অপৰাজিতা — নিৰ্মালী সন্দিকৈ


ককাকে দোতাৰা সাজে৷ কাঠ, বাঁহেৰে আলনা, চাকিৰ গছা, পুথি থাপনা সাজে৷ পাচি, খৰাহী, ডলা চালনি বৈ ঘৰৰ বোৱাৰী জীয়ৰীহঁতক ভগাই দিয়ে৷ চোলাটো, চুৰিয়াখন বনিয়নটো ফাটিলে নিজেই সী লয়৷ কলগেটৰ টিনৰ টেমাটোৰ পৰা পাউডাৰ অকণ উলিয়াই লৈ সৌৰা ঠাৰিৰ দাঁতোনেৰে দাঁত ঘঁহে৷ জিকমিকিয়া বত্ৰিছটা দাঁত৷ হাঁহিলে চকুহাল মুদখাই যায়৷ মাজনীৰো৷ মাজনীয়ে যেতিয়া হাঁহে, নাকটো কোঁচ খাই চকুহাল মুদ খাই যায়৷
মাজনীয়ে যেতিয়া কান্দে, ঘৰৰ মানুহবোৰৰ চকু বহল হৈ যায়৷ ইটোৱে সিটোক সন্দেহৰ চকুৰে চায়৷ কোনে কন্দুৱালি তাইক? কোনটোৱে?
ককাকে এছাৰি এডাল বতাহতে জোকাৰে৷ মাজনীৰ উচুপনি বন্ধ হয়৷
: আহ আই আহ৷ আজি বলে ককাৰৰ ঘৰলৈ সকাম খাবলৈ যাম৷ নেকান্দিবি৷ গোটেইখনৰে পিঠি ফালিম আজি৷ আমাৰ ছোৱালীজনীক কন্দুৱায়!
: আকৌ পিঠি চিলাই দিবা ককা?
: দিম দে, তই কলে চিলাইও দিম৷
মাজনীয়ে চোলাৰ পাতলিৰে চকু মচে৷ তাইৰ হাতছিগা কইনাজনী ববী বায়েকৰ দৰাটোলৈ বিয়া কৰাই নিনিলে৷ পিঠিফলা পেহীয়েকক দৰাই নিব জানো? ককাকক তাই পেহীয়েকৰ পিঠি নেফালিবলৈ ক’ব৷ কয়ও৷
ককাকে মূলা আৰু ধনীয়াবোৰত তলিফুটাই লোৱা নাৰিকল তেলৰ টেমা এটাৰে পানী দি দি শলাগে৷ বাঁহৰ মাৰি এডালৰ আগটোত টেমাটো বন্ধা থাকে৷ তাৰ পৰা জিৰজিৰকৈ পানী পৰে৷ মাজনীৰ এনেয়ে ভাল লাগি যায়৷ অলপ আগেয়ে মাকে জোৰকৈ ভাত খুৱাবলৈ লওঁতে যে তাই কান্দিছিল, তাই পাহৰি যায়৷
মাজনীৰ আইতাকৰ হাতখন লখিমী৷ য’তে গোঁজ মাৰে, ত’তে লহপহকৈ গজে৷ খৰাহী ভৰাই তোলা কণবিলাহী, মটৰমাহ আৰু নতুন আলু চুবুৰীয়াক বিলাই তত্ নেপায়৷ পালেং, চুকা নাইবা মেৰলাইৰে ৰন্ধা মাছৰ জোলকণ চুবুৰীৰ সিটো পাৰৰ দেব বৰপিতাইয়েকৰ ঘৰৰ মানুহলৈকে খাবলৈ পায়৷ পিঁয়াজ, নহৰুৰ টোপোলাবোৰেৰে পাকঘৰৰ বেৰ ভৰি থাকে৷ পথাৰত জেং দি ৰঙালাউ ৰুৱেহে, শ শ লাউ মানুহক দি, বজাৰত বিকিও মাঘৰ বিহুলৈ সাঁচিব পৰা হয়৷ মানুহে মাজনীৰ আইতাকক কয়, “তুমি অকল কেয়াচিনটোপা আৰু লোণকণৰ খেতি কৰিবলৈহে বাকী! “
আইতাকে গৌৰৱময় পোহৰময় মুখেৰে হাঁহি পেলায়৷ মাজনীৰ ভাল লাগে৷ আইতাকলৈ মৰম লাগি যায়৷
ঘৰৰ হাঁহজাকেও আইতাকক ভাল পায়৷ দামুৰীটোৱেও ভাল পায়৷ ন কৈ জগা ছাগলী পোৱালিটোৱেও৷ তাক আইতাকে কোলাতো লয়৷ তেতিয়া তাই আইতাকক বেয়া পায়৷
: বেলেগ আইতা আনাগৈ ককা৷
হাত দুখন সাবট মাৰি, গাল ওফোন্দাই তাই ককাকক হুকুম দিয়ে৷ বাঁহৰ খুঁটাত কটাৰীৰে ফুটাই লোৱা সৰু পথালি বাটটোত আধলি দুটা ভৰাই ককাকে কয়, “এইটো ভৰ্তি হওক ৰহ! তোক মই নতুন আইতাৰ আনি দিম৷ বজাৰত এনেয়ে নিদিয়ে নহয়! “
ককাকে তাৰপাছত তাইক মাটিৰ সুতুলি সাজি দিয়ে৷ ভাল দেখিবলৈ পাণৰ লগত খোৱা চূণ অকণকে নিমজকৈ লেপি দিয়ে৷ ককাকে কয়, বজাচোন এইটো৷ এনেকৈ বজা৷ তোক গগণাও সাজি দিম মই৷
বাঁহপতীয়া গগণা এপাত, চূণলেপা সুতুলি এটা, মিহিকৈ চোঁচা কাকৈ এখন মাজনীৰ সম্পত্তিৰ তালিকাত যোগ হয়৷
: জাপি এটাও সাজিবা ককা? পানীজাপি যে!
“দিম ঔ আই৷ তোক মই চব দিম৷ মোৰ লখিমী পোৱালিজনী৷ তোৰ হাতত আইতাৰৰ নিচিনাকৈ লখিমী গজিব“
মাজনীয়ে খকামকাকৈ সাৰ পায়৷ নলতলি বজাৰ পালোহিয়েইনে! বৰুণে গহীনাই গাড়ীৰ দৰ্জা জপাই কয়, “যি হে টোপনি আৰু! কি পাইছোহি কেনেকৈ জানিবা? “
মাজনীৰ ধৰফৰণি বাঢ়ে৷ ইমান অন্যমনস্ক হ’লে যে কেনেকৈ হ’ব! ঘৰ পাবগৈ লাগে সোনকালে৷ সিহঁতক ভাগে ভাগে যতন ল’বগৈ লাগে৷ তাইলৈকে মুখ শুকুৱাই ৰৈ থাকিব গোটেইজাক৷ ভাড়াঘৰটোৰ ছাদত চালানী মাছ অনা থাৰ্মকলৰ বাকচত আম, থেকেৰা, কুঁহিয়াৰ, অমিতা, কৰ্দৈ, নেমু, জাতিলাউৰ পৰা পাণলৈকে ৰুইছে তাই৷ বিলাহী দুজোপামান আৰু লাগ বুলিলেই ছিঙিব পৰা কৈ জলকীয়া, বেঙেনাও আছে৷ অলপদিন আগেয়ে বৰুণে ক’ৰবাৰ পৰা জেতুকাৰ ডাল এটাও আনি ৰুইছেহে৷ ডালিম দুজোপাৰ কথাই বেলেগ৷ পকিলে ফলটো ফাটি থাকে৷ ৰসে চৌ চৌ গুটি৷ মাজনীহঁতৰ সিটোপাৰে থকা পৰিয়ালটোৰ শকত মানুহজনীয়ে কেতিয়াবা তাইৰ অবৰ্তমানত ধনীয়া, জলকীয়া, লফাশাক, ডালিম, পাণ, বেঙেনাৰ পৰা নেমুটোলৈকে আটাইবোৰ চুৰ কৰে৷ বৰুণে খৰাহী ভৰাই শাক পাচলিবোৰ ছিঙি অনাৰ দিনা এটা ভাগ তেওঁলোকেও পায়৷ তথাপিও এচামৰ বাবে চুৰি ধনতহে আচল সুখ৷ মালিকক মানুহজনীয়ে মাজে সময়ে কমপ্লেইনো দিয়ে৷ ছাদখন দুটা ফেমিলিৰ হয়, এটা ফেমিলিয়ে অকলে জংঘল বনাই পেলালে কেনেকৈ হ’ব?
বৰুণে মালিকক কৈ মেলি বন্দোবস্ত কৰে, ছাদৰ ভাড়া এক্সট্ৰা দিয়া হ’ব৷ সিটো ফেমিলিয়ে কাপোৰ কানি চোতালতে মেলিব পাৰে৷ মাজনীয়ে ছাদত পতা বাগিছাৰ লাউ, বিলাহীৰে মাছৰ জোল ৰান্ধে, কাগজী নেমুৰ ৰস চেপি মলমলীয়া গোন্ধেৰে দাইল সিজায়, পালেং শাকেৰে পনীৰ কাৰী কৰে, খাহীমাংসত দিবলৈ গছৰে অমিতা এটা আনে, মজিয়াত পতা অস্থায়ী চৌকাত বেঙেনা পোৰে৷ ইটো ফেমিলিৰ শকত মানুহজনীৰ বুকু পোৰে৷ মাজনী আচৰিত হয়৷
মানুহবোৰে ঈৰ্ষা কৰিবলৈ কিমানটা অজুহাত যে বিচাৰি নলয়! গছবোৰলৈও মানুহৰ ইমান ঈৰ্ষানে? বুকুত এলানি সেউজীয়া বৈ ফুৰা মানুহে নাৰিকলৰ কোৰোকাতো যে নহৰু এফোঁটা ৰুইহে পাৰে! সেইকথা সেইবোৰ মানুহে জানেনে? বৰুণে ফুল ফুলা নেমুজোপা দেখি যে কয়, “হেৰা, শুনাচোন! ইউ আৰ প্ৰেগনেণ্ট এগেইন! “এইবোৰ মাত, এইকণ উৎসাহ, এইকণ জীয়নৰ উশাহ বুজিবলৈ মানুহৰ বুকু এখন আছেনে সিহঁতৰ? বৰুণে কয়, “পাত্তা নিদিবা অ’৷ আমাৰ গছবোৰক একো কৰিব নোৱাৰে কোনেও৷ “
মাজনীৰ ভয় লাগে৷ মানুহজনীয়ে গছবোৰৰ গুৰিত বিহ এগাল ঢালি থৈ আহিবগৈ যেন লাগে৷ পাণজোপা নতুনকৈ গাভৰু হৈছে৷ শান্তি হৈ উঠা পাটগাভৰু এজনীৰ দৰে৷ মানুহজনীৰ দুষ্ট জীয়েকজনীয়ে এদিন সেইজোপা আঁজুৰি পেলাইছিল৷ মাজনীৰ মন গৈছিল, তাইক ঠাঁচ্ কৈ এচৰ দিব৷ পিছমুহূৰ্ততে তাই থমকি ৰৈছিল৷ শকত মানুহজনীয়ে জীয়েকৰ চৰটো সহিব নোৱাৰি তাইকো কথাৰেই চৰিয়াব৷ আগতে বহুবাৰ কোৱাৰ দৰেই ক’ব,
“বাৰী ভৰ্তি হ’ল কি হ’ল? বাচ্চাই জনম দিব পৰা নাই৷ বঁজাক নাটে, বাঁজীক নাটে৷ চব্জী খেতি কৰি ধনী হবলৈ গৈছে৷ “
মাজনীয়ে ককাকক সপোনত দেখিলে৷ তাকো দিনতে৷ চিলমিল টোপনিত৷ তেজপুৰৰ পৰা ভাড়াঘৰলৈ গৈ থাকোঁতে৷ ককাকে যেন তাইক নিচুকাব খুজিছিল৷
ঘৰৰ তলাটো নোখোলাকৈয়ে তাই পোনছাটেই ছাদ পালেগৈ৷ পানী নিদিয়াকৈ থৈ যোৱা শাক কিজোপা লেৰেলি থাকিব পায়! ছাদলৈ উঠা শেহ চিৰিটোত থিয় দি তাই আৰ্তনাদ কৰি উঠিল৷ পাণজোপা, অমিতা ডাল আৰু নেমুজোপা দুটুকুৰাকৈ কাটি পেলোৱা হৈছে৷ মাটিৰ টাব আৰু থাৰ্মক’লৰ বাকচবোৰ লণ্ড-ভণ্ড৷ থেকেচি ভাগি পেলোৱাৰ দৰে পিটুনিয়াৰ হেংঙিং টাববোৰ৷ বৰুণে অকণমান জেওৰা এখন বৈ তাতে ভেদাইলতা এজোপা বগাবলৈ দিছিল৷ সেইজোপাও কৰ্ফাল খাই পৰি আছে৷ মাটিকপৌৰ গছ দুজোপাৰ পাতবোৰ কিহবাৰে চকলা চকলকৈ কটা৷ সন্তানৰ ছিন্ন ভিন্ন শৰীৰৰ আগত বহি পৰাৰ দৰে মাজনী বহি পৰিল৷ তাইৰ ডিঙি শুকাই গ’ল৷ বৰ কষ্টেৰে তাই বৰুণক চিঞৰিলে৷ সি আহিল৷ জীয়াব বুলি শেষ আশা বাকী ৰৈ যোৱা শাক পাচলি আৰু ফুলবোৰৰ অৱশিষ্ট গছবোৰ মিনি ট্ৰাকখনত তুলি বৰুণে ছাবিটো মালিকৰ হাতত তুলি দিলে৷ শকত মানুহজনীয়ে পৰ্দাৰ আঁৰেৰে জুমি চাই দেখিলে, বৰুণে টাবত ৰোৱা এল’ভেৰা এজোপা কোলাত তুলি লৈছে৷ নৱজাত সন্তান কোলাত লোৱা পিতৃৰ দৰে সেই ভংগীমা৷
“আহিছো দাদা৷ বেয়া নেপাব৷ আমি গছ ৰোৱা মানুহ৷ যলৈকে যাওঁ, ততেই বাগিছা পাতিম৷ আপোনাৰ ছাদখনত পদিনা দুজোপামান ৰৈ গ’ল! উঘালি পেলায় নে কোনোবাই খাবলৈ থয় থৈ দিব৷ আমি ৰোৱা মানুহো, খোৱা মানুহো৷ উঘালি, আঁজুৰি আনিবলৈ বেয়া লাগিল৷ “
মাজনীয়ে ষ্টিয়েৰিং পকালে৷ আজি তাই ড্ৰাইভ কৰিব৷
বৰুণে বৰ ৰাফ চলায়৷ তাক ড্ৰাইভ কৰিবলৈ দি ডিকিত থকা পুলিবোৰক আকৌ এবাৰ কষ্ট পাবলৈ দিব নোৱাৰি৷
মাজনীৰ ঘপ্ কৈ মনত পৰিল, তুলসীজোপা থাকি আহিল! তাৰপাছতে তাই ভাবিলে, সেইজোপা থাকক৷ তাৰ অমল ছায়াই গছত বিহ ঢলা মানুহবোৰৰ বুকুত অকণমান সেউজীয়া সিঁচক৷
মাজনীয়ে চকুহাল মচি ল’লে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক