অপ্ৰাপ্তিৰ স্বৰলিপি(সুস্মিতা বৰা)

সা
এটা নিজঞ্জাল দুপৰীয়া আইৰ নিচুকনি, পিতাইৰ ফুচুলনি কুকিজ, খাৰু সকলো বাদ দি এটা পুতলা আনি দিয়াৰ চুক্তিত বন্ধ হৈছিল চকু পানীৰ নিজৰা দক্ষিণহেঙেৰা হাটলৈ যোৱা চেনীৰাম দাইটিৰ গৰুগাড়ীলৈ চাই থকা অপেক্ষাৰ দীঘলীয়া সময় আছিল সেয়া ৷ হাতত থকা দুটকাটো লৈ পিতায়ে ভাবিছিল এসেৰ লোণ নে এটা পুতলা !

ৰে
চাৰি দিনৰ মূৰত বাজলৈ ওলাই ধুনীয়া পৃথিৱীখন আৰু ধুনীয়া দেখিছিলোঁ ৷ সাদিনৰ দিনা কপালত এটা বেলি আঁকি ৰিহা মেখেলাৰ খচখচনিৰ শব্দত সাৰ পাই উঠিছিল সোঁৱৰণীৰ বুকুত জাহ যোৱা এটা সপোন ৷ মৌজাদাৰণী আইদেৱে দিয়া টকা বিশটাৰে চোন সপোনটোক পিন্ধাব পাৰি এটা দিঠকৰ চোলা ৷ এটা আকাংক্ষাক সঁচা কৰাৰ আনন্দত উত্ৰাৱল হৈ উঠিছিল মন ৷ আইৰ দুচকুৰ চাৱনিত বিৰিঙি আছিল চাৰিমুঠি চল্লিশৰ সূতাৰ ছবি ৷ দূৰত হিয়ালি জিয়ালিকৈ কান্দি ৰৈছিল পুতলা কিনাৰ হেঁপাহ ৷

গা
দুদলীয়া বেণী গাঠি লচপচকৈ স্কুললৈ যোৱাৰ মায়াময় ৰাতিপুৱা ৷ মাটি এৰি আকাশ চুব খোজাৰ সময় ৷ মৌজাদাৰৰ ঘৰৰ ৰাজকুঁৱৰীৰ এৰেহা কাপোৰকে মাৰ দি শুকুৱাই খমখমীয়া কৰি জাপি থৈছিলোঁ শিতানৰ গাৰুৰ তলত ৷ নাহৰ গুটি জ্বলাই লুটিয়াইছিলোঁ পাঠ্যপুঠিৰ পৃষ্ঠা ৷ অষ্টমৰ পৰা নৱমলৈ প্ৰমোচন পাইছিলোঁ প্ৰথম স্থানত ৷ হেড্ পণ্ডিতে পুৰস্কাৰ দিছিল ১৫ টকা ৷ মনতে জুকিয়াই লৈছিলোঁবলীনৰ দোকানৰ কোনজনী পুতলা আটাইতকৈ ধুনীয়া ! ঘৰলৈ গৈ দেখিছিলোঁ পিতাইৰ কফৰ দেৱাই শেষ ৷ সেই পিতাইৰ দেৱাইৰ বটলত ককবকাই থাকে নীলা চকুৰ পুতলাজনী ৷

মা
ভূঁই ৰুই আহি কলেজলৈ ওলাওঁ মানে বেলিয়ে পিৰালি পাৰ হৈ বেৰলৈ উঠাৰ যোজাঁ চলায় ৷ শ্ৰেণীত মহাশয়াই চাই ৰয় বোকা আৰু দৰ তাপ লাগি মদৰুৱা পৰা মোৰ হাতদুখনলৈ ৷ পুথিভঁৰালৰ কিতাপত বিচাৰি ফুৰোঁ নানাৰঙী পুতলাৰ ছবি ৷ লগৰে হৈমন্তীৰ শোৱাকোঠাত থকা পুতলাবোৰে সপোনত আহি আমনি কৰে ৷ দিঠকত শুনো পিতাইৰ কাঁহৰ শব্দ ৷ দূৰৈত চিৎভোলোঙা খাই পৰি ৰয় সোণালী চুলিৰ পুতলাজনী ৷

পা
কলেজত লগ পাইছিলোঁ নীবিড়ক ৷ তেওঁ মোলৈ চোৱাৰ সময়টোৰ লগত মিলি গৈছিল মই তেওঁলৈ চোৱাৰ সময়টো ৷ পিছলৈ তেওঁৰ সৈতে একাকাৰ হৈছিল মোৰ ভালপোৱা বেয়াপোৱা মানঅভিমানবোৰ ৷ মোৰ দুখবোৰৰ সৈতে নিজৰ সুখ বিনিময় কৰাৰ কথা দিছিল মোক ৷ সেই সুখৰ মাজতো ম‍ই পাহৰিব পৰানাছিলোঁ আই পিতাইৰ মোক লৈ ৰঁচা সপোনটোৰ কথা ৷ আৰু মোৰ সপোন যে এটা ধুনীয়া পুতলা কিনা ,সেই কথাও কৈছিলোঁ তেওঁক ৷ তেওঁ মিছিকিয়া হাঁহি মাৰি কৈছিলকেঁচুৱা নেকি তুমি ?

ধা
হোমাগ্নিৰ ধোঁৱা নে সঁপোনৰ চিতাগ্নিয়ে মোৰ দুচকুৰ পৰা বোৱাইছিল ধাৰাসাৰ নীড় ৷ কফ ৰোগে দেউতাক কাঢ়ি নিছিল ৷ আমাৰ জীয়াই থকাৰ শেষ সম্বল মাটিকেইডৰা গাঁওবুঢ়াক বন্ধকীত দিও জীয়াই ৰাখিব নোৱাৰিলোঁ পিতাইক ৷ গাঁওবুঢ়াৰ পুতেক সীমান্তই মোক পছন্দ কৰিছিল (হয়তো মোৰ শৰীৰটোক ! ) আৰু বন্ধকী মাটিকেইটুকুৰাৰ বিনিময়ত মোক বান্ধি লৈছিল নিজৰ সৈতে ৷ নিজকে সঁজাত বন্দী চৰাই এজনীৰ দৰে লাগিছিল ৷ যন্ত্ৰণাত থৰ হৈ ৰৈছিলোঁ মই ৷ এই সকলোবোৰ দুখৰ মাজতে মোৰ জীৱনলৈ আহিছিল এটা জীয়া পুতলা ৷ তাক আনি দিয়া পুতলাবোৰৰ মাজত বিচাৰি ফুৰিছিলোঁ মোৰ আশৈশৱ সন্ধানী পুতলাজনীক ৷ অৱশেষত বিফল হৈ ভাগৰি পৰো মই ৷

নি
শাহুআইৰ কেটেৰাজেঙেৰা– ‘‘লাউলোৱাৰ জী, আন একো নোৱাৰিলে ঘৰৰ মাটিখিনিকে তোৰ নামত লিখাই আন ৷’’ মোৰ মৌনতাই তেওঁক যন্ত্ৰ বলৈ বাধ্য কৰিছিল আৰু তেওঁ এগেলন কেৰাচিন ঢালি জুইশলা কাঠি মাৰি চাই ৰৈছিল মোলৈ ৷ জ্বলি থকা মোৰ দেহটো চাই তেওঁ পুতনাৰ দৰে হাঁহিছিল আৰু এজনী পুতলা নোপোৱাৰ দুখ সাৱটি মই অতীত হৈ গৈছিলোঁ ৷

Subscribe
Notify of
3 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
অঞ্জল বৰা
9 years ago

কম কথাৰে সুন্দৰ উপস্থাপন !!

Pradip Kr. Talukdar
9 years ago

Really, it is a nice one .

মনোৰঞ্জন মজুমদাৰ
9 years ago

সুন্দৰ গল্প, স্বৰলিপিৰ সুন্দৰ উপস্থাপন