অপেৰাগৃহৰ অপদেৱতা

———————————
ফৰাচী লেখক জেষ্টলেৰু (Gaston Leroux)অপেৰাগৃহৰ অপদেৱতা‘ (ইংৰাজী: The Phantom of the Opera, ফৰাচী: Le Fantôme de l’Opéra) ধ্ৰুপদী ৰহস্য সাহিত্যৰ শাৰীত পৰে। ল গঊলৱাকাকতত ১৯০৯ চনৰ ২৩ ছেপ্তেম্বৰৰ পৰা ১৯১০ চনৰ ৮ জানুৱাৰীলৈকে ধাৰাবাহিকভাৱে প্ৰকাশিত হোৱা এই ৰহস্য উপন্যাসখনে যোৱা প্ৰায় একশতিকা জুৰি কেইবাখনে সফল চলচিত্ৰ, অপেৰাসংগীতালেখ্য, নাটৰ মঞ্চায়নৰ ওপৰিও সাহিত্যৰ ক্ষেত্ৰতো অনুপ্ৰেৰণা যোগাই আহিছে। ১৯১৬ চনত প্ৰথম চিত্ৰায়ণ হোৱাৰে পৰা ২০১২ চনৰ জেফ মাৰ্টিনৰ ফেন্টম অব ডা পেলেছলৈকে এক সুদীৰ্ঘ পৰিক্ৰমা কৰা এই ৰহস্য উপন্যাসখন অসমীয়া ভাষালৈ অনুবাদ কৰি ধাৰাবাহিকভাৱে আগবঢ়োৱা হৈছে।


১৯১১ চনত Alexander Teixeira de Matto-এ কৰা ইংৰাজী অনুবাদৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছে উদ্দীপ তালুকদাৰে।

মূল ফৰাচী সংস্কৰণৰ লগত সলাপৰামৰ্শ কৰিছে ভগৎ লাল দত্তই।
——————————————–

প্ৰস্তাৱনা

(এই অংশত পঢ়ুৱৈৰ বাবে লিখকে উল্লেখ কৰিছে এই অসাধাৰণ ঘটনাত অপদেৱতাৰ উপস্থিতিৰ বিষয়ে তেখেত কৰপৰা কেনেকৈ নিশ্চিত তথ্য লাভ কৰিছিল)

অপেৰা গৃহৰ অপদেৱতাজন সঁচাকৈয়ে আছিল। বহুতে ভাবিছিল তেখেতৰ অস্তিত্ব শিল্পীৰ কল্পনা, মেনেজাৰ কেইজনৰ অন্ধবিশ্বাস, বা কোমলমতীয়া ছোৱালী কেইজনী, সিহঁতৰ মাক, অপেৰাগৃহটোত লাচনিপাচনি কাম কৰা কেইজনমানৰ অনুৰ্বৰ মস্তিষ্কত জন্ম হোৱা এটা ভ্ৰান্ত ধাৰণা বুলি। কিন্তু নহয়, সঁচাকৈয়ে তেখেত আছিল। তেজমঙহৰ মানুহ এজনৰ দৰেই বাস্তৱ আছিল তেখেতৰ অস্তিত্ব, অৱশ্যে তেখেত দৃশ্যমান হৈছিল এক অশৰীৰিৰ দৰেই, এটা ছায়াৰ দৰে।

মই ৰাষ্ট্ৰীয় সংগীত একাডেমিৰ কাগজপাতি খুঁচৰি ফুৰোঁতে আচৰিত হৈ লক্ষ্য কৰিছিলো যে অপেৰা গৃহৰ অপদেৱতাৰ কাণ্ড বুলি উল্লেখ থকা ঘটনাসমূহৰ লগত পেৰিছৰ অভিজাত মহলত ঘটা এটা শোকাবহ ঘটনাৰ এক সম্পৰ্ক আছে। তেতিয়াই ভাৱ হৈছিল দুখদায়ক এই ঘটনাটোৰ বাখ্যা অপেৰাৰ এই অশৰীৰিৰ দ্বাৰাই দিব পাৰি। ঘটনাবোৰ বেছি পুৰণি হোৱা নাই, অতি বেছি ত্ৰিছটা বছৰ। সেয়ে ঘটনাবোৰৰ চাক্ষুস বিৱৰণ দিব পৰা মানুহবোৰ এতিয়াও হেৰাই যোৱা নাই। তাৰে কেবাজনো এতিয়া সন্মানীয় আৰু সম্ভ্ৰান্ত ব্যক্তি, তেওঁলোকৰ কথা উৰুৱাই দিব নোৱাৰি। তেওঁলোকে কালিৰ ঘটনাৰ দৰেই বৰ্ণনা দিব পাৰিব সেই শোকাৱহ ঘটনালানিৰ—ক্ৰিষ্টিন ডীৰ অপহৰণ, ছান্যিৰ ভিকওন্টৰ অন্তৰ্ধান, ভিকওন্টৰ জেষ্ঠ্য ভাতৃ কওন্ট ফিলিপৰ শৱ অপেৰা গৃহৰ সংলগ্ন হ্ৰদৰ দাঁতিত আৱিষ্কাৰ হোৱা ইত্যদি নানান ঘটনাৰ। অৱশ্যে কোনো এজন সাক্ষীয়েই সৌ সিদিনালৈ বুজা নাছিল যে এই দুখদায়ক ঘটনাৱলীৰ সংযোগ আছে অপেৰা গৃহৰ অপদেৱতাৰ লগত।

ময়ো কথাবিলাক লাহেধীৰেহে বুজিবলৈ আৰম্ভ কৰিছিলো। কিছুমান ঘটনা প্ৰথমতে অতিপ্ৰাকৃত যেনেই লাগিছিল, এবাৰ মই এই অনুসন্ধান বাদেই দিবলৈ ওলাইছিলো। অনুসন্ধানত ওলাই পৰা ঘটনাৱলীৰ চাকনৈয়াত সোমাই মই উৱাদিহ নোপোৱা হৈছিলো। মই যেন এই ধূসৰ ছবি এখনৰ পাছ খেদি ফুৰিছোঁ। পাছলৈ বুজিছিলো যে মোৰ কল্পনা শক্তিয়ে মোক আভুৱা ভৰা নাছিল। অৱশেষত নিশ্চিত প্ৰমাণেৰে কব পৰা হলো যে অপেৰা গৃহৰ অপদেৱতা এক ধূসৰ ছায়া মাত্ৰ নাছিল।

সেইদিনা পুথিভঁৰালৰপৰা নিৰাশ হৈয়েই ওলাই আহিছিলো। ছিৰিত ৰৈ আছিল একাডেমিৰ অভিনয়ব্যৱস্থাপকজন। এজন সৰুফুটীয়া বৃদ্ধৰ লগত তেওঁ কথা পাতি আছিল। বৃদ্ধৰ লগত মোকো চিনাকি কৰি দিলে। অভিনয় ব্যৱস্থাপকজনে মোৰ অনুসন্ধানৰ কথা ভালকৈয়ে জানিছিল। ছেগ্‌নিৰ হত্যাৰ মোকৰ্দমাৰ বিচাৰকজনক যে মই ইমানদিনে বিচাৰি উলিয়াব পৰা নাই সেই কথাও তেওঁ জানিছিল। বিচাৰকজনৰ নাম আছিল মশ্চিউ ফউখ। মানুহজন পাছত কলৈ গ, আনকি তেওঁ জীৱিত নে মৃত সেইখিনিও মই জানিব পৰা নাছিলো। কথা পাতি থকা বৃদ্ধজনেই হেনো মশ্চিউ ফউখ। পোন্ধৰ বছৰ কানাডাত কটাই এতিয়া উভতি আহিছে। আহিয়েই তেওঁ অপেৰাৰ সচিবৰ কাৰ্যালয়লৈ আহিছে। উদ্দেশ্য বিনামূলীয়া আসন এখন যোগাৰ কৰা।

সন্ধিয়াটো মই মানুহজনৰ লগতে কটালো বুলিব পাৰি। তেখেতে নিজস্ব দৃষ্টিভংগীৰ ছান্যিৰ ভিকওন্টৰ† পৰিয়ালটোৰ ঘটনাখিনি মোক কলে। তেওঁ কথাৰপৰা লাগিছিল তেওঁ ভিকওন্টৰ মনোবিকাৰ থকা বুলি আৰু ককায়েকৰ মৃত্য দুৰ্ঘটনাবশতঃ হোৱা বুলি কব। কিন্তু বিচাৰক হিচাপে সুনিশ্চিত সাক্ষী নোহোৱাৰ বাবে তেনে ৰায় নিদিলে। কিন্তু তেওঁ পতিয়ন গৈছিল যে ক্ৰিষ্টিন ডী সম্বন্ধীয় কিবা এটাৰ বাবেই দুই ভায়েকৰ মাজত কিবা ঘটিছিল। তেওঁ অৱশ্যে ক্ৰিষ্টিন বা ভিকওন্ট সম্বন্ধে মোক একো কব পৰা নাছিল। মই অপদেৱতাৰ কথা উল্লেখ কৰোঁতে তেওঁ মাথো হাঁহিলে। তেওঁ সেই খামটোৰ কথা জানিছিল, কিন্তু ছেগ্‌নি হত্যাৰ বিচাৰক হিচাপে প্ৰয়োজনীয় একো দেখা নাছিল। অৱশ্যে এজন সাক্ষীয়ে নিজেই আদালতলৈ আহি অপদেৱতাক দেখা বুলি দাবী কৰিছিল। কিন্তু মানুহজনৰ সাক্ষ্যকো তেওঁ গুৰুত্ব দিবলগীয়া বস্তু বুলি নাভাবিলে। সাক্ষী দিবলৈ অহা মানুহজন আকৌ পেৰিছৰ এজন অতি জনাজাত ব্যক্তি। অপেৰালৈ অহা মানুহবোৰৰ প্ৰায় সকলোৱেই তেওঁক চিনি পাইছিল। পেৰিছৰ মানুহে তেওঁক পাৰ্ছীবুলিয়েই জানিছিল। বিচাৰকৰ মতে তেওঁ আছিল অতিমাত্ৰা কল্পনাপ্ৰৱণ।

পাৰ্ছীৰ কথা শুনি মই কৌতুহল অনুভৱ কৰিছিলো। যদি সম্ভৱ হয় তেন্তে এই খামখেয়ালী স্বভাৱৰ মানুহজনৰপৰা কথাবিলাক শুনিবলৈ মন গৈছিল। মোৰ ভাগ্য ভালেই বুলিব লাগিব যে মই মানুহজনক ৰিভলি পথত থকা তেওঁৰ সৰু ফ্লেটটোতে লগ পালো। তেওঁ তাতেই বাস কৰিছিল। মই লগ ধৰাৰ পাঁচ মাহৰ পাছত তেখেতৰ মৃত্যু হল। প্ৰথমে মোৰ সন্দেহ আছিল। কিন্তু পাৰ্ছীয়ে মোক শিশু সুলভ সৰলতাৰে কৈ গৈছিল অপদেৱতাৰ বিষয়ে তেওঁ যিখিনি জানিছিল। তেৱেঁই মোৰ হাতত তুলি দিছিল অপদেৱতাৰ বাস্তৱ অস্তিত্বৰ প্ৰমাণ (ক্ৰিষ্টিন ডীৰ অদ্ভুত চিঠিবোৰো তেৱেঁই মোক দিছিল)। তেওঁ মোক সেইবোৰ মোৰ ইচ্ছাৰে ব্যৱহাৰ কৰাৰ স্বাধীনতাও দিছিল। তাৰ পাছত আৰু সন্দেহ কৰিবলগীয়া নাথাকিল। অপেৰা গৃহৰ অপদেৱতাজন এক কিংবদন্তী মাথোঁ নাছিল।

মই জানো, মোৰ এই বিৱৰণ পঢ়ি কোনোবাই কব পাৰে গোটেইখিনি মোৰ কল্পনাৰ ওপজ; কিন্তু সৌভাগ্যক্ৰমে মই ক্ৰিষ্টিন ডীৰ আৰু কিছুমান চিঠি আৱিষ্কাৰ কৰিছিলো। সকলোৱে জনা তেখেতৰ চিঠিখিনিৰ লগত মোৰ হাতত পৰা চিঠিখিনিৰ তুলনা কৰি মই নিশ্চিত হৈছিলো যে মোৰ সন্দেহ আছিল নিৰ্ভুল। মই আনকি পাৰ্ছীৰ অতীতো খুঁচৰি চাইছো। তেৱোঁ সৎ মানুহেই আছিল, বিচাৰত বাধা দিবলৈ কাল্পনিক গল্প এটা গঢ়ি তোলা মানসিকতাৰ লোক তেওঁ নাছিল।
বিভিন্ন সময়ত ছান্যিৰ ভিকওন্টৰ পৰিয়াল বা ঘটনাটোৰ সংস্পৰ্শলৈ অহা আন কেইজনমান গণ্য মান্য ব্যক্তিয়েও মোৰ লগত একমত হৈছিল। তেওঁলোকক মই মোৰ নথিপত্ৰবিলাক দেখুৱাইছিলো আৰু মোৰ বাখ্যাটোও দাঙি ধৰিছিলো। এই সন্দৰ্ভত মোলৈ পঠিওৱা এখন চিঠিৰ কিয়দংশ মই তুলি দিছোঁ। চিঠিখনৰ লিখক জেনেৰেল ডি…:
মহাশয়,
আপোনাৰ অনুসন্ধানৰ ফলাফল সোনকালেই ৰাজহুৱা কৰিবলৈ মই আপোনাক টানি অনুৰোধ জনাওঁ। মোৰ ভালকৈয়ে মনত আছে সমগ্ৰ ফাউবাৰ্গ ছেইণ্ট জাৰমেইনত শোকৰ ছাঁ পেলোৱা সুকণ্ঠী গায়িকা ক্ৰিষ্টিন ডীৰ অন্তৰ্ধানৰ ঘটনাটোৰ আগে আগে অপেৰা হলৰ ভিতৰত প্ৰায়েই অপদেৱতাৰ কথা ওলাইছিল। মোৰ বিশ্বাস তৎপশ্চাত সংঘটিত ঘটনালানিৰ অভিনৱত্বই অপদেৱতাৰ কথাবিলাক তল পেলাই দিছিল। কিন্তু আপুনি কৰাৰ দৰে যদি সেই অপদেৱতাৰ জৰিয়তে ৰহস্যৰ বাখ্যা কৰিব পাৰি, তেন্তে অপদেৱতাৰ কথাবোৰ উলিয়াই আনিবলৈ মই আপোনাক টানি অনুৰোধ জনালো।

দুই ভাতৃয়ে ইজনে সিজনক হত্যা কৰিছিল বুলিয়েই সাধাৰণ ৰাইজে বিশ্বাস কৰে। কিন্তু ককায়েকভায়েকৰ মাজত গভীৰ মৰম আৰু সন্মানৰ সম্পৰ্ক শেহলৈকে অটুত আছিল। সেয়ে, ৰহস্যময়ী অপদেৱতাৰ কথাৰে যদি ঘটনাটো বাখ্যা কৰিব পাৰি, তেন্তে মোৰ বিশ্বাস সেইটোৱেই সম্ভৱ…”

শেহত, হাতত মোৰ নথিপত্ৰবোৰ লৈ আকৌ এবাৰ অপদেৱতাই ৰাজত্ব কৰা সেই বিশাল স্থানলৈ আকৌ এবাৰ গৈছিলো। মই যি দেখিছিলো, অনুভৱ কৰিছিলো, তাত সেই পাৰ্ছীয়ে কোৱা কথাবোৰ আখৰে আখৰে মিলি গৈছিল।

অপেৰাৰ ভূগৰ্ভস্থ ঘৰটোলৈ অহা হুলস্থুলীয়া সময়ত মৃত্যু হোৱা সকলক ইয়াত কবৰ দিয়া হোৱা নাছিল। মই দেখুৱাই দিব পাৰোঁ সেইসকলৰ সমাধি আছে নাতিদূৰৈৰ আন এটা ভূগৰ্ভস্থ কোঠাত, ত বিপ্লৱৰ সময়ত প্ৰয়োজনীয় ৰচদপাতি জমা কৰা হৈছিল। অপেৰাগৃহৰ অপদেৱতাৰ অৱশিষ্ট বিচাৰি ফুৰোঁতে মই সেই স্থান আৱিষ্কাৰ কৰিছিলো। অৱশ্যে মোৰ লগত থকা তথ্যপাতি অবিহনে সেই স্থান মই কেতিয়াও বিচাৰি নাপালোহেঁতেন।

এই শৱদেহবোৰক কেনেকৈ সমাধিস্থ কৰা হব সেই বিষয়ে আমি পাছত কথা পাতিম। আগতে মই এই প্ৰস্তাৱনাটো শেষ কৰিব খুজিছোঁ। ইতি পেলোৱাৰ আগতে কেইগৰাকীমান ব্যক্তিলৈ মোৰ বিশেষ কৃতজ্ঞতা জনাইছোঁ। প্ৰথমেই মশ্চিউ মিলফ্ৰয়ড (ক্ৰিষ্টিন ডী নিৰুদ্দেশ হোৱাৰ ঘটনাৰ দায়িত্ব লোৱা পুলিচ বিষয়া,) ভূতপূৰ্ব সচিব মশ্চিউ ৰেমী, এক্টিং মেনেজাৰ মশ্চিউ মাৰ্চিয়াৰ, কোৰাছপ্ৰধান মশ্চিউ গেব্ৰিয়েল, আৰু অতি বিশেষকৈ মেডাম বাৰন ড কেষ্টল‘-বাৰ্বজাক, যিগৰাকী মহিলা এই ঘটনাত কণমানি মেগৰূপে চিহ্নিত (আৰু এই বিষয়ে তেখেতৰ কোনো সংকোচ নাই), সমবেত নৰ্তকীৰ ভিতৰত এগৰাকী ভোটাতৰা স্বৰ্গগতা মেডাম যিৰী, যাৰ হাতত অপদেৱতাৰ বহা স্থানৰ ভাৰ আছিল। এওঁলোকে আটায়েই মোক বিশেষ ভাৱে সহায়ৰ হাত আগবঢ়াইছিল; আৰু আটাইৰে শলাগ লৈছোঁ। তেওঁলোকৰ সহায়ৰ বাবেই এই ঘটনাৰ প্ৰতিটো খুঁটিনাটি পঢ়ুৱৈৰ আগত মই দাঙি ধৰিব পাৰিছোঁ।()

জেষ্টলেৰু

পুনশ্চঃ
—————————————————
(
) এই ৰহস্যময় ঘটনাটোৰ বিষয়ে লিখিবলৈ যোৱাৰ আগেয়ে মই আৰু কেইজনমান ব্যক্তিৰ কথা নকলে মোক অকৃতজ্ঞতাৰ দোষে চুব। অপেৰাৰ বৰ্তমানৰ ব্যৱস্থাপক মণ্ডলী, যিয়ে মোক সৰ্বতোপ্ৰকাৰে সহায় কৰিছে, বিশেষ ভাৱে মশ্চিউ মেছেজাৰ আৰু মশ্চিউ গেবিয়নলৈ, আৰু বৰ্তমান অপেৰা গৃহৰ স্থপতিবিদৰ দায়িত্বত থকা সেই সদালাপী ভ্দ্ৰলোকলৈ, যিয়ে মোক চাৰ্লছ গাৰ্নিয়াৰৰ সকলো কৰ্ম ঘৰলৈ লৈ যাবলৈ অনুমতি দিছিল, যদিও ঘূৰাই দিম বুলি তেখেত সন্দিহান আছিল।

একেবাৰে শেহত, মোৰ ব্যক্তিগত বন্ধু আৰু ভূতপূৰ্ব সহযোগী মশ্চিউ জে.-লা. ক্ৰয়ি, যিজনে মোক তেখেতৰ পুথিভঁৰালত থকা নাটকৰ কিতাপবোৰ মোৰ ইচ্ছামতে ব্যৱহাৰ কৰিবলৈ এৰি দিছিল। জে. লে.

============================================

অনুবাদক/সলাপৰামৰ্শ কৰোঁতাৰ টোকা:-

ছান্যিৰ ভিকওন্ট (vicomte de Chagny, ইংৰাজীত Viscount of Chagny)। ইউৰোপীয় ৰাজঘৰে পিয়াৰৰ লোকক মান ধৰিবৰ বাবে প্ৰদান কৰা কাউন্ট, আৰ্ল আদি ৰজাঘৰীয়া বাব পোৱা লোকক নাম উল্লেখ কৰাৰ সলনি অনেক সময়তৰ সেই বাবৰ নামৰে সন্মানজনক সম্বোধন কৰা হয়। ইংৰাজীত “কাউন্ট অব মন্টে ক্ৰিষ্টো”, “আৰ্ল অব এছেক্স” নাইবা অসমীয়াত “গোহাঁই মৌজাৰ মৌজাদাৰ দেউতা” আদিৰ দৰে। উত্তৰ ফ্ৰান্সৰ ছান্যি অঞ্চলৰ এনে এক ৰাজস্বীকৃতি পোৱা এটা পৰিয়ালৰ ভাতৃদ্বয়, ভাৰতীয় জমিদাৰী প্ৰথাৰ সুৰত কবলৈ জেষ্ঠ্যজন “চৰকাৰ” ফিলিপ আৰু কনিষ্ঠজন “ছোটে চৰকাৰ”।

অৱশ্যে ফ্ৰান্সত দুখন ছান্যি আছে, এই দুৰ্ভগীয়া ভাতৃদ্বয় কোন খণ্ডৰ আছিল, এশবছৰৰ পিছত এতিয়া কোৱা টান হব। কিন্তু কাহিনীৰ পটভূমি পেৰিছৰ পৰা উত্তৰ ফ্ৰান্সৰ ছান্যিলৈ ওচৰ বাবে এই অঞ্চলৰ বুলি অনুমান কৰা হৈছে। আনটো অঞ্চলৰ হ’লেও কাহিনীত একো যতি নপৰে।

======================

প্ৰথম অধ্যায়

 

অপদেৱতাৰ আৱিৰ্ভাৱ?

সেই সন্ধিয়াটো ম. ডেবিয়েন আৰু ম. লিনীৰ বাবে আছিল অপেৰাত শেষ ৰাতি। দুয়োগৰাকী মেনেজাৰেই অপেৰাৰ দায়িত্ব সামৰি অৱসৰ জীৱন কটাবলৈ সাজু হৈছিল। দুগৰাকী মেনেজাৰৰ অৱসৰৰ নিশা হিচাপে সেই ৰাতিৰ অনুষ্ঠান জাকজমককৈ পৰিৱেশন কৰা হৈছিল। তেনেতে অপেৰাৰ এগৰাকী মুখ্য নৰ্তকী লা ছৰেলীৰ কোঠালৈ হুৰমূৰাই সোমাই আহিছিল ছয়জনী ছোৱালী। আটাইকেইজনীয়েই পলিক্টু নাচ এটা শেষ কৰি উঠিছিলহে। লা ছৰেলীৰ কোঠাত সোমাওঁতে কেউগৰাকীৰে অৱস্থা আছিল তথৈবচ। কেইজনীমানে জোৰ কৰি ডাঙৰ ডাঙৰকৈ হাঁহিছিল। কেইজনীমানে আকৌ চিঞৰি চিঞৰি কান্দিছিল। ছৰেলীয়ে সেইখিনি সময় অকলে থাকি দুই মেনেজাৰৰ বিদায় সভাত প্ৰদান কৰিবলৈ ভাষণ এটাৰ অভ্যাস কৰি আছিল। হন্তদন্ত হৈ সোমাই অহা ছোৱালীকেইজনীক দেখি সেয়ে তেওঁ বিৰক্ত হল। তাৰে এগৰাকী, নামটো অকণমানি জেমিছবোলা ছোৱালীজনীয়ে কঁপা কঁপা মাতেৰে কৈ উঠিলঃ
ভূত! ভূত ওলাইছে!” এইবুলি কৈয়েই তাই দুৱাৰখনৰ তলাটো বন্ধ কৰি দিলে।
ৰেলীৰ কোঠাটো আকাৰত বৰ ডাঙৰ নাছিল। আচবাব আছিল তেনেই কম। এখন ডাঙৰ আইনা, এখন ছোফা, প্ৰসাধনৰ মেজ এখন আৰু দুটা কাপোৰ থোৱা আলমাৰী। দেৱালত ওলমি আছিল কেইখনমান ছবি। ছবি কেইখন ছৰেলীৰ মাকৰ সম্পত্তি। তেখেতো অপেৰাৰ এগৰাকী বিখ্যাত অভিনেত্ৰী আছিল। ছৰেলীৰ সৰু কোঠাটোও অৱশ্যে ছোৱালীকেইজনীৰ বাবে বেছি ডাঙৰ যেন লাগিছিল। সিহঁতৰ বাবে এটাই আছিল ডাঙৰ কোঠা, তাতেই মঞ্চত সোমোৱাৰ আগলৈ সিহঁতে কথা পতা, দন কৰা আদিবোৰ কৰি সময় কটায়। কেতিয়াবা মন ভাল থাকিলে দুইএঢোক সুৰাও তাতে তেওঁলোকে একেলগে পান কৰে।
ৰেলীৰ মনো কুসংস্কাৰৰপৰা মুক্ত নাছিল। ছোৱালীজনীৰ কথা শুনি তেওঁৰ বুকুখনো খন্তেকৰ বাবে কঁপি উঠিল। কিন্তু মুখেৰে মূৰ্খ ছোৱালীবুলি কবলৈ নাপাহৰিলে। অৱশ্যে ভূতৰ ভয়ে তেওঁকো বাৰুকৈয়ে লম্ভিলে। তেওঁ সুধিলেঃ
তই দেখিছ নেকি?”
একেবাৰে চকুৰ আগতে!” অকণমানি জেমিছৰ ভৰি দুখন আৰু থিৰ হৈ নৰল। কথাখিনি কৈয়েই তাই ঢপ্‌কৈ চকী এখনত বহি পৰিল।
পাছৰখিনি কবলৈ আৰম্ভ কৰিলে কণমানি গিৰিয়ে। গিৰি নামৰ ছোৱালীজনীৰ চকুৰ মণি আৰু চুলিৰ ৰং কিচকিচীয়া কলা। দেহটো তেনেই খীণ।
ভূতটো দেখিবলৈ বৰ কুন্ধচ!”
হয়, হয়!” আটাইকেইজনীয়ে হয়ভৰ দিলে।
তাৰপাছত কেউজনীয়েই কথাবিলাক কবলৈ হেতাওপৰা লগালে। ভূতটো হেনো তেওঁলোকৰ সন্মুখত হঠাত ওলাইছিল। পিন্ধনত সন্ধিয়াৰ পোচাক। কৰপৰানো সেইটো সেইখিনিত ওলালে সিহঁতে ততকে ধৰিব নোৱাৰিলে। তাৰে এজনীয়ে কলে, “ভূতটো যতে ততে ওলাব পাৰে।
কথাখিনি মিছা নাছিল। যোৱা কেইটামান মাহৰপৰা ভূতটোক অপেৰা ঘৰটোৰ বহু ঠাইতে দেখা পোৱাৰ কথা ওলাই আছে। অপেৰাৰ বিশাল ভৱনটোৰ চাৰিওফালে এটা ছায়াৰ দৰে তাৰ অবাধ গতি। কাৰো লগত ভূতটোৱে মাতবোল কৰা নাই। কোনেও কথা পাতিবলৈ সাহসো কৰা নাই। দেখাৰ পাছতেই হঠাতে সি নোহোৱা হৈ যায়। কোনেও নাজানে কেনি আহে, কোনফালেৰ

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক