অপেক্ষা –প্ৰীতি কলিতা

ৰজতে দুৱাৰখন একপ্ৰকাৰ ঠেলিয়েই ভিতৰলৈ সোমাই আহিল। আহিয়েই সি ঘৈণীয়েকক উদ্দেশ্যি চিঞৰি চিঞৰি ক’ব ধৰিলে, ‘অই পানী এগিলাচ দেচোন’।
ভিতৰত কমলাই ভাত বহাইছিলহে মাথোন। দুৱাৰ খোলাৰ শব্দ আৰু তাৰ পিছত সি এনেদৰে চিঞৰা শুনি তাই উধাতু খাই তাৰ ওচৰ পালেহি। কোনো দিনেইতো সি এনেকুৱা নকৰে। ‘হেৰি কি হ’ল হয়নে’, তাইক সম্পূৰ্ণ কৰিবলৈ নিদি সি কলে, ‘বৰ ভাগৰ লাগিছে অ’ আজি। পিয়াহ লাগিছে। পানী এগিলাচ আনচোন’।
কমলাই থতমত খালে তাৰ পিয়াহ লগাৰ বাবে, পানী গিলাচ খাব বিচৰাৰ বাবে। কিমান দিন হৈ গ’ল সি এনেকৈ পানী খাব নিবিচৰাৰ। তাৰ পিয়াহ নলগা হোৱাৰ। দহ বছৰৰো বেছি হ’ল চাগে’। দহ বছৰৰ আগতে তাৰ তেতিয়া আহিয়েই সদায় পিয়াহ লগা হৈছিল। এনেকৈয়ে দুৱাৰখন ঠেলিছিল। পানী বিচাৰিছিল। কমলা যোৱাৰ আগতেই তাৰ ওচৰত ৰীমাই হাতত পানীৰ গিলাচটো লৈ দৌৰি গৈছিল। গিলাচটো আগবঢ়ায়ে তাই সি তাইৰ বাবে অনা টোপোলাটো কাঢ়ি লৈছিল। কমলাৰ ভাব হৈছিল তাৰ পিয়াহতকৈও চাগে দিনটো জীয়েকক নেদেখাকৈ থকাৰ তাড়ণাটোহে বেছি আছিল কিজানি! দিনৰ দিনটো ঠেলা চলাই চলাই আহিও সি সেই দিনবোৰত প্ৰত্যেকদিনেই তাইৰ হাতত এটা চকলেট হ’লেও তুলি দিছিল। কমলাই কৈছিল, ‘এতিয়া তাই ডাঙৰ হৈছে। কিয়নো বাৰু সদায় এইবোৰ আনিব লাগে’। সি মুখতে ধৰিছিল, ‘ক’তনো নিজৰ ছোৱালীজনীক ডাঙৰ হোৱা দেখিলি। এতিয়াই কিমান বয়স নো হ’ল তাইৰ। পঢ়ি-শুনি তাই চাকৰি কৰিব। তেতিয়া বাৰু মই তাইলৈ একো নানো, ছোৱালীয়ে চাকৰি কৰিব। ঘৰতে বহি বহি খাম বাপ্পেকে’। কমলাই তাৰ কথাবোৰ শুনি ঢেকঢেকাই হাঁহিছিল। তাৰ পিছত পানী, গিলাচ, ৰীমাৰ টোপোলাটো একেলগে একেটা বৃত্তৰ ভিতৰতে বহুদিন ঘূৰি থাকিল।
হঠাৎ এদিন বৃত্তটোৰ কোনোবাখিনি ঠাইত ফাট মেলিলে। খুব কমদিনৰ ভিতৰতে বৃত্তটো ঘূৰিব নোৱাৰা হৈ পৰিল। পিয়াহ লাগি থকা মানুহটোৰো ঘৰ গৈ পাই পানী খাব মন নোযোৱা হ’ল। ৰীমা অজাতি কুললৈ পলাই গ’ল।
সমুখৰ শৰ্মাহঁতৰ ঘৰ বনাবলৈ অহা বনুৱাৰ দলটোৰ প্ৰায় বহুদিন ধৰি কাম চলি আছিল তাত। আধাভঙা জেওৰাখনৰে কমলা বা ৰীমা বাহিৰলৈ ওলাই আহিলেই বনুৱাৰ দলটো ভালকৈয়ে দেখা পোৱা গৈছিল। ৰজতক তাই কেইবাদিনো কুটুৰি আছিল, সেইখন ঠিক কৰিব লাগে। সি টকা পালেই কৰিম কৰিম কৰি থাকোতেই এদিন সিহঁতৰ এজন ল’ৰাৰ লগত ৰীমাই মাত বোল কৰা দেখিলে কমলাই। অসমীয়া নজনা ল’ৰাজনৰ লগত আধাভঙা হিন্দীত তাই কি কথা পাতিছিল কমলাই নাজানে। তাই মাথোঁ তাইক বুজাইছিল। এইবোৰ এৰিবলৈ ভালকৈয়ে বুজাই কৈছিল। ৰীমাই বুজিব নাজানিলে নে তাইৰ বুজাওতে ভুল হ’ল সেয়া তাই আজিও ভাবি নাপায়।
ৰজতেও ভাবি নাপায় বুজি নাপায় যে বাট এটা পাই গ’ল বাবে ৰীমা গ’ল নে তাই যাবৰ বাবে বাটটো আহি গ’ল। তাই যোৱাৰ পাছতে সি কেইদিনমান খঙতে তৰ্জন-গর্জন কৰি আছিল। কমলাৰ লগত জোৰে জোৰে কাজিয়াও কৰিছিল। খং শাম কটাৰ পিছতে সি সিহঁতৰ খবৰ ল’বলৈও চেষ্টা কৰিছিল। ভাবিছিল সি যি হ’ল হ’ল একেজনীয়ে ছোৱালী মাথোন। দুয়োকো আনি ইয়াত ৰাখিব। কিন্তু নাই। তাৰ ছোৱালীয়ে কোনো খবৰ তাৰ কাৰণে এৰি থৈ যোৱা নাছিল। যিটো দলৰ লগত সেই ল’ৰাটোৱে কাম কৰিছিল সিহঁতেও একো নাজানিছিল। মাত্ৰ কৈছিল সিহঁত অসম এৰি গ’লগৈ; চাগে’ তাৰ নিজৰ ঘৰলৈ গ’ল। তাইৰ নিজৰ ঘৰ। কোনখন? ক’ত আছে? নিজৰ গাঁওখনৰ পৰা টাউনলৈ আহিবপৰা ৰাস্তাটোৰ বাহিৰে সিহঁতে যে একো চিনি নাপায়।
তাৰ পিছত এদিন সেই দলটো গ’লগৈ। দিনটো ঠেলা চলাই চলাই ঘৰ গৈ পোৱাৰ পিছত এই খবৰটো এদিন গধূলি ৰজতে কমলাৰ পৰা শুনিলে। সি এটা তপত নিশ্বাস এৰিলে। নিশ্বাসটোৱে তাক অলপমান যেন চেঁচা কৰি পেলালে। ৰীমাৰ কাৰণে গধূলি আনিবলগীয়া টোপোলাটোয়ে কোনোবাখিনিত যেন বাট চাই তাৰ হাতৰ মুঠিত ৰৈ থাকিল। বহুদিন পিছত মুঠিটো এদিন খোল খালে। ৰজতে মানুহ লগাই জেওৰাখন দিলে। কিমান ওখকৈ দিলে ৰীমা বনুৱাকেইটাৰ চকুত নপৰিব ঠিক সিমান ওখকৈয়ে সি জেওৰাখন দিলে। কমলাই সেইদিনা বুকুত ঢকিয়াই ঢকিয়াই কান্দিছিল মাথোঁ।
তাৰপাছত বহুদিন পাৰ হৈ গৈছে। টোপোলাটো, তাৰ পিয়াহৰ পানীৰ গিলাচটো ঘৰখনৰ পৰা বিয়োগ হৈ পৰিছে। দুটা প্ৰাণী নিৰ্জীৱ হৈ গৈছে আজি ইমান বছৰে। অনুভূতিহীন, স্মৃতিহীন মানুহ হৈ সি কামৰ পৰা যায়। হাত-ভৰি ধুই কমলাই বাঢ়ি দিয়া ভাতখিনি খায়। এইখিনি সময় দুয়ো মৌন হৈ থাকে। কল্পনা কৰি থাকে যেন এদিন ৰীমা উভতি আহিব। ৰীমাৰ হাতৰ পৰা আহিয়েই ৰজতে পানীৰ গিলাচতো ল’ব। ঘৰটো আগৰ দৰে হ’ব। সকলোবোৰ থুপ খোৱা কথা তেতিয়া তিনিওজনে একেলগে পাতিব।
তাৰ পিছত আজি ৰজতৰ পিয়াহ লাগিছে। কমলাই ধৰিব পৰা নাই একো।
‘পানী গিলাচ দে অ’, ৰজতে আকৌ চিঞৰিছে। ‘গৈছোঁ গৈছোঁ’ বুলি এগিলাচ পানী লৈ তাই ৰজতৰ ওচৰ পালেগৈ। পানীগিলাচ লৈ ৰজত বাহিৰলৈ গ’ল। সি বেঞ্চখনত গিলাচটো লৈ বহি পৰিল। ওপৰৰফালে মূৰ কৰি ৰাতিপুৱাৰে পৰা দিনটোক মনত পেলাব ধৰিলে সি। আজিৰ দিনটো যেন তাৰ বাবে নহা হ’লেই ভাল আছিল। আজি দহ বছৰে যেনেকৈ চলিছে তেনেকৈয়ে হয়তো কল্পনাবোৰৰ মাজতে দিনবোৰ পাৰ হৈ গলহেঁতেন। কিন্তু চববোৰ খেলিমেলি হৈ গ’ল। খেলিমেলি কৰি দিলে আজি মনোজে। চহৰত আজি মনোজক লগ পাই আহিছে সি। মনোজ তাৰ একালৰ বন্ধু। দিল্লীত এখন হস্পিতেলত কাম কৰিছিল সি। আজি বহুত দিনৰ মূৰত তাক লগ পালে।
‘হে ইমানেই পিয়াহ লাগিছে বোলে।পানীখিনি নাখায় কিয়’? ওপৰলৈ চাই চিন্তা কৰি থকা ৰজত ঘৈণীয়েকৰ মাতত উচপ খাই উঠিল। একমুহূৰ্তমান সি ৰ’ল। তাৰপাছত ঘোটঘোটকৈ পানীখিনি খাই সি তাইৰ ওচৰত ধৰা পৰাৰ ভয়ত ভিতৰ সোমালগৈ। কেনেদৰে কয় সি মনোজে কোৱা সেই কথাবোৰ।
কমলাই যেন কিবা এটা গম পালে। কিবা অলপ ভাবিলে তাই। তাৰপিছত একেকোবে ভিতৰলৈ আহি তাৰ ওচৰত তাই থিয় হ’ল। ৰজতে তাইৰ মুখলৈ চালে। একো ক’ব সুবিধা নিদি সি অতি সাধাৰণভাবে কৈ পেলালে, ‘আজিৰ পৰা পানীৰ গিলাচটো অহাৰ লগে লগে মোক দিবি সেই আগৰদৰে’। ৰীমা উভতি অহাৰ সকলো কল্পনা শেষ কৰা মনোজে কোৱা সেই খবৰটো, ‘ল’ৰাজনে দুষ্ট চক্ৰৰ ওচৰত বিক্ৰী কৰাৰ কিমান দিন পিছত অশেষ যন্ত্ৰণাৰ বলি হৈ তাই মনোজৰ হস্পিতেলখনতে চকু মুদিছিল ‘সেই কথা আজি তাইক ক’বলৈ তাৰ নিজকে খুব ভাগৰুৱা যেন লাগিল।


Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments