অপ্ৰস্তুত – গায়ত্ৰী জোনালী কাশ্যপ

মেখেলাখন তাই এবাৰ ইফালে টানিছে এবাৰ সিফালে টানিছে৷ কিন্তু ফলহে একো ধৰা নাই৷ বেছিকৈ লৰচৰো কৰি থাকিব নোৱাৰে, সন্মুখত এজাক ল’ৰা ছোৱালী৷ আজিকালিৰ ছাত্ৰ -ছাত্ৰীৰ যিহে চকু ভয়েই খাই আছে তাই৷ এবাৰ কিবাকৈ সিহঁতৰ চকুত পৰিব লাগিলে তাইৰ অৱস্থা কি হব সেইটো জানে তাই৷ দুশৰ ওপৰত ছাত্ৰ ছাত্ৰী থকা বিশাল ৰুমটোত ক্লাছ কৰিব আহিলে খুউব সাবধানে আৰু গহীন হৈ আহিব লাগে নহ’লে সিহঁতক নিয়ন্ত্ৰণ কৰাতো কঠিন হৈ পৰে৷ এনেয়ে অভাৰ কনফিডেঞ্চ দেখুওৱা তাতে আৰু উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ চটফটীয়া ল’ৰা ছোৱালীবোৰৰ স্কুলীয়া স্বভাৱ যোৱাই নাই৷
বহুত সাৱধানতাৰে বোৰ্ডখনত লিখা কামখিনি শেষ কৰিলে তাই আৰু আহি চকীখনত বহি ল’লে৷ কি কৰা যায়! ক্লাছ টো আৰু আধা ঘণ্টা আছেই৷ ল’ৰা ছোৱালী জাকে যাতে তাইৰ ফালে চাব নোৱাৰে তাৰেই ব্যৱস্থা কৰিবলৈ সিহঁতক কিছুমান প্ৰশ্ন উত্তৰ লিখিবলৈ দি মাজে মাজে দুই এটা প্ৰশ্ন সুধিও থাকিল৷ উদ্দেশ্য এটাই সিহঁতক ব্যস্ত ৰখা৷
নিজৰ গালতে চৰ মাৰি দিব মন গৈছিল তাইৰ৷ ইমান অসাৱধান হৈ গৈছে তাই৷ এনেকুৱাও দিন গৈছৈ যে দোকানত বস্তু লৈ বিল দিব গৈহে মনত পৰিছে যে তাইৰ ৱালেট ঘৰতে থাকিল৷ এবাৰতো আৰু সাংঘাতিক ঘটনা এটা ঘটিল৷ সাজি কাছি ধুনীয়াকৈ বিয়া খাবলৈ গৈ বিয়া ঘৰৰ গেটত নামি যে চাই দিবলৈ অনা উপহাৰ হাতত নাই৷ ঘৰৰ বিছনাতে এৰি আহিল৷ লাজ লাগিলেও উপায় নাছিল, খোৱা শেষ কৰি আহিবৰ সময়ত হাঁহি হাঁহি দৰাক কৈ আহিছিল
দাদা …মই আপোনাৰ কাৰণে সদায়ে এক্সচেপনেল গতিকে মোৰ উপহাৰটোও এক্সচেপনেলেই হব…
বিয়াৰ এসপ্তাহ পিছত দিছিল সেই উপহাৰটো৷ তথাপি তাইৰ স্বভাৱ সলনি নহ’ল৷
ইমান অসাৱধান তাই! ৰাতিপুৱাৰ পৰা ইতিমধ্যেই তিনিটা ক্লাছ কৰি কলেজ খনৰ ইফালৰ পৰা সিফাললৈ ঘূৰি ফুৰিলে কিন্তুুু এবাৰলৈও কথাটো মন কৰা নাছিল৷ এইটো ক্লাছত আহিহে ফাট দিয়া বসুমতি পাতালে লুকাও যেন অৱস্থা হল৷
বোৰ্ডত লিখি থাকোতে হাতৰ পৰা সৰি পৰা চক ডাল বুতলিবলৈ তলৰফালে হাউলি দিওতেই চকু কপালত উঠিল তাইৰ৷
হে হৰি এয়া কি?
বাও ভৰিত ক’লা বৰণীয়া আৰু সোভৰিত মুগা বৰণীয়া চেণ্ডেল৷ তাইৰ এনেকুৱা লাগিল যেন চেণ্ডেল দুপাতে তাইৰ ফালে চাই হাঁহি হাঁহি কৈ আছে ’কেনে মজা? ক’ৰবালৈ পিন্ধি গৈ আহি পায়েই আমাক ইফালে সিফালে দলিয়াই দিয় যে…আজি কেনে পাইছ

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক