অপ্ৰত্যাশিত (প্ৰাঞ্জল মাজুলী শইকীয়া)

 

 

কিছুদিনৰ আগতে এটা ব্যস্ত পথেৰে বাইকেৰে গৈ আছিলোঁ। মোৰ পৰা সামান্য দূৰ আগত মোৰ দুই বন্ধু আন এখন বাইকত। নিয়ন্ত্ৰিত গতি। অকস্মাতে ক’ৰ পৰা জানো বৰদৈচিলা জনীৰ দৰে ওলালহি স্কুটী আৰোহী এগৰাকী গাভৰু। মুহূৰ্ততে তেৰাৰ আকৌ মন গ’ল বাওঁফালে থকা গলিটোত সোমাবলৈ! না অপেক্ষা, না সংকেত; দুই বন্ধুৰ সন্মুখেৰেই পাৰ হ’ব খুজি বাইকৰ আগচকাত স্কুটীৰ পাছ অংশ ঘঁহায় এক অৰ্থত হাউলি পৰিল। পাছৰ বন্ধুজনে খৰখেদাকৈ নামি স্কুটীখন হাউলি পৰাৰ পৰা ধৰি ৰাখিলে। ভাৰসাম্য ঘূৰাই পায়েই ষোড়শীৰ মুখত টকটক্ কৈ উচ্চাৰিত হ’ল কেইটামান ইংৰাজী শব্দ। মূৰ দাঙি উঠিল তৰ্জনী আঙুলিয়ে। আগুৱাই আহিল কৰ্মৰত এজন খাকী পোছাকী, পথৰ দাঁতিৰ আন দুই-এজন। বন্ধুজনক উদ্দেশ্যি এজন যুৱক পোনপটীয়া অৱতাৰণা: “ঐ, বাপেৰে বাইক দিছে জীয়ৰী-বোৱাৰী মহটিয়াই চলাব লাগে ন!” (বন্ধুজন আছিল এজন যুৱ শিক্ষক) খাকী পোছাকীৰো অনুৰূপ সুৰ। চালকৰ অনুজ্ঞাপত্ৰ আছেনে (আছিল), হেলমেটটো লগৰজনৰ হাততহে কিয়? আদি কথাৰে হুলে খোছাদি খুছি থাকিল।

 

গাভৰুক কিন্তু আথেবেথে গন্তব্যস্থানৰ বাট বুলিব দিয়া হ’ল। এবাৰো সোধা নহ’ল স্কুটীখন নিজৰ উপাৰ্জনে কিনি চলাইছেনে, চালকৰ অনুজ্ঞা-পত্ৰ আছেনে, হেলমেট কিয় নাই ইত্যাদি গাভৰুক সোধা নহ’ল….।

 

যুৱকৰ ভুলত দূৰ্ঘটনা হ’লেই সততে উদণ্ড চালকৰ আখ্যা দিয়া হয়। কিন্তু আজিকালি ৰাজপথত একাংশ যুৱতীৰ নিয়ম মাফিক চালনৰ প্ৰতি সমাজ আৰু কৰ্তৃপক্ষ উদাস নেকি বাৰু!? যান-বাহন আৰক্ষীয়ে হেলমেট, অনুজ্ঞাপত্ৰ, বীমা, প্ৰদূষণমুক্তৰ প্ৰমাণ-পত্ৰৰ নামত বাইক আৰোহীক সততে হাৰাশাস্তি কৰাৰ বিপৰীতে স্কুটী আৰোহীৰ ক্ষেত্ৰত উদাৰ-নীতি লোৱা বহুসময়ত নিজে দেখিছো। নে তেওঁলোকৰ ক্ষেত্ৰত অনুজ্ঞাপত্ৰকে ধৰি নথিসমূহ, হেলমেট পৰিধান, পথৰ নীতি আদি জৰুৰী নহয়! তেওঁলোকৰ ভুলত সংঘটিত নহ’ব নেকি ভয়াবহ দুৰ্ঘটনা?

 

কথাখিনি মনলৈ আহিল, যেতিয়া অসমৰ এখন আগশাৰীৰ বাতৰি-কাকতত প্ৰকাশিত এখন ফটোত চকু পৰিল। য’ত ৰাজপথেদি এখন স্কুটীতে তিনিগৰাকীকৈ যুৱতী! নাই হেলমেট, এগৰাকী আকৌ মচগুল ম’বাইলত কথা পতাত। আশ্চৰ্যজনক ভাৱে ফটোখনৰ তলত লিখা হৈছে— “স্কুটী চলোৱাৰ মজাই বেলেগ…।” নুবুজিলো, সাংবাদিকগৰাকী তথা সংবাদ-গোষ্ঠীটোৱে ফটোখনেৰে কি বাৰ্তা বহনৰ প্ৰয়াস কৰিছে!

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments