অপ্ৰেমৰ শেষত আৰু অন্যান্য গল্প – কলচুম বিবি

ড৹ নিপম কুমাৰ শইকীয়াৰ গল্প সংকলন ‘অপ্ৰেমৰ শেষত আৰু অন্যান্য গল্প’

“এটি পুৱাৰ এলিজী”(২০০৮) আৰু “আইৰিন মোৰ প্ৰেমিকা”(২০১১) ৰ পাছত গল্পকাৰ নিপম কুমাৰ শইকীয়াৰ শেহতীয়া গল্প সংকলন হৈছে “অপ্ৰেমৰ শেষত আৰু অন্যান্য গল্প”। সংকলনখনত ৮ টা বৈচিত্ৰ্যময় কাহিনীৰ গল্প আছে। প্ৰতিটো গল্পৰ প্ৰকাশভংগী অতি সৰল আৰু নিটোল গাঁথনি। সাম্প্ৰতিক সময়ত গল্প চৰ্চা কৰি থকা গল্পকাৰসকলৰ ভিতৰত তেখেত অন্যতম। তেওঁৰ গল্পৰ চৰিত্ৰসমূহে সাম্প্ৰতিক সময়ৰ সমাজখনক প্ৰতিফলিত কৰে। লেখকে  আশে-পাশে থকা  সমাজখনত উপলব্ধ ঘটনা-পৰিঘটনাসমূহক গল্পৰ ৰূপ দিছে। চৰিত্ৰসমূহ অতি চিনাকী। বাস্তৱ সমাজখনৰ পৰাই বুটলি আনি কল্পনাৰ আশ্ৰয়ত চৰিত্ৰসমূহ চিত্ৰায়ণ কৰিছে।

গল্পকাৰ ড৹ নিপম কুমাৰ শইকীয়াৰ ৰচিত গল্পৰ সংখ্যা তাকৰ হ’লেও তেখেতৰ গল্পসমূহে পাঠকৰ হৃদয় আৰু মগজুত চিন্তাৰ খোৰাক যোগায়। জটিলতাবৰ্জিত, বাহুল্যহীন ভাষাৰ সাৱলীল কথনভংগীৰ বাবে পাঠকে আমনিবোধ নকৰে। তেখেত এগৰাকী সমাজ সচেতন লেখক। সেয়ে তেখেতৰ গৰিষ্ঠসংখ্যক  গল্পৰ মাজত ৰূপান্তৰৰ ছবি এখন দেখিবলৈ পোৱা যায়। ইয়াৰ বাহিৰেও গল্পকাৰে পাঠকক অতি উৎকণ্ঠাৰে গল্পটোৰ পৰিণতিলৈ লৈ যাব পাৰে।  সংকলনখনত সন্নিৱিষ্ট “পুঁজি” আৰু “উচ্চতা” মানৱীয় আবেদনেৰে পৰিপুষ্ট দুটি নিটোল গল্প। এককথাত গল্পকাৰৰ সাৰ্থক সৃষ্টি।

“পুঁজি” গল্পটোত কেন্দ্ৰীয় চৰিত্ৰ প্ৰতীক আৰু নতুনকৈ কিনি অনা বিলাসী গাড়ীখনক কেন্দ্ৰ কৰি গল্পটোৰ কাহিনীভাগ আগবাঢ়িছে। প্ৰতীকে গাড়ীখনক লৈ উৎফুল্লিত হৈ থাকোতে তেওঁৰ আদৰ্শবান পিতৃলৈ মনত পৰে। শ্ৰেণীহীন সমাজ এখন গঢ়িব বিচৰা পিতৃৰ মৃত্যু হৈছিল দুৰ্বৃত্তৰ আক্ৰমণত। গাড়ী এখন নথকা বাবেই প্ৰতীকে পিতৃক বচাব পৰা নাছিল। কিন্তু সেইজন আদৰ্শবান ব্যক্তিৰ পুত্ৰ আজি এজন দুৰ্নীতিগ্ৰস্ত বিষয়া, যিয়ে পত্নীৰ প্ৰয়োজন পুৰাবৰ বাবে দিলীপ নামৰ জুৱাৰী এজনৰ কথা মনত পেলাইছে,  যিজনে মাটি বিক্ৰীৰ অনুমতি পালে শকত পৰিমাণৰ ধন দিব বুলি কথা দিছিল। অফিচত দিলীপৰ সহজ-সৰল পিতৃক লগ পাই তেওঁ পত্নীৰ প্ৰয়োজন পূৰণ কৰিব পাৰিব বুলি সুখী হৈছে। কিন্তু দিলীপৰ পিতৃৰ মাজত নিজৰ পিতৃৰ ছবিখন দেখি প্ৰতীক বিপাঙত পৰিছে। জুৱাৰী পুত্ৰ দিলীপে যাতে কোনোদিনে মাটি বিক্ৰী কৰিব নোৱাৰে তাৰবাবে কিবা এটা ব্যৱস্থা কৰিবলৈ কোনোদিনে ঘোচ দি নোপোৱা ব্যক্তিজনে পেঞ্চনৰ পইছাকেইটা প্ৰতীকৰ হাতত গুজি দিছে। দিলীপৰ দেউতাকৰ আদৰ্শই প্ৰতীকৰ উত্তৰণ ঘটালে। টকাৰ খামটো দিলীপৰ দেউতাকৰ হাতত ঘুৰাই দি প্ৰতীকে কয়,- “জীৱনত কেতিয়াও কৰি নোপোৱা কাম এটা নিজৰ কাম বুলি ভাবি কৰিম।“

“উচ্চতা” গল্পটোত অসমৰ এনেকুৱা এটা সময়ক প্ৰতিফলিত কৰা হৈছে যিসময়ত সাধাৰণ যুৱকসকলক সন্ত্ৰাসবাদী হোৱাৰ সন্দেহত মিলিটেৰীয়ে হাৰাশাস্তি কৰি অত্যাচাৰ কৰিছিল। সেয়া হয়তো অসমৰ ইতিহাসত এক মচিব নোৱাৰা কলংকিত অধ্যায়। তেনেকুৱা এটা ঘটনাৰেই বলি হৈছিল গল্পটোৰ মূল চৰিত্ৰ নীলাঞ্জন। গল্পটোত আন এটা মূল চৰিত্ৰ পোৱা যায়, যাক গল্পকাৰে নীলাঞ্জনৰ বন্ধু হিচাপে উপস্থাপন কৰাৰ লগতে গল্পটোৰ কথক চৰিত্ৰ হিচাপে ৰূপায়ন কৰিছে। নীলাঞ্জনৰ সফলতাই,  নীলাঞ্জনৰ স্বাভিমানী স্বভাৱে কথকক বাৰে বাৰে আঘাত কৰিছিল, যাৰ বাবে বন্ধুৰ অন্তৰত নীলাঞ্জনৰ প্ৰতি আক্ৰোশৰ সৃষ্টি হৈছিল। মিলিটেৰীয়ে কৰা অত্যাচাৰৰ ফলত নীলাঞ্জনৰ জীৱনলৈ যি অমানিশা নামি আহিছিল সিয়ে বন্ধুজনক সামান্য পৰিমাণে সকাহ দিছিল। কিন্তু কেইবাটাও বছৰ পাৰ হৈ যোৱাৰ পিছত যেতিয়া কথকে নীলাঞ্জনক লগ পালে কথকৰ সন্মুখত নীলাঞ্জনৰ উচ্চতা বাঢ়ি যোৱাহে দেখিলে। উল্লেখিত দুয়োটা গল্পই প্ৰান্তিকত শ্ৰেষ্ঠ গল্প হিচাপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে।

সংকলনখনত সন্নিৱিষ্ট প্ৰতিটো গল্পতেই মানৱীয় দিশসমূহৰ উত্থান-পতন দেখুওৱা হৈছে। মানৱতাৰ প্ৰতি ভাবুকি আহিছে যদিও গল্পকাৰে সেই মানৱতাৰ মৃত্যু হ’ব দিয়া নাই। তেওঁৰ গল্পবোৰত  আন্ধাৰৰ মাজতো এগছি পোহৰৰ চাকি ধিমিক-ধামাককৈ জ্বলি থকা দেখা যায়। সেয়া আশাৰ কিৰণ।

তেখেতৰ গল্পত সাধাৰণ মানুহৰ জীৱনত ঘটি থকা নানা ধৰণৰ ঘটনা-পৰিঘটনাক পৰ্যবেক্ষণৰ জৰিয়তে উপস্থাপন কৰা দেখা যায়। মমবাতিৰ পোহৰ, জিনছ পেণ্ট, শিল্পী আদি গল্প উল্লেখযোগ্য। আশীৰ দশকত অসমে মুখামুখি হোৱা পৰিস্থিতিৰ ফলস্বৰূপে সলনি হোৱা সমাজ আৰু সন্ত্ৰাসবাদৰ ভয়াবহতা, নিম্ন মধ্যবিত্ত শ্ৰেণীৰ সংগ্ৰাম আৰু সপোন, শিশুৰ অসহায় অবস্থা আদি গল্পসমূহত প্ৰতিফলিত হোৱা দেখা যায়।

“অপ্ৰেমৰ শেষত”  আৰু “শূন্যত অঁকা ছবি”  দূটা ভিন্নস্বাদৰ গল্প। দুয়োটা গল্প বিষাদগধুৰ। প্ৰথমটোৰ পৰিসমাপ্তিত ৰূপান্তৰৰ চিত্ৰ এখন দেখিবলৈ পোৱা যায়। পিতৃৰ কু-কৰ্মৰ বাবে আইমীহঁতৰ ঘৰখনলৈ অমানিশা নামি আহে। পুলকৰ প্ৰতিশোধৰ বলি হয় সিহঁতৰ ঘৰখন। সন্তান সম্ভৱা আইমী মানসিক অন্তৰ্দ্বন্দ্বত ভোগে। প্ৰতিশোধ লবলৈ বিচাৰে। কিন্তু পুলকৰ মুখত পিতৃৰ বাবে পুলকৰ ঘৰখন ধ্বংস হোৱা বুলি জানিব পাৰি হতাশ হৈ পৰে। আত্মহননৰ পথ বাছি লবলৈ গৈ আইমীৰ উত্তৰণ ঘটিল। পেটৰ সন্তানটোৰ কাৰণে পিছ হুহকি আহে। আইমী চৰিত্ৰটোক বিভিন্ন সংঘাতৰ মাজেৰে উপস্থাপন কৰি সৰ্বশেষত পোহৰৰ যি বাট দেখুৱালে তাতেই গল্পকাৰৰ সাৰ্থকতা লুকাই আছে। ৰূপান্তৰৰ  ছবিখনে আশাৰ বতৰা কঢ়িয়াই আনিছে। পাঠকে স্বস্তিৰ নিশ্বাস পেলাইছে। গল্পটো সুখপাঠ্য  হৈ উঠিছে।

আন এটা গল্প “শূন্যত অঁকা ছবি”  সংকলন খনৰ এটা উল্লেখ্যযোগ্য গল্প। সংকলনখনত সন্নিৱিষ্ট আঠোটা গল্পৰ ভিতৰত এই গল্পটোৰ পৰিসমাপ্তি বিষাদগধুৰ। গল্পটোৰ শিশু চৰিত্ৰ ৰাবিয়া গল্পকাৰ বাস কৰা সমাজখনৰ এটা চিনাকী চৰিত্ৰ, যাক গল্পকাৰে জীৱন্ত ৰূপত চিত্ৰায়ণ কৰিছে। ৰাবিয়াই ভায়েক ৰফিকক পুতলা গাড়ী এখন কিনি দিয়াৰ সপোনেৰে গল্পটোৰ কাহিনীভাগ আৰম্ভ হৈছে। প্ৰবল বানপানীত ৰাবিয়াৰ পিতৃৰ মৃত্যুত ঘৰখনলৈ হঠাতে আন্ধাৰ নামি আহিছে। গল্পকাৰৰ চিনাকী নদীখনৰ ভয়াবহতাই ৰাবিয়াহঁতৰ গাঁওখনলৈ কঢ়িয়াই অনা ভাবুকি গল্পটোত সুন্দৰকৈ ফুটি উঠিছে। এয়া যেন ৰাবিয়াহঁতৰ গাঁৱৰে নহয় সমগ্ৰ অসমৰ  নৈপৰীয়া লোকৰ কাহিনী। গল্পটোৰ কাহিনীভাগ পুতলা গাড়ীখনক কেন্দ্ৰ কৰি আগবাঢ়ি গৈ থাকে। একমাত্ৰ ভায়েক ৰফিকৰ পুতলা গাড়ীখন কিনিবৰ বাবেই ৰাবিয়া কাম কৰা ছোৱালী হিচাপে অৰুণাচললৈ গুছি যায়। কিন্তু অৰুণাচলৰ হাবিত বিষাক্ত কীটে দংশন কৰাৰ ফলত ৰাবিয়াৰ জীৱনলৈ অন্ধকাৰ নামি আহে। এটি সপোনৰ মৃত্যু ঘটে। গল্পটোৰ কৰুণ সমাপ্তিয়ে পাঠকৰ হৃদয়ত শিশু শ্ৰমিকৰ প্ৰতি    সজাগতাৰ সৃষ্টি কৰাতেই গল্পটোৰ সাৰ্থকতা।

সংকলনখনত সন্নিৱিষ্ট প্ৰতিটো গল্পৰ ভাষাৰ মধুৰতা, সাৱলীল  প্ৰকাশভংগীয়ে গল্পকেইটা সুমধুৰ কৰি তুলিছে। প্ৰতিটো গল্পতেই গল্পকাৰে সমাজলৈ এটা বাৰ্তা এৰি দি কাহিনীৰ কথকৰূপে  কাহিনীভাগ সৰলতাৰে আগবঢ়াই লৈ গৈছে। কথকৰূপে তেখেতৰ বিচক্ষনতা মন কৰিবলগীয়া। প্ৰায়ভাগ গল্প যুৱপ্ৰজন্মক কেন্দ্ৰ কৰি ৰচনা কৰা। যুৱপ্ৰজন্মই সন্মুখীন হোৱা বিভিন্ন ঘাট-প্ৰতিঘাটক বিভিন্ন সংঘাত আৰু অন্তৰ্দন্দ্বৰ মাজেৰে আগবঢ়াই লৈ যোৱাৰ লগতে  মানবীয় প্ৰমূল্যক প্ৰাধান্য দিয়াত গল্পকাৰ সফল হৈছে।

০০০০০

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক