অপৰূপা- মিনুৰেখা গগৈ

টিং টং
টিং টং

কলিংবেলৰ শব্দত অৰুণিমাই দুৱাৰখন খুলি দিলেহি৷ বাহিৰত শশাংক আৰু সৌৰভ ৰৈ থকা দেখিয়েই তাই সিহঁতৰ অহাৰ উদ্দেশ্যৰ কথা বুজি পালে৷ তাই কিবা কোৱাৰ আগতেই শশাংক আগবাঢ়ি আহিল তাইৰ ওচৰলৈ৷ সৌৰভে এবাৰ অৰুণিমালৈ চাই মিচিকিয়াই হাঁহি চোতালত থকা ফুলৰ টাববোৰলৈ চকু দিলে৷

–মে’ম, গল্পটো হ’লনে?
–হৈছে হৈছে ৰ’বা৷ আলোচনীৰ কাম কিমান আগবাঢ়িছে?
–ডিটিপি কৰা হৈছেই৷ আপোনাৰ গল্পটো বাকী আছে৷ মে’ম, প্লিজ কাইলৈৰ ভিতৰত দিব দেই গল্পটো৷ আপোনাৰ ’বেলি লহিয়ায়’ নামৰ গল্পটো গৰীয়সীত পঢ়াৰ পাছৰে পৰাই আপোনাৰ গল্পৰ ভক্ত হৈ পৰিলোঁ৷
–ঠিক আছে, ঠিক আছে৷ আজিয়েই গল্পটো সাজু কৰিম ম‌ই৷ আজি আমাৰ কলেজত এণ্ট্ৰেন্স পৰীক্ষা আছে নহয়, মোৰ ডিউটি আছে, সোনকালে ঘূৰিম৷ আহিয়েই গল্পটো সাজু কৰিম৷

অৰুণিমাই খৰধৰকৈ চাহ একাপ খায়েই কলেজলৈ ওলাই গ’ল৷ যাওঁতে বাটত লিখিম লিখিমকৈও নিলিখাকৈ থকা গল্পৰ কাহিনী দুটামানৰ কথাই ভাবি গ’ল৷ গল্পটো কি ধৰণে আৰম্ভ কৰিব, কি ধৰণে সমাপ্তি ঘটাব ঠিক কৰিব পৰা নাই তাই৷ তাইৰ গল্পবিলাক প্ৰায়েই দুখভৰা কাহিনীৰ হয় বুলি লগৰবোৰে কৈ থাকে৷ একপ্ৰকাৰ অভিযোগ বুলিব‌ই পাৰি৷ পঢ়িলে মনটো বোলে বহুপৰলৈকে গধুৰ লাগি থাকে৷ সেয়ে কলেজৰ মেগাজিনৰ বাবে দুখৰ কোনো প্ৰচ্ছায়া নথকা এটা গল্প লিখাৰ কথা ভাৱি আছে৷ উপযুক্ত কাহিনীহে বিচাৰি পোৱা নাই৷

কোবাকুবিকৈ পথৰ কেঁকুৰিটো ঘূৰিয়েই তাই চলিবলৈ ধৰা টেম্পুখন দেখিলে৷ টেম্পুৰ চালকে দূৰৰপৰাই তাইক দেখি জোৰ জোৰকৈ হৰ্ণটো বজাই দিয়াত তাই হাতখন দাঙি ৰ’বলৈ ইংগিত দিলে৷ টেম্পুখন বেক কৰি চলাই আনি তাইৰ ওচৰত ৰখাই দিলে৷ ততাতৈয়াকৈ তাই টেম্পুৰ আগৰ আসনখন খালী দেখি তাতে বহি ল’লে৷ চালকজনৰ গাৰপৰা ঘামমিশ্ৰিত এটা টেঙা গোন্ধ আহি তাইৰ নাকত লাগিল৷ ৰুক্ষ হৈ পৰা হাত দুখনেৰে ষ্টিয়য়েৰিঙত ধৰি যাওঁতে কাষলতিৰ তলৰ পৰা গোন্ধটো উজাই আহিছে৷ পৰিশ্ৰমৰ গোন্ধ এয়া –ভালকৈ চিনে এই গোন্ধ অৰুণিমাই৷ সৰুতে দেউতাকৰ গাতো এনে গোন্ধেই পাইছিল তাই৷
কলেজলৈ সোমায়েই তাই দেখিলে কলেজৰ গেইটৰ ওচৰতে গছ এজোপাৰ তলত ধুনীয়া মানুহ এগৰাকী ৰৈ আছে৷ অৰুণিমাই সেইফালেৰে পাৰ হৈ যাওঁতে তেওঁলৈ চাই গ’ল৷ তেওঁ যেন অৰুণিমাৰ চিনাকি তেনে লাগিল৷ কিন্তু মগজুৰ বহুতো কছৰতৰ বিনিময়তো মনত পেলাবলৈ সক্ষম নহ’ল তাই৷ কলেজত নামভৰ্তিৰ বাবে প্ৰৱেশ পৰীক্ষা দিবলৈ অহা কোনোবা পৰীক্ষাৰ্থীৰ অভিভাৱকেই হ’ব চাগৈ বুলি তাই বিশেষ নাভাবিলে৷ ক’ৰবাত বাটে-পথে দেখিছিল কিজানি৷

পৰীক্ষাৰ ডিউটি শেষ কৰি আহিও অৰুণিমাই তেওঁক একেঠাইতে দেখিলেহি৷ গাড়ী এখনৰ দুৱাৰখন খোলা অৱস্থাত ৰাখি গাড়ীৰ চিটতে বহি তেওঁ মবাইলটো চাই আছে৷ চিনাকি যেন লগাৰ বাবেই তেওঁক দেখাৰেপৰা মনত পেলাবলৈ চেষ্টা কৰি এৰি অহা দিনবোৰত লগ পোৱা বহুতৰে চেহেৰা মনলৈ আনি আনি মিলাই চালে তাই৷ কোন হ’ব পাৰে এওঁ? সময়ৰ গৰাহত বহুতৰে নামটো মনত থাকিলেও চেহেৰা মনত নথকা বাবে মনত নপৰা হ’ল৷ কাৰোবাৰ চেহেৰাটো মনত ভাঁহি উঠিলেও নামটোৱেই মনলৈ নাহে হে নাহে৷ কিছুমান মানুহক বিশেষ কাৰণত নামে-ধামে মনত থাকি যায়৷ এই মানুহগৰাকীক দেখিও অৰুণিমাৰ তেনে এগৰাকী ছোৱালীৰ কথাই মনত পৰি গৈছে৷ তেওঁ অপৰূপা বাইদেউ৷ এই মানুহগৰাকী কিছু শকত যদিও অপৰূপাৰ লগত ইমান মিল আছে৷

তাই তেওঁৰ কাষলৈ গৈ দৃঢ়তাৰে সুধিলেগৈ, “আপুনি নিশ্চয় অপৰূপাবা৷”

মানুহগৰাকীয়ে মিচিকিয়া হাঁহিৰে মুখত প্ৰশ্নবোধক চিন এটা ওলোমাই তাইলৈ চালে৷ ক’লে, “হয় আকৌ৷ কিন্তু তুমি কোন বাৰু? ”

অপৰূপাই তাইক চিনি নোপোৱাত আচৰিত নহ’ল অৰুণিমা কাৰণ মাত্ৰ এবছৰৰ বাবেহে একেটা হোষ্টেলত আছিলে সিহঁত৷ কিন্তু তাই মনত ৰখাৰ বাবে তেওঁ অতিকৈ আচৰিত হোৱা যেন দেখুৱালে৷

–মই অৰুণিমা৷ জয়সাগৰত যে একেলগে আছিলোঁ৷ এতিয়া এইখন কলেজতে কাম কৰোঁ৷

এইবাৰ তেওঁ অলপ মনত পৰাৰ দৰে কৈ উঠিল, “অ’অ’অ’, সেই অকণমানি অৰুণিমাজনীয়েইনে তুমি? মা-দেউতাই থ’বলৈ আহি ঘূৰি যাওঁতে যে কান্দি কান্দি চকু উখহাই দিছিলা৷”

এইবুলি কৈ অপৰূপাই হাঁহিবলৈ ধৰিলে৷ হাঁহি হাঁহি তাইৰ পিঠিত থপৰিয়াই পুনৰ ক’লে, “তোমাৰ উন্নতি দেখি বৰ সুখী হৈছোঁ৷ মনত আছে, তোমাৰ দেউতাই যে তোমাক কিমান কষ্টৰে পঢ়ুৱাইছিল৷ আলোচনীত গল্প লিখাজনী তুমিয়েই নেকি বাৰু?”

–হয়, অপৰূপাবা, কেতিয়াবা কেতিয়াবা লিখোঁ আৰু৷

খন্তেকতে বহুত কথা পাতি পেলালে দুয়োজনীয়ে৷ তিনিজনী ছোৱালীৰ মাতৃ হ’ল অপৰূপাবা৷ তিনিওজনীয়েই পঢ়াত ভাল ফল দেখুৱাইছে বুলি ক’লে তেওঁ৷ সেইসময়তে অপৰূপাৰ জীয়েক আহি ওলোৱাত তাইৰ লগতো চিনাকি হ’ল৷ মৰমলগা ছোৱালী৷

বহুত কথা পতা হ’ল যদিও এটা কথাই সোধোঁ সোধোঁকৈও সুধিব নোৱাৰিলে যিটো কথাৰ কাৰণেই অপৰূপাক তাই কেতিয়াও পাহৰিব নোৱাৰিলে৷ জীয়েকে কলেজত চীট পালে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে এৰাএৰি হৈ অৰুণিমা নিজৰ থকা ঠাইলৈ ঘূৰি আহিলে৷

তাই অপৰূপাবাক সুধিব নোৱাৰা কথাটো হ’ল -পৰীক্ষা দিয়াজনী অপৰূপাবাৰ নিজৰ জীয়েক নে গিৰিয়েকৰহে জীয়েক৷ এইকথা সুধি তেওঁৰ মহানতাৰ ওচৰত নিজকে হেয় কৰাৰ মন নগ’ল৷ অপৰূপাবাৰ বিয়া হৈছিল এজন বিপত্নীক পুৰুষৰ সৈতে যাৰ এজনী দুবছৰীয়া ছোৱালীও আছিল৷

একেটা হোষ্টেলতে থাকি একেখন কলেজতে পঢ়িছিল সিহঁত৷ অৰুণিমাতকৈ তিনিবছৰমান ডাঙৰ আছিল অপৰূপা৷ অপৰূপা বৰ সাদৰী ধৰণৰ ছোৱালী আছিল, বৰ মৰম কৰিছিল সৰুবোৰক৷

যোৰহাটৰ কোনোবা এখন গাঁৱত আছিল অপৰূপাৰ ঘৰ৷ অৰুণিমা উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত পঢ়োঁতে তেওঁ আছিল স্নাতক দ্বিতীয় বৰ্ষত৷ শিৱসাগৰ কলেজ, জয়সাগৰত পঢ়িছিল সিহঁত৷ মেইন হোষ্টেলত নাথাকি সিহঁত জয়সাগৰ চাৰিআলিৰ এটা ব্যক্তিগত ছাত্ৰীনিবাসত আছিল৷ যিদৰে ধুনীয়া আছিল সেইদৰেই মৰমিয়াল আছিল বা’ জনী৷ সৰুবোৰক নিজৰ ভনীৰ দৰে মৰম কৰিছিল৷ স্নাতক তৃতীয় বৰ্ষত পঢ়ি থাকোঁতেই তেওঁৰ বিয়া ঠিক হ’ল পুলিচ অফিচাৰ এজনৰ সতে৷ বিয়াৰ কথা শুনিয়েই অপৰূপাই মাক-দেউতাকৰ ওপৰত খৰ্ড়্গহস্ত হৈ দৌৰি গৈছিল ঘৰলৈ৷ উদ্দেশ্য -বিয়া ভাঙি থৈ আহিব৷ পঢ়া শেষ নকৰাকৈ কেতিয়াও বিয়া নহয় তাই৷

কিন্তু অপৰূপা বিয়া ভাঙি ঘূৰি অহা নাছিল৷ দেউতাকে হোষ্টেলৰ ছোৱালীবোৰক বিয়াৰ নিমন্ত্ৰণ দিবলৈহে আহিছিল৷ লগৰবোৰে তেতিয়া ধেমালি কৰি তেওঁৰ কথা পাতিছিল –অপৰূপাই কিজানি দৰা দেখি ফিদা হৈ গ’ল৷ সেয়ে বিয়া কৰাইহে উভতি আহিব পঢ়িবলৈ৷ বিশজনীমান ছোৱালী বিয়া খাবলৈ গৈছিল যোৰহাটলৈ৷ ঘূৰি আহি হোষ্টেলত যেতিয়া সোমালেহি ডাঙৰ বা’ হঁতে ফুচফুচকৈ কিবা কথা পাতে আৰু সৰুবোৰক দেখিলে বেলেগ কথা উলিয়ায়৷ সৰুবোৰ খুব আচৰিত হৈছিল এনে কিনো কথা হ’ল গোপনে গোপনে আলোচনা কৰিবলগীয়া বুলি৷ এটা দুটা বাক্য উফৰি আহি সিহঁতৰ কাণতো পৰিছিল,

“ইচ ইচ বেচেৰীজনী৷ মাক-বাপেকে কিয় এনেকুৱা কৰিলে বাৰু!“
“নিজৰ মাক-বাপেক হৈও এনে কাম কৰেনে৷ টকা-প‌ইচা থাকিল বুলিয়েই ঘৰৰ ডাঙৰ ছোৱালীজনীকনো তেনেকুৱা মানুহলৈ বিয়া দিয়েনে৷“

অৰুণিমাহঁতক কোনেও একো নক’লে যে নক’লেই আৰু৷ কিছুদিনৰ পাছত অপৰূপাবা’ শেষ পৰীক্ষা দিবলৈ হোষ্টেললৈ আহিল৷ গিৰিয়েক আহিছিল থ’বলৈ৷ লগত থুপুকথাপাককৈ খোজ কাঢ়ি আহিছিল দুবছৰীয়ামান মৰমলগা ছোৱালী এজনী৷ অলপ পিছত ভিনদেউ আৰু ছোৱালীজনী গ’লগৈ৷ যাবৰ সময়ত তাই “মা,টা টা বাই বাই“ বুলি উভতি উভতি চাই গ’ল৷ অপৰূপাইও আকৌ উভতি গৈ তাইক একোলা ডাঙি টপৰ টপৰকৈ চুমা দুটামান খাই নমাই দি নেদেখা হোৱালৈকে চাই চাই ৰুমলৈ গুচি আহিছিল৷

এইবাৰ হে গোটেই কথাখিনি বুজি পালে সিহঁতে৷ বুজি পালে মানে অপৰূপাবায়ে নিজেই ক’লে সকলোখিনি কথা৷ তেওঁ নিজৰ ইচ্ছামতেই বিয়া হৈছে, কোনেও জোৰ কৰা নাই৷ মোমায়েকৰ লগত একেলগে চাকৰি কৰা বিপত্নীক মানুহজনলৈ মোমায়েকেই ঠিক কৰিছিল অপৰূপাক৷ প্ৰথমে খুব খং উঠিছিল হেনো তাইৰ৷ মোমায়েক, মাক-দেউতাক সকলোকে গালি পাৰিছিল পঢ়াব নোৱাৰি বুঢ়া এটালৈ বিয়া দিবলৈ লোৱাতকৈ মাৰিয়েই পেলোৱা বুলি৷ দেউতাকে কৈছিল -ত‌ই নিবিচাৰ যদি নালাগে বিয়া হ’ব৷ মোমায়েৰৰ সন্মানটো ৰাখিবলৈ এবাৰ তেওঁৰ আগত ওলাবি মাত্ৰ৷

দেউতাকৰ কথা ৰাখি অপৰূপা ওলাইছিল মানুহজনৰ সন্মুখত৷ তেওঁক চাবলৈ আহোঁতে মানুহজনে বোলে জীয়েকক লৈ আহিছিল৷ অকণমানিজনীয়ে অপৰূপাৰ কোলাতে বহি ল’লেহি৷ তাইক দেখিয়েই হেনো বা’ৰ খুব মৰম লাগি গৈছিল তাইলৈ৷ মানুহজনে হেনো ছোৱালীজনীক এহাতেৰে সাৱটি কৈছিল, “তোমাক লগ কৰিবলৈহে আহিছোঁ৷ চাবলৈ অহা নাই৷ জোৰো নকৰোঁ তোমাক৷ কাৰণ মই এজন বিবাহিত লোক৷ এইক জন্ম দিয়েই মাক ঢুকাই থাকিল৷ তুমি যদি বিয়াত সন্মতি দিয়া মোক মই বুলি নাচাবা, এই কণমানিজনীৰে সৈতে একেলগে “আমি“ বুলিহে চাবা৷ ছোৱালীজনীৰ কাৰণেই মোৰ পুনৰ বিয়া কৰোৱা দৰকাৰী হৈ পৰিছে৷ তোমাৰো নিজস্বতা আছে৷ চিন্তা কৰি চাবা৷ তোমাৰ সন্মতিৰে যদি আমাৰ সংসাৰলৈ আহা আমি এখন সুখী সংসাৰ গঢ়ি তুলিব পাৰিম নিশ্চয়৷“

আপত্তি কৰিবলৈ অপৰূপাৰ মুখৰ পৰা এটা শব্দ‌ও নোলাল৷

তাৰপিছত এসপ্তাহতে বিয়াৰ যো-জা আৰম্ভ হৈ গৈছিল৷

সুদীৰ্ঘ বিশ-একৈছবছৰ পাৰ হৈ গ’ল৷ অৰুণিমাই সেইখন কলেজৰপৰাই বি.এ.পাছ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ সম্পূৰ্ণ কৰি এইখন কলেজত চাকৰি কৰাও কেইবাবছৰো হ’ল৷ এইখিনি সময়ত এবাৰলৈও অপৰূপাবা’ক লগ পোৱা নহ’ল তাইৰ৷ উদাৰতাৰ এগৰাকী দেৱী হৈ অপৰূপাবা তাইৰ স্মৃতিপটত সোমাই ৰ’ল চিৰকাললৈ৷ অবিস্মৰণীয় সেই চৰিত্ৰ অপৰূপাবাক আজি হঠাতে লগ পাই বৰ ভাল লাগি গ’ল অৰুণিমাৰ৷

আজি গল্পটো তাই লিখিব৷ এটা যোগাত্মক কাহিনীৰ গল্প য’ত গল্পৰ নায়িকা হ’ব অপৰূপাবা৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments