনত উঠি ঘৰৰ পৰা পলাই আহিল। বাপেকে মদ খাই তাক খুউব মাৰে। চৌধুৰীয়ে দীপকৰ কাণসমনীয়া যতীনক দীপকৰ লগ এটা হ’ব বুলি ভাৱি একেশ্ৰেণীতে নাম লগাই দিলে। পিছে কি হ’ব, তাৰ পঢ়া শুনাত মন কাণ নাই। ঘৰুৱা কাম, মাছ-কাছ বিচাৰি ফুৰা এইবোৰতহে বেছি ৰাপ। চৌধুৰীৰ ধমক আৰু নেৰানেপেৰা চেষ্টাৰ বলত মেট্ৰিক পৰীক্ষাটো দিলে। পাছ কৰিব নোৱাৰিলে, দ্বিতীয়বাৰ দিয়াৰ নামেই নুশুনে সি। এতিয়া সি আৰু তাৰ পৰিবাৰেই তেওঁক চোৱাচিতা কৰে। বাৰীখনৰ এটা চুকত তাক সৰুকৈ টিনৰ ঘৰ দুকোঠা সজাই দিছে। সিহঁতহালৰো সতি-সন্ততি নাই। যতীনৰ পৰিবাৰ পূৰ্ণিমাই তেওঁৰ বাবে ৰন্ধা-বঢ়া আৰু ঘৰখন চাফ-চিকুন কৰাৰ পৰা কাপোৰ-কানি ধুই দিয়ালৈকে সকলো কৰে। চৌধুৰীৰ পেন্সনৰ টকাৰ পৰাই সিহঁতক চলিব পৰাকৈ দৰমহা এটা দি থাকে। বাকী বাৰীৰ শাক-পাঁচলি, ফল-মূল, ধান-চাউলৰ এটা অংশ সিহঁতিও পায়। দীপক প্ৰতি সপ্তাহৰ দেওবাৰৰ দিনটোত আহেই! কেতিয়াবাহে হেৰ-ফেৰ হয়। দীপকলৈও চাউল-পাত, শাক-পাঁচলি, ফল-মূলৰ টোপোলাটো প্ৰতি সপ্তাহে সিহঁতিয়ে বান্ধে। আজিও মিনতিৰ বছেৰেকীয়া বুলি যিখিনি কৰিব লাগে সকলোখিনিয়েই সিহঁতে কৰিছে। ঘৰখন চাফ-চিকুন কৰাৰ পৰা পাত পটুৱা কটালৈকে সকলো কৰি থৈছে। তেওঁ বা দীপকে সেইখিনি ভাৱিব লগা হোৱা নাই

কালি আবেলিতে গৈ তেওঁ গাঁৱৰ ভকত কেইজনক নিমন্ত্ৰণ দি আহিলগৈ। বাকী খোৱা-বোৱাৰ বজাৰখিনি দীপকহঁতে বজাৰ কৰি লৈ আহিব। কাইলৈ মাহৰ দ্বিতীয় শনিবাৰ। সেয়ে সিহঁতি আজি অফিচ কৰি ঘৰলৈ গুচি আহিব। সিহঁত আহিলে ঘৰখন ঘৰ যেন লাগে। নাতিটোৱে প্ৰকাণ্ড বাৰীখনত তেওঁৰ সৈতে ঢপলিয়াই ফুৰে। ককা, এইজোপা কি গছ, সেইটো কি চৰাই, এইটো কি ফল, সুধি সুধি ব্যতিব্যস্ত কৰি তোলে। তেওঁ প্ৰাণভৰি উপভোগ কৰে নাতিৰ সংগ। আজি যদি মিনতি থাকিলহেঁতেন দুগুণে চৰিলহেঁতেন এই আনন্দ। ভাল লগা মূহুৰ্তবোৰত তেওঁৰ সদায় মিনতিলৈ মনত পৰে। মিনতি অৰ্ধাঙ্গিনী আছিল তেওঁৰ। নপৰিবই বা কিয়। তেওঁৰ অনুভৱী হৃদয়ে সদায়ে বিচাৰে এই সময় যেন ৰৈ যাওক চিৰসেউজ হৈ! সদায়ে যেন নাতিট, দীপক আৰু বোৱাৰী তেওঁৰ লগতে থাকক। তেওঁ জানে সময় কেতিয়াও নৰয়। গৈ থকাটোৱে সময়ৰ নিয়ম। পৰিৱৰ্তিত সময়ৰ লগত খোজ মিলাই গৈ থাকিব লাগিব দীপক, বোৱাৰী আৰু নাতি বিক্ৰম। এটা সময়ত শিক্ষক হিচাপে তেওঁ যথেষ্ট সুখী আছিল। আত্মসন্তুষ্টি আৰু মানসিক পৰিতৃপ্তি লাভ কৰিছিল নিজৰ শিক্ষকতাৰ বৃত্তিত। কিন্তু দীপকৰ ক্ষেত্ৰত তেওঁ তেওঁৰ বিচাৰধাৰা অথবা তেওঁ তেওঁৰ মানসিকতাখিনি বিচাৰিলে নহ’ব। প্ৰত্যেকৰে নিজস্ব স্বাধীনতা আছে জীৱন পথত আগুৱাই যোৱাত। এটাই সন্তান দীপকক দিবলগীয়া সংস্কাৰখিনি দি তেওঁ আৰু মিনতিয়ে নিজৰ পথত ডেউকা মেলি উৰিবলৈ দিছিল

বহি বহি ভৰি হাত টনটনাই যোৱাত বহাৰ পৰা উঠিল। আজিকালি তেওঁ অলপ এলেহুৱা হৈ পৰিছে। যতীনৰ হতুৱাই আম, কঁঠাল, জামুক কেইটামান পৰাই থওঁ বুলি তেওঁ বাৰীলৈ উঠি গ’ল। দীপকহঁতে লৈ যাব পাৰিব। খাওঁতাৰ অভাৱত বাৰীতে পকি ৰহি গৈছে ফলমূল বোৰ। যতীনৰ হতুৱাই কাষৰীয়া দুঘৰমানত বিলালেও অলপ মান। এটা সময় আছিল বাৰীৰ ফলমূল পকিবলৈকে নাপাইছিল। দীপক সৰু থাকোঁতে তাৰ সমনীয়াবোৰ আৰু যতীনৰ সৈতে লগ লাগি ফৰ্মূটিয়াই পাৰি খাইছিল। তেওঁ কোনো বাধা নিষেধ কৰা নাছিল। সিহঁতৰ বয়সেই সেইটো। কিন্তু আজিকালি নাই। চুবুৰীটোত সৰু সৰু ল’ৰা ছোৱালী আছে যদিও এইবোৰলৈ সিহঁতৰ হাবিয়াস নাই। কিহত ব্যস্ত জানো সিহঁত! টিউচন, বিভিন্ন কৰ্মশালা, ভিডিঅ’গেম, মোবাইল আদিবোৰৰ পৰা সিহঁতৰ আহৰি নাই। বতৰৰ ফল-মূলৰ সোৱাদ ল’বলৈকো অনীহা

বাৰী খনত এপাক মাৰি যতীনক ফলমূলখিনি পাৰি পিছফালৰ বাৰাণ্ডাতে পাছিটোত থবলৈ কৈ তেওঁ দমকলৰ পাৰতে হাত ভৰি ধুই পুনৰ বাৰাণ্ডাত বহিলহি। পূৰ্ণিমাই আহি চাহ একাপ খাব নেকি সুধিলে। তেওঁ দীপকহঁত আহি পালে একেলগে খাম বুলি ক’লে। কিবা এটা মনত পৰাৰ দৰে পুনৰ উঠি গৈ দীপকহঁতৰ কোঠাটো ঠিক কৰি ৰাখিছে নাই ভূমুকিয়াই চালেগৈ। নিজৰ কোঠাটোত সোমাই বিছনা চাদৰ খনকে টানি টুনি ঠিক কৰিলে। মনটো আজি ৰঙিয়াল তেওঁৰ। পুনৰ বাৰাণ্ডাত বহিলহি চৌধুৰী। এই সময়ত মিনতিলৈ বৰ মনত পৰিল তেওঁৰ। দুয়োৰে যুৰীয়া অপেক্ষাই অধিক মধুৰতাৰে ভৰাই তুলিলে হেঁতেন সময়কণ। অস্তগামী বেলিটোৱে এসোপামান হেঙুলীয়া চৌপাশে সিঁচি দিছে। খন্তেক পিছতেই দীপকহঁত গাড়ীৰ হৰ্ণ বজাই গেটৰ মুখত ৰ’লহি। যতীনে লৰালৰিকৈ গৈ গেট খুলি দিলেগৈ। হাঁহি হাঁহি বিক্ৰমে ” ককা ” বুলি দৌৰি আহি তেওঁক সাৱট মাৰি ধৰিলহি। এমোকোৰা হাঁহিৰে উজ্বলি উঠিল তেওঁৰ মুখ মণ্ডল। বুকুৰ ভিতৰেদি এজাকি শান্ত, শীতল,নিৰ্মল বতাহ বৈ আহিল…।

০০০০০

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক