অ’পেৰা, ভাওনা, শংকৰদেৱ ইত্যাদি প্ৰসংগঃ কিছুমান ক্ষোভ আৰু কিছুমান সপোন – পংকজ বৰা

অ’পেৰা, ভাওনা, শংকৰদেৱ ইত্যাদি প্ৰসংগঃ কিছুমান ক্ষোভ আৰু কিছুমান সপোন

পংকজ বৰা

 


১৬ শ শতিকাত ইউৰোপৰ ফ্লৰেঞ্চত প্ৰথম অ’পেৰা আৰম্ভ হৈছিল ৷ তাৰ পিছতেই সমগ্ৰ ইউৰোপ আৰু আন পশ্চিমীয়া দেশবোৰত ই বিয়পি পৰে ৷ এক নাটকীয় পৰিৱেশত সংগীতৰ তালে তালে একো একোটা কাহিনীৰ মধুৰ উপস্থাপন কৰা হয়৷ বহুক্ষেত্ৰত কাহিনী নিহিত হৈ থাকে৷ আধুনিক নাটকৰ দৰে মনোৰম দৃশ্যসজ্জা, কিছুপৰিমানৰ অভিনয়, সাজ-সজ্জা, ৰূপসজ্জা আদি অপেৰাৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য৷ ইউৰোপৰ ডাঙৰ ডাঙৰ নগৰ মহানগৰ সমূহত অপেৰা এক অভিজাত কলা তথা আমোদ-প্ৰমোদৰ উপাদান আছিল আৰু আজিও বহুঠাইত সম্পূৰ্ণ পুৰণি অভিজাত ধৰণৰেই অপেৰাৰ প্ৰদৰ্শন অব্যাহত আছে৷ সাধাৰণতে অপেৰা সমূহৰ বাবে অপেৰা হাউছ আৰু অৰ্কেষ্টা গোট থাকে৷
মোৰ এই চমু টোকাটোৰ উদ্দেশ্য অপেৰাৰ ইতিহাস, বা বৰ্তমান আৰু গুণাৱলী বিশ্লেষণ কৰা নহয়৷ যোৱা ২ বছৰত ইউৰোপৰ কেবাঠাইত অ’পেৰা হাউছ বোৰ চালো ৷ অপেৰা হলৰ ভিতৰত সোমাই চোৱাৰ ইচ্ছা থাকে যদিও বিভিন্ন কাৰণত চোৱা নহয় , যেনে: টিকেটৰ আকাশলংঘী দাম,দৰ্শকৰ বাবে সাজ-পোচাকৰ কঠোৰ নীতি নিয়ম, টিকেট উপলব্ধ নোহোৱা আদি৷ শেহতীয়াকৈ যোৱাবছৰ মোৰ আশা পূৰণ হ’ল৷ অ’পেৰা চালো মোজাৰ্ট, বিথ’ভেন আদি বিখ্যাত সংগীতজ্ঞৰ পৰশেৰে ৰঞ্জিত চহৰ, পৃথিৱীৰ সংগীতৰ ৰাজধানী বুলি জনাজাত অ’ষ্ট্ৰিয়া দেশৰ ভিয়েনা চহৰত ৷ বৰ বিশেষ বুজি বাজি নেপালো, কাৰণ অপেৰাবোৰ অত্যন্ত ধ্ৰুপদী ধৰণৰ হয়৷
অপেৰা চাই এটা কথাই অনুভৱ হ’ল, ১৪ শ শতিকাত সৃষ্ট মহাপুৰুষ শংকৰ গুৰুজনাৰ নৃত্যসমূহ আৰু অংকীয়া ভাওনা সমূহ অ’পেৰাতকৈ কোনো গুণে কম নহয় ৷ বৰঞ্চ গুৰুজনাৰ সৃষ্টিৰাজী বহু উচ্চ খাপৰ যেনহে অনুভৱ হ’ল ৷ প্ৰাথৰ্ক্য মাথো ভাৱস্তুৰ ৷ সূত্ৰধাৰী নাচ, ঝুমুৰা নাচ সমূহত অপেৰাৰ সমকলোবোৰ গুণ মই সাধাৰণ দৰ্শক হিচাপে প্ৰত্যক্ষ কৰিছিলো৷ বৰগীত সমূহক ‘বেলাদ’ বা song celestial বুলি ইতিমধ্যে গুণী-জ্ঞানী সকলে কৈয়েই গৈছে৷ খোল-তাল মৃদংগ ৰ দেৱ ধ্বনি , ৰাগবিশিষ্ট বৰগীত, সূত্ৰধাৰৰ ভূমিকাই এটা কাহিনীক যি মনোৰম ভাৱে ধ্ৰুপদী ৰূপত আগবঢ়ায় লৈ যায় সেইয়া অপেৰা উপভোগ কৰি থকা সময়ত বাৰে বাৰে মোৰ চকুৰ আগত ভাঁহি আহিছিল৷ মাজতে গুৰুজনাৰ প্ৰতি থকা অসীম ভক্তিভাৱত সেমেকি উঠা নয়নযুগল শুভ্ৰ ৰুমালাৰে মঁচি ল’লো৷ আশে-পাশে বহি থকা সকলে চাগৈ বেলাডৰ সুৰত মোৰ চকুপানী ওলোৱা বুলি ভাৱিছিল৷ বেজাৰ লাগিছিল গুৰুজনাৰ কথা ভাৱি৷ মধ্যযুগীয় আন্ধাৰ আঁতৰাই যিসময়ত ইউৰোপত নৱজাগৰণৰ সূচনা হৈছিল, সেই সময়ত গুৰুজনাই অসম মূলুকত নৱজাগৰণৰ সূচনা কৰিছিল৷ সৌভাগ্যবশতঃ পশ্চিমীয়া নৱজাগৰণৰ কেন্দ্ৰ ইটালীৰ ৰোম, ফ্লৰেন্স, ভেনিছ আদি চহৰো দৰ্শন কৰাৰ সৌভাগ্য এই অধমৰ হৈছিল৷ পৃথিৱীৰ সবাটোকৈ পুৰণি এম্ফিথিয়েটাৰ ৰোমৰ ‘কল’ছিয়াম’ত গৈ যিদৰে মুগ্ধ হৈছিলো, সেইদৰে নৃশংস ইতিহাস সুঁৱৰি শিয়ঁৰি উঠিছিলো৷ ইয়াতেই গ্লেদিয়েটৰ সকলে হি্ৰংস জীৱ-জন্তু, নানান নৃশংস সমৰ কলাৰ আক্ৰমণৰ সন্মূখীন হৈছিল আৰু ৰজা আৰু প্ৰজাই সোমৰস পান কৰি আনন্দত মতলীয়া হৈ উপভোগ কৰিছিল৷ গ্লেদিয়েটৰ সকলৰ বহুতেই আছিল কাৰগাৰৰ বন্দী বা মধ্যপ্ৰাছ্য আদি ঠাইৰ পৰা ধৰি-বান্ধি অনা কৃতদাস৷ নিৰ্মম ইতিহাসৰ ভাৱনাত বিতৃষ্ণাৰে ভাৰাক্ৰান্ত হৈছিল মোৰ মন৷
ইউৰোপীয় নৱজাগৰণৰ প্ৰতিটো বিষয়ৰে একো একোজন বা অনেকজন পৰ্াগত ব্যক্তি আছিল৷ কোনোবা যদি সংগীতজ্ঞ, কোনোবা চিত্ৰকৰ, কোনোবা স্থপতি বা ভাস্কৰ্য্যশিল্পী, কোনোবা নাট্যকাৰ, অভিনেতা, নৰ্তক, বাদ্যবিশাৰদ আদি৷ লিঅ’নাৰ্ড’ দা ভিঞ্চি দৰে মাত্ৰ নামমাত্ৰ কেইজনমানৰ বহুমূখী প্ৰতিভা আছিল৷ তাৰ বিপৰীতে আমাৰ গুৰুজনাৰ কি গুণ নাছিল? শংকৰদেৱম আমি চিনি পাঁলো মাত্ৰ ধৰ্মপ্ৰচাৰক হিচাপে৷ আচলতে ইউৰোপীয় নৱজাগৰণৰ প্ৰধান কেন্দ্ৰবিন্দু আছিল খ্ৰীষ্টধৰ্ম৷ ঘৰ-দুৱাৰ, চিত্ৰশিল্প, ভাস্কৰ্য্য, গীত-মাত৷ সহিত্য সকলোৰে প্ৰাণবিন্দুত আছিল ধৰ্ম৷ আচলতে যুগ যুগ ধৰি ধৰ্মই সমাজ গঠন আৰু সুচাৰু পৰিচালনাৰ ক্ষেত্ৰত এক সংযোগী মাধ্যম বা ‘মেট্ৰিক্স’ হিচাপে কাম কৰি আহিছে৷ ভগৱানলৈ মানুহে ভয় কৰে, এই ভয়েই আইন বা কানুন৷ ভগৱানৰ শক্তি, অলৌকিকতা তথা সৃষ্টিশীলতা বা প্ৰকৃতিক বুজাৰ চেষ্টা হিচাপেই সৃষ্টি হয় সুকুমাৰ কলাৰ৷
লাহে লাহে ধৰ্মীয় গোড়ামি শিথিল হৈছে৷ অংকীয়া ভাওনা সত্ৰ নামঘৰৰ পৰা উলিয়াই আনি মঞ্চত উপস্থাপন কৰা হৈছে৷ মহিলাই অংকীয়া নাটকত ভাও লৈছে, আধুনিক বাদ্যযন্ত্ৰ, মঞ্চসজ্জা, পোহৰ ব্যৱস্থাপনাও হৈছে৷ ভাওনাৰ উদ্দেশ্য কেৱল ধৰ্ম প্ৰচাৰ বুলি ভাৱি অহা ধাৰণাটো অত্যন্ত ভুল৷ শংকৰদেৱ এজন সফল সমাজ সংষ্কাৰক, উচ্চস্তৰৰ মনস্তত্ববিদ, স্বাস্থ্যবিজ্ঞানী আছিল৷ ধৰ্মীয় চাপ এটা থাকে যদিও (যিদৰে আছিল পশ্চিমীয়া নৱজাগৰণৰসময়ত) ভাওনাৰ উদ্দেশ্য তলত উল্লেখ কৰা ধৰণৰ-
১) কৰ্মব্যস্ত দিনটোৰ পিছত সুকুমাৰ কলাৰ চৰ্চাৰে মানসিক প্ৰশান্তি লাভৰ ব্যৱস্থা কৰিছিল
২) ভাওনাৰ বাবে নামঘৰত একত্ৰিত হৈ সামাজিকৰণৰ ব্যৱস্থা
৩) ভাওনাৰ গায়ন-বায়ন-নৰ্তন-অভিনয়ৰ যোগেদি হোৱা শাৰিৰীক ব্যায়াম
৪) ভগৱান্তৰ নাম-কীৰ্ত্তন, ভক্তিভাৱৰ জৰিয়তে পৰম মানসিক প্ৰশান্তি লাভ কৰা যায়৷
কৃষ হেন শব্দ ইটো        পৃথিৱী-বাচক ভৈল
ণ আনন্দত প্ৰবৰ্ত্তয় |
দুইৰো এক পদ ভৈলে     পৰমব্ৰহ্ম-ৰূপ কৃষ্ণ
নাম-আনন্দক মাত্ৰ কয় ||
৫) শংকৰদেৱৰ লিখনি গভীৰভাৱে অধ্যয়ন কৰিলে দেখা যায়, তেঁওৰ ভগৱানৰ যিটো ধাৰণা সেইটো সম্পূৰ্ণ ধৰ্মনিৰপেক্ষ ৷ শংকৰদেৱৰ মতে ‘অব্যক্ত ইশ্বৰ’ এক মূৰ্তিশূন্য পৰম শক্তি-
অব্যক্ত ইশ্বৰ হৰি কিমতে পূজিবা তাংক
ব্যাপকত কিবা বিসৰ্জন ৷
এতাৱন্ত মূৰ্তিশূন্য কেনমতে চিন্তিবাহা
ৰাম বুলি শুদ্ধ কৰা মন ৷৷
ইয়াৰ পাচত অংকীয়া ভাওনা, নৃত্য-গীত আদিক ধৰ্মীয় আঁওতাৰ ভিতৰত চেপি খুন্দি ধৰি ৰখাৰ কোনো কাৰণ নাথাকে৷
শংকৰদেৱে নো কি নকৰিলে, বা কি ভুল কৰিলে? তেৰাই অহোপুৰুষাৰ্থ কৰিছিল মধ্যযুগীয় এলান্ধুকলীয়া বৰ্বৰ অসময় সভ্যতাৰ পোহৰ বিলাই এক আধুনিক সমাজ গঢ়াৰ, য’ত থাকিব সভ্য সমাজৰ সকলোবোৰ উপাদান৷ সেই সময়ত কোনো ক্ষীপ্ৰ যোগাযোগ মাধ্যম নাচিল৷ টিভি, ৰেডিঅ’, ছপাশাল, আধুনিক যাতায়ত, ইন্টাৰনেট একোৱেই নাছিল৷ গতিকে ইউৰোপীয় নৱজাগৰণৰ প্ৰভাৱ পৰাৰ কোনো অৱকাশেই নাই৷ শংকৰগুৰুজনাৰ ঐশ্বৰিক গুণৰাজীৰে অসম আৰু অসমীয়াক গঢ়ি থৈ গ’ল৷ সৰ্বগুণাকৰ, একমেবাদ্বিতীয়ম্! তেৰাৰ দুৰ্ভাগ্য এইয়ে যে তেৰাই জন্ম ল’লে গুণীৰ মোল নুবুজা অসম মুলুকত ৷ আজিও গুৰুজনাৰ আদৰ্শ, তেৰাৰ সৃষ্টিৰাজীক প্ৰকৃত ভাৱে বুজি উঠাত, তাক কৰ্ষণ কৰাত বা গ্ল’ৱেল ব্ৰেণ্ড হিচাপে উলিয়াই পঠোৱাত ব্যৰ্থ অসমীয়া জাতি৷ তাৰ বিপৰীতে আজি বহু অসমীয়াই বাহিৰৰ গুৰু বা বাহিৰৰ ব্যক্তিক বৰপীৰা পাৰি মাতি আনি তেঁওলোকৰ আদৰ্শক শিৰোগত কৰি হিৰ’ সজাবলৈ কৰা নিৰ্লজ্জ অপচেষ্টা অসমীয়া জাতিৰ বাবেই চৰম দুৰ্ভাগ্যজকন৷ এনেই বেজবৰুৱাই কোৱা নাই –
“গুৰু লাগে মোক,
শিক্ষিত শিষ্য,
জগতক জাননী দিলো;
জগতৰে গুৰু শংকৰ ঘৰতে,
অন্ধলাই নিচিনিলো ৷”
শেহতীয়াকৈ অসম আৰক্ষীৰ সন্মানীয় বিষয়া ভাস্কৰজ্যোতি মহন্ত দেৱে জুবিন গাৰ্গৰ লগত মিলি “পাৰিজাত” নামৰ অপেৰাধৰ্মী experiment এটা কৰা বুলি শুনিছো যদিও চোৱাৰ সুযোগ পোৱা নাই ৷ ইমান দিন বহুত বঞ্চনা কৰা হ’ল গুৰুজনাক ৷ এতিয়া অন্ততঃ তেখেতৰ সৃষ্টিৰাজীক বিশ্বায়নীকৃত কৰা উছিত ৷ ফে’চবুকৰ জৰিয়তে একত্ৰিত হোৱা নতুন প্ৰজন্মৰ এটা গোট “অসমীয়াত কথা-বতৰা”ৰ উদ্যোগত কীৰ্ত্তন-নামঘোষাৰ ইউনিক’ড ৰূপান্তৰণেৰে যি নৱ বিপ্লৱ আৰম্ভ হৈছে এই বিপ্লৱ যেন অবিৰত হওক৷ নৱ-প্ৰজন্মৰ হাতত অংকীয়া ভাওনা অপেৰাৰ দৰেই গ্ল’ৱেল ব্ৰেণ্ড ৰূপে বহুল পৰিচিত হৈ উঠক, শংকৰদৱেৰ আদৰ্শ বিশ্বশান্তি তথা সমাজ গঠনৰ আদৰ্শ হৈ পৰক৷
Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক