অপেৰাগৃহৰ অপদেৱতা (অধ্যায় ২) (অনুবাদ : উদ্দীপ তালুকদাৰ)

———————————
ফৰাচী লেখক জেষ্ট‘ লেৰু (Gaston Leroux)ৰ ‘অপেৰাগৃহৰ অপদেৱতা‘ (ইংৰাজী: The Phantom of the Opera, ফৰাচী: Le Fantôme de l’Opéra) ধ্ৰুপদী ৰহস্য সাহিত্যৰ শাৰীত পৰে। ‘ল গঊলৱা‘ কাকতত ১৯০৯ চনৰ ২৩ ছেপ্তেম্বৰৰ পৰা ১৯১০ চনৰ ৮ জানুৱাৰীলৈকে ধাৰাবাহিকভাৱে প্ৰকাশিত হোৱা এই ৰহস্য উপন্যাসখনে যোৱা প্ৰায় একশতিকা জুৰি কেইবাখনে সফল চলচিত্ৰ, অপেৰা-সংগীতালেখ্য, নাটৰ মঞ্চায়নৰ ওপৰিও সাহিত্যৰ ক্ষেত্ৰতো অনুপ্ৰেৰণা যোগাই আহিছে। ১৯১৬ চনত প্ৰথম চিত্ৰায়ণ হোৱাৰে পৰা ২০১২ চনৰ জেফ মাৰ্টিনৰ ফেন্টম অব ডা পেলেছলৈকে এক সুদীৰ্ঘ পৰিক্ৰমা কৰা এই ৰহস্য উপন্যাসখন অসমীয়া ভাষালৈ অনুবাদ কৰি ধাৰাবাহিকভাৱে আগবঢ়োৱা হৈছে।

১৯১১ চনত Alexander Teixeira de Matto-এ কৰা ইংৰাজী অনুবাদৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছে উদ্দীপ তালুকদাৰে।

মূল ফৰাচী সংস্কৰণৰ লগত সলা-পৰামৰ্শ কৰিছে ভগৎ লাল দত্তই।
——————————————–

Chapter II: The New Margarita

অধ্যায় ২: নতুন গায়িকা

 

চিৰিৰ প্ৰথম ঢাপতে ছ’ৰেলীৰ মুখামুখি হ’ল ছান্যিৰ কাউণ্ট। তেখেত চিৰিৰে ওপৰলৈ উঠি আহি আছিল।

“আপোনাৰ ওচৰলৈ আহি আছিলো,” টুপিটো হাতত লৈ কাউণ্টে কৈ উঠিল। “ছ’ৰেলী, আজিৰ অনুষ্ঠান কেনে সুন্দৰ হৈছিল! আৰু ক্ৰিষ্টিন ডী! ৱাহ! কেনে সুন্দৰ গায়িকা!”

“হ’বই নোৱাৰে!” মেগ জিৰীয়ে কৈ উঠিল। “ছমাহ আগলৈ দেখোন তাই গান গালে ভেকুলীয়ে টোৰটোৰোৱা যেন লাগিছিল। মহাশয়, আমি অলপ খৰধৰ কৈ এফালে যাবলগীয়া আছে,” ছোৱালীজনীয়ে অলপ অসহিষ্ণু ভাৱেই ক’লে। “এইমাত্ৰ ডিঙিত ৰছী লগাই মৰা মানুহ এজনক চাবলৈ যাবলৈ ওলাইছোঁ।”

সেইফালেৰে পাৰ হৈ যাবলৈ ওলোৱা অভিনয় মেনেজাৰজনে শেষৰ কথাখিনি শুনি ৰৈ গ’ল।

“কি ক’লি!” তেওঁ খহটাকৈ কৈ উঠিল। “তহঁতৰ কাণত পৰিলেই নে? কিন্তু, আজিৰ কাৰণে তহঁতে কথাটো পাহৰি যাচোন—অন্তত: ম. ডেবিয়েন আৰু ম. পলিনীক শুনিবলৈ নিদিবি; অৱসৰৰ দিনটোত তেওঁলোকে এইবিলাক নুশুনাই ভাল।”

সকলোৱেই একেলগে অপেৰা হলৰ চ’ৰাঘৰত উপস্থিত হ’ল। মানুহ ইতিমধ্যে গোট খাবলৈ আৰম্ভ কৰিছিল। সেই সময়ৰ প্ৰায় সকলো নামজ্বলা সংগীতজ্ঞই সেইদিনাৰ অনুষ্ঠানত উপস্থিত আছিল। কিন্তু অইন নামী গায়ক-গায়িকাৰ মাজত সেইদিনা আটাইতকৈ বেছি উজলি উঠিছিল এগৰাকী অখ্যাত শিল্পী ক্ৰিষ্টীন ডী। ক্ৰিষ্টীন ডীৰ সেইনিশাৰ গায়কীয়ে দৰ্শক, পৰিচালক সকলোকে আচৰিত কৰি তুলিছিল। ক্ৰিষ্টীন ডীয়ে সেইদিনা ৰ’মিঅ’-জুলিয়েটৰ কিছু অংশৰে গাবলৈ আৰম্ভ কৰিছিল। তেওঁৰ কণ্ঠই যেন মধু বৰষিছিল। কিন্তু ফাউষ্টৰ শেষাংশৰ বন্দীশালৰ গানকেইটা গোৱাৰ সময়ত ক্ৰিষ্টীন ডীয়ে যেন অপাৰ্থিৱ কিহবাৰ শক্তি পাইছিল। অৱশ্যে সেই অংশটো তেওঁ গাবলৈ পাইছিল মুখ্য গায়িকা লা চাৰ্লটৰ অসুস্থতাৰ বাবেহে।

ডীয়ে সেইৰাতিয়ে এগৰাকী নতুন গায়িকাৰ প্ৰতিভাৰ চমকনি দেখুৱাইছিল। অপেৰাৰ সমূহ দৰ্শকে আনন্দত কিৰীলি পাৰি, থিয় হৈ এই নতুন প্ৰতিভাক সন্মান জনাইছিল। ৰাইজৰ এই মৰমত অভিভূত হৈ ক্ৰিষ্টীন ডীয়ে থিৰ হৈ থাকিব পৰা নাছিল। তেওঁ সংজ্ঞা হেৰুৱাই সহযোগীৰ গাতে ঢলি পৰিছিল। তেওঁক ডাং-কোলাকৈ নিজৰ কোঠালৈ লৈ অনা হৈছিল। বহুতে আকৌ ইমানদিনে এইগৰাকী প্ৰতিভাবান গায়িকাক গাবলৈ সুযোগ নিদিয়াৰ বাবে অপেৰা কৰ্তৃপক্ষক সমালোচনা কৰিছিল। ইয়াৰ আগলৈ চাৰ্লোটাৰ লগত সংগী হিচাপেহে ক্ৰিষ্টীনে গাই আহিছিল। আজি হঠাতে চাৰ্লোটা অনুপস্থিত হোৱা বাবেহে ক্ৰিষ্টীনে নিজৰ প্ৰতিভা দেখুৱাবলৈ সক্ষম হ’ল। বহুতে আকৌ জানিব বিচাৰিছিল ম. ডেবিয়েন আৰু ম. পলিনীয়ে ক্ৰিষ্টীনৰ দক্ষতা আগতেই জানিছিল নেকি? সেইবাবেই চাৰ্লোটাৰ অসুখৰ দিনাই ক্ৰিষ্টীনক গাবলৈ সুযোগ দিয়া হ’ল। পিছে যদি তেওঁলোকে জানিছিলেই তেন্তে আগেয়ে নিদিলে কিয়? তাই নিজেও নো ইমানদিনে কিয় নিজৰ পূৰ্ণ ক্ষমতা প্ৰকাশ কৰা নাছিল। ক্ৰিষ্টীনে হেনো প্ৰায়েই কৈছিল তাই হেনো ভাল গায়িকা হ’বলৈ অকলেই ৰেৱাজ চলাই আছে। মুঠতে কথাবিলাক কোনেও একো জনা নাছিল।

ছান্যিৰ কাউণ্টেও নিজৰ আসনত থিয় হৈ এই গৰাকী ন-প্ৰতিভাৰ সাফল্যক অভিনন্দন জনোৱাত কাৰ্পন্য কৰা নাছিল। ছান্যিৰ সুদৰ্শন আৰু সম্ভ্ৰান্ত এই কাউণ্টৰ নাম আছিল ফিলিপ জৰ্জেছ মাৰী। তেখেতৰ বয়স একচল্লিছ বছৰ। মহিলাৰ লগত সদালাপী এই মানুহজনক পুৰুষসকলে তেখেতৰ সাফল্যৰ বাবে কিছু ঈৰ্ষাৰ চকুৰে চাইছিল। বৰজনা কাউণ্টৰ মৃত্যুৰ পাছত ফিলিপে ছান্যিৰৰ সুবিশাল ভূমিৰ কাম-কাজ চলাবলৈ বেছ অসুবিধা বোধ কৰিছিল। তেওঁ আনকি নিজৰ দুই ভনীয়েক আৰু সৰু ভায়েকৰ নামত সম্পত্তি ভাগ কৰি দিবলৈ বিচাৰিছিল। কিন্তু এজনেও নিজৰ নামত সম্পত্তিৰ ভাগ ল’বলৈ মান্তি নহ’ল। গতিকে সমগ্ৰ সম্পত্তিৰ ভাৰ তেওঁৰ হাততে থাকিল। দুই ভনীয়েকৰ বিয়াৰ সময়ত দুয়োৰে বিয়াৰ যৌতুক স্বৰূপে তেওঁ সিহঁতৰ সম্পত্তি সিহঁতৰ হাতত গতাই দিছিল।

কাউণ্ট ফিলিপৰ ভাতৃ ৰাওলৰ জন্মৰ সময়ত তেওঁলোকৰ মাকৰ মৃত্যু হৈছিল। দেউতাকৰ মৃত্যুৰ সময়ত ৰাওল আছিল বাৰ বছৰীয়া। ৰাওলৰ পঢ়া-শুনাৰ ভাৰ লৈছিল ককায়েকেই। ৰাওলে নৌ-সেনাৰপৰা অৱসৰপ্ৰাপ্ত সম্বন্ধীয় খুৰাক এজনৰ লগত কিছু বছৰ থাকি সমুদ্ৰৰ জীৱনলৈ আকৃষ্ট হৈছিল। পঢ়া সাং কৰিয়েই সেয়ে তেওঁ বৰ্ডা নামৰ এখন জাহাজত কাম শিকে। পাছলৈ সাগৰেৰে সমগ্ৰ পৃথিৱী ভ্ৰমন কৰে। নাম থকা বংশৰ হোৱা হেতুকে তেওঁ দক্ষিণ সাগৰলৈ যাবলগীয়া এক অভিযানত যোগদান কৰিবলৈও সুবিধা পাইছিল। এই অভিযানত ৰেকিন নামৰ জাহাজখনে আগতে হেৰাই যোৱা ডি’আৰ্টই নামৰ জাহাজ এখন বিচাৰি উলিওৱাৰ কথা আছিল। এই অভিযানলৈ যোৱাৰ আগৰ ছমাহ তেওঁ পেৰিছত কটাইছিল। পেৰিছৰ মহিলামহলত ইতিমধ্যেই সুদৰ্শন এই যুৱকৰ বিষয়ে চৰ্চা আৰম্ভ হৈছিল। প্ৰায় সকলো মহিলায়েই এই কম বয়সীয়া ডেকাজনে বিপদশংকুল এই অভিযানলৈ যাবলৈ ওলোৱা দেখি দুখ পাইছিল।

অভিযানলৈ যাবলৈ ওলোৱা এই নাবিকজনৰ লাজটো কিন্তু চাবলগীয়া। দুই বায়েক আৰু বুঢ়ী খুৰীয়েকে তেওঁক বাৰুকৈয়ে আঁচলত বান্ধি ৰাখিছিল। সেই বাবেই তেখেতৰ স্বভাৱ-চৰিত্ৰ নাবিকসুলভ ৰুক্ষতাতকৈ কোমলমতীয়া এক শিশুৰ দৰেহে আছিল। তেওঁৰ বয়স হৈছিল একৈছ বছৰ। নীলা চকু দুটা আছিল সুগভীৰ আৰু গাৰ বৰণো আছিল ছোৱালীৰ দৰেই গাখীৰ-বগা। তেওঁ অকণমানি মোচ একোছাও ৰাখিছিল।

ককায়েকে ফিলিপেও ৰাওলক বৰ মৰম কৰিছিল। জাহাজত কাম কৰিবলৈ আৰম্ভ কৰাৰ বাবে ফিলিপে আৰু বেছি ৰং পাইছিল। আশা কৰিছিল তেওঁলোকৰ পূৰ্বপুৰুষ লা ৰ’চে-ৰ দৰেই ৰাওলো নৌ-সেনাৰ ডাঙৰ পদবীত থাকিব। সেয়ে এই ছমাহ তেওঁ নিজেই ভায়েকক লগত লৈ পেৰিছ ফুৰাইছিল। পেৰিছৰ সুসমৃদ্ধ কলাত্মক জগতখনৰ লগত চিনাকি কৰাই দিবলৈ ভায়েকক তেওঁ সদায় নিজৰ লগতে লৈ গৈছিল। অপেৰা হলৰ নিজৰ চিনাকি বৰ্গৰ লগতো তেওঁ ৰাওলক পৰিচয় কৰাই দিছিল। মানুহে বু-বা কৰিছিল যে ডাঙৰজনা কাউণ্ট ফিলিপৰ লগত অপেৰাৰ মুখ্য নৰ্তকী লা ছ’ৰেলীৰ ভাল সম্পৰ্ক এটা আৰম্ভ হৈছে। কিন্তু তাৰ বাবে ফিলিপক দোষ দিবলগীয়া বিশেষ নাছিল। দুই ভনীয়েকক বিয়া পাতি দিয়াৰ লগতে, সৰু ভায়েকৰো পঢ়া-শুনাৰ দায়িত্ব শেষ কৰাৰ পাছত ফিলিপে নিজৰ বাবে কিছু সময় দিয়াত আপত্তি কৰিবলগীয়া একো নাছিল। লা ছ’ৰেলী বুদ্ধিমতী মহিলা নাছিল যদিও তেখেতৰ চকু দুটা আছিল বৰ ধুনীয়া। সান্ধ্য আহাৰৰ পাছত কিছু পৰ কটাবলৈ তেওঁ বৰ ভাল সংগী আছিল বুলি তেখেতৰ শত্ৰুৱেও মানি ল’ব।

অৱশ্যে সেইদিনা ফিলিপে অনুষ্ঠানৰ শেষত ৰাওলক অপেৰাৰ ভিতৰলৈ লৈ যোৱাৰ আন কাৰণো আছিল। ক্ৰিষ্টীন ডীৰ গান শেষ হোৱাৰ পাছত সকলোৱেই যেতিয়া থিয় হৈ অভিনন্দন জনাইছিল, তেতিয়াই ফিলিপে ঘূৰি চাই দেখিছিল যে ভায়েক ৰাওলো শেঁতা পৰি গৈছে।

“ছোৱালীজনী দেখোন পৰি যাবলৈ ওলাইছে,” ৰাওলে কৈছিল।

“তোৰ কি হ’ল আকৌ? তই নিজেও দেখোন পৰি যাম পৰি যাম কৰিছ?”

ৰাওল ঘপৰাই থিয় হৈছিল।

“ব’লাচোন চাই আহোঁ,” ৰাওলে কৈছিল, “তাই এনে ধৰণে কেতিয়াও আগতে গোৱা নাই।”

ফিলিপে ভায়েকলৈ চাই মুখৰ ভিতৰতে এবাৰ হাঁহিলে। দুয়ো আহি মঞ্চলৈ যোৱা দুৱাৰখনৰ ওচৰ পালেহি। ভিতৰৰ মানুহ ওলাই আহি থকাৰ বাবে দুয়ো অলপ ৰ’বলগীয়া হ’ল। সেইখিনি সময়তে অধৈৰ্য হৈ ৰাওলে নিজৰ হাতমোজাজোৰ খুলি ল’লে। ফিলিপে কাণ্ড দেখি নেহাঁহি নোৱাৰিলে। তেওঁ এতিয়াহে বুজিলে আজি কিছুদিনৰপৰা কিয় ভায়েকক অমনোযোগী দেখাইছে, আৰু কিয় সি বাৰে বাৰে অপেৰাৰ কথাহে উলিয়ায়।

অৱশেষত দুয়ো আহি মঞ্চত উপস্থিত হ’ল। মঞ্চৰ ওপৰতো সৰু-সুৰা ভীৰ এটা হৈছিল। তাৰ মাজেৰে বাট উলিয়াই যাবলৈ অসুবিধা হৈছিল। কিন্তু ৰাওলে ভীৰ ঠেলি আগুৱাই গ’ল। ফিলিপে কোনোমতেহে ৰাওলক অনুসৰণ কৰি থাকিল। মঞ্চৰপৰা নামি অপেৰাৰ ভিতৰলৈ যোৱা দুৱাৰখনৰ মুখতো বেলে নচা ছোৱালীকেইজনীয়ে ভীৰ কৰিছিল। দুই ভাতৃয়ে সেই ভীৰো ঠেলি ভিতৰলৈ সোমাই গ’ল। তাৰপৰা আধা আন্ধাৰ ক’ৰিডৰ এটাৰে ক্ৰিষ্টীন ডীৰ নাম লৈ ৰাওল সোমাই গ’ল। ফিলিপ অলপ আচৰিত হ’ল। সেই ক’ৰিডৰটো তেৱোঁ আনকি আগতে দেখা নাই। ৰাওল নিশ্চয় আগেয়েও সেইফালেৰে গৈ পাইছে। সম্ভৱত: তেওঁ আৰু ছ’ৰেলীয়ে কথাত মচগুল থকাৰ সময়তে ভায়েকে ইফাল-সিফাল ফুৰিছিল।

ফিলিপেও ভায়েকক অনুসৰণ কৰি সেইফালে আগবাঢ়িল। তেওঁ আহি উপস্থিত হ’ল ক্ৰিষ্টীন ডীৰ ড্ৰেছিং-কোঠাত। সৰু ঘোপমৰা কোঠাটো সেইদিনা মানুহেৰে ভৰি আছিল। অপেৰাৰ ডাক্তৰে আহি ছোৱালীজনীক চাইছিল। তাইৰ জ্ঞান তেতিয়াও ঘূৰি অহা নাছিল। ৰাওলে ক্ৰিষ্টীনক সাৱটি ধৰিলে। ডাক্তৰৰ পৰিচৰ্যাত তাইৰ জ্ঞান আহিল আৰু জ্ঞান ফিৰাই পায়েই তাই নিজকে ৰাওলৰ বুকুৰ মাজত আৱিষ্কাৰ কৰিলে। ডাঙৰজন কাউণ্ট আৰু বহুতো মানুহ দুৱাৰমুখতে থিয় দি ৰ’ল।

“ডাক্তৰ, ৰৈ থকা মানুহখিনি আঁতৰাই দিয়া ভাল হ’ব নেকি? উশাহ ল’বলৈ অলপ মুকলি বতাহ পোৱা যাব।” ৰাওলে ক’লে।

“নিশ্চয়,” ডাক্তৰেও হয়ভৰ দিলে।

মানুহখিনি আঁতৰোৱাত ৰাওলে নিজেই আগভাগ ল’লে। অলপ পাছতে কোঠাটোত ডাক্তৰ আৰু ক্ৰিষ্টীনৰ বাহিৰে অকল ৰাওল আৰু ক্ৰিষ্টীনৰ লিগিৰীজনীহে ৰ’লগৈ। লিগিৰীজনীয়ে তধা লাগি ৰাওলৰ ফালে চাই আছিল। তাই আগতে কেতিয়াও এই্ ডেকাজনক দেখা নাছিল। কিন্তু তেওঁ যিদৰে দায়িত্ব লৈ কাম কৰিছিল, আনকি ডাক্তৰেও ভাবিছিল তেওঁ ক্ৰিষ্টীনৰ চিনাকি কোনোবা। দুৱাৰখন বন্ধ কৰি দি তেওঁলোকে ছোৱালীজনীৰ জ্ঞান অহালৈ অপেক্ষা কৰি আছিল। ৰাওলে আনকি ক্ৰিষ্টীনৰ খবৰ ল’বলৈ অহা অপেৰাৰ দুই মেনেজাৰকো ভিতৰ সোমাবলৈ নিদিলে। বাহিৰত ৰৈ কাউণ্টে নিজৰ মনতে হাঁহি উঠিল:

“অহ্! কি বদ্‌মাচ! কি বদ্‌মাচ!” মুখৰ ভিতৰতে তেওঁ কৈ উঠিল: “আজিকালিৰ ডেকাৰ কি দেমাকী! যিয়েই নহওক, তাৰ গাতো দেখিছোঁ ছান্যিৰ তেজ বাৰুকৈয়ে আছে!” এইবুলি তেওঁ ছ’ৰেলীৰ কোঠালৈ যাবলৈ ওলাইছিল। কিন্তু আহোঁতেই বাটতে ছ’ৰেলী আৰু ছোৱালীকেইজনীৰে তেওঁৰ দেখা হ’ল।
আনফালে এটা দীঘল উশাহ লৈ ক্ৰিষ্টীন সাৰ পালে। সাৰ পায়েই প্ৰথমে ৰাওলক দেখি সচকিত হ’ল। তাৰ পাছত ডাক্তৰৰ ফালে চাই হাঁহিলে আৰু ৰাওলৰ ফালে আকৌ ঘূৰি চালে।

“মশ্চিউ,” ক্ৰিষ্টীনৰ মাতটো কোনোমতেহে ওলাইছিল, “মই আপোনাক চিনিব পৰা নাই।”

“মেডমোৱাজেল,” ছোৱালীজনীৰ সন্মুখত আঁঠু লৈ তাইৰ হাতত এটা চুমা দি ৰাওলে ক’লে, “মই সেই সৰু ল’ৰাটো, যিয়ে আপোনাৰ উটি যোৱা স্কাৰ্ফখন আনিবলৈ সাগৰত জাঁপ দিছিল।”
একো বুজিব নোৱাৰি ক্ৰীষ্টিনে ডাক্তৰ আৰু লিগিৰীজনীলৈ চালে; তিনিও হাঁহি উঠিল।
ৰাওল লাজত ৰঙা পৰিল। তেওঁ থিয় হ’ল আৰু ক’লে, “আপুনি যিহেতু মোক চিনিব পৰা নাই, সেয়ে একান্তভাৱে আপোনাক কথা এষাৰ ক’ব খোজো, বৰ জৰুৰী কথা এষাৰ।”

“আগতে অলপ ভাল পাই লওঁ, তাৰ পাছত কথা পাতিম, নহ’ব জানো। আপোনাৰ সহানুভূতিৰ বাবে অলেখ ধন্যবাদ।”

“তেওঁ ঠিকেই কৈছে,” মিঠাকৈ হাঁহি ডাক্তৰে ক’লে, “তেখেতক এতিয়া অলপ চিকিৎসাৰ প্ৰয়োজন। আপুনি পাছত লগ ধৰাই ভাল হ’ব।”

“মই এতিয়া ভাল পাইছোঁ,” ক্ৰীষ্টিনে বেছ টানকৈ কৈ উঠিল। ছোৱালীজনীৰ সৱল কণ্ঠ শুনি ডাক্তৰো আচৰিত হৈছিল।

“ডাক্তৰ, আপোনাক বহুত ধন্যবাদ। কিন্তু মই অকলেই পাৰিম। আপোনালোকে আটায়ে মোক অকলে এৰি দিয়াই ভাল হ’ব। মই বৰ অস্থিৰ অনুভৱ কৰিছোঁ।”
ডাক্তৰে কিবা এটা ক’ব খুজিছিল, কিন্তু ছোৱালীজনী বিৰক্ত হোৱালৈ লক্ষ্য কৰি তেওঁ নিমাতে ওলাই গ’ল। বাহিৰত ৰৈ থকা ৰাওলক তেওঁ ক’লেঃ “ছোৱালীজনীয়ে আজি অলপ আচৰিত ব্যৱহাৰ দেখুৱাইছে। এনেয়ে তেওঁ সদায় নম্ৰ আৰু বিনীত।”

শুভ সন্ধা জনাই ডাক্তৰ গ’লগৈ। ৰাওলে অকলেই ৰৈ থাকিল। অপেৰাৰ এই অংশটোত আৰু কোনো নাছিল। তলৰ চ’ৰাঘৰ বিদায় উৎসৱ আৰম্ভ হৈছিল। ৰাওলে আশা কৰিছিল ক্ৰীষ্টিন তালৈ নিশ্চয় যাব। সেয়ে তেওঁ তাতে অপেক্ষা কৰি ৰ’ল। ক’ৰিডৰৰ আন্ধাৰ অংশ এটাত তেওঁ যেন নিজকে লুকাই ৰাখিব বিচাৰিলে। তেওঁৰ অন্তৰখন শেলে বিন্ধা দিছিল। ক্ৰীষ্টিন ডীৰ লগত তেওঁ যিমান পাৰি সোনকালে কথা পাতিবলৈ বিচাৰিছিল।

অলপ পাছতে কোঠাটোৰ দুৱাৰ খোল খালে আৰু লিগিৰীজনী ওলাই আছিল। ৰাওলে লিগিৰীজনীকে সুধিলে ক্ৰীষ্টিন কেনে আছে। লিগিৰীজনীয়ে হাঁহি এটাৰে উত্তৰ দিলে যে এতিয়া তেওঁ সম্পূৰ্ণ সুষ্ঠ। কিন্তু কোনেও আমনি কৰাটো বিচৰা নাই। ৰাওলে সৰলমনে ভাবি ল’লে ক্ৰীষ্টিনে নিশ্চয় তেখেতক সময় দিয়াৰ বাবেই অকলে থাকিবলৈ বিচাৰিছে। যাতে তেখেতৰ কথাখিনি নিৰলে শুনিব পাৰে। দুৰু দুৰু বুকুৰে তেওঁ কোঠাটোৰ দুৱাৰমুখলৈ আহিল। দুৱাৰত টুকুৰিয়াবলৈ উদ্যত হৈও তেওঁ ৰৈ গ’ল। কোঠাটোৰ ভিতৰৰপৰা এটা পুৰুষ কণ্ঠৰ মাত ভাঁহি আহিছিল। কৰ্তৃত্বশালী পুৰুষ কণ্ঠ এটা:

“ক্ৰীষ্টিন, তুমি মোক ভাল পোৱা উচিত।”

তাৰপাছতে শুনা গ’ল ক্ৰীষ্টিনৰ মাত। মাতটো দুখ আৰু শংকাত কঁপি উঠিছিল,

“আপুনি তেনে কথা কিয় কৈছে? মই যেতিয়া গাওঁ আপোনাৰ বাবেই!”

সোপা মাৰি ধৰা বুকুখন থিৰে ৰাখিব নোৱাৰি ৰাওল বেৰত আঁউজি থিয় হ’ল। তেওঁৰ কলিজাটো ধান বনাৰ দৰে বানিবলৈ লাগিছিল। তেওঁৰ ধপধপনিৰ শব্দ যেন ক’ৰিডৰটোত প্ৰতিধ্বনিত হ’বলৈ আৰম্ভ কৰিছিল। তেওঁৰ ভয় হৈছিল ক্ৰীষ্টিনৰ কোঠাৰ ভিতৰৰপৰাও সেই শব্দ শুনা গৈছে কিজানি। তেওঁলোকে যদি দুৱাৰখন খুলি দেখা পায় ৰাওল দুৱাৰত ভেঁজা দি কথা শুনাৰ চেষ্টা কৰি আছে! তেন্তে ছান্যিৰ সন্মানীয় বংশৰ মান ক’ত ৰ’বগৈ! তেওঁ নিজৰ বুকুত হেঁচা মাৰি ধৰিলে।

আকৌ মানুহজনৰ কথা শুনা গ’লঃ “তোমাৰ বৰ ভাগৰ লাগিছে নেকি?”
“ভাগৰ! আজি মই আত্মাটোকে উলিয়াই আপোনাক দিলো। এতিয়া মই মৃত!” ক্ৰীষ্টিনে উত্তৰ দিলে।
“তোমাৰ আত্মাটো বৰ মোহনীয়। সেইটোৰ বাবে ধন্যবাদ। কোনো সম্ৰাটেও এনে উপহাৰ পোৱা নাই আজিলৈ। আজি ৰাতি দেৱদূতেও চকুপানী টুকিব।” মানুহজনৰ গহীন কণ্ঠ পুনৰাই শুনা গ’ল।

ইয়াৰ পাছত সকলো নিজম পৰিল। তাৰপৰা গুচি যাবলৈ ৰাওলৰ সাহস নহ’ল। তেওঁ আকৌ আন্ধাৰ চুকটোলৈ আহি অপেক্ষা কৰি ৰ’ল। অপেক্ষা কৰি ৰ’ল মানুহজন ওলাই অহালৈ। একে সময়তে প্ৰেম আৰু ঘৃণাৰ এক অদ্ভুত অনুভূতিয়ে তেওঁৰ মনত ক্ৰিয়া কৰি আছিল। তেওঁ জানিছিল তেওঁৰ প্ৰেমৰ পাত্ৰী কোন। কিন্তু তেওঁৰ ঘৃণাৰ পাত্ৰ সেই পুৰুষজনক চাবলৈ তেওঁৰ প্ৰৱল ইচ্ছা হৈছিল। কিছু সময় পাছত দুৱাৰখন খোল খালে। কিন্তু ৰাওলক অবাক কৰি কোঠাৰপৰা ওলাই আহিল ক্ৰীষ্টিন ডী অকলেই। নোমৰ সাঁজ গাত মেৰিয়াই, মুখখন পাতল সূতাৰ ওৰণিৰে ঢাকি ক্ৰীষ্টিন ডী বাহিৰলৈ আহিছিল। তাই দুৱাৰখন বন্ধ কৰিলে। কিন্তু তলাটো নামাৰিলে। ৰাওলক নেদেখাকৈয়ে তাই আগবাঢ়ি গ’ল। ৰাওল নিজৰ স্থানতে ৰৈ দুৱাৰত চকু দি ৰৈ থাকিল। কিন্তু কাকো ওলাই অহা দেখা নগ’ল।
কিছু সময় পাছত ৰাওলে নিজেই দুৱাৰখন খুলি কোঠাটোলৈ সোমাই গ’ল। কোঠাটো অন্ধকাৰ হৈ আছিল। গেছৰ চাকিটো নুমুৱাই থোৱা হৈছিল।

“কোনোবা আছে ইয়াত!” ৰাওলে নিজকে ক’লে, দুৱাৰখনত ভেঁজা দি কঁপা মাতেৰে কৈ উঠিল, “কোন আছে ইয়াত? লুকাই আছে কিয়?”

কিন্তু অন্ধকাৰ আৰু নিস্তব্ধতাৰ বাহিৰে আন একোৰে অস্তিত্ব পোৱা নগ’ল। ৰাওলৰ উশাহৰ শব্দই কোঠাটোত প্ৰতিধ্বনি হৈছিল। এই চালুকীয়া কামটো আনৰ চকুত পৰিলে তেওঁলোকে কি ভাবিব এনেবোৰ কথা ৰাওলৰ মনলৈ অহা নাছিল।

“যিয়েই নহওক, মোক এৰাই ইয়াৰপৰা ওলাই যাব নোৱাৰিব!” তেওঁ ডাঙৰকৈ ক’লে, “কাপুৰুষৰ দৰে লুকাই আছে কিয়! মাত দিয়ক!”

এইবাৰ ৰাওলে জেপৰপৰা জুইশলা কাঠী এডাল উলিয়াই জ্বলাই ল’লে। খীণ পোহৰে কোঠাটো উজলাই তুলিলে। কিন্তু কোঠাটোত কাকো দেখা পোৱা নগ’ল। ৰাওলে প্ৰথমে দুৱাৰৰ তলাটো বন্ধ কৰিলে আৰু গেছৰ চাকিকেইটা জ্বলাই দিলে। কোঠাটোৰ আলমাৰী খুলি চালে। আনকি দেৱালকেইখনো খেপিয়াই চালে। কিন্তু কোনো নাছিল।

“ইয়াত দেখোন কোনো নাই!” তেওঁ নিজেই কৈ উঠিল, “মই বলিয়া হ’লো নেকি?”
প্ৰায় দহমিনিট তেওঁ কোঠাটোৰ নিস্তব্ধতাকে চাই ৰ’ল। তাৰ পাছত কি কৰিব বুজিব নোৱাৰি কোঠাটোৰপৰা ওলাই আগবাঢ়ি গ’ল। ক’লৈ গৈ আছিল সেয়া তেওঁৰ খেয়াল নাছিল। তেওঁ নিজকে আৱিষ্কাৰ কৰিলে এটা চিৰিৰ একেবাৰে শেষৰ ঢাপটোত। কেইজনমান মানুহে চাঙী এখনত মানুহ এজনক তুলি লৈ আহি আছিল। মানুহজনৰ দেহটো আছিল বগা কাপোৰ এখনেৰে ঢকা। “বাহিৰলৈ যোৱাৰ ৰাস্তা কেনি?” ৰাওলে মানুহকেইজনক ৰখাই সুধিলে।

“সন্মুখৰ দুৱাৰখনেৰে ওলাই গ’লেই বাহিৰলৈ যোৱাৰ ৰাস্তাটো পাব। দুৱাৰখন খোলাই আছে। আমাক আগতে পাৰ হৈ যাবলৈ দিয়ক।”

চাঙীখনলৈ আঙুলিয়াই ৰাওলে সুধিলেঃ “কোন সেয়া?”
এজনে উত্তৰ দিলে, “তেওঁৰ নামটো জোছেফ ব্যুকেট। তিনি নম্বৰ কুঠৰীটোত এইমাত্ৰ ডিঙিত ফাঁচ লগা অৱস্থাত পোৱা গৈছে।”

ৰাওলে মূৰৰ টুপীটো খুলি এফালে ৰৈ দিলে। সমদলটো পাৰ হৈ গ’ল।  (ক্ৰমশঃ)

টোকা-
Foyer : (ফ’য়ে) অপেৰাগৃহৰ আহল বহল চ’ৰাঘৰ
Mademoiselle :  (মেডমোৱাজেল) অবিবাহিতা মহিলাৰ ফৰাচী সম্বোধন (ইংৰাজী Missৰ সমাৰ্থক), অসমীয়াত ‘আইদেউ’ বুলিব পাৰি।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments