অপেক্ষা (- ৰঞ্জু শৰ্মা)

(১)
আৱেলি চাৰি বাজিবলৈ আৰু প্ৰায় দহ মিনিটমান বাকী৷ নিস্তব্ধ হৈ শুই থকা ঘৰিয়াল কিছুমানৰ দৰেই প্ৰায় পৰিত্যক্ত এই ষ্টেচনটো ৰেলখন সুমুৱাৰ ঠিক আগে আগে এঙামুৰি এটি দি সাৰ পাৱলৈ যোযা কৰে৷ কৰ্মচাৰীৰ নামত থকা একমাত্ৰ বুঢ়া চকিদাৰটো ও সেই সময়তেই ইফাল সিফাল কৰি ষ্টেচনটো এবাৰ টহল দি লয়৷ হাৰিয়ানাৰ অত্যন্ত ভিতৰুৱা গাওঁ এখনৰ গাৱঁলীয়া ষ্টেচন ৰতনপুৰ৷ ৰাতিপুৱা পাঁচ মান বজাত এবাৰ আৰু আৱেলি চাৰিবজাত এবাৰ, মাথো দুবাৰ দুখন ৰেল ইয়াতে আহি ৰয়হি৷ তাকো খুৱ কম সময়ৰ বাবে, সাধাৰণতেই ইয়াত বিশেষ কাৰো নামিমলগীয়া বা উঠিবলগীয়া নাথাকেই৷ কেতিয়াবা কাচিৎহে দুই এজন যাত্ৰী ইয়াতে উঠা নমা কৰে৷ দিনটোৰ বাকী সময়চোৱাত গোটেইতো ষ্টেচন জয়াল হৈ থকা ঠাই এডোখৰৰ নিচিনা গহীন হৈ থাকে৷
ষ্টেচনমাষ্টৰৰ আধাভগা কলা বৰণৰ অফিচটোৰ দুৱাৰখন সকলো সময়তে আধামেলা হৈ পৰি থাকে৷ মাজে মাজে কেইটিমান উদঙীয়া চেঙেলীয়াই আহি ষ্টেচনটোৰ বেঞ্চকেইখন দখল কৰি আদ্দা পাতে৷ আদ্দা মানেনো কি সিহঁত কেইটিমান লগ লাগি তাত নিৰ্ভয়ে জুৱা খেল পাতে৷ ভিতৰুৱা গাওঁখনৰ প্ৰায়ভাগ ডেকাই নিবনুৱা৷ গাওঁখনত পঢ়া-শুণা কৰা ল’ৰা-ছোৱালীৰো অভাৱ, পৰিবেশৰো অভাৱ৷ ল’ৰাকেইটাৰ হাহি –খিকিন্দালি, উচ্চ-বাচ্য শব্দত নিজান পৰিবেশটো অলপপৰৰ বাবে মুখৰ হৈ পৰে৷ দেখে, চিকিউৰিটিৰ নামত থকা বুঢ়া চকিদাৰটোৱে সেই জুৱাখেলখন দেখে, খেলি খেলিয়েই কেতিয়াবা হঠাতে লাগি যোৱা কাজিয়াখন, মাৰ-পিতখনো দেখে৷ পিছে কেতিয়াও একো নামাতে৷ দুৰৈৰ পৰা চাই থাকি মনে মনে ভাৱে…. থাকক, মানুহৰ শব্দ কিছুমান হৈয়েই থাককচোন৷
কেতিয়াবা আকৌ গৰুগাড়ীৰে ওচৰৰ টাউনৰ পৰা বস্তু কঢ়িওৱা গাড়োৱান দুজনমানো আহে ষ্টেচনটোলে৷ গৰুগাড়ীকেইখন আহি সেই ঠাইকন পায় মানে ভৰ দুপৰীয়া হয়৷ বলধ কেইটাক দানা পানী খুৱাই ওচৰৰ আহঁত গছজোপাৰ ছাতে জিৰণি ল’বলৈ দি গাড়োৱান কেইজনে নিজে আহি ষ্টেচনৰ বেঞ্চকেইখনত এঘণ্টামান সময় শুই লয়৷ অলপ সময়ৰ বাবেই হওক ভাল লাগে, বেঞ্চকেইখন তেনেকৈ ভৰি থকা দেখিলেও বুঢ়া চকিদাৰৰ মনটো ভাল লাগে, ন’হলেযে গোটেইখন ইমান নিমাওমাও৷
মাজে সময়ে আকৌ হঠাৎ আহি ওলোৱা এজাক সৰু ল’ৰাছোৱালীৰ কিৰিলিয়ে এক মুহুৰ্তৰ বাবে নিজান দুপৰীয়াটো মুখৰ কৰি তোলে৷ পাচ ছয় জনীয়া এই দলটো ভিতৰৰ গাওঁ এখনৰ পৰা ওলাই আহে গোৱৰ বিচাৰি৷ ষ্টেচনটোৰ মাজেৰে সিহঁতে ডাঙৰ পথাৰখনলৈ বুলি বাট চমুৱাই৷ ষ্টেচনৰ গাতে লাগি থকা চৰণীয়া পথাৰখন দিনটো গৰু মহেৰে ভৰি থাকে৷ সৰু সৰু পাচিকেইটা গোৱৰেৰে ভৰি উঠিলেই সিহঁত উভতি আহে৷ এহাতেৰে ককালত পাচিটো আওজাই লৈ এহাতেৰে বন বগৰী চোৱাই চোৱাই আপোনমনে ষ্টেচনটো পাৰ হৈ যোৱা জুমটোলৈ বুঢ়া চকিদাৰজনে নয়নভৰি চাই লয়৷ কেতিয়াবা দুপৰীয়া ৰ’দ বেছি হ’লে সিহঁতে আকৌ তেওঁৰ পৰা পানীও খুজি খায়৷ …গোৱৰেৰে বনোৱা পিঠাবোৰ(ওপলে) পুৰি আদায় হ’লে কেইদিনমান পিছত সিহঁত আকৌ আহে৷
ৰতনপুৰ ষ্টেচনলৈ পিছে পুৱা –গধূলি এগৰাকী গাভৰু নিয়মিত আহে৷ প্ৰায় পছিশবছৰমান বয়সৰ ছোৱালীজনীয়ে পিন্ধি থকা শাৰীখন অ’ত ত’ত ফাটি উৱলি যোৱা৷ আউলী বাউলী চুলি, মলিয়ন ক’লা বৰণৰ গাটোৰে ছোৱালীজনী ওচৰেৰে গলেই উৎকট গোন্ধ এটিয়ে নাকতে আহি কোৱাই যায়৷ ছোৱালীজনীৰ তলপেটটো উখহি অহা, দেখিলেই এনে লাগে তাই যেন অন্ত: সত্বা৷ পিছে যোৱা প্ৰায় তিনিবছৰ ধৰি তাইক এই একে ৰূপতেই দেখি আহিছে সকলোৱে৷ প্ৰথমতে দুই একে অলপ সহানুভুতি দেখুৱাইছিল যদিও আজিকালি সকলোৱে তাইক দেখিলেই মুখ বিকটাই আঁতৰি যায়৷ এৰা তাই যে পাগলী! ! সকলোৱে তাইক এতিয়া পাগলী ৰাধা বুলিয়েই মাতে৷ ডাঙৰবোৰে ছেই ছেই কৰা দেখি সৰুবোৰেও তাইক জোকাই মেলি, খেদি কুৰি আমনি কৰে৷
: দেখিছিলি নেকি চাচা? ..টাউনৰ বাবুজীক দেখিছিলি?
দৌৰাদৌৰিকৈ আহি হ’লেও আৱেলি চাৰি বজাত ৰেলখন সোমোৱাৰ আগয়ে ৰাধা আহি ষ্টেচন নাপালেহি৷ কোনোমতে ফোপাই জোপাই আহি সেয়েহে তাই বুঢ়া চকিদাৰক কথাষাৰ সোধে৷
: নাই ৰে ৰাধা, আজিও নেদেখিলো ৰে তোৰ বাবুজীক৷ ৰহ মই কালি ৰাতিপুৱাৰ ৰেলখনত আৰু ভালকৈ বিচাৰিম৷
: কি ৰে চাচা তই সদায় মোক মিচা মাত’৷ আৰু বেচিদিন নাই ও৷ এইবাৰ জাৰ আহিলেই মোৰ কেচুৱাটো কোলালৈ আহিবই৷ টাউনৰ বাবু নহলে মোৰ যে কিমান অসুবিধা হ’ব৷ বাপেক নোহোৱা কেচুৱাটো মই অকলে কেনেকৈ ডাঙৰ কৰিম ক’?
বুঢ়া চকিদাৰ নিমাত হৈ ৰয়৷ আজি তিনিবছৰমান ধৰি তেওঁ একোবোৰ কথাকে শুনি আহিছে৷ বুঢ়া চকিদাৰে ভালকৈ জানে তাই কি বিচাৰি আহে, কি ক’লে তাই অলপ সময়ৰ বাবে হ’লেও শান্তি পাই আতৰি যায়৷ উত্তৰবিহীন ৰাধাৰ অৱাস্তৱ প্ৰশ্নবাণত আজিকালি তেও অভ্যষ্ট৷
: কালি মই আকৌ আহিম দেই চাচা৷ আহিব চাবি, টাউনৰ বাবু মোক নিবলৈ আহিবই৷
নিজকে কোৱাৰ দৰে কথাবোৰ কৈ কৈ ধুমুহাৰ গতিত আঁতৰি যোৱা ৰাধা এটা সময়ত বহল পথাৰখনৰ সিটো মুৰত হেৰাই যায়৷ বুঢ়া চকিদাৰে ৰাধা যোৱা বাটতোৰে কিছুসময়ৰ বাবে নিজৰ চকুহালকো দৌৰাই পঠি্য়াই৷
মনত পৰে, ৰাধাজনীক দেখিলেই বুঢ়া চকিদাৰটোৰ আজিৰ পৰা চাৰিবছৰমান আগৰ সেই ঘটনাটিলৈ মনত পৰে৷ কি যে অভিশপ্ত আছিল সেই দিনবোৰ৷ মৰনকাতৰ আৰ্তনাদত শিহৰিত হৈ উঠা সেই নিৰ্জন দুপৰীয়াটোৰ সাক্ষী যে আছিল তেওঁ আৰু তেওঁৰ সেই অকলশৰীয়া শুই থকা ষ্টেচনটো৷ সিদিনাও তেওঁ নিৰুপায় আছিল আজিৰ দৰেই, সিদিনাও তেওঁৰ ওচৰত একো উত্তৰ নাছিল ঠিক আজিৰ দৰেই৷
(আগলৈ)…

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments