অপেক্ষা (নীত কাশ্যপ)

গোঁসাইঘৰৰ ভিতৰৰ চাকিগছৰ পোহৰত উদ্ভাসিত হৈ ৰৈছে লীলা বৰুৱাৰ মুখখন৷ প্ৰাৰ্থনাত বিভোৰ তেওঁ৷ বিনন্দ বৰুৱাই ৰ’ লাগি চাই আছে৷ হাতত তেওঁৰ চাৰিটা ভাঁজত ভাঁজ হৈ উপেক্ষিত হৈ পৰি ৰোৱা পেপাৰখন৷ মনটো সেমেকি যায় তেওঁৰ৷ কি অন্ধ পুত্ৰ স্নেহ এই মাতৃবোৰৰ! আজি অতবছৰে ভাল দিন এটা আহিব বুলি পত্নীয়ে দিন-ৰাতি ভগৱানক খাটি আহিছে৷ পত্নীৰ কাৰণে ভাল দিন মানে যে একমাত্ৰ পুত্ৰৰ মুখখন চোৱাৰ হেঁপাহ সেইটো ভালকৈয়েই জানে বিনন্দ বৰুৱাই৷
– “তই বাৰু অসমত পঢ়িব নোৱাৰ নালাগে, দেশৰ ভিতৰতেই পঢ়িব নোৱাৰ নে? তই কাষত থকা যেন অনুভৱ এটাতো হ’ব৷ “ পুত্ৰ স্নেহত হোজা হৈ পৰা এজন দেউতাকৰ কথা আছিল সেয়া৷ আচৰিত হৈ চাইছিল তেওঁলৈ তনয়ে৷
-“ Papa! মোৰ job destination India নহয় however anyone who is able to put on their CV that they studied abroad is at a great advantage to impressing the employers.“
মুখ মেলি চাই ৰৈছিল বিনন্দ বৰুৱাই৷ পিতৃ- মাতৃৰ অগোচৰতেই কেতিয়া যে সন্তানবোৰ ইমান ডাঙৰ হৈ পৰে!
– “কিন্তু…“ পত্নীৰ হাতৰ চেপাত থমকি ৰৈ গৈছিল বিনন্দ বৰুৱা৷ তনয়ৰ বিদায়পৰত যেতিয়া হিয়াঢাকুৰি কান্দিছিল পত্নীয়ে আচৰিত হৈ চাইছিল তেওঁলৈ৷
– “ তুমিয়েইতো তাক পঠালা৷ “ শেঁতা হাঁহি এটাৰে বুজনি দিছিল তেওঁ পত্নীক৷
মাজে মাজে যেতিয়া পুত্ৰ বিদেশৰ পৰা আহে বাউলী হৈ পৰে লীলা বৰুৱা৷ পুত্ৰ আহে, আকৌ যায়! জাপ জাপ হৈ পৰি ৰয় বিদেশৰ পৰা অহা চিঠিবোৰ৷ যেন শেষেই নহ’ব তাৰ ক’বলগীয়া কথাবোৰ৷ আনন্দত অকলে অকলে মিচিকিয়াই হাঁহে লীলা বৰুৱাই৷ কিন্তু এটা সময়ত তাৰ ক’বলগীয়া কথা শেষ হয়৷ আজি এবছৰেই হ’ল তাৰ শেষ চিঠিখন অহাৰ৷
-“তাৰ জানো পঢ়ি শেষ হোৱাই নাই৷ “ আক্ষেপ ভৰা পত্নীৰ কথাখিনিয়ে বিনন্দ বৰুৱাৰো বুকুৰ কোনোবা এটা কোণত শেলে বিন্ধাদি বিন্ধে৷
– “ লীলা! আৰু কিমানদিন অপেক্ষা কৰিবা? “একো এটা উত্তৰ মুখ ফুটি ওলাই নাহে লীলা বৰুৱাৰ৷ মাথোন চাই ৰয় গিৰীয়েকৰ মুখলৈ৷ এইজনেই সেই মানুহজন যিজনে বিয়াৰ ৮ বছৰ পাছতো নিঃসন্তান হৈ থকাৰ দুখত ভাগি পৰা তেওঁক এই একেটা প্ৰশ্নই ইমান আকুলতাৰে শুধিছিল৷ মানুহ কিমান বাস্তৱবাদী হ’লে ইমান শক্তিশালী ইমান মৰমীয়াল হ’ব পাৰে৷
– “এই যে গছবোৰ দেখিছা৷ ইহঁতেই ভাল জানানে লীলা৷ মৰমৰ প্ৰতিদান ইহঁতে দিব জানে৷ কেতিয়াও এৰি নাযায় আমাক৷ “ বাগিছাত ক্ৰমাৎ বৃক্ষ হৈ পৰা নিজ হাতে ৰোৱা গছবোৰলৈ আঙুলিয়াই কৈছিল বিনন্দ বৰুৱাই৷
– “মই জানো আপোনাক এৰি গৈছো? “ গিৰীয়েকৰ হাত দুখন নিজৰ হাতৰ মুঠিলৈ আনি কৈছিল লীলা বৰুৱাই৷
– “পিছে তোমাৰ অপেক্ষাৰ জানো শেষ আছে? “
– “ ধৰিলওক আজিয়েই শেষ হ’ল৷ “ লাহেকৈ গিৰীয়েকৰ বুকুত মূৰটো থৈ মুখখন আঁৰ কৰিব চেষ্টা কৰিলে লীলা বৰুৱাই৷ কেনেকৈ কয় গিৰীয়েকক যে দুৰ্বলমনৰ পত্নীয়ে দেখিব বুলি ভয়তে বিনন্দ বৰুৱাই বিছনাৰ তলত লুকুৱাই থোৱা পুত্ৰৰ চিঠিখন তিনিদিন আগতেই পঢ়িলে তেওঁ,
“পাপা, মা, ইণ্ডিয়া আৰু ইয়াত ৰাতি-দিনৰ তফাৎ৷ তাত ঘড়ীৰ চেকেণ্ডৰ কাঁইটৰ স্পীডত ইয়াত ঘণ্টাৰ কাঁইট ঘূৰে৷ সময়ৰ খুবেই অভাৱ৷ অহা ৫ জানুৱাৰীত মোৰ বিয়া পাতিছো৷ পাৰিলে এবাৰ আহি আৰ্শীবাদ দি যাব৷ “ – তনয়৷
ইতিমধ্যে বিনন্দ বৰুৱাই আঁকোৱালি লৈছিল চকু পানীৰে উপচি পৰা মৰমৰ পত্নীক৷ আহ! কি অন্ধ পুত্ৰ স্নেহ এই মাতৃবোৰৰ৷ সন্মুখৰ ৱালখনত উলমি ৰোৱা কেলেণ্ডাৰখনৰ ওপৰত জিলিকি ৰোৱা তাৰিখটোত চকু পৰিছিল লীলা বৰুৱাৰ৷ ৫ জানুৱাৰী৷ অপেক্ষা এটাৰ সামৰনি ঘটিল৷ আজিৰ দিনটোৰ পৰাই সুখী থাকিব বিচাৰে তেওঁ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments