অপ্রত্যাশিত (নীলিম অনুৰাগ)

খৰখেদাকৈ প্লেটফর্মত সোমায়েই প্রথমে ৰেলৰ ‘টাইম-টেবুল’ খনলৈ চকু দিলোঁ। ডাউন কামৰূপ এক্সপ্রেছ – ৪৫ মিনিট লেট। উফ! এতিয়াহে শান্তি! টিকট এখন কাটি লৈ প্লেটফর্মৰ ভিতৰত সোমালোঁগৈ। বঙাইগাঁও ষ্টেচনত ডাউন কামৰূপ এক্সপ্রেছৰ ‘ৰাইট টাইম’ দুপৰীয়া ১১ টা। মই থাকোঁ বৰপাৰাত ৰূম ভাড়া কৰি। ৰূমৰ পৰা ষ্টেচনলৈ ১০ মিনিটৰ বাট।  সেই হিচাপত ৰেল অহাৰ আগতেই ষ্টেচন আহি পাব লাগিছিল। কিন্ত আচল কথাটো হ’ল কোকোৰাঝাৰলৈ যোৱাৰ প্রগ্রামটো হঠাৎহে ঠিক কৰা।  আজি শনিবাৰ, লগতে আকৌ জন্মাষ্টমীৰ বাবে কলেজো বন্ধ। ভাবিলোঁ পেহীহতঁৰ ঘৰলৈয়ে গৈ আহোঁ এপাক। কামো আছিল অলপ। সেয়ে খৰ-ধৰ হ’ল। কোকোৰাঝাৰলৈ যাবলৈ বাছ বা বেলেগ ব্যবস্থা নথকা নহয় অৱশ্যে। কিন্ত মই ৰেল-যাত্রাহে বেছি ভাল পাওঁ। লাগিলে গন্তব্যস্থান ওচৰতে হওক বা দূৰতে হওক। যি কি নহওক, এতিয়া আৰু চিন্তা নাই। ম’বাইলটো উলিয়াই সময়টো চালোঁ। ১১ বাজি ১২ মিনিট। মানে এতিয়াও আধা ঘণ্টাতকৈও বেছি সময় আছে মোৰ হাতত। কিতাপৰ দোকানখনৰ ফালে আগুৱাই গ’লোঁ। ষ্টেচনটোলৈ আহিলে দোকানখনত সোমাওয়েই। দোকানী দাদাজনৰ লগত অলপ বার্তা-বিনিময় কৰি দুখন আলোচনী লৈ ওচৰতে ঠাই অলপ উলিয়াই বহি ল’লোঁ।
ষ্টেচনত আজি মানুহৰ সমাগম কম আনদিনাতকৈ। বন্ধৰ বাৰ কাৰণে চাগৈ। আকৌ আলোচনীৰ পাত লুটিওৱাত ব্যস্ত হ’লোঁ। হঠাৎ ক্ষিপ্র বেগেৰে পাৰ হৈ যোৱা মালবাহী ৰেল এখনে মনোযোগত অলপ ব্যাঘাত জন্মালে। আলোচনী দুখন বেগত সোমোৱাই থৈ ষ্টেচনৰ মানুহ চাবলৈ ধৰিলোঁ। সকলো ব্যস্ত নিজৰ নিজৰ যান্ত্রিক জীৱনত। এখন্তেক জিৰাবলৈও আজি যেন সময় নাই কাৰোয়েই। তেনেতে চকু পৰিল মোৰ পৰা প্রায় ১০ মিটাৰ মান দূৰত বহি থকা ছোৱালী এজনীলৈ। ছোৱালীজনীয়ে যেন মোৰ ফালেই চাই আছিল, তেনে লাগিল মোৰ। চকুত চকু পৰাত তাই অন্য দিশলৈ দৃষ্টি আতঁৰাই নিলে। তাৰ পিছত নিজৰ ম’বাইলটো উলিয়াই ব্যস্ত হৈ পৰিল। ছোৱালীজনীক অলপ ভালকৈ পর্যবেক্ষণ কৰি চালোঁ। পিন্ধনত এযোৰ পাতল হালধীয়া ৰঙৰ শ্বর্ট চুৰিদাৰ, কলা ৰঙৰ স্কীন-ফিট্ জিনচ্ আৰু এখন হালধীয়া ৰঙৰ চূর্ণী। তাই আকৌ মোলৈ চালে। এইবাৰ ময়ো তাইৰ দৰে কৰিবলগীয়া হ’ল। কিন্তু কম সময়ৰ ভিতৰতেই মুখখন চাই ল’লো ভালকৈ! এখনি ধুনীয়া মৰমলগা মুখ, অলপ পাতলকৈ কাজল সনা এজুৰি ধুনীয়া চকু, বতাহত নাচি থকা একোছা খোলা চুলি | কিবা এটা ভাল লাগি গ’ল ছোৱালীজনীক। লাহে লাহে মানুহৰ সংখ্যা বাঢ়িবলৈ ধৰিলে প্লেটফর্মত। লক্ষ্য কৰিলো ভিৰৰ ফাঁকে ফাঁকেও তাই চাই আছে মোৰ ফালে। হয়তো মই তাইৰ ফালে যিমান চাইছোঁ তাতকৈ বেছিকৈয়ে! আৰু যিমানবাৰ তাই ধৰা পৰিছে, প্রতিবাৰেই লগে লগেই ব্যস্ত হৈ পৰিছে ম’বাইলটোৰ স’তে!
এবাৰ ভাবিলো গৈ চিনাকিয়েই হৈ লওঁ নেকি। পিছে বাস্তৱত সেয়া নহ’লগৈ। ইতিমধ্যে ‘কামৰূপ এক্সপ্রেছ’ প্লেটফর্মত সোমাই আহিছিল। মানুহবোৰে ৰেলত উঠিবলৈ খৰ-খেদা লগালে। আৰু ভীৰৰ মাজত কৰবাত নোহোৱা হৈ গ’ল তাই। ষ্টেচনৰ ক’তো দেখা নাপালোঁ তাইক | ওচৰৰ ডবাটোত উঠি বিচাৰিলোঁ, নাই! হয়তো বেলেগ ডবাত উঠিল তাই। ৰেলখন ষ্টেচনৰ পৰা এৰিলে আৰু মনটো ভৰি পৰিল বিষণ্ণতাৰে। খিৰিকিৰে বাহিৰলৈ চাই চাই গৈ থাকিলো কোকোৰাঝাৰ অভিমুখে।
কোকোৰাঝাৰ ষ্টেচনত নামি ম’বাইলটো উলিয়াই সময়টো চালোঁ। ১২ বাজি ৫৫ মিনিট। ষ্টেচনৰ পৰা ওলাই ৰিক্সা এখন লৈ পেহীহতঁৰ ঘৰ অভিমুখে আগবাঢ়িলোঁ। স্বভাৱগত ভাবে ম’বাইলত ফেচবুক খুলিলোঁ। মেচেজ এটা আহিছে। দ্বীপান্দিতা সৰকাৰৰ। বঙাইগাঁওৰে ছোৱালী দ্বীপান্দিতা, মোৰ ভাল বান্ধৱী। কথা পাতিছোঁ বহুতদিন ফেচবুকতে, কিন্ত লগ পোৱা নাই কেতিয়াও। মেচেজটো খুলি চালোঁ। “বঙাইগাঁও ৰে’ল ষ্টেচনত দেখিলোঁ আজি তোমাক! ভালকৈ গৈ পালানে অনুৰাগ??”

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক