অপৰাধপূৰ্ণ পৰিবেশ আৰু বিপন্ন ব্যক্তিগত নিৰাপত্তা (কৌস্তুভমনি শইকীয়াদত্ত)

দূৰদৰ্শণৰ বাতৰি প্ৰত্যক্ষ কৰি বা বাতৰিকাকতখনত চকু ফুৰাই উঠি অজ্ঞাত আশংকাত মন কঁপি উঠে । চৌদিশে কেৱল অপৰাধ আৰু অপৰাধ । নিজৰ আৰু নিজৰ আপোনজনৰ নিৰাপত্তাৰ বাবে মন ব্যতিব্যস্ত হৈ উঠে ।বৰ্তমান আমি যি সামাজিক পৰিবেশত বাস কৰিছো নিঃসন্দেহে প্ৰতিজন ব্যক্তিয়েই প্ৰতিপলে অনুভৱ কৰিছে কিবা নহয়কিবা এটা নিৰাপত্তাহীনতা । হত্যা, ধৰ্ষণ, শ্লীলতাহানি, অপহৰণ, চুৰি, ডকাইতি, গোষ্ঠীগত সংঘৰ্ষ, বোমা বিস্ফোৰণ, সন্ত্ৰাসবাদ ! কি ঘটা নাই আজিৰ অসমত ! এহাতে বিশাল মাত্ৰাত ঘটি
থকা অপৰাধ আৰু তাৰ চিকাৰ হোৱা নিৰীহজন সাধাৰণ আনহাতে অপৰাধ নিয়ন্ত্ৰণ কৰা যন্ত্ৰৰ অপৰাধ নিয়ন্ত্ৰণত ব্যৰ্থতা ।ই সৰ্বসাধাৰণৰ মনত সৃষ্টি কৰিছে অন্য এক সন্ত্ৰাস – নিৰাপত্তাহীনতাৰ সন্ত্ৰাস ।
 

জনসাধাৰণৰ মনত সৃষ্টি হোৱা নিৰাপত্তাহীনতা হৈছে ব্যক্তিগত ক্ষতি, সম্পদৰ ক্ষয়ক্ষতি, অনিশ্চিতভাৱে আৰু হঠাতে আহি পৰা বিপদৰ বৰ্ধিত হাৰ আৰু চৌদিশে ব্যাপ্ত আইন-শৃংখলাজনিত পৰিবেশ হানিৰ লজ্জাজনক ফল ।এই অপৰাধ জৰ্জৰ পৰিবেশে আজিৰ অসমৰ সামাজিক ভেঁটি কঁপাই তুলিছে । অপৰাধে সদায় একোখন দেশৰ আৰ্থিক আৰু সামাজিক উন্নতিক প্ৰত্যাহ্বান জনাই আহিছে ।নিবনুৱা সমস্যা আৰু অৰ্থনৈতিক সমস্যাৰ দৰে সমস্যাই সমাজত উদ্বেগ বঢ়ায়, কিন্তু অপৰাধে প্ৰত্যক্ষভাৱে জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই আনে আৰুব্যক্তিৰ সম্পত্তি নষ্ট কৰে । গতিকে আন আন সমস্যাসমূহ ৰাইজৰ বাবে গৌন হৈ পৰে ।তেতিয়া স্বাভাবিকভাৱেই তেওঁলোকে প্ৰশাসনৰ প্ৰতি অনাস্থা প্ৰকাশ কৰে আৰু বহু ক্ষেত্ৰত বিদ্ৰোহী হৈ উঠে । অসমতো বৰ্তমান এনে পৰিস্থিতিয়েই বিৰাজমান । বৰ্ধিত অপৰাধে সামাজিক আৰু বৌদ্ধিক বাতাবৰণ দূষিত কৰি তুলিছে ।ই সুস্থ সমাজৰ লক্ষণ নহয় । অনতিবিলম্বে এই পৰিস্থিতিৰ অৱসানৰ অতীব প্ৰয়োজন ।

এনে পৰিস্থিতিৰ পৰিপেক্ষিতত সমাজত ঘটি থকা অপৰাধসমূহ নিয়ন্ত্ৰণ কৰাটো অতিজৰুৰী । প্ৰশাসন যন্ত্ৰ আৰু পুলিচে উপযুক্ত শক্তি আৰু কৌশল প্ৰদৰ্শণেৰে অস্থায়ীভাৱে অপৰাধ নিয়ন্ত্ৰণ কৰিব পাৰে ।কিন্তু স্থায়ীভাৱে অপৰাধৰ উৰ্ধগামী গ্ৰাফডাল নিয়ন্ত্ৰণ কৰিবলৈ অপৰাধীসকলৰ সংশোধন আৰু পুণৰ সংস্থাপন অতি জৰুৰী ।

কোনো লোকেই অপৰাধী হৈ জন্ম নলয় । সমাজতত্ববিদসকলে স্বীকাৰ কৰে যে অসুস্থ পৰিবেশেহে একোজন ভাল মানুহক অপৰাধীত পৰিণত কৰে ।বিশেষকৈ কম বয়সীয়া অপৰাধীসকলৰ ক্ষেত্ৰত দেখা যায় যে কোনো অপৰাধপ্ৰৱণতা বা কু-অভিপ্ৰায় নোহোৱাকৈয়ে তেওঁলোকে কিছুমান অপৰাধ সংঘটিত কৰে । ইয়াৰমূল কাৰণ হৈছে চৌদিশৰ বৌদ্ধিক চৰ্চাবিহীন অসুস্থ বাতাবৰণ আৰু তেওঁলোকৰ প্ৰাণশক্তিক দেশৰ সম্পদ কৰি গঢ় দিবলৈ উপযুক্ত আৰু আইনসংগত সুযোগ-সুবিধাৰ অভাৱ । অনস্বীকাৰ্য যে এজন অপৰাধীয়ে শাস্তি পোৱাটো বৰ প্ৰয়োজনীয় কথা ।কিন্তু শাস্তি প্ৰদান প্ৰক্ৰিয়াত অপৰাধীজন থকা পৰিবেশ, পৰিস্থিতি আৰু তেওঁকৰা অপৰাধৰ ধৰণ সদায় বিবেচনা কৰা উচিত । বন্ধুত্বপূৰ্ণ আৰু সহৃদয় বিচাৰ প্ৰক্ৰিয়াই এজন অপৰাধীক দায়িত্বশীল নাগৰিকলৈ পৰিবৰ্তিত কৰিব পাৰে ।দেশজুৰি ব্যাপ্ত হৈ পৰা অপৰাধৰ সৰ্বনাশী জুইকুৰাৰ পৰা জনগণক বচাবলৈ অপৰাধীসকলৰ মানসিক উত্তৰণৰ প্ৰয়োজন- এই গুৰু দাযিত্ব মূলতঃ ৰাষ্ট্ৰৰ ।কিয়নো আইনগত অপৰাধ নিয়ন্ত্ৰণ আৰু শাস্তিপ্ৰদান হৈছে এটা আনুস্থানিক প্ৰক্ৰিয়া – পুলিচ, আদালত, আইন প্ৰণয়ন এই সকলো মিলি এটা বিশাল অনুস্থান।ৰাষ্ট্ৰহে তাৰ উপযুক্ত পৰিকল্পনা আৰু নীতি নিৰ্ধাৰণ কৰিব পৰা একমাত্ৰশক্তি ।
অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত পুনৰ-শিক্ষণ আৰু শাস্তিপ্ৰদান- এইদুই ধৰণৰ প্ৰতিকাৰৰ প্ৰচলন থাকে ।সাধাৰণ অপৰাধীৰ ক্ষেত্ৰত কিছু নৰম শাস্তিআৰু শিক্ষণৰ দ্বাৰা শুধৰণি আনিব পাৰি ।কিন্তু স্বভাৱগত আৰু বাৰেবাৰে অপৰাধত লিপ্ত হোৱা অপৰাধীৰ ক্ষেত্ৰত কঠোৰ দৃষ্টান্তমূলক শাস্তিয়েহে কাম দিয়ে । অপৰাধ সৃষ্টি কৰাত অৰিহণা যোগোৱা কাৰকসমূহ নিৰ্মূল কৰিও সুফলপ্ৰাপ্ত কৰিব পাৰি । বিভিন্ন হস্ৰম্যাদী আৰু দীৰ্ঘম্যাদী আঁচনিৰ যোগে নিবনুৱা সমস্যা আৰু জনসংখ্যা বৃদ্ধি ৰোধ কৰাটো প্ৰয়োজনীয় পদক্ষেপ ।তদুপৰি মাদক দ্ৰব্যৰ বহুল প্ৰচলন বন্ধ কৰাৰো অতিশয় প্ৰয়োজন আছে । যিকোনোপ্ৰকাৰে অপৰাধ আৰু অপৰাধীক নিয়ন্ত্ৰণত ৰখাটো চৰকাৰৰ কৰ্ত্তব্য । এইটো সঁচাযে এশ শতাংশ অপৰাধ নিৰ্মূল সম্ভৱ নহয় । কিয়নো অপৰাধ প্ৰৱণতা হৈছে এনে এটা মানসিক কাৰক যি স্থায়ী ভাবে মানুহৰ মনত থাকেই, যিটোৱে যুগে যুগে মানুহৰ মনত ত্ৰাস, অশান্তি সৃষ্টি কৰি আহিছে আৰু নিৰাপত্তা খৰ্ব কৰি আহিছে । কিন্তু সুপৰিকল্পনা আৰু বৌদ্ধিক উন্নতিয়ে এনে অপৰাধ প্ৰৱণতা নিয়ন্ত্ৰণতৰাখে । সুস্থ আৰু সবল ৰাষ্ট্ৰ-নেতৃত্ব থাকিলে আমাৰ অসমত হোৱাৰ দৰে জটিল আইন-শৃংখলাজনিত পৰিবেশ কেতিয়াও নহয় । এনে পৰিস্থিতিয়ে অতি নিষ্ঠাৰে আইনমানি চলা আৰু নৈতিকতাৰ পথত থকা সু-নাগৰিক সকলৰ মনত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে । কিয়নো তেওঁলোকে কোনো অপৰাধ নকৰাকৈ চৰম নিৰাপত্তাহীনতাত দিন কটায় ।নাগৰিকসকল নিজেও এই ক্ষেত্ৰত সজাগ হবৰ হল । সকলোৱে পৰাপক্ষত অপৰাধৰ চিকাৰ হোৱা লোকক সহায় কৰি, অপৰাধ সংঘটিত হোৱাৰ খবৰ পুলিচক দি, অনুসন্ধানত সহায়-সহযোগিতা কৰি নাগৰিকৰ কৰ্তব্য পালন কৰাত পিছ হুহকিব নালাগে । অপৰাধীক ঘৰত আশ্ৰয় দি কেতিয়াও সহায় কৰিব নালাগে । সৰ্ব্বোপৰি, এই পৰিস্থিতিতউঠি অহা সন্তানৰ মনত প্ৰচলিত আইন ব্যৱস্থাৰ প্ৰতি সন্মান আৰু ব্যক্তিগত জীৱনত নৈতিকতাবোধ জগাই তোলাটোও প্ৰতিজন নাগৰিকৰ কৰ্তব্য ।
সমাজত এতিয়া জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ আকুল আহ্বান । সুৰক্ষা মানৱ সভ্যতাৰ, সমাজৰ মুখ্য দাবী ।বৰ্তমানৰ সন্ত্ৰাস আৰু অপৰাধ জৰ্জৰ সমাজৰ মানুহৰ মূল প্ৰয়োজনলৈ অন্তৰদৃষ্টি দিলে আৰু আলোকপাত কৰিলে দেখা যায় যে প্ৰতিজন লোকেই ব্যক্তিগত সুৰক্ষাৰ অভাৱত ভূগিছে আৰু নিজক বিপদৰ পৰা বচাই ৰখাৰ প্ৰচেষ্টাত সদা-সন্ত্ৰস্ত জীৱন যাপন কৰিছে । এই পৰিবেশৰ পৰা আমি মুক্তি বিচাৰো । আমাক সকলো প্ৰকাৰ নিৰাপত্তাজনিত উদ্বিগ্নতাৰ পৰা , ভয়ৰপৰা, সন্দেহৰ পৰা আৰু সম্ভাব্য বিপদৰ পৰা মুক্তি লাগে । এখন গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে ব্যক্তিগত সুৰক্ষা আমাৰ মৌলিক অধিকাৰ । কিন্তু এতিয়াও সেই অধিকাৰৰ ভিত্তিত আমাৰ আত্মবিশ্বাসৰ সৌধ গঢ়ি উঠা নাই । ই সচাঁই অতি লজ্জাজনক অভিজ্ঞতা ।
সামাজিক পৰিস্থতিৰ লগত খাপ খোৱাকৈ অপৰাধ-নিয়ন্ত্ৰক আইনসমূহৰ সংশোধন আৰু সংযোজন হোৱা উচিত । এই আইনসমূহ সামাজিক আৰু নৈতিক দায়িত্ববহন কৰিব পৰা আৰু সময়ৰ আহ্বান তথা অপৰাধৰ প্ৰকৃতিৰ লগত তাল মিলাব পৰা নহ’লে এই অপৰাধৰাজ আৰু নিৰাপত্তাহীনতাৰ অৱসান সম্ভৱপৰ নহ’ব ।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments