অপেক্ষা (বিচিত্র বৰদলৈ)

Bichitra Bordoloiimageপ্ৰায়বোৰ অন্তৰংগ বন্ধুয়েই আজি কালি মোৰ ওপৰত নাৰাজ, পেটে পেটে বেয়াই পায়, কাৰো লগত ‘টাচ্ছ’ত নথকা বাবে। ময়ো অনুভৱ কৰো, নিজে তৈয়াৰ কৰা শামুকৰ খোলাটোত যে প্ৰয়োজনতকৈ বেছি গভীৰলৈ সোমাই গৈছো। সেইটোৰ পৰা নিজেও ওলাই নাহোঁ, আনকো উলিয়াই নিয়াৰ সুযোগ নিদিওঁ। আজি আবেলি এজনে বাটতে ধৰিলৈ অতৰ্কিতে ভীষণ দম্ দিলে। নিজক বচোৱাৰ সুযোগেই নাপালো।
‘কাৰ মূৰটো কৰি থাক তই? ক চোন? না ফোন না মেচেজ্,না এবাৰ লগেই ধৰিছ! ইমান একো ব্যস্ততাও নাই দেচোন তোৰ! কি কৰি থাক তই?’

বন্ধুক নো কি উত্তৰ দিম! মাজে মাজে ময়ো ভাবো, কি কৰি থাকো মই! কি কৰোঁতেনো সময়বোৰ পাৰ হয়! পুৱাৰ পৰা আবেলি,আবেলিৰ পৰা গধূলি, গধূলিৰ পৰা ৰাতি ………কি নো কৰো মই। মোৰ নিজৰ কথা বাদ দি কথাটো অলপ বেলেগ ধৰণেই ভাবি চালো। বাকী মানুহবোৰে, পৃথিৱীৰ বাকী মানুহবোৰেনো কি কৰি সময় বোৰ পাৰ কৰে। আড্ডা মাৰি? কিতাপ পঢ়ি? চিনেমা চাই? নে ফেচবুক, হোৱাটচএপ্ এইবোৰত ব্যস্ত থাকি?
মাজতে কিতাপ এখনত পোৱা তথ্য এটা হঠাতে মনত পৰিল, জাৰ্মান গৱেষক দল এটাৰ মতে এজন মানুহ যদি ৮০ বছৰ জীয়াই থাকে, তেন্তে তেওঁৰ জীৱনৰ ৩২ বছৰ সময় নষ্ট হয় এক বিশেষ কামত ব্যস্ত থাকোতে। সেয়া হেনো আন একো নহয়,সেয়া মানুহজনে কৰি থকা অপেক্ষা।

প্ৰতিজন মানুহৰেই জীৱনৰ অধিক সময় পাৰ হয় অপেক্ষাত থাকোতে। বাছ ষ্টপেজত বাছৰ বাবে, প্লেটফ’ৰ্মত নিৰ্দিষ্ট ট্ৰেইনখনৰ বাবে, হস্পিটেলত ডাক্তৰৰ বাবে, ট্ৰেফিক ছিগনালৰ সমুখত সেউজীয়া লাইটটোৰ বাবে, বেংকত ট’কেন লৈ নিজৰ নম্বৰটোৰ বাবে, কাৰোবাৰ ফোনকল এটাৰ বাবে, পানদোকানৰ সমুখত ৰৈ বিশেষ বন্ধুৰ বাবে, ৰেষ্টুৰেন্টত প্ৰিয়জনৰ বাবে, টিভিৰ প্ৰিয় চিৰিয়েলখনৰ বাবে, বিচনাত শুই টোপনিৰ বাবে, কেতিয়াবা কুহুমীয়া ৰ’দজাকৰ বাবে, কেতিয়াবা বৰষুণ এজাকৰ বাবে, সুখৰ বাবে,শান্তিৰ বাবে, সৌভাগ্যৰ বাবে, সাফল্যৰ বাবে, শুভ সংবাদ এটাৰ বাবে …………. অপেক্ষাৰ অন্ত নাই। পুৱাৰ পৰা আবেলি, আবেলিৰ পৰা গধুলি, গধুলি পৰা ৰাতি…… হৰেক কিছিমৰ অপেক্ষা।

সময়বোৰ সলনি হয়, বয়সো সলনি হয়, অপেক্ষা একেই থাকি যায়।

শৈশৱৰ দিনবোৰত অপেক্ষাবোৰ আছিল দেউতা ৰাতিপুৱা ওলাই যোৱালৈ, পেহীহঁতৰ লগত কোনোবা আলহীঘৰলৈ ফুৰিব যাব পোৱালৈ, ক্ৰিকেট খেলিব পৰাকৈ সোনকালে আবেলিটো হোৱালৈ, দেওবাৰৰ চন্দ্ৰকান্তা নতুবা বুধবাৰৰ চিত্ৰহাৰলৈ,আইতাই পেঞ্চন পোৱা দিনটোলৈ ………
যৌৱনৰ এই দিনবোৰতো সেই একেই অপেক্ষা, মাথো অপেক্ষাৰ ভাৰ্ছনটো এতিয়া কিছু আপগ্ৰেড্। এতিয়া অপেক্ষাত থাকো নিজৰ দৰমহা পোৱা দিনটোলৈ, কোনোবা সংগঠনে অসম বন্ধ দিয়ালৈ, মৰমতে কোনোবাই কিবা এটা উপহাৰ দি ঘাটি বাজেট পূৰ কৰালৈ, আমীৰ খানৰ চিনেমা নতুবা চেতন ভগতৰ নেক্স্ট কিতাপ খনলৈ, প্ৰতিষ্ঠা লাভৰ খুব সাংঘাটিক(?) আইডিয়া এটা মনলৈ অহালৈ।
বৃদ্ধ বয়সতো হয়তো এনেকৈয়ে অপেক্ষাত থাকিম।
বিচনাৰ সৈতে লীন হৈ ৰৈ থাকিম, পুত্ৰ-কন্যা আহক, আহি মুখত এচলু পানী দিয়ক,এদিন-দুদিন ৰৈ থাকিম, ৰৈ থাকিম, ৰৈ ৰৈ মৃত্যুৰ বাবে অপেক্ষা কৰিম ………………….
মৃত্যু মানে সকলো শেষ, তেনে হোৱা হ’লে ভাল আছিল। পিছে মৃত্যুৰ পিচতো যদি থাকি যায় কিবা কিবি! মৃত্যুৰ পিচতো যদি থাকি যায় অপেক্ষা!
কি ঠিক, থাকিবও পাৰে। আকৌ এটা নতুন জীৱন পোৱাৰ,আকৌ কাৰোবাৰ কোলা শুৱনি কৰাৰ, আকৌ…………….

কৌতুহলী চাৱনিৰে দুই এজন পথচাৰীয়ে আমাক চাই চাই কাষেৰে পাৰ হৈ গৈছে। নাই, তেনে চাৱনিবোৰে বন্ধুবৰৰ ভকেল কৰ্ডৰ বেটাৰীৰ ভল্টেজ কমাব পৰা নাই। দপদপায়ে আছে।
‘না ফোন না মেছেজ, না এবাৰ লগ কৰিছ। আৰে ভাই, ফোন নকৰ নাই, ৰিছিভটো কৰ। কত কি কৰি থাক তই?’
‘অপেক্ষাত আছিলো ‘মই লাহেকৈ কও।
‘কি?’, বন্ধুৰ চকু কপালত উঠে।
‘সঁচাই অ, মই এনেকৈ আঁতৰি ফুৰিম, তহঁতক খা-খবৰ নকৰিম,তাৰ খঙত তই এদিন কুকুৰে নোখোৱাকৈ এনেকৈ আহি মোক ৰাষ্টাতেই গালি দিবি, এই খিনিৰ অপেক্ষাতে মই আছিলো ‘,জ্বলা জুইত দুই চামুচ মান ঘিঁউ ঢালি চালো।
‘তোৰ বাপেৰৰ মূৰটো। লেকচাৰ নামাৰিবি। আচলতে তই এটা মহা চেলফিচ্, তই এটা হাৰামৰ নেগুৰ,তই ………..’
কি কৰিম! সেমেনা সেমেনি হাঁহি এটা মাৰি, ইফালে সিফালে চাই ফুটপাথতে থিয় হৈ বন্ধুৰ গালি শেষ হোৱালৈ ‘অপেক্ষা’কৰি থাকিলো।
জাৰ্মান গৱেষক দল এটাৰ মতে এজন মানুহ যদি ৮০ বছৰ জীয়াই থাকে, তেন্তে তেওঁৰ জীৱনৰ ৩২ বচৰ সময় নষ্ট হয় হেনো ‘অপেক্ষা’ত থাকোতে।

কথাটো চাগে গোটেই মিছা নহয়।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments